বিশ্লেষণঃ মহামাৰীজনিত লকডাউন আৰু আন-লকিঙৰ পাছৰ ভাৰত :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ মহামাৰীজনিত লকডাউন আৰু আন-লকিঙৰ পাছৰ ভাৰত :: শোণিত কুমাৰ গোস্বামী

বিশ্লেষণঃ মহামাৰীজনিত লকডাউন আৰু আন-লকিঙৰ পাছৰ ভাৰত :: শোণিত কুমাৰ গোস্বামী

Share This
সমস্যা ইমানেই যে ভাইৰাছটো ভয়ানক হোৱাৰ বাবেই কোনো বিশেষজ্ঞই এই বিষয়ত স্পষ্ট ধাৰণা ল’ব পাৰ হোৱা নাই। ২০১৯ চনৰ নৱেম্বৰ মাহৰ পৰা বাতৰি কাকতৰ আন্তৰাষ্ট্ৰীয় পৃষ্ঠাত পঢ়িবলৈ পোৱা আৰু টিভি চেনেলৰ আজৱ বিশ্ব বা দেশ-বিদেশৰ খবৰত শুনিবলৈ পোৱা এটা ভাইৰাছৰ খবৰ ২০২০ৰ তৃতীয় মাহটোত এনেকৈ আহিল যেন সকলোফালে কেৱল কালধুমুহা। এফালৰ পৰা যেন সকলোকে ধ্বংস কৰি লৈ গৈ আছে। কৰ’না নামৰ এই ভাইৰাছটোৰ সন্দৰ্ভত কোনোৱেই মানে বিশেষজ্ঞসকলৰ পূৰ্বধাৰণা নথকাৰ ফলত ক’ত কেনেকৈ কি কৰিলে ভাল হ’ব, সকলোৰে মংগল হ’ব সেই সন্দৰ্ভত তেওঁলোকে চৰকাৰক কোনো ধৰণৰ পৰামৰ্শ আগবঢ়াবলৈ সক্ষম নহ’ল। তাৰ ফলত অনাকাংক্ষিত লকডাউন আৰু আজিৰ তাৰিখত যোৱা দুমাহৰো অধিক দিনৰ স্তৱিৰতাই সকলোফালে খেলিমেলিৰ সৃষ্টি কৰিছে। কোনোৱে কেতিয়া উপলব্ধি নকৰা এটা শব্দ লকডাউন মানে তলাবন্ধ যিয়ে এতিয়া স্তৱিৰতাৰ পাছত অধিক ভয়াৱহতাৰহে ইংগিত দিছে। 
ভাইৰাছটোৰ সন্দৰ্ভত কোনো ধৰণৰ সঠিক খবৰ নথকা আৰু বিশ্ব স্বাস্থ্য সংস্থাই দিয়া তা९ক্ষণিক হেঁচাৰ ফলতেই এছিয়া মহাদেশৰ কেইবাখনো দেশত তলবন্ধৰ চৰকাৰী ঘোষণা আৰম্ভ হৈ যায়। আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ ফলত এই তলাবন্ধ ঘোষণা কৰা হয় যদিও ঘোষণাৰ পূৰ্বে দেশৰ ভিতৰৰ সমস্যাবোৰ তথা অন্যান্য প্ৰাসংগিক কথাবোৰৰ সন্দৰ্ভত কোনো ধৰণৰ বিবেচনা হোৱা নাছিল। তাৰ ফলত ৰাষ্ট্ৰৰ মূৰব্বীসকলে আহ্বান জনোৱা এই তলাবন্ধই ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশত হাহাকাৰৰ সৃষ্টি কৰে। লকডাউনৰ পাছত ভাৰতে উপলব্ধি কৰা এই ভয়াৱহ সমস্যাটো হৈছে প্ৰবাসী শ্ৰমিকৰ সমস্যা, দৰিদ্ৰতাৰ সমস্যা। পৰিসংখ্যা অনুসৰি ভাৰতৰ প্ৰায় ৫০ কোটি লোক তলাবন্ধৰ ফলত পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। শ্ৰমিকৰ সমস্যাৰ সময়ত দেশৰ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী আৰু তেওঁৰ কি বক্তব্য সেয়া কোনেও শুনিবলৈ পোৱা নাই। বিষয়টো এনে এটা ভয়াৱহ পৰ্যায় পাইছে গৈ যে নিজৰ দেশৰ চাৰিসীমাতেই শ্ৰমিকশ্ৰেণী দিশহাৰা হৈ পৰিছে। এপিনে যদি ভোকে তেওঁলোকৰ বাট হেৰুৱাইছে আনফালে আৰক্ষীৰ বৰ্বৰতাই তেওঁলোকক পিষ্ট কৰিছে। তাৰ মাজতে তেওঁলোকে চৰকাৰৰ পৰা মাথো শুনিছে ঋণৰ সাহাৰ্যৰ কথা। কিন্তু সেয়া জানো তেওঁলোকৰ বাবে গ্ৰহণযোগ্য।
লক-ডাউন ভিন্ন দেশত

ভাইৰাছৰ লক্ষণ তথা সোঁচৰাৰ কাৰণ সঠিকভাৱে নজনা বাবেই অধিকাংশই চৰকাৰৰ তলাবন্ধৰ কাৰ্যক সমৰ্থন দিছিল। ভাইৰাছটোৰ প্ৰাথমিক নিয়মখিনি জনা আৰু বুজা হোৱাৰ বাবে সকলোৱে ঘৰতেই থাকি সুৰক্ষিত থকাৰ শ্লোগান মানি চলিছিল। লগতে চৰকাৰৰ প্ৰাণ থাকিলেহে এই ধৰা থাকিব আদি কথাৰ প্ৰতি সজাগতা দেখুৱাই সকলোকে ঘৰতেই থকাৰ পৰামৰ্শ দিছিল। কিন্তু ইমানৰ পাছতো সাম্প্ৰতিক পৰিস্থিতিত স্বয়ং চৰকাৰৰ মানুহ বিবুধিত পৰিছে। কি কৰিলে পৰিস্থিতি ভাল হ’ব সেয়া উদ্ভাৱন কৰিব নোৱাৰি ৰাজনীতিকক এতিয়া হতাশগ্ৰস্ত হোৱা দেখা গৈছে। তেন্তে এনে খেলিমেলি কিয় হ’বলৈ পালে। ৰাজ্যই কেন্দ্ৰক আৰু কেন্দ্ৰই ৰাজ্য চৰকাৰৰ প্ৰতি অভিযোগ আনি এতিয়া সাধাৰণ ৰাইজক পণবন্দী কৰি তুলিছে। প্ৰথমে সকলোকে তলাবন্ধ পালন কৰিবলৈ দিয়া, তাৰ পাছত শ্ৰমিকৰ সমস্যা সম্মুখলৈ অহাত পৰিবহনৰ চিন্তা কৰা, ৰোগীৰ সংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা স্বাস্থ্যখণ্ডৰ অভাৱনীয় সোঁপাঢিলা স্বৰূপ, অৰ্থনীতিৰ দিশত ৰাজ্য-কেন্দ্ৰৰ সকলো নীতি ভাগি পৰা পৰিস্থিতিৰ ফলত হোৱা খেলিমেলিয়ে এতিয়া কেৱল ত্ৰাস আৰু সংশয়ৰহে সৃষ্টি কৰিছে। মুঠৰ ওপৰত পৰিস্থিতি এতিয়া ভয়াৱহ। অলপতে ৰাষ্ট্ৰীয় আলোচনী “দ্যা কাৰাভান”ৰ সাংবাদিকৰ আগত নাম প্ৰকাশত অনিচ্ছুক প্ৰধানমন্ত্ৰী মোদীৰ টাস্ক ফোৰ্চৰ এগৰাকী সদস্য Epidemiologistয়ে  (মহামাৰীবিদে) মন্তব্য কৰিছে যে সামাজিক দূৰত্ব, মুখা পৰিধান, হাত ধোৱা আদিয়ে মহামাৰীটোৰ পৰা আমাক আক্ৰান্ত হোৱাৰ পৰা বঁচাই ৰাখে সঁচা কিন্তু তলাবন্ধৰ সময়খিনিত চৰকাৰে ল’বলগীয়া প্ৰয়োজনীয় চিকি९সা সম্বন্ধীয় ব্যৱস্থাসমূহ নোলোৱাৰ ফলত তলাবন্ধৰ কটকটীয়া পালনৰ পাছতো ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ সলনি এতিয়া বৃদ্ধি পাবলৈহে ধৰিছে। ইয়াৰ বাবে পোনপটীয়াকৈ কেন্দ্ৰৰ দক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। প্ৰধানমন্ত্ৰীৰ ভাইৰাছ প্ৰতিৰোধী টাস্ক ফোৰ্চৰ এগৰাকী দায়িত্বশীল প্ৰতিনিধিৰ এনেকুৱা ভাষ্য সঁচাকৈ উদ্বেগজনক। তেওঁ লগতে এই মতামতো পোষণ কৰিছে যে তলবন্ধ কাৰ্যসূচী মুখ্যত আছিল চৰকাৰৰ বাবে সময় বৃদ্ধি কৰা যাতে তেওঁলোকে এই সময়খিনিত প্ৰয়োজনীয় পদক্ষেপ যেনে চিকি९সালয়সমূহ প্ৰস্তুত কৰা, বয়বস্তুৰ বিতৰণৰ পথবোৰ সূচল কৰা, চিকি९সা সম্বন্ধীয় সামগ্ৰী উপাদন কৰা ইত্যাদি আদি কামবোৰ কৰিব পাৰে কিন্তু কাৰ্যক্ষেত্ৰত তেনে একো নহ’ল। এইমুহূৰ্তত দেশৰ প্ৰতিখন ৰাজ্যৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত একধৰণৰ শংকা দেখিবলৈ পোৱা গৈছে। এই শংকা ধনাত্মক নহয়, মুখ্যত ঋণাত্মক। কিয়নো আগন্তুক দিনবোৰত ভাইৰাছ আৰু ঋণাত্মক অৰ্থনীতিয়ে কিদৰে তেওঁলোকক জুৰুলা কৰিব সেয়া কেৱল তেওঁলোক নিজেহে অনুধাৱন কৰিব পাৰে।

কোভিদ-১৯ ৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা আজিৰ তাৰিখত ভাৰতে ইয়াৰ উ९পত্তিস্থল চীন দেশক অতিক্ৰম কৰি গৈছে। কৰ’নাৰ সৈতে মোকাবিলা কৰিবলৈ গঠন হোৱা টাস্ক ফোৰ্চৰ নাম প্ৰকাশত অনিচ্ছুক অন্য এগৰাকী বিশেষজ্ঞই এই মত পোষণ কৰে যে ভাৰতৰ দৰে জনবহুল এখন দেশত যি ঠাইত ইয়াৰ ২০ শতাংশ নাগৰিকৰ থাকিবলৈ ঘৰ নাই বা অধিক ঘনবসতি এলেকাত বাস কৰে, তেনে ঠাইত এই বেমাৰ প্ৰতিৰোধ কৰিবলৈ যিবোৰ পন্থা চৰকাৰে লোৱাটো বাঞ্চনীয় আছিল তেনেধৰণৰ একো ব্যৱস্থা লোৱা হোৱা নাই। আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰি কঠোৰভাৱে তলাবন্ধৰ কাৰ্যসূচী পালন কৰিবলৈ যোৱাৰ ফলত যি যি সমস্যাৰ উদ্ভৱ হৈছে তাৰ পৰিণতি ইতিমধ্যেই দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে। প্ৰথম বিশ্বৰ কথাবোৰ বেলেগ সেয়েহে সেই দেশবোৰত এতিয়া তলাবন্ধৰ পাছত ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ দেশবোৰে সময় পাইছে আৰু তেনেদৰে সফলতাও লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ভাৰতৰ ক্ষেত্ৰত এক অন্য ছৱিহে আমি দেখিছো। ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত কেৰেলাৰ চৰকাৰ যিমান সফল হব পাৰিছে তেনে ক্ষেত্ৰত দেশৰ অন্য কোনো ৰাজ্যই সফলতা পোৱা নাই। কেৰেলাৰ চিকি९সা সম্বন্ধীয় উন্নত ব্যৱস্থা আৰু ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত থকা অভিজ্ঞতাই এই ক্ষেত্ৰত কাম দিছে। কিন্তু কেৰেলাৰ ম’ডেল গ্ৰহণ কাৰৰ ক্ষেত্ৰত যেন কেন্দ্ৰ চৰকাৰে অনীহাহে প্ৰকাশ কৰিছে। মুঠৰ ওপৰত দেশত বৰ্তমান দেখা দিয়া সমস্যা মাৰ্চ মাহৰ তুলনাত অধিক জটিল আৰু ভয়াৱহ হৈ পৰিছে। তলবন্ধ ঘোষণাৰ পূৰ্বে যদিহে আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় বিমান সেৱা বন্ধ কৰি এতিয়া কৰাৰ দৰে শ্ৰমিক ৰেলৰ যোগেদি শ্ৰমিকসমকল সূচাৰুৰূপে নিজ গৃহলৈ প্ৰেৰণ কৰাৰ এক যুক্তিসংগত ব্যৱস্থা গ্ৰহণ কৰা গলহেতেন তেন্তে কিজানি আজিৰ পৰিস্থিতি অন্য হলহেতেন। কিন্তু এতিয়া তেনে কৰাৰ কোনো সুবিধা নাই। কিয়নো ইতিমধ্যেই এই ভাইৰাছ সমগ্ৰ দেশত বিয়পি পৰিছে। তাৰোপৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰা অনুসৰি ৰাজ্য চৰকাৰসমূহৰ পৰামৰ্শ নোলোৱাকৈ এককভাৱে কেন্দ্ৰই লোৱা তলাবন্ধ ঘোষণা, পৰিবহনৰ পথ বন্ধ কৰাৰ সিদ্ধান্ত আদিবোৰে আজিৰ পৰিস্থিতি পোৱাছেগৈ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তসমূহৰ অসামঞ্জস্যতাই পৰিস্থিতি ইমানেই ভয়াৱহ কৰি তুলিছে।

লক-ডাউন খোলাৰ লগে লগেই সংক্ৰমণৰ হাৰো বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এইমছৰ বিশেষজ্ঞই জুলাই মাহত সংক্ৰমণ শীৰ্ষৰ ফালে আগবাঢ়িব বুলিও আশংকা প্ৰকাশ কৰিছে। লক-ডাউনে সংক্ৰমণ বৃদ্ধিৰ হাৰত যে প্ৰভাৱ পেলালে সেয়া কোনো সন্দেহ নাই। কিন্তু, এই লকডাউন কৰা আৰু আনলকিংৰ সময়ত তথ্যই কিন্তু মানুহক শংকামুক্ত কৰিব পৰা নাই। বিৰোধী দলৰ ৰাহুল গান্ধীয়ে কৰা টুইটত বেলেগ দেশৰ লক-ডাউন আৰু আমাৰ দেশৰ লক-ডাউনৰ তুলনামূলক পৰিসংখ্যাৰ ফটোৱেও আনকি দেশৰ লকডাউনৰ সফলতা কিমান হ'ল তাতো প্ৰশ্ন তুলিছে।  ৰাজ্যৰ বাহিৰৰ পৰা বৰ্হিদেশৰ পৰা অহা লোক সকলক ৰখা কোৱাৰাণ্টাইন চেণ্টাৰবোৰত এতিয়া পজিটিভ ৰিপৰ্টৰ ধুম উঠিছে। তাৰ বিপৰীতে মন্দিৰ-মছজিদ, গীৰ্জা আদি খোলাৰহে ব্যৱস্থা হৈছে, মানুহৰ সামাজিক অৱস্থানক লৈও এইবোৰ সিদ্ধান্তই শংকা বৃদ্ধিহে নকৰিবনে? প্ৰামাণিক মেডিচিন আৰু ভেকচিন এতিয়াও সুদূৰ পৰাহত হৈয়ে ৰৈছে। সেয়ে লকডাউন খুলিলেও ৰাইজে ব্যক্তিগত স্তৰত নিজে নিজে সাৱধান হৈ সুৰক্ষিত হৈ থকাৰ বাহিৰে এতিয়া উপায় নাই।


এই সকলোবোৰ দিশলৈ চালে, এই আগন্তুক দুটা মাহত দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাব। তাৰ বাবে সকলো সাজু থাকক।

No comments:

Post a Comment