চিন্তনঃ কিহৰ ইংগিত পেগাছাছ কাণ্ড? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ কিহৰ ইংগিত পেগাছাছ কাণ্ড? :: অনন্ত কলিতা

চিন্তনঃ কিহৰ ইংগিত পেগাছাছ কাণ্ড? :: অনন্ত কলিতা

Share This
কিহৰ ইংগিত পেগাছাছ কাণ্ড? অনন্ত কলিতা
কিহৰ ইংগিত পেগাছাছ কাণ্ড?
অনন্ত কলিতা
যােৱা ২০ জুলাই ২০২১ তাৰিখ মঙলবাৰে দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলে ইজৰাইলী চোৰাংচোৱা সংগঠনে নিৰ্মাণ কৰা স্পাইৱেৰ পেগাছাছক ভাৰতবৰ্ষত মোডী চৰকাৰে অনৈতিক ভাৱে দেশৰ আগশাৰীৰ সাংবাদিক, বিৰােধী ৰাজনৈতিক নেতা, ব্যৱসায়ী, সামাজিক কর্মী, বুদ্ধিজীৱী আদিৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ অভিযােগ আনি লোকসভাৰ বর্ষাকালীন অধিৱেশনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্রী অমিত শ্বাহৰ পদত্যাগৰ দাবী উত্থাপন কৰে। চৰকাৰী পক্ষৰ পৰা বিষয়টো সংসদত আলোচনা কৰিবলৈ নোখোজাত বিৰোধী পক্ষই হুলস্থুল কৰে, ফলত বৃহস্পতিবাৰলৈ (২২/০৭/২১) লোকসভা স্থগিত ৰাখিবলৈ বাধ্য হয়। পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি ম’বাইল ফোন নিৰীক্ষণ কৰাৰ অভিযোগ ভাৰত চৰকাৰে অস্বীকাৰ কৰাৰ ৰণকৌশল ল'লেও ফ্রান্স আৰু আন কেইবাখনো দেশত ইতিমধ্যে চৰকাৰী তদন্ত আৰম্ভ হৈ গৈছে। বিশ্বৰ বহু ৰাজনেতাৰ ফোন হেকিঙৰ এই প্ৰসংগত ভাৰত চৰকাৰে লোৱা স্থিতিয়ে এতিয়া অধিক সন্দেহ ঘনীভূত কৰিছে।
কিহৰ ইংগিত পেগাছাছ কাণ্ড? অনন্ত কলিতা

বিশ্বৰ ১৭টা আগশাৰীৰ সংবাদ মাধ্যমৰ যৌথ অনুসন্ধানত সাংবাদিক, ৰাজনৈতিক ব্যক্তি, বিজ্ঞানী, সমাজকর্মী সকলৰ ফোন নিৰীক্ষণ কৰাৰ নির্দিষ্ট অভিযোগ উত্থাপন কৰিছে। পেগাছাছৰ নিৰ্মাতা ইজৰাইলৰ এন এছ অ সংস্থাৰ এখন তালিকা অনুসন্ধানকাৰী সংস্থাৰ হাতত পৰিছে। এই তালিকাৰ ভিতৰত ভাৰতৰ অন্ততঃ ৪০ জন সাংবাদিকৰ নাম আছে। ইয়াৰ ভিতৰত মিডিয়া পার্ট, সংস্থাৰো ওপৰত নজৰদাৰীৰ অভিযােগ উঠিছে। সেইবাবেই ফৰাচী চৰকাৰে তদন্ত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ফ্রান্সৰ বাতৰি কাকত ‘লা মণ্ডে' জনাইছে ফৰাচী প্রচিকিউটৰৰ কার্যালয়ে বিষয়টোত তদন্ত কৰিবলৈ সন্মত হৈছে। উল্লেখ্য যে এই মিডিয়া পাৰ্টেই ৰাফেল বিমান ক্রয় কেলেংকাৰীৰ ঘটনা উদঙাই দিছে। মিডিয়া পার্টৰ প্রতিবেদনৰ ভিত্তিতে ৰাফেল বিমান ক্রয় ঘটনাটো ফ্ৰান্সৰ চৰকাৰৰ স্তৰত তদন্ত আৰম্ভ হৈছে। সেই তদন্তত কিন্তু এতিয়ালৈ ভাৰতৰ দৰে ক্লীনছিট বিতৰণ হোৱা নাই!

ৰাষ্ট্ৰসংঘৰ মানবাধিকাৰ হাইকমিছনাৰ মিছেল বেচলেটেও বিবৃতি দি কৈছে যে, যি অভিযোগ উঠিছে ই আংশিক সত্যও যদি হয়, তেন্তে ই নিয়ম-নীতি উলংঘা কৰি সীমা অতিক্রম কৰি গৈছে। ভাৰত চৰকাৰৰ অৱস্থান উক্ত অৱস্থাৰ বিপৰীত। এন এছ অ'ৰ তালিকাত অতি কমেও ৩০০ জন ভাৰতীয়ৰ নাম আছে। এওঁলোকৰ ফোন নিয়মিতভাৱে নিৰীক্ষণ কৰাৰ অভিযোগ উঠিছে। ভাৰতত ২০১৭ পৰা স্পাইৱেৰ ব্যৱহাৰ হৈছে। অনেক ৰাজনৈতিক দলে সন্দেহ প্রকাশ কৰিছে যে ২০১৭ ত প্রধানমন্ত্রী মােডী ইজৰাইল ভ্ৰমণলৈ গৈছিল। ইজৰাইল চৰকাৰৰ অনুমোদন লৈহে এন এছ অৱে তেওঁলোকৰ স্পাইৱেৰ বিক্ৰী কৰে। এই স্পাইৱেৰ কোনো সাৰ্বভৌম চৰকাৰক বা সেই চৰকাৰৰ অনুমোদন সাপেক্ষে চৰকাৰী সংস্থাকহে সেৱা প্ৰদান কৰে বুলিও এনএছঅ নামৰ সংস্থাটোৱে ৰাজহুৱা স্থিতি প্ৰকাশ কৰাটোও অতিশয় লক্ষণীয়।

সংবাদ মাধ্যমে পোহৰলৈ অনা মতে, কর্ণাটকত জনতা (এছ) কংগ্ৰেছ চৰকাৰৰ পতন 'ঘটোৱাৰ সংক্ৰান্তত এইচ ডি কুমাৰাস্বামীৰ ব্যক্তিগত সহায়ক আৰু প্ৰাক্তন মুখ্যমন্ত্রী চিদ্দাৰামায়াৰ ব্যক্তিগত সহায়কৰ ফোনো এই হেকিঙৰ তালিকাত আহিছে। এন.এছ.অৱে ভাৰত চৰকাৰে পেগাছাছ কিনিছে নে নাই, ইয়াৰ প্রত্যক্ষ উত্তৰ নিদি এৰাই গৈ ওলােটাই কৈছে— আইন মানিয়ে তেওঁঁলোকে তালিকাবোৰৰ ফোন নিৰীক্ষণ কৰে। সংস্থাটোৱে তিনি শতাধিক ব্যক্তিৰ ফোন নিৰীক্ষণৰ অভিযোগ প্রত্যক্ষভাৱে স্বীকাৰ কৰা নাই। গতিকে ভাৰতবৰ্ষত বিৰোধী দলৰ চৰকাৰ ভঙাৰ ক্ষেত্ৰত এনে স্পাইৱেৰৰ তথ্যৰ যে ব্যৱহাৰ হোৱা নাই সেয়া স্পষ্ট হৈ উঠিছে। আৰু ৰাজনৈতিক দলৰ ৰাজ্য চৰকাৰ ভঙা-পতা যে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয় নহয়, সেয়াই সকলোৱে বুজি উঠিছে।

বৃহৎ অংকৰ অৰ্থৰ বিনিময়ত স্বাধীন নাগৰিকসকলৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ ছিন্ন কৰে এন এছ অৱে। এইটোৱেই এই ইজৰাইলী সংস্থাটোৰ ব্যৱসায়। বিশ্বৰ বহুদেশ এওঁলোকৰ গ্রাহক  গ্রাহকসকলে এন এছ অক মাচুল দিয়ে তেওঁলোকক তালিকা দিয়া ম’বাইল ফোনবােৰৰ নিৰীক্ষণ কৰি নিয়মিত তথ্য সংগ্রহ কৰি গ্ৰাহকজনক যোগান ধৰাৰ বাবে। এই নিৰীক্ষণ কৰা ফোনবোৰৰ যাবতীয় তথ্য এন এছ অ'ৰ ডাটাবেছত (তথ্যভাণ্ডাৰ) মজুত ৰাখে। 

এই তথ্যভাণ্ডাৰৰে কিছুমান তথ্য ফাদিল হৈ ফৰাচী ৱেবছাইট ফৰবিডেন জি আৰু এমনেষ্টি ইণ্টাৰনেচনেলৰ হাতলৈ আহে। এই ফাদিল হোৱা তথ্য প্রতিফলিত হয় বিভিন্ন দেশৰ ১৬টা সংবাদ সংস্থাৰ  তথ্যও। এইকেইটাৰ ভিতৰত আছে ভাৰতৰ নিউজ পটেল ‘দা ৱায়ৰ'। ‘দা ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখনৰ তিনিজন সম্পাদক (দুজন কৰ্মৰত, এজন প্রাক্তন) আৰু বহুতো সাংবাদিক আছে। সেয়ে বিভিন্ন দেশৰ ১৬টা সংবাদ সংস্থা মিলি ‘পেগাছাছ প্রজেক্ট নাম দি এন এছ অ'ৰ ডাটাবেছৰ পৰা পোৱা ৫০ হেজাৰৰো অধিক ফোনৰ তথ্য সংগ্রহ কৰিছিল। কিছুমান নেতাৰ ফোনৰ ফৰেনছিক টেষ্টো এমনেষ্টিৰ তথ্য-প্ৰযুক্তিবিদে কৰি হেকিঙৱেৰ পেগাছাছৰ অৱস্থিতি ধৰা পেলাইছিল। 

এতিয়া বাস্তৱত, এই সকলোবোৰ ফোনৰ ফৰেনছিক পৰীক্ষা শেষ হলেহে জনা যাব যে প্রকৃততে কিমান ফোনৰ তথ্য সংগ্রহ কৰিছিল। ফোন নিৰীক্ষণ কৰা লোকসকলৰ তালিকাত আছে ৰাজনৈতিক দলৰ নেতা, বিচাৰপতি, আইনজীবী, শিক্ষাবিদ, সামাজিক আৰু মানবাধিকাৰ আন্দোলনৰ কৰ্মী, মন্ত্রী, আমোলা আৰু সর্বাধিক সংখ্যক সাংবাদিক। তালিকাৰ ভিতৰত থকাসকল চৰকাৰৰ গুডবুকত নাই। চৰকাৰৰ নীতিৰ সমালোচক আৰু এই নীতিৰ বিৰুদ্ধে আন্দোলনকাৰী, বিৰোধী দলৰ নেতা, বিৰোদ্ধাচৰণ কৰা সন্দেহজনক আমোলা আৰু যিসকল সাংবাদিকে স্বাধীনভাৱে নিৰপেক্ষভাৱে নিষ্ঠাৰে সত্য প্রকাশ কৰিবলৈ সচেষ্ট হয়, এওঁলােকৰ ফোন নজদাৰী কৰা হৈছে। 

এই কথাও পোহৰলৈ আহিছে যে, বিগত লােকসভা নির্বাচনৰ আগতে ব্যাপকভাৱে চৰকাৰ বিৰােধীসকলৰ ফোনৰ নজৰদাৰী চলিছিল। আনকি নির্বাচন কমিছনৰ যিকেইজন বিষয়াই নির্বাচন বিধি ভংগৰ অভিযােগৰ পক্ষত মত দিছিল, তেওঁলোকৰ ফোনো নজৰদাৰী কৰা হৈছিল। তদানীন্তন উচ্চতম ন্যায়ালৰ প্রধান বিচাৰপতি ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ অনা মহিলা আৰু তেওঁৰ পৰিয়ালৰ কেইবাটাও ফোনৰ কথা-বতৰা নিৰীক্ষণ কৰা হৈছিল। এইদৰে চৰকাৰৰ অপছন্দৰ লোকসকলৰ ফোনবোৰ নিৰীক্ষণ কৰিছিল। গতিকে এই ফোন টেপিং, হেকিং, স্পাইৱেৰৰ এটেক আদিৰে পোৱা তথ্য সমূহৰ কি ব্যৱহাৰ হৈছিল, কাৰোৱাক ব্লেকমেইলিং কৰা হৈছিল নেকি, এই সকলোবোৰ প্ৰশ্নও এতিয়া উত্তৰবিহীন হৈয়ে ৰৈছে।

নাগৰিকৰ স্মার্টফোন এইধৰণে নিৰীক্ষণ কৰাটো আইনবিৰুদ্ধ, সংবিধানে এই বিধানৰ পৰিপন্থী। নাগৰিকৰ গোপনীয়তা ৰক্ষা কৰাৰ অধিকাৰৰ ওপৰত ঘৃণ্য হস্তক্ষেপ। গণতন্ত্রত এই কামটো কৰা নাযায়। এই ফোন নিৰীক্ষণৰ অৰ্থই হ’ল স্বৈচাৰিতা, ফেচীবাদী কায়দাত নাগৰিকৰ গণতান্ত্রিক অধিকাৰ হৰণৰ অভিলেখ। কেন্দ্রীয় চৰকাৰে চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্র বুলি এই মাৰাত্মক গণতন্ত্রবিৰোধী কার্যটো এৰাই যাব নােৱাৰে, ইয়াৰ উচিত তদন্ত হবই লাগে। The Indian Express' (21/07/21) কাকতখনত সম্পাদকীয় পৃষ্ঠাত প্রতাপ ভানু মেহতাই লিখিছে- 'The Pegasus Scandal is a matter of grave concern for Indian democracy. ... We have left ourselves vulnerable to the violation of our rights, and the diminishing of our security. Democracy will likely, like Bellerophon, fall of Pegasus's back.

দূৰভাষঃ  ৯৪৩৫০-৪১২০৩, লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ একত্ৰ লিংকঃ

No comments:

Post a Comment