সাংবাদিকতাৰ জগত আৰু নতুন প্ৰজন্মৰ সাংবাদিকৰ প্ৰত্যাহ্বানবোৰ
কুমাৰ নৱজ্যোতি
সাম্প্ৰতিক সময়ত সাংবাদিকতা নিজেই এক অভিনৱ প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িছে৷ সমকালৰ প্ৰয়োজনীয়তাৰ লগতে নতুন প্ৰযুক্তি আৰু নৱমাধ্যমে কঢ়িওৱা নতুন সময়ৰ সৈতে মুখামুখি হ’বলগীয়া হোৱা পৰিস্থিতিসমূহৰ সমান্তৰালভাৱে শেহতীয়াকৈ ক’ভিড-১৯ অতিমাৰীয়েও সংবাদ-মাধ্যমৰ জগতখনক নিত্য-নতুন সংকটৰ সন্মুখীন হ’বলৈ শিকাইছে৷ সাংবাদিকসকলো নিজকে এই নতুনত্বৰ লগত একাত্ম হোৱাটো জৰুৰী হৈ পৰিছে৷ অভিজ্ঞ সাংবাদিকসকলেও নিজকে নতুন প্ৰয়োজনৰ সৈতে সমৃদ্ধ কৰি ল’বলগীয়া হোৱাটো এই সময়ৰে দাবী৷ বিশেষকৈ নতুন সাংবাদিকসকলে সমকালৰ প্ৰয়োজনীয়তা, পৰিৱেশ তথা প্ৰযুক্তি-নিৰ্ভৰতাৰ লগত অসুবিধা নোহোৱাকৈ খোজ আগ বঢ়াই যোৱাৰ বাবে নিজকে বিভিন্ন দিশত উত্তৰণ ঘটোৱাটো প্ৰয়োজনীয়৷ নতুনকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনত পদাৰ্পণ কৰা সাংবাদিক বন্ধুসকলক, মূলতঃ ক্ষেত্ৰ-সাংবাদিক (FIELD JOURNALISTS : REPORTERS/ CORRESPONDENTS) সকলক উদ্দেশ্যি ক’ব খোজা কিছু কথাৰ দুটামানেই এই লেখাৰ উপজীৱ্য৷ প্ৰাসংগিক যে দৰাচলতে পূৰ্ণকালীনভাৱে নিয়মীয়া দৰমহা তথা অন্যান্য সা-সুবিধাভোগী হিচাপে সাংবাদিকতাৰ বিভিন্ন ক্ষেত্ৰৰে জড়িতসকলকহে সাংবাদিকতাৰ পৰিভাষা অনুসৰি JOURNALIST বোলা হয় যদিও আমাৰ দেশ তথা ৰাজ্যৰ সংবাদ-মাধ্যমসমূহে বহু ক্ষেত্ৰত নিৰ্দিষ্ট পাৰিতোষিক প্ৰদান কৰা বা নিৰ্দিষ্ট চৰ্তসাপেক্ষে নিয়োগ কৰা STRINGER-সকলৰ ভূমিকা বহু ক্ষেত্ৰত একোগৰাকী পূৰ্ণকালীন সাংবাদিকতকৈ কম নোহোৱাৰ প্ৰেক্ষাপটত সমাজত তেওঁলোকেও স্বাভাৱিকতেই একোগৰাকী সাংবাদিকৰ প্ৰাপ্য যথাযোগ্য মৰ্যাদা লাভ কৰি আহিছে৷
শিক্ষাগত অৰ্হতাই যদিও শেষ কথা নহয়, তৎসত্বেও বহু ক্ষেত্ৰত হ’ব পৰা সুবিধাৰ বাবে আৰু বহুতো অসুবিধাৰ পৰা নিজকে নিলগাই ৰাখিবৰ বাবে, বিশেষকৈ সাম্প্ৰতিক সংবাদৰ জগতখনক নতুনকৈ জনা-বুজাৰ সুবিধাৰ বাবে নতুন সাংবাদিকসকলে নিজকে অন্ততঃ স্নাতক পৰ্যায়ৰ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত কৰি তোলা ভাল৷ লাগিলে দূৰৱৰ্তী শিকন ব্যৱস্থাৰ মাধ্যমতেই নহওক কিয়! সংশ্লিষ্টসকলে নিজৰ শৈক্ষিক যোগ্যতা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিলে বিভিন্ন নতুন কথা আয়ত্ত কৰাৰ লগতে স্বাভাৱিকতেই জনসাধাৰণৰ দৃষ্টিত তেওঁলোকৰ মৰ্যাদা বৃদ্ধিৰো আশা কৰা যায়৷ কোনো সংবাদ-প্ৰতিষ্ঠানে ইয়াক বাধ্যতামূলক নকৰিলেও নতুন সাংবাদিকসকলে নিজাকৈ হ’লেও এই পদক্ষেপ গ্ৰহণ কৰা উচিত৷ আৰু এটা কথা৷ সাংবাদিকতাকে জীৱনৰ অনুৰাগ আৰু বৃত্তি--- দুয়োটাই বুলি গ্ৰহণ কৰাসকলে যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰিলে ইতিমধ্যে তেওঁলোকৰ সাংবাদিকতাৰ ক্ষেত্ৰত থকা প্ৰায়োগিক জ্ঞানৰ লগতে বিষয়টোৰ তাত্ত্বিক জ্ঞানো লাভ কৰি তেওঁলোক স্বাভাৱিকতেই উপকৃত হ’ব৷ অৱশ্যে, প্ৰাসংগিক ভৱিষ্যৎ-চিন্তাৰে পৰিচালিত হৈ সাংবাদিকতাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম গ্ৰহণৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাটো বেলেগ৷ কিন্তু, কেৱল স্নাতক পৰ্যায়ৰ জ্ঞান-অভিজ্ঞতা-যোগ্যতা অৰ্জনৰ বাবে আৰু সামগ্ৰিকভাৱে সকলো ধৰণৰ বৃত্তিৰ উপযোগী হোৱাকৈ যিকোনো মুখ্য বিষয় নিৰ্বাচন কৰিলেও অসুবিধা নহয়৷ কাৰণ, সাংবাদিকতাক হৃদয়ংগম কৰিব নোৱৰা একাংশই সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছতো ক্ষেত্ৰখনত বিসংগতি প্ৰদৰ্শনৰ উদাহৰণো বৰ্তমানৰ প্ৰেক্ষাপটত আমাৰ সমাজতে সুলভ৷ কেৱল সাংবাদিক অথবা সাংবাদিক হ’ব খোজাগৰাকীয়েই নহয়; সাংবাদিকতাৰ বিষয়ত অনুৰাগী যিকোনো সমাজ-সচেতন লোকেই সাংবাদিকতা বিষয়ক দেশ-বিদেশৰ বিভিন্ন ভাষাত ৰচিত গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ মূল, নহ’লেবা ভাষান্তৰিত ৰূপ হ’লেও অধ্যয়ন কৰাটো আশা কৰা যায়৷ ভাৰতৰ বিভিন্ন ৰাজ্যৰ সংবাদ-প্ৰতিষ্ঠানৰ লগতে চুবুৰীয়া বাংলাদেশতো সাংবাদিকৰ ন্যূনতম শৈক্ষিক অৰ্হতা স্নাতক কৰাৰ চিন্তা-চৰ্চাৰ বিষয়ে জানিব পৰা গৈছে৷ অৱশ্যে, অভিজ্ঞ আৰু জ্যেষ্ঠ সাংবাদিকসকলৰ ক্ষেত্ৰত স্বাভাৱিকতেই এনে বাধ্যবাধকতাৰ কথা নাহে৷ নিজা অভিজ্ঞতা আৰু কৰ্মসূচীৰে তেওঁলোক এই ক্ষেত্ৰখনত প্ৰতিষ্ঠিত হৈছে৷
ছপা মাধ্যমৰে হওক বা বৈদ্যুতিন অথবা নৱমাধ্যমৰে হওক, নতুন সাংবাদিকসকলে শব্দৰ বানান তথা উচ্চাৰণত সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী৷ এটা সময়ত সংবাদপত্ৰৰ বানান, বাক্য গাঁথনিক আৰ্হি হিচাপে ল’ব পৰাৰ অৱস্থা আছিল৷ সম্প্ৰতি দৈনিক অসমীয়া সংবাদপত্ৰসমূহৰ সম্পাদনা-কক্ষসমূহেও অসমীয়া শব্দৰ বানান ব্যৱহাৰ সন্দৰ্ভত কোনো যুটীয়া, সঠিক সিদ্ধান্ত নোলোৱাৰ বাবেই হওক অথবা সম্পাদনা-কক্ষৰ সংশ্লিষ্ট ব্যক্তিবৃন্দ, সংবাদদাতা, বাতৰি পঢ়োঁতা, অক্ষৰ বিন্যাস কৰোঁতা তথা আৰ্হি-পাঠ চাওঁতাসকলৰ একাংশৰ অমনোযোগিতা, অসতৰ্কতা তথা অজ্ঞতাৰ বাবেই হওক; অসমীয়া ভাষাটোৰ পূর্বৰ কালিকাৰ সলনি এক বিজতৰীয়া ৰূপ পৰিলক্ষিত হৈছে৷ কেৱল বাতৰি অথবা তথ্যৰঞ্জন বা মনোৰঞ্জন প্ৰদান কৰাটোৱেই সংবাদমাধ্যমৰ কাম নহয়; একে সময়তে সংশ্লিষ্ট ভাষাৰ শুদ্ধ ৰূপ সংৰক্ষণৰ দায়িত্বও যে তেওঁলোকৰ হাতত আছে; এই কথা সংশ্লিষ্টসকলে যিমানেই বুজে সিমানেই ভাল৷ সম্পাদনা-কক্ষই ‘শুদ্ধ’ বানান তথা বাক্য-গাঁথনিত গুৰুত্ব দিয়াটো কাম্য৷ কিন্তু, সম্পাদনা-কক্ষই এনে শুদ্ধতাৰ ক্ষেত্ৰত আবদাৰ নিদিলে বুলিয়েই সাংবাদিক এগৰাকীয়ে এই ক্ষেত্ৰত নিজা পদক্ষেপ গ্ৰহণ কৰিব নালাগিব নে কি? কথাটো তেনে নহয়৷ নিজে কাম কৰা ভাষাটোৰ যথাসম্ভৱ শুদ্ধ ব্যৱহাৰ কৰাটো প্ৰতিগৰাকী সচেতন ব্যক্তিৰে দায়িত্ব৷ তাতে যদি সেইটো আইৰ মুখৰ ভাষা হয়, ৰাজ্যভাষা হয় আৰু ব্যৱহাৰ কৰোঁতাগৰাকী সাংবাদিকতাৰে জড়িত ব্যক্তি হয়, তেতিয়া এই দায়িত্ব অধিক বাঢ়ে৷ সততে আনৰ দোষ দেখা সাংবাদিকসকলে প্ৰকৃতাৰ্থত তেতিয়াহে, বিশেষকৈ বৈদ্যুতিন বা নৱমাধ্যমৰসকলে কোনো শিক্ষানুষ্ঠানলৈ গৈ কোনো শিক্ষাগুৰুক কোনো শব্দৰ বানান ক’বলৈ দিয়াৰ দৰে স্পৰ্ধা কৰাৰ ঘটনাৰ এক শতাংশ হ’লেও গ্ৰহণযোগ্যতা থকা বুলি অন্ততঃ একাংশ সচেতন উপভোক্তাই মানি ল’ব বুলি ভাবিব পাৰি৷
সাংবাদিকতাত, বিশেষকৈ অসমীয়া ভাষাৰ সাংবাদিকতাত নতুনকৈ খোজ দিয়াসকলে হাততে পোৱাকৈ অন্ততঃ ‘হেমকোষ’ অভিধান, তাত থকা কোনোবা শব্দৰ বানান আৰু অৰ্থত আউল লাগিলে সুবিধা হোৱাকৈ মেলিব পৰাকৈ ‘আধুনিক অসমীয়া শব্দকোষ’ৰ লগতে মহেশ্বৰ নেওগৰ ‘নিকা অসমীয়া ভাষা’, সত্যনাথ বৰাৰ ‘বহল ব্যাকৰণ’, সুমন্ত চলিহাৰ ‘সমাৰ্থক শব্দকোষ’ আদি কেইখনমান গ্ৰন্থ ভাষাটো নিয়াৰিকৈ কোৱাৰ তথা লিখাৰ প্ৰয়াসৰ বাবে ৰখা ভাল৷ বৈদ্যুতিন আৰু নৱমাধ্যমৰ সাংবাদিকসকলেও শাৰীটোৱে প্ৰতি ‘আচলতে’ শব্দটোৰ পুনৰাবৃত্তি কৰি দৰ্শক-শ্ৰোতাৰ আমনি লগোৱাতকৈ মাজে-মাজে সমাৰ্থক হিচাপে ‘প্ৰকৃততে’, ‘প্ৰকৃতাৰ্থত’, ‘কাৰ্যতঃ’ আদি শব্দ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰাৰ কথা ভাবিব পাৰে৷ সকলো মাধ্যমৰ সাংবাদিকে অসমীয়া ভাষাত যথাৰ্থ শব্দ থাকোঁতে অযথা ইংৰাজী, হিন্দী, বাংলা আদি ভাষাৰ শব্দ ব্যৱহাৰ কৰাটো কোনো ধৰণেৰেই শুভ লক্ষণ নহয়৷ ভুল হ’বই পাৰে, অসমীয়াৰ দৰে সমৃদ্ধ ভাষা এটা লিখোঁতে, কওঁতে সামান্য অসতৰ্কতাতে দুই-এটা ভুল হ’ব পাৰে৷ এই লেখকৰ ক্ষেত্ৰতো এই কথা সত্য৷ সেয়ে হ’লেও ‘শ্বাশ্বত’, ‘দাৰিদ্ৰতা’, ‘অনুভব’ ... এনে ধৰণৰ ভুল বানানেৰে শব্দ ব্যৱহাৰ নকৰাটো আৰু ‘হেৰোৱা, হেৰুৱা, হেৰুওৱা’ আদিৰ দৰে শব্দৰ ক্ষেত্ৰত বানানভেদে অৰ্থৰ পাৰ্থক্য বুজি লৈহে ব্যৱহাৰ কৰাটো কেৱল লেখকসকলৰে নহয়, সাংবাদিকৰো দায়িত্ব৷ ‘পানীত পৰি সলিল সমাধি’ৰ দৰে বাতৰিৰ শীৰ্ষক পঢ়িবলগীয়াৰ বিড়ম্বনা যাতে পাঠকে ভোগ কৰিব নালাগে, তাৰ বাবে অসমীয়া সাংবাদিকতাৰে জড়িত প্ৰত্যেকগৰাকী ব্যক্তিয়েই সচেতনতা অৱলম্বন কৰা উচিত৷
সময়ৰ ধামখুমিয়াত সাংবাদিকতালৈও বিভিন্ন প্ৰত্যাহ্বান অহাটো সত্য৷ নৱমাধ্যমৰ উদ্ভাৱনে বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰখনলৈও প্ৰত্যাহ্বান কঢ়িওৱাৰ দৰে বৈদ্যুতিন আৰু নৱমাধ্যম--- উভয় মাধ্যমৰ সৈতে প্ৰত্যাহ্বান সহকাৰে যুঁজি তিষ্ঠি থাকিবলৈ ছপা মাধ্যমৰ সাংবাদিকতাইও নিজকে নতুন ধৰণেৰে সজাবলগীয়া হৈছে৷ ক’ভিড-১৯ অতিমাৰীত বিধ্বস্ত সুদীৰ্ঘ প্ৰায় ডেৰবছৰৰ পৰিৱেশৰ লগতে ৰাজ্যখনত হোৱা নাগৰিকত্ব সংশোধনী আইন-২০১৬ বিৰোধী আন্দোলনৰ সময়ছোৱাৰ সান্ধ্য আইনৰ দিনবোৰেও শেহতীয়াকৈ আমাৰ সংবাদ-মাধ্যমক এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰালে৷ নিজা কৰ্মসূচী সম্পাদনত আমাৰ সাংবাদিক বন্ধুসকলো বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল৷ ইমানৰ মাজতো সংবাদ-মাধ্যমে, সাংবাদিক বন্ধুসকলে জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ সেৱা আগ বঢ়ায়েই আছে৷ চাবলৈ গ’লে এনে ধৰণৰ যোগাত্মক বহু দিশেই আছে৷ সেইবাবেই, কোনো কোনো ক্ষেত্ৰত সংবাদ-মাধ্যমৰ মৰ্যাদা আগতকৈ লাঘৱ হোৱা যেন অনুভৱ হ’লেও, সামগ্ৰিকভাৱে ৰাইজৰ সংবাদ-মাধ্যমকেন্দ্ৰিক আস্থা এতিয়াও সমূলঞ্চে আঁতৰি যোৱা নাই৷ সংবাদ-মাধ্যমৰ সেই হৃত মৰ্যাদা উদ্ধাৰৰ দায়িত্বও স্বাভাৱিকতেই সংশ্লিষ্ট সংবাদ-প্ৰতিষ্ঠানসমূহৰ তথা সাংবাদিকসকলৰে৷ স্বাভাৱিকতেই জ্যেষ্ঠ সাংবাদিকসকলৰ যোগাত্মক অভিজ্ঞতাপূৰ্ণ দিহা-পৰামৰ্শৰে পৰিৱেষ্টিত হৈ, প্ৰয়োজনত সংশ্লিষ্ট সম্পাদনা-কতৃৰ্পক্ষই নোকোৱাকৈও সমাজ জীৱনৰ উত্তৰণত সহায় হ’ব পৰা আৰু একে সময়তে দৰ্শক-পাঠককো আকৃষ্ট কৰিব পৰা তথা আন গুৰুত্বপূৰ্ণ বাতৰি সঠিক তথ্যৰে, সঠিক ভাষাগত উপস্থাপনেৰে পৰিৱেশন কৰি সাংবাদিকতাৰ লগতে নিজৰ মৰ্যাদা বৃদ্ধিৰ দায়িত্বও নতুন সাংবাদিকসকলৰ আছে৷
মই প্ৰত্যয়েৰে বিশ্বাস কৰোঁ, উল্লিখিত কথাখিনিত সাধাৰণভাৱে গুৰুত্ব দিলেও আৰু সমান্তৰালভাৱে সঠিকভাৱে বাতৰি পৰিৱেশন কৰি নিজকে জনগণৰ ঊৰ্ধৰ বুলি নাভাবি তেওঁলোকৰে এগৰাকী বুলি ভাবি সততাৰে সংবাদ পৰিৱেশন কৰিলে সাংবাদিক এগৰাকীৰ মৰ্যাদা দীর্ঘকাল অটুত থাকিব৷ একে সময়তে আজিৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাব পৰাকৈ নতুন প্ৰযুক্তিৰ পৃথিৱীখনৰ সৈতেও নতুন সাংবাদিক বন্ধুসকলে নিজকে চিনাকি কৰি ল’ব লাগিব৷ ৰাজ্যৰ বিভিন্ন সংবাদপত্ৰত সংবাদসেৱা আগ বঢ়োৱা, সাংবাদিকতাৰ ক্ষেত্ৰখনৰ এগৰাকী পূবৰ্সুৰী হিচাপে সকলো নতুন সাংবাদিক বন্ধুৰ যথাৰ্থ বৃত্তিগত উত্তৰণ আশা কৰি মই তেওঁলোকলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ৷
লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ একত্ৰ লিংকঃ
No comments:
Post a Comment