সোঁৱৰণঃ ডি লিট অৰ্জন কৰা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম মহিলা, অধ্যাপক নিৰু হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি :: ড° অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সোঁৱৰণঃ ডি লিট অৰ্জন কৰা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম মহিলা, অধ্যাপক নিৰু হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি :: ড° অখিল ৰঞ্জন দত্ত

সোঁৱৰণঃ ডি লিট অৰ্জন কৰা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম মহিলা, অধ্যাপক নিৰু হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি :: ড° অখিল ৰঞ্জন দত্ত

Share This

ডি লিট অৰ্জন কৰা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম মহিলা, 

অধ্যাপক নিৰু হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

ড° অখিল ৰঞ্জন দত্ত
TRIBUTE TO PROF NIRU HAZARIKA, ডি লিট অৰ্জন কৰা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম মহিলা, অধ্যাপক নিৰু হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি, akhil ranjan,  ড° অখিল ৰঞ্জন দত্ত

শ্ৰদ্ধেয়া অধ্যাপক নিৰু হাজৰিকা বাইদেউ কালি ২৫ জুলাই ২০২১ তাৰিখে গ'লগৈ, তেখেতলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। বিগত এটা বছৰ ধৰি তেখেতৰ স্বাস্থ্য ভালে নাছিল আৰু কেইবাবাৰো চিকিৎসালয়ত ভৰ্ত্তি হৈছিল । দুৰ্ভাগ্যৰ কথা ক'ভিডজনিত পৰিস্থিতিৰ বাবে তেখেতৰ অজস্ৰ গুণমুগ্ধ তেখেতৰ এই বিপদকালত তেখেতৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হ'ল। উত্তৰ-পূৱ  ভাৰতৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ এক উজ্জ্বল নক্ষত্ৰ অধ্যাপক ড° নিৰু হাজৰিকা বাইদেউৰ মৃত্যুৰ বাতৰি শুনি তেখেতৰ গুণমুগ্ধ ছাত্ৰ-ছাত্ৰী সকলে যিদৰে বাইদেউ সম্পৰ্কত বিভিন্ন মাধ্যমৰ জৰিয়তে অভিমত ব্যক্ত কৰিছে সেইবোৰ পঢ়িলেই বুজিব পাৰি বাইদেৱে কিমান গভীৰভাৱে ছাত্ৰ-ছাত্ৰী সকলক প্ৰভাৱান্বিত কৰিব পাৰিছিল। 

TRIBUTE TO PROF NIRU HAZARIKA, ডি লিট অৰ্জন কৰা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম মহিলা, অধ্যাপক নিৰু হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি, akhil ranjan,  ড° অখিল ৰঞ্জন দত্ত

মই বাইদেউৰ পোনপটীয়া ছাত্ৰ নাছিলো । কিন্তু গৱেষণা তথা জীৱন যাত্ৰাৰ এগৰাকী পথ প্ৰদৰ্শকৰ দৰে বাইদেৱে মোক আৰু আমাৰ পৰিয়ালটোক আৱৰি ৰাখিছিল । তিনিটা কথা কলেই বাইদেউৰ সেই স্নেহসিক্ত আপোন ভাৱটোৰ কথা বুজিব পাৰি । ২০০৫ চনত মোৰ মাৰ মৃত্যু হ'ল । সেই সময়ত যথেষ্ট আৰ্থিক অনাটন আছিল । মাক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পিছত মোৰ অৱস্থাটো ধৰিব পাৰি বাইদেৱে টকা ১২,০০০ মোৰ হাতত গুজি দিলে । মই বহুবাৰ সুযোগ বিছাৰি সেই টকা কেইটা বাইদেউক ঘূৰাই দিবলৈ চেষ্টা কৰিলোঁ। বাইদেৱে নলয়। ২০০৬-০৭ বৰ্ষত বাইদেউৰ ভৰি ভাঙিছিল। বৰ কষ্ট পাইছিল। বহু ঠাইত চিকিৎসা কৰিও ভাল পোৱা নাছিল। এবাৰ পাটনালৈকো গ'ল। সেই সময়ত বাইদেউ যথেষ্ট হতাশ হৈছিল। তেতিয়া বাইদেউ বিশ্ববিদ্যালয়ৰ চৌহদত থাকে। মই প্ৰায় সদায়েই বাইদেউৰ ওচৰত বহিছিলোগৈ । শেষত দিল্লীত চিকিৎসা কৰিহে ভাল পালেগৈ। তেতিয়াও চেগ বুজি মই সেই টকা কেইটা ঘূৰাই দিব খুজিছিলোঁ । বাইদেৱে বৰ কোমল মাতেৰে ক'লে- "তোমাৰ মা মোৰো জানো মা নহয়? মই মোৰ মাৰ বাবেই সেই অকণমান অৰিহণা দিলো বুলি ভাৱিবা ।" এইয়া যে কেৱল মোৰ ক্ষেত্ৰতহে হৈছিল তেনে নহয় । কিমান ছাত্ৰ-ছাত্ৰীক যে তেখেতে এই ধৰণে সহায় কৰিছিল তাৰ কোনো হিচাব নাই। 


আমাৰ প্ৰথম সন্তান লয় জন্ম হোৱাৰ পিছত বাইদেউ খবৰ লবলৈ আহিছিল । হাতত লৈ অহা উপহাৰৰ টোপোলাটা পৰিবাৰ মৌচুমীৰ হাতত তুলি দি ক'লে: 'কেচুৱাক উপহাৰ দিয়া মানুহ বহুত । মাকৰ ইমান কষ্ট, কিন্তু মাকৰ খবৰ লওঁতা কম । সেইকাৰণে তোমালৈ বুলিহে এইটো আনিছোঁ ।" বাইদেৱে এখন পাটৰ মেখেলা মৌচুমীক উপহাৰ দিলে । 


মই গৱেষণা কৰিছিলোঁ অধ্যাপক অনুৰাধা দত্ত বাইদেউৰ তত্বাৱধানত। গৱেষণা শেষ হ'বৰ সময়ত নিৰু বাইদেউ বিভাগৰ মুৰব্বী । তেতিয়া বিভাগত এটাই কম্পিউটাৰ । মোৰ ব্যক্তিগত কম্পিউটাৰ নাই । বাইদেউক কথাটো ক'লো । বাইদেৱে ক'লে তুমি সোনকালে বিভাগলৈ আহি বিভাগৰ কম্পিউটাৰতে কাম কৰিবা । মই সেই সময়ত পুৱা আঠ বজাৰ পৰা দহ বজালৈ বিভাগৰ কম্পিউটাৰটো  ব্যৱহাৰ কৰিয়েই থেছিছৰ কাম ৰ্সম্পূৰ্ণ কৰিছিলোঁ । এইয়া মাত্ৰ কেইটামান উদাহৰণ । কিন্তু এই কেইটা কথাৰ পৰাই বুজিব পাৰি বাইদেউ কিমান মানৱ দৰদী আছিল । 

অসমৰ মুখ্যমন্ত্ৰীৰ শোক-প্ৰকাশ
অধ্যাপক হাজৰিকাৰ জন্ম হৈছিল ১৯৪৯ চনৰ ১৩ জানুৱাৰী তাৰিখে যোৰহাটত । তেখেতৰ পিতৃ আছিল কুল কমল হাজৰিকা আৰু মাতৃ উমেশ্বৰী হাজৰিকা । পিতৃ আছিল চাহ বাগানৰ চাকৰিয়াল । ১৯৬৪ চনত তেখেতে যোৰহাট চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৬৮ চনত যোৰহাটৰ দেৱীচৰণ বালিকা মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয় । তাৰ পিছতেই তেখেতে স্নাতকোত্তৰ মহলাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰে । ১৯৭০ চনত সেই বিভাগৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি উত্তীৰ্ণ হয় আৰু গৱেষণা বৃত্তি লাভ কৰি গৱেষণাৰ কাম আৰম্ভ কৰে। 


তেখেতৰ গৱেষণাৰ তত্বাৱধায়ক আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক ভি ভেংকটা ৰাও । সেই বছৰতেই তেখেতে বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত প্ৰবক্তা হিচােবেও যোগদান কৰে । তিনি বছৰৰ ভিতৰতে গৱেষণাৰ কাম সমাপ্ত কৰি তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে । তেখেতৰ গৱেষণাৰ বিষয় আছিল ' Public Service Commission' । অতি কম বয়সতে গৱেষণা সমাপ্ত কৰাৰ সমান্তৰালভাৱে  ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত গৱেষণা পত্ৰ প্ৰকাশ কৰি অতি সোনকালেই তেখেতে ৰীডাৰ আৰু পৰৱৰ্তী সময়ত অধ্যাপক পদত নিযুক্ত হয় । প্ৰায় ৩৫ বছৰ বয়সতে অধ্যাপক পদত নিযুক্ত হোৱা নিৰু হাজৰিকা আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় গৰাকী পূৰ্ণকালীন বিভাগীয় মুৰব্বী । তেখেতৰ আগতে এই পদত আছিল অধ্যাপক ভি ভেংকটা ৰাও (১৯৫৮-৭৩) আৰু অধ্যাপক দেৱ প্ৰসাদ বৰুৱা (১৯৭৩-৭৫ আৰু ১৯৭৮-৮৬) । জৰুৰীকালীন অৱস্থাত (১৯৭৫-৭৭) অধ্যাপক দেৱপ্ৰসাদ বৰুৱা কাৰাগৰত থাকিব লগীয়া হোৱাত ড° পি এচ ৰেড্ডী বিভাগৰ কাৰ্যবাহী মুৰব্বী আছিল। 


১৯৮৬ চনৰ ২৭ জনুৱাৰী তাৰিখে অধ্যাপক দেৱ প্ৰসাদ বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাবে যোগদান কৰাৰ পিছৰ দিনা অৰ্থাৎ ২৮ জানুৱাৰে তাৰিখে অধ্যাপক নিৰু হাজৰিকাই বিভাগৰ মুৰব্বীৰ দ্বায়িত্ব গ্ৰহণ কৰে । ১৯৮৯ চনৰ ২৭ জানুৱাৰী তাৰিখে বিভাগীয় মূৰব্বীৰ প্ৰথমটো কাৰ্যকাল সমাপ্ত কৰাৰ পিছত ১৯৯২ চনৰ ২৮ জানুৱাৰীৰ পৰা ১৯৯৫ চনৰ ২৭ জানুৱাৰীলৈকে দ্বিতীয়টো কাৰ্যকাল আৰু ২৮  জানুৱাৰী ২০০৪ তাৰিখৰ পৰা ২০০৬ চনৰ ৭ ছেপ্তেম্বৰলৈকে তৃতীয়বাৰৰ বাবে বিভাগৰ মুৰব্বীৰ দ্বায়িত্ব গ্ৰহণ কৰে। মুৰব্বী অধ্যাপক হৈ থকা কালত দুবাৰকৈ তেখেতে কলাগুৰু (Dean of Arts) ৰ পদবীটো অধিষ্ঠিত হয় । ডি লিট ডিগ্ৰী লাভ কৰা উত্তৰপূৱ ভাৰতৰ প্ৰথম গৰাকী গৱেষকৰ সন্মানেৰে বিভূষিত অধ্যাপক নিৰু হাজৰিকা ।


গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অন্যতম খনিকৰ আছিল অধ্যাপক নিৰু হাজৰিকা । তেখেতৰ সৌভাগ্য আছিল যে তেখেতৰ শিক্ষক সকলৰ কেইবা গৰাকীও আছিল তেখেতৰ সহকৰ্মীও। তেখেত সকল হ'ল ক্ৰমে অধ্যপক ভেংকটাৰাও, অধ্যাপক দেৱপ্ৰসাদ বৰুৱা, অধ্যাপক কুঞ্জ মেধি, অধ্যাপক পি এছ ৰেড্ডি আৰু অধ্যাপক অনুৰাধা দত্ত । অধ্যাপক ফণীধৰ গগৈ আৰু অধ্যাপক দেৱব্ৰত শৰ্মাই একে সময়তে বিভাগত যোগদান কৰিছিল । অধ্যাপক ভেংকটাৰাও,  অধ্যাপক ৰেড্ডি আৰু অধ্যাপক গগৈৰ বাহিৰে অন্য সকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু গৱেষক আছিল। পৰৱৰ্তী সময়ত যোগদান কৰা ড° উষাৰাণী চোধুৰী, অধ্যাপক মুণিৰুল হুছেইন, অধ্যাপক সন্ধ্যা গোস্বামী, অধ্যাপক অলকা শৰ্মা, অধ্যাপক ননী গোপাল মহন্ত, অধ্যাপক অখিল ৰঞ্জন দত্ত, অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মা, ড° ধ্ৰুবপ্ৰতীম শৰ্মা, ড° শুভ্ৰজিৎ কোৱঁৰ, ড° জোৱানা মাহজেবিন আৰু ড° বৰষা ডেকা আছিল ড° নিৰু হাজৰিকাৰ সহ:কৰ্মী । সেই অৰ্থত অধ্যাপক নিৰু হাজৰিকা আছিল বিভাগটোৰ দুটা প্ৰজন্মৰ মাজৰ এক যুগসূত্ৰ । ড° উষাৰাণী চৌধুৰী আৰু অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মাৰ বাদে পিছৰ প্ৰজন্মৰ অন্য সকল শিক্ষকে স্নাতকোত্তৰ আৰু কিছু সংখ্যকে পি এইচ ডি ডিগ্ৰীও আহৰণ কৰিছিল দেশৰ অন্য বিশ্ববিদ্যালয়ৰ পৰা। সেই অৰ্থত বিভাগটোৰ ধাৰাবাহিকতাৰ সূত্ৰও ধৰিছিল অধ্যাপক নিৰু হাজৰিকাই।


গৱেষক আৰু গ্ৰন্থ প্ৰণেতা হিচাবে তেখেতে যথেষ্ট কৃৰ্তিত্ব অৰ্জন কৰিছিল । তেখেতৰ দ্বাৰা প্ৰণীত গুৰুত্বপূৰ্ণ গ্ৰন্থ সমূহ হ'ল : Public Service Commission: A Study (1979); Profile of Youth Organizations in North East India (1998); Ethnic Autonomy Questions in North East India: Search for an Answer (2005) আৰু Ethics and Human Values in Medical Sciences (2016) . 


চাৰিটা দশকৰো অধিককাল ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰি অৱসৰ লোৱা অধ্যাপক নিৰু হাজৰিকাই পৰৱৰ্তী সময়তো বিভাগৰ স'তে মধুৰ সম্পৰ্ক বৰ্তাই ৰাখিছিল । 


তেখেতৰ মৃত্যু অসম তথা উত্তৰপূৱ ভাৰতৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি । প্ৰায় ৫০ জনৰো অধিক পি এইচ ডি গৱেষকৰ গৱেষণা পত্ৰৰ তত্বাৱধায়কৰ দ্বায়িত্ব পালন কৰা অধ্যাপক নিৰু হাজৰিকাই লোক প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ গৱেষণাৰ ক্ষেত্ৰত লাভ কৰা কৃতিত্বই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানকো মহীয়ান কৰি থৈ গৈছে । তেখেতৰ স্মৃতি যুগমীয়া হওক আৰু তেখেতৰ আদৰ্শ আমাৰ বাবে পাথেয় হৈ ৰওক সেই আশাৰে তেখেতৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ ।

লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক, লেখাৰ তাৰিখঃ ২৫ জুলাই ২০২১

No comments:

Post a Comment