প্ৰৱন্ধঃ ক’ভিডৰ তৃতীয় ঢৌ আৰু ভেকচিন :: ডাঃ নির্মল চাহেৱালা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ক’ভিডৰ তৃতীয় ঢৌ আৰু ভেকচিন :: ডাঃ নির্মল চাহেৱালা

প্ৰৱন্ধঃ ক’ভিডৰ তৃতীয় ঢৌ আৰু ভেকচিন :: ডাঃ নির্মল চাহেৱালা

Share This
ক’ভিডৰ তৃতীয় ঢৌ আৰু ভেকচিন
ডাঃ নির্মল চাহেৱালা
এটা কথা ঠিক যে কৰ’না পৃথিৱীত চিৰকাললৈ থাকিব। মানৱ জাতিয়ে ভৱিষ্যতে কৰনাৰ লগতে সহবাস কৰিব লাগিব বা কৰিবলৈ শিকিব লাগিব। হয়তো কিছুদিনৰ পিছত ই অতিমাৰী বা মহামাৰী হৈ নাথাকিব, কিন্তু কৰো'নাৰ ৰোগী মাজে-সময়ে ওলায়েই থাকিব। মই মহামাৰী হৈ নাথাকিব বুলি কোৱাৰ কাৰণটো হ’ল যে মানুহৰ শৰীৰত প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বাঢ়িব। এতিয়া কথাটো হ'ল এই প্ৰতিৰোধৰ ক্ষমতা কেনেকৈ বাঢ়িব। প্রথম হ’ল— সু-স্বাস্থ্য। যদি আপুনি স্বাস্থ্যৰ যতন লয়, যেনে, ভাল আহাৰ খায়, ব্যায়াম কৰে আৰু মানসিকভাৱে সুস্থ থাকে তেন্তে কৰোনাই আপােনাক পৰাস্ত কৰিব নোৱাৰে। 
যোৱা দুটা ঢৌৰ তথ্যৰ পৰা বুজা গ'ল যে যাৰ কিছু অসুখ আছে যেনে-ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হার্ট আৰু বৃক্কৰ বেমাৰ, মেদবহুলতা, অত্যধিক মাদক দ্রব্য সেৱন, ধূমপান ইত্যাদি তেনে মানুহৰ ক্ষেত্ৰত অধিক জটিলতা দেখা গৈছে আৰু মৃত্যুৰ হাৰো বেছি। দ্বিতীয়টো হ'ল- যদি কাৰোবাৰ ক’ভিড হৈ আৰোগ্য হৈছে, তেতিয়া তেওঁৰ শৰীৰত এন্টিবডী উৎপন্ন হয়, যি ভৱিষ্যতে ভাইৰাছক শৰীৰত প্ৰৱেশ বা ক্রিয়া কৰাত বাধা প্রদান কৰে। তৃতীয়টো হ’ল- ভেকচিন বা ছিটা। ভেকচিনেও শৰীৰত এন্টিবডী উৎপন্ন কৰে। কিন্তু এই এন্টিবডী কিমানদিন শৰীৰত থাকিব সেয়া সময়েহে ক’ব কিয়নো কৰ’না ভাইৰাছটো এটা নতুন ভাইৰাছ। বৈজ্ঞানিকসকলে ইয়াক বুজি পাবলৈ বহুতো গৱেষণা কৰিব লাগিব যি বোধহয় কেইবাবছৰ সময় ল’ব। তদুপৰি ভাইৰাছটোৰ চৰিত্র সময়ে সময়ে সলনি হ'ব পাৰে যাৰ বাবে ভেকচিনটো কিছু সালসলনি কৰিবলগা হ'ব পাৰে। 

এতিয়া আহোঁ মূল কথালৈ- ক’ভিডৰ তৃতীয় ঢৌ। এছ বি আইৰ এক গৱেষণাৰ তথ্য মতে আগষ্ট মাহৰ পিছৰ ফালে তৃতীয় ঢৌ আকৌ আৰম্ভ হ'ব আৰু ছেপ্টেম্বৰ মাহত সর্বোচ্চ পর্যায় পাবগৈ। তৃতীয় ঢৌত আৰু বেছিসংখ্যক মানুহ সংক্রমিত হ'ব পাৰে। তৃতীয় ঢৌৰ সংক্রমণ কেনেকৈ কমাব পৰা যায়, তাৰ উত্তৰ হৈছে- মানুহৰ সাৱধানতা আৰু ভেকচিন। ভাৰতবৰ্ষত দুয়োটাই সময়ত হৈ নুঠিব যেন লাগে, যিটো বাস্তৱে দেখুৱাইছে। 

চৰকাৰ আৰু বিভিন্ন সংগঠনৰ ফালৰ পৰা মানুহক সজাগ কৰিবলৈ সম্পূর্ণ চেষ্টা কৰা হৈছে। সাধাৰণ দুটামান কথা—মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখা আৰু হাত পৰিষ্কাৰকৈ ৰখা। কথাবোৰ সকলোৱে জনা হৈছে, কিন্তু নজনা হৈ পৰে। মোৰ এজন বন্ধুৱে কৈছিল—মাস্ক নিপিন্ধা মানুহ এজনক আৰক্ষীৰ মানুহ এজনে ক'লে—“হেৰি আপোনাৰ মাস্ক ক’ত?’ মানুহজনে জেপত হাত ভৰাই পুৰণি মাস্ক এখন উলিয়াই আৰক্ষীজনক দেখুৱালে। চহৰত, হাট-বজাৰত এনে মাস্ক নিপিন্ধা মানুহে ভিৰ কৰাৰ দৃশ্য সদায় দেখিবলৈ পোৱা যায়। এনে ভিৰত ক'ৰোনাত সংক্রমিত মানুহ এজনে কিমান মানুহক সংক্রমিত কৰিব। সেয়া বুজাবৰ প্রয়োজন নাই। আপুনি চীন, জাপান বা আন দেশত বাছ বা ৰেলেৰে যাত্ৰা কৰিলে মন কৰিব— কোনো এজন মানুহে যদি হাঁচিয়াইছে। তেন্তে তেওঁ লগে লগেই জেপ বা বেগৰ পৰা মাস্ক এখন উলিয়াই পিন্ধি লয় যাতে আনলৈ সংক্রমণ বিয়পিব নোৱাৰে। ভেকচিনৰ ক্ষেত্ৰতো পৰিসংখ্যাবোৰ বৰ সন্তোষজনক নহয়। 

কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যদিও যথেষ্ট চেষ্টা কৰিছে, কিন্তু বর্তমানলৈকে গৰিষ্ঠসংখ্যক মানুহক ভেকচিন দিব পৰা হোৱা নাই। দুদিনমান আগলৈকে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ৪.৭ শতাংশ লোকক দুয়োপালি আৰু প্রায় ২১ শতাংশ মানুহক এপালি ভেকচিন দিয়া হৈছে। যদি ধৰি লোৱা হয় যে তৃতীয় ঢৌ কেইমাহমান পিছত আহিব, তেনেক্ষেত্ৰত ভাৰতবৰ্ষৰ ১৩০ কোটি মানুহৰ কমেও ৬০ শতাংশ লোকক ডিচেম্বৰ মাহৰ ভিতৰতে ভেকচিন দিব লাগিব। তাৰ বাবে নিতৌ প্রায় এক কোটি মানুহক ভেকচিন দিব লাগিব। কিন্তু কেইদিনমানৰ আগৰ পৰিসংখ্যা মতে প্রতিদিনে প্রায় ৪০-৫০ লাখ মানুহক ভেকচিন দিয়া হৈছিল। দেওবাৰে ভেকচিনৰ সংখ্যা আৰু কমি যায়। চৰকাৰৰ পৰিকল্পনা মতে অতি সোনকালে প্রতিদিনে এক কোটি মানুহক ভেকচিন দিয়া হ'ব। কিন্তু সেইমতে লাগিব আন্তঃগাঁথনি আৰু মানৱ শক্তি।

আমেৰিকাত ক’ভিড আইনত যথেষ্ট শিথিলতা অনা হৈছে, কিয়নো তাত ৬০ শতাংশতকৈ অধিক মানুহক ভেকচিন দিয়া হৈছে। গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনেও ঘোষণা কৰিছে যে জুলাই মাহৰ শেষৰ ফালে ক’ভিড আইন শিথিল কৰা হ'ব। কিন্তু মই ভাবো ভাৰতবৰ্ষত ক’ভিড আইনসমূহ আৰু কঠোৰ ভাৱে বলৱৎ কৰিব লগা হ'ব পাৰে।
লেখাটি অসম আদিত্য কাকততো প্ৰকাশ পাইছে। বিশিষ্ট চিকিসক তথা লেখক চাহেৱালাদেৱৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ 

No comments:

Post a Comment