ক্ৰীড়াঃ অলিম্পিক আৰু ভাৰত: স্মৃতি ৰোমন্থন আৰু টকিঅ'ৰ প্ৰত্যাশা :: ডাঃ মৃগাংক শেখৰ চলিহা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ক্ৰীড়াঃ অলিম্পিক আৰু ভাৰত: স্মৃতি ৰোমন্থন আৰু টকিঅ'ৰ প্ৰত্যাশা :: ডাঃ মৃগাংক শেখৰ চলিহা

ক্ৰীড়াঃ অলিম্পিক আৰু ভাৰত: স্মৃতি ৰোমন্থন আৰু টকিঅ'ৰ প্ৰত্যাশা :: ডাঃ মৃগাংক শেখৰ চলিহা

Share This
অলিম্পিক আৰু ভাৰত: স্মৃতি ৰোমন্থন আৰু টকিঅ'ৰ প্ৰত্যাশা ডাঃ মৃগাংক শেখৰ চলিহা, INDIA IN OLYMPICS, xukhdukh
অলিম্পিক আৰু ভাৰত: স্মৃতি ৰোমন্থন আৰু টকিঅ'ৰ প্ৰত্যাশা
ডাঃ মৃগাংক শেখৰ চলিহা
বহু অপেক্ষাৰ অন্তত কোভিড-১৯ৰ বিশ্বজোৰা প্ৰকোপৰ বাবেই এবছৰ দেৰিকৈ অলিম্পিক-২০২০ৰ শুভাৰম্ভ হ'ল আজি। এক আকৰ্ষণীয় আৰম্ভণি অনুষ্ঠানত কেৱল কেইশমান অতিথিৰ বাবে মূল ষ্টেডিয়ামত প্ৰৱেশৰ বাবে অনুমতি দিয়া হৈছে। আজি ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে টকিঅ'ত এইবাৰৰ অলিম্পিক ক্ৰীড়া সমাৰোহ অৰ্থাৎ ৩২তম গ্ৰীষ্মকালীন অলিম্পিয়াদৰ খেলসমূহ অনুষ্ঠিত হ'ব। এইবাৰ ভাৰতে ভাৰতীয় অলিম্পিক ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ ১১৯ জনীয়া দল এটাৰে এই ক্ৰীড়া সমাৰোহত ভাগ ল'ব। ইয়াৰে ৬৭ গৰাকী পুৰুষ প্ৰতিযোগী আৰু ৫২ গৰাকী মহিলা প্ৰতিযোগী । 
অলিম্পিক আৰু ভাৰত: স্মৃতি ৰোমন্থন আৰু টকিঅ'ৰ প্ৰত্যাশা ডাঃ মৃগাংক শেখৰ চলিহা, INDIA IN OLYMPICS, xukhdukh
প্ৰত্যেক অলিম্পিকৰ পূৰ্বকালীন আশাবোৰ মোহাৰি পেলোৱা অলিম্পিকৰ উত্তৰ-কালীন হতাশাবোৰক ঢাকিবলৈ আগতে আমি এষাৰ সান্ত্বনাৰ বাণীতেই আশ্ৰয় লৈছিলো " অলিম্পিকত পদক প্ৰাপ্তি বা জয়লাভ কৰাটো ডাঙৰ কথা নহয়; অংশ গ্ৰহণ কৰাটোহে ডাঙৰ কথা। " কিন্তু বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ মধ্যবিত্ত সম্প্ৰদায়টো বাস কৰা দুৰ্বাৰ আকাশলংঘী সপোনৰ নতুন ভাৰতৰ জনতাক এইষাৰ প্ৰবোধবাণীৰে বোধকৰো সন্তুষ্ট কৰিব পৰা নেযাব। আঠ আগষ্টত যেতিয়া সমাৰোহৰ অন্ত পৰিব তেতিয়া ভাৰতবাসীয়ে পদকৰ সংখ্যা গণনা কৰি চাব আৰু এটা প্ৰশ্ন কৰিব - বৰ্তমান বিশ্বৰ ক্ৰীড়া প্ৰাংগণত আমি কিমান ওখ আসনত আছো? আমাৰ সপোন আৰু বাস্তৱ পৰস্পৰৰ কিমান ওচৰ বা কিমান দূৰ? হয়তো প্ৰত্যেকবাৰৰ দৰে আমি আকৌ হতাশ হ'ম বা আমি জিলিকি উঠিম। কিন্তু আমাৰ চিৰন্তন আশাৰেই আমি অপেক্ষা কৰিছোঁ টকিঅ'লৈ । লগতে স্মৃতিকাতৰতাৰে ৰোমন্থন কৰিছোঁ আমাৰ পাৰ হৈ অহা অলিম্পিকৰ দিনবোৰ- যিবোৰৰ কিছুমান মূহুৰ্ত সঁচাকৈয়ে আজিৰ দিনত বিশ্বাস কৰিব নোৱাৰাৰ দৰেই সোণালী আছিল। বিশেষকৈ হকীৰ সেই দিনবোৰ!

সোণালী স্মৃতিবোৰলৈ মনত পেলালে প্ৰথমতে ১৯২৮ চনৰ আমষ্টাৰডাম অলিম্পিকৰ পথাৰলৈ মনটো ঘূৰি যাব খোজে। কাৰণ সেইবাৰ আমি অলিম্পিক হকীত প্ৰথমটো স্বৰ্ণপদক অৰ্জন কৰিছিলোঁ। কোনোবাই পিছে তাৰো আগৰ ১৯০০ চনৰ অলিম্পিকৰ কথাও মনত পেলাব কাৰণ সেই অলিম্পিকত ভাৰতৰ নৰ্মান প্ৰিটচাৰ্ডে দৌৰত দুটাকৈ ৰূপৰ পদক অৰ্জন কৰিছিল। কিন্তু সেই অলিম্পিকৰ দলটো ভাৰতৰ জাতীয় দল নাছিল। গতিকে আমি আমাৰ প্ৰকৃত সাফল্যৰ কাহিনী ১৯২৮ চনৰ পৰা আৰম্ভ হৈছে বুলিহে ধৰিব লাগিব ।

১৯২৮ চনৰ আমষ্টাৰডাম অলিম্পিকতে 'হকীৰ যাদুকৰ' বুলি খ্যাত ধ্যানচান্দে প্ৰথমবাৰৰ বাবে অলিম্পিক খেলপথাৰত ভাৰতৰ হৈ খেলিছিল । সেইবাৰ এইজনা মহান খেলুৱৈয়ে প্ৰতিযোগিতাখনত ভাৰতে দিয়া ২৯ টা গ'লৰ ভিতৰত ১৪ টা গ'ল দিয়াৰ লগতে ফাইনেলত হলেণ্ডৰ বিপক্ষে হেটট্ৰিক কৰিছিল। ভাৰত স্বাধীন হোৱাৰ আগতে ভাৰতে আৰু দুবাৰ অলিম্পিক হকীৰ স্বৰ্ণপদক অৰ্জন কৰে। ১৯৩২ চনত লছ এঞ্জেলছত আৰু ১৯৩৬ চনত বাৰ্লিনত। ১৯৩২ চনৰ অলিম্পিকতেই অলিম্পিক হকীৰ এখন খেলত কোনো দলে দিয়া সৰ্বাধিক গ'লৰ ( ভাৰত ২৪ - আমেৰিকা যুক্তৰাষ্ট্ৰ ১) অভিলেখ কৰাৰ কৃতিত্ব অৰ্জন কৰে ; এই অভিলেখ আজিও অক্ষুন্ন । ১৯৩৬ চনত ভাৰতীয় হকী দলে হিটলাৰৰ চকুৰ আগত বাৰ্লিনৰ খেলপথাৰত হিটলাৰৰ জাৰ্মানীক হৰুৱাই হকীৰ সোণৰ পদক অৰ্জন কৰে। ধ্যানচান্দৰ খেল চাই হিটলাৰ ইমানেই অভিভূত হৈছিল যে তেওঁ ধ্যনচান্দলৈ জাৰ্মানীৰ নাগৰিকত্বৰ প্ৰস্তাৱো আগবঢ়াইছিল।

ইয়াৰ পাছৰ বাৰবছৰকাল দ্বিতীয় বিশ্বযুদ্ধৰ বাবে অলিম্পিক খেলসমূহ অনুষ্ঠিত হোৱা নাছিল। ইতিমধ্যে ভাৰত স্বাধীন হৈছিল । ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতে যেতিয়া স্বাধীন ভাৰতৰ মৰ্যাদাৰে অৱৰ্তীৰ্ণ হৈছিল ভাৰতীয় হকী দলটোত ধ্যানচান্দ নাছিল। তেওঁ ইতিমধ্যে অৱসৰ লৈছিল। কিন্তু দিগ্বীজয় সিং , লেছলি ক্ল'ডিয়াছ আৰু বলবীৰ সিঙৰ দৰে উচ্চমানৰ খেলুৱৈ ভাৰতীয় দলত আছিল। ফাইনেলত ভাৰতে গ্ৰেট বৃটেইনক ৪-০ গ'লত পৰাস্ত কৰি পুনৰ স্বৰ্ণপদক অৰ্জন কৰে। অলপ দিনৰ আগলৈকে ভাৰত যিখন দেশৰ তলত পৰাধীন হৈ আছিল সেইখন দেশকে এবিধ প্ৰকৃতপক্ষে ইউৰোপীয় ক্ৰীড়াত তেওঁলোকৰে ক্ৰীড়াংগণত পৰাস্ত কৰাটো স্বাধীন ভাৰতৰ ক্ৰীড়া ইতিহাসৰ এক গৌৰৱোজ্জ্বল মূহুৰ্ত আছিল । ১৯৫২ চনৰ হেলছিংকি অলিম্পিকতো ভাৰতৰ স্বৰ্ণজয়ৰ অভিযান অপ্ৰতিহত হৈ ৰয়। দিগ্বীজয় সিং, লেছলি ক্লডিয়াছ আৰু বলবীৰ সিঙৰ উপস্থিতিত ভাৰতে হলেণ্ড দলক ফাইনেলত ৬-১ গ'লত পৰাস্ত কৰি হকীৰ স্বৰ্ণপদক অৰ্জন কৰে। ভাৰতে প্ৰতিযোগিতাখনত দিয়া ১৩ গ'লৰ ৯টা গ'ল বলবীৰ সিঙৰ ষ্টিকৰপৰা আহে। সেইবাৰ ভাৰতে হকীৰ বাহিৰেও মল্লযুদ্ধত কে ডি যাদবৰ যোগেৰে এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

ইয়াৰ পিছৰ ১৯৫৬ চনৰ মেলব'ৰ্ণত হোৱা অলিম্পিকতো লেছলি ক্লডিয়াছ আৰু বলবীৰ সিং ভাৰতীয় দলত আছিল । দিগ্বীজয় সিঙে ইতিমধ্যে অৱসৰ লৈছিল । ৰণধীৰ সিং জেণ্টিল আৰু ৰংগনাথন ফ্ৰাঞ্চিচ নামৰ দুজন উদীয়মান প্ৰতিভাও ভাৰতীয় দলত আছিল। তুমুল প্ৰতিদ্বন্দিতামূলক ফাইনেল খেলত ভাৰতীয় 'ডি'ৰ ভিতৰত হোৱা পাকিস্তানী ফৰোৱাৰ্ডৰ সকলো আক্ৰমণক প্ৰতিহত কৰি ভাৰতীয় গ'লকীপাৰ শংকৰ লক্ষণ এজন বীৰৰ দৰে থিয় হৈ ৰয়। একমাত্ৰ গ'লত জয় হৈ ভাৰতে একেৰাহে ষষ্ঠবাৰৰ বাবে অলিম্পিক হকীৰ সোণৰ পদক অৰ্জন কৰে।১৯৬০ চনত ৰোমত হোৱা অলিম্পিক ভাৰতৰ বাবে দুটা কাৰণত হতাশজনক আছিল। হকীত পাকিস্তানৰ লগত পৰাজিত হৈ আমি ৰূপৰ পদকতে সন্তুষ্ট হবলগীয়া হয়। ভাৰতৰ স্বৰ্ণৰ দৌৰৰ পথৰ ভবিষ্যত যে কণ্টকিত সেই কথা মেলব'ৰ্ণত আমি ছেমিফাইনেলত জাৰ্মানী আৰু ফাইনেলত পাকিস্তানৰ লগত কৰিবলগীয়া হোৱা সংগ্ৰামতে স্পষ্ট হৈছিল । ৰোমত ভাৰতীয় দলত বলবীৰ সিং নাছিল। সেই ৰোম অলিম্পিকৰ খেলপথাৰত হোৱা আৰু এটা দুৰ্ভাগ্যজনক কথা আছিল যে পুৰুষৰ ৪০০ মিটাৰৰ দৌৰৰ প্ৰথম ২৫০ আগবাঢ়ি থাকিও মূৰকত মিলখা সিং নামৰ দৌৰবীৰজন ছেকেণ্ডৰ ভগ্নাংশত ব্ৰঞ্জৰ পদকৰপৰা বঞ্চিত হয়। তেওঁ ২৫০ মিটাৰ অতিক্ৰম কৰাৰ সময়ত তেওঁতকৈ আগত কাকো নেদেখি এবাৰ পিছলৈ ঘূৰি চাইছিল আৰু সেই মূহুৰ্ততে তিনিজনে তেওঁক অতিক্ৰম কৰি গুছি যায় । মিলখাই অনা আশা আৰু পিছৰ হতাশাৰ অলিম্পিক ইতিহাসে আজিও আমাক আবেগিক কৰে। উল্লেখযোগ্য যে যোৱামাহত ক'ভিড ৰোগত আক্ৰান্ত হৈ ৯১ বছৰ বয়সত মিলখাৰ মৃত্যু হয়।

ইয়াৰ পাছত টকিঅ'ত ১৯৬৪ চনত হোৱা অলিম্পিকত ভাৰতৰ হেৰোৱা সোণৰ পদক ঘূৰাই অনাৰ প্ৰত্যাহবান আছিল আৰু ভাৰত সেই পণেৰে আগবাঢ়িছিল । ভাৰতীয় হকী দলৰ হৈ সেইবাৰৰ প্ৰতিযোগিতাত অসমান্য ক্ৰীড়া নৈপুণ্যৰ পৰিচয় দিয়া খেলুৱৈজন আছিল দুদ্ধৰ্ষ বেক আৰু পেনাল্টি কৰ্ণাৰ বিশেষজ্ঞ পৃথিপাল সিং । একমাত্ৰ গ'লত পাকিস্তানক হৰুৱাই ভাৰতে আকৌ এবাৰ স্বৰ্ণপদক অৰ্জন কৰে।

১৯৬৪ চনৰ পিছত ভাৰতৰ বাবে জাৰ্মানী, পাকিস্তান, হলেণ্ড, অষ্ট্ৰেলিয়া আদি দলৰপৰা হকীৰ শ্ৰেষ্ঠত্বৰ দৌৰত কঠিন প্ৰতিদ্বন্দিতা আহিবলৈ আৰম্ভ কৰে। ১৯৬৮ চনৰ মেক্সিকো আৰু ১৯৭২ চনৰ মিউনিখত হোৱা অলিম্পিক হকীত ভাৰতে মাত্ৰ ব্ৰঞ্জৰ পদকহে অৰ্জন কৰে।

১৯৭৬ চনত কানাডাৰ মন্ত্ৰীয়েলত হোৱা অলিম্পিকৰ হকীখেলসমূহ পৰম্পৰাগত ঘাঁহৰ খেলপথাৰৰ সলনি এষ্ট্ৰোটাৰ্ফ নামৰ কৃত্ৰিম ঘাঁহৰ খেলপথাৰত অনুষ্ঠিত হৈছিল । সন্দেহৰ অৱকাশ আছে যে ভাৰত-পাকিস্তানৰ হকীৰ শ্ৰেষ্ঠত্বক খৰ্ব কৰিবৰ বাবেই ইউৰোপৰ দেশসমূহে হকীলৈ এষ্ট্ৰোটাৰ্ফৰ আমদানি কৰিছিল। সেইবাৰ এই অনভ্যস্ত পথাৰত খেলি পোনপ্ৰথমবাৰৰ বাবে ভাৰত নকআউট পৰ্যায়লৈ উন্নীত হবলৈ ব্যৰ্থ হয়। অবশ্যে ১৯৮০ চনত মস্কোত হোৱা অলিম্পিকত ভাৰতীয় দলে ভাস্কৰনৰ নেতৃত্বত পুনৰ স্বৰ্ণপদক অৰ্জন কৰে। কিন্তু সেইবাৰৰ অলিম্পিক আমেৰিকা আৰু আমেৰিকাৰ সংগীদেশসমূহে বৰ্জন কৰাত পাকিস্তান, জাৰ্মানী, হলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলসমূহ প্ৰতিযোগিতাত নাছিল।

১৯৮০ৰ পিছত যোৱা ৪০টা বছৰত ভাৰতে হকীত এটাও পদক অৰ্জন কৰা নাই। ইয়াৰ ভিতৰত ১৯৮৪ চনৰ দলটোত মস্কো অলিম্পিকৰ তাৰকা খেলুৱৈ মহঃ শ্বাহীদ, জাফৰ ইকবাল, মাৰভিন ফাৰ্ণাণ্ডেজ আছিল যদিও ভাৰত পঞ্চম স্থানতে থাকিব লগা হয়। ১৯৮৪ চনত ভাৰতৰ আন এটা হতাশাৰ কাৰণ আছিল মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছৰ সম্ভাব্য পদক বিজেতা পি টি ঊষা সেই তাহানিৰ মিলখা সিঙৰ দৰেই এক ছেকেণ্ডৰ এশভাগৰ এভাগৰ ভগ্নাংশৰ সময়ৰ বাবে ব্ৰঞ্জৰ পদকৰ বাবে বঞ্চিত হোৱাটো। পুনৰবাৰ আমাৰ এক আশা নিৰাশালৈ পৰিবৰ্তিত হয় । ইয়াৰ পিছত হকীত আমি ১৯৮৮ ত ষষ্ঠ, ১৯৯২ত সপ্তম আৰু ১৯৯৬ত অষ্টম স্থানলৈ অবনমিত হওঁ। ১৯৮৪, ১৯৮৮ আৰু ১৯৯২ৰ অলিম্পিকত ভাৰতে পদকশূন্যতাৰে অলিম্পিক সামৰে। অবশ্যে ১৯৯৬ত ভাৰতে অলিম্পিকত পুনৰ এটা পদক অৰ্জন কৰে; টেনিছত লিয়েণ্ডাৰ পেজে সেইবাৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰে।২০০০ চনৰ ছিডনীৰ অলিম্পিকত আমাৰ ভাগ্য ঠিক ১৯৮৪ৰ দৰে হয়। ধনৰাজ পিল্লাই, গগন অজিত সিং, দিলীপ তিৰ্কী, মুকেশ কুমাৰৰ দৰে খেলুৱৈ থাকিও আমি পোলেণ্ডৰ লগত ড্ৰ খেলি ছেমিফাইনেলত প্ৰবেশ কৰাত আকৌ ব্যৰ্থ হওঁ।মূৰকত আমি ৭ম স্থানহে পাওঁ । কিন্তু ছিডনীৰপৰা ভাৰত খালি হাতে ঘূৰিবলগীয়া নহ'ল । কৰ্ণম্ মালেশ্বৰীয়ে ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পিছত এথেঞ্চতো ভাৰতীয় হকী দল ৭ম স্থানতে থাকে। কিন্তু সেইবাৰো আমি চুটিঙত ৰাজ্যবৰ্দ্ধন ৰাথোড়ে অৰ্জন কৰা ৰূপৰ পদকৰ সুবাদত খালি হাতে ঘূৰিব লগীয়া নহ'ল।

২০০৮ চনৰ বেইজিং অলিম্পিক এফালৰ পৰা চালে ভাৰতৰ বাবে খুব দুখৰ আছিল। পোনপ্ৰথমবাৰৰ বাবে ভাৰতে অলিম্পিকত হকী খেলত খেলাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।কিন্তু ভাল কথাটো আছিল যে ভাৰতে এটা সোণৰ (শ্বুটিঙত অভিনৱ বিন্দ্ৰা ) আৰু দুটা ব্ৰঞ্জৰ পদক( বক্সিঙত বিজেন্দৰ সিং আৰু মল্লযুদ্ধত সুশীল কুমাৰ) অৰ্জন কৰে। ২০১২ চনৰ লণ্ডনত হোৱা অলিম্পিক প্ৰতিযোগিতাখনত অলিম্পিক ইতিহাসত সৰ্বশ্ৰেষ্ঠ সৰ্বাত্মক প্ৰদৰ্শণ কৰি ভাৰতে দুটা ৰূপৰ( শ্বুটিঙত বিজয় কুমাৰ আৰু মল্লযুদ্ধত সুশীল কুমাৰ) আৰু চাৰিটা ব্ৰঞ্জৰ ( বক্সিঙত মেৰী ক'ম, শ্বুটিঙত গগন নাৰাঙ, বেডমিণ্টনত ছাইনা নেহৱাল, মল্লযুদ্ধত যোগেশ্বৰ দত্ত) পদক অৰ্জন কৰে । হকী দলটোৱে ৮ বছৰৰ পিছত অলিম্পিকত অবতীৰ্ণ হয় যদিও দ্বাদশ স্থানহে অৰ্জন কৰে। ইয়াৰ পিছৰ ৰিঅ' দি জেনেৰিওত ২০১৬ত হোৱা অলিম্পিকত ভাৰতে লণ্ডনৰ ছটা পদকতকৈও ভাল কৰিব বুলি আশা কৰা হৈছিল যদিও মাত্ৰ এটা ৰূপৰ ( বেডমিণ্টনত পি ভি সিন্ধু) আৰু এটা ব্ৰঞ্জৰ ( মল্লযুদ্ধত সাক্ষী মালিক) পদকহে অৰ্জন কৰে। হকী দলটোৰ বাবে ভাল খবৰ আছিল যে আমি ৩৬ বছৰ পিছত পুনৰ নক আউট পৰ্যায়ত উপনীত হওঁ ।কিন্তু সেই সময়ৰ বিশ্ব হকীৰ ১ নং দল বেলজিয়ামৰ লগত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হওঁ।

এইবাৰ টকিঅ'ৰ অলিম্পিকত ভাৰতৰ আশা কেনেকুৱা ? প্ৰথমতেই আমাৰ পুৰণি গৌৰৱ বিজড়িত চিৰন্তন অলিম্পিক আশাৰ খেল হকীলৈ আহো। হকীত আমি আকৌ এবাৰ পদক অৰ্জন কৰিব পাৰিম নে? বহুতে কোৱাৰ দৰে ভাৰতে পুনৰ হকীৰ ক্ষেত্ৰত হেৰোৱা পথ ঘূৰাই পাইছে নে? সেইটো জানিবলৈ আমি জানিব লাগিব আমি কক্ষচ্যুত হৈছিলোনো কিয়। ১৯৭৬ চনৰ পৰা হকীত এষ্ট্ৰোটাৰ্ফৰ প্ৰচলনে এই খেলবিধক গতিশীল ইউৰোপীয় হকীৰ বাবে বেছি অনুকুল কৰি তুলিলে। কিন্তু ১৯৮০ চনৰ পৰা ২০০০ চনৰ সময়ছোৱাত ভাৰতীয় হকীৰ প্ৰদৰ্শণ বেয়া হোৱাৰ বিপৰীতে পাকিস্তান দলৰ খেল উজ্জীৱিত হৈয়েই থাকে । ফৰোৱাৰ্ডৰ ফিনিশ্বিঙ দক্ষিতা নথকা, পেনাল্টি কৰ্ণাৰত গ'ল কৰিব নোৱাৰা আৰু বিপক্ষৰ পেনাল্টি কৰ্ণাৰ প্ৰতিহত কৰিব নজনাটো ভাৰতৰ প্ৰধান দুৰ্বলতা হৈ পৰে । দীঘলীয়া বল ট্ৰেপিঙতো আমি ইউৰোপ অষ্ট্ৰেলিয়াৰ দলবোৰৰ দৰে পাৰ্গত নহয় । সেই সময়ছোৱাত পাকিস্তানৰ ছামিউল্লা, ইছলাউদ্দিন, হাছান ছৰ্ডাৰ, মনজুৰ হুছেইন , শ্বাহবাজ আহমেদ আদি ফিনিশ্বিঙ দক্ষতা থকা খেলুৱৈ , শ্বেৰৱানিৰ দৰে পেনাল্টি কৰ্ণাৰ ব্যৰ্থ কৰিবপৰা খেলুৱৈ আৰু ছোহেইল আব্বাছৰ দৰে পেনাল্টি কৰ্ণাৰত ড্ৰেগ ফ্লিক কৰি গ'ল দিব পৰা খেলুৱৈ ভাৰতত দেখা পোৱা নগ'ল । কিন্তু ২০০৪ চন মানৰপৰা প্ৰথমতে যুগৰাজ সিং তাৰ পিছত ৰঘুনাথ, সন্দীপ সিঙৰ দৰে পেনাল্টি কৰ্ণাৰ বিশেষজ্ঞ ভাৰতত ওলাইছে। বৰ্তমানৰ দলতো ৰূপিন্দৰ পাল সিঙৰ দৰে পেনাল্টি কৰ্ণাৰত গ'ল কৰাৰ সক্ষমতা থকা খেলুৱৈ আছে।

১৯৮০ৰপৰা ২০০০ চনৰ সময়ছোৱাত ভাৰতীয় হকীৰ মান তললৈ যোৱাত এই অভাৱবোৰৰ লগতে আমি ইউৰোপীয় শৈলীৰ হকী খেলিমনে পৰম্পৰাগত ভাৰতীয় শৈলীৰ ভাৰতীয় শৈলীৰ হকী খেলিম সেইটো ঠাৱৰ কৰিব নোৱাৰাটো আমাৰ ডাঙৰ দোষ আছিল। ইফালে আমি বিশেষ কাৰণ নোহোৱাকৈ হকীৰ প্ৰশিক্ষকো সলনি কৰি থাকো। বেইজিঙত যোগ্যতা অৰ্জন কৰিব নোৱাৰা দলটোক প্ৰশিক্ষণ দি মাইকেল নবচে লণ্ডনত খেলিবলৈ যোগ্যতা অৰ্জন কৰোৱাৰ সময়তে ভাৰতীয় হকী দলে এটা ভাল দিশ লয়। কিন্তু তাৰ পিছত তেওঁক অপসাৰিত কৰি ক্ৰমে টেৰী ৱালছ্, ৰ"নাল্ট অ'ল্টমেনছ্, হৰেন্দ্ৰ সিঙক দায়িত্ব দিয়া হৈছে। তৎস্বত্তেও কিন্তু মানে ইমান সলনাসলনিৰ পিছতো এইসকল দেশী বিদেশী প্ৰশিক্ষকৰ সুবাদত বৰ্তমান ভাৰতীয় দলটোৱে আধুনিক হকীৰ ক্ষেত্ৰত আগতে দুৰ্বলতা থকা দিশসমূহত উন্নতি কৰিছে। অযথা বিপক্ষক অবষ্ট্ৰাকশ্যন কৰা কমিছে। হকী ইণ্ডিয়া লীগ আৰম্ভ হোৱাৰ পৰা শক্তিশালী ইউৰোপীয়ান খেলুৱৈসকলৰ লগত একেলগে খেলি খেলৰ মান উন্নত কৰিছে। ৰিঅ' অলিম্পিকৰ পৰা আমি দেখিছো যে আজিকালি আমি ওখ পাছৰপৰাও অনায়াসে আকাশতে ব'ল মাটিত নপৰাকৈ ষ্টিকেৰে ডিফ্লেক্ট কৰি বিপক্ষৰ গ'লত ভৰাব পৰা হৈছো। ভাৰত বৰ্তমান বিশ্বৰ ৫ম স্থানৰ দল। আমি বৰ্তমান বিশ্বৰ সকলোবোৰ আগশাৰীৰ দল অৰ্থাৎ অষ্ট্ৰেলিয়া, হলেণ্ড, বেলজিয়াম, আৰ্জেণ্টিনা, জাৰ্মানীৰ লগত প্ৰায় সমানে প্ৰতিদ্বন্দিতা কৰিবপৰা হৈছোহঁক। পাকিস্তানতকৈ আমি এতিয়া বহুত আগবঢ়া।যোৱা ৮ বছৰত আমি চেম্পিয়নচ্ ট্ৰফীত দুবাৰ ৰূপৰ পদক পাইছো যি প্ৰতিযোগিতাত আমি এটা সময়ত খেলাৰ যোগ্যতাই অৰ্জন কৰিব পৰা নাছিলো। আমি অবশ্যে আগবাঢ়ি থকা খেল এখন কেনেকৈ শেষৰ মিনিটবোৰত ৰক্ষণেৰে ধৰি ৰাখিব লাগে সেইটো সম্পূৰ্ণকৈ এতিয়াও বুজি উঠা নাই। কিন্তু গ'লত শ্ৰীজেশ , বেকত হৰমনপ্ৰীত, ৰূপিন্দৰ পাল, সুৰেন্দ্ৰ কুমাৰ আৰু অমিত ৰোহিদাস যথেষ্ট কাৰীকৰীভাবে শুদ্ধ খেল খেলা খেলুৱৈ । আজিকালি আমি সহজে পেনাল্টি কৰ্ণাৰ অৰ্জন কৰিবলৈ বিপক্ষক নিদিও। তাহানিৰ চেৰৱানিহতৰ দৰে শ্ৰীজেশে পেনাল্টি কৰ্ণাৰ প্ৰতিহত কৰিব পাৰে। হাফত খেলা আমাৰ অধিনায়ক মনপ্ৰীত সিং বিশ্বৰ এজন শ্ৰেষ্ঠ খেলুৱৈ । আক্ৰমণ বিভাগৰ গুৰজন্ত সিং, ললিত উপাধ্যায়, মনদীপ সিং আৰু দিলপ্ৰীত সিঙক সেই হাছান ছৰ্ডাৰ, ছামিউল্লা হঁতৰ দৰে ফিল্ড গ'ল দিব পৰা ফিনিশ্বিঙ থকা খেলুৱৈ যেন লাগে। তাহানিৰ মহঃ শ্বাহীদ, জাফৰ ইকবাল, মাৰভিন ফাৰ্ণাণ্ডেজ, অশোক কুমাৰৰ দৰে অকল নান্দনিক হকী খেল খেলা ফৰোৱাৰ্ড তেওঁলোক নহয় । আমাৰ প্ৰশিক্ষক গ্ৰাহাম ৰীড অষ্ট্ৰেলিয়াৰ। অষ্ট্ৰেলিয়াই আচলতে ভাৰতীয় শৈলীতে আক্ৰমণাত্মক হকী খেলে। গতিকে প্ৰশিক্ষকে ভাৰতীয় হকীৰ ইতিবাচক দিনবোৰ বুজি পায় আৰু অ'ল্টমেনছ্হঁতৰ দৰে অকল ৰক্ষণ শক্তিশালী কৰিবলৈ চেষ্টা নকৰে । গতিকে আমি আশা কৰিছো যে ভাৰতে পুল 'এ' ৰপৰা সহজেই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হব। তাৰপিছত নকআউট পৰ্যায়ত আমি ভাল খেলিলে আৰু ভাগ্য আমাৰ লগ হলে আমি ছেমিফাইনেল বা আনকি ফাইনেললৈ উধাব পাৰিম। পুৰুষৰ হকীত ভাৰতৰ পদক প্ৰাপ্তিৰ এটা সম্ভাৱনা আছে।

মহিলাৰ হকীতো ভাৰতীয় দলে বৰ্তমান বিশ্বৰ যিকোনো দলকে প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰে । ৰাণী ৰামপালৰ দৰে খেলুৱৈ থকা দলটো নকআউট পৰ্যায়লৈ উন্নীত হ'লে আচৰিত হব লগা নাই। অবশ্যে পদক প্ৰাপ্তিৰ সম্ভাৱনা উজ্জ্বল বুলি নকওঁ ।

টকিঅ'ত অনুষ্ঠিত হবলগীয়া আনবোৰ ক্ৰীড়াত ভাৰতৰ সম্ভাৱনা কিমান? ভাৰতৰ অলিম্পিক দলটোত এইবাৰ এনে কিছুমান খেলুৱৈ আছে যাৰ নামৰ কাষত বিশ্ব অভিলেখে শোভা বঢ়াইছে। কিছুমান এনে খেলুৱৈ আছে যি বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈক অলপতে পৰাভূত কৰিছে। গ্ৰেচনোট নামৰ এটা ক্ৰীড়া-তথ্য অনুষ্ঠানে অলপতে প্ৰকাশ কৰা প্ৰক্ষেপণ খুব আশাব্যঞ্জক; ভাৰতে টকিঅ'ত সৰ্বমুঠ ১৭ টা পদক অৰ্জন কৰিব বুলি ইয়াত প্ৰক্ষেপিত কৰা হৈছে।অবশ্যে এইয়া হয়তো এক সপোন । দুটা সংখ্যাৰ পদক নেপালেও মানে প্ৰক্ষেপিত সংখ্যাৰ অৰ্দ্ধেক পদক পালেও ভাৰতৰ বাবে আনন্দৰ কথা হ'ব। বাস্তৱিক ভাবে চালে ইমান বছৰ অলিম্পিকত ভাগ লৈ ভাৰতে আজিলৈকে ২৮ টা পদকহে অৰ্জন কৰিছে। গতিকে একেবাৰতে সোতৰটা পদক পাব বুলি আশা কৰাটো ভুল। ১৯৯৬ ৰ আগৰ আৰু পিছৰ পদক প্ৰাপ্তিৰ তালিকাবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে ১৯৯৬ৰপৰা ভাৰতৰ শ্বুটিঙ, মল্লযুদ্ধ ভাৰোত্তোলন , বেডমিণ্টন, বক্সিঙ্ আৰু টেনিছত পদক পোৱাৰ সম্ভাৱনা বাঢ়িছে ।

এতিয়া খেল অনুসৰি এইবোৰৰ ভাৰতৰ সম্ভাৱনাৰ কথালৈ আহোঁ।

১. শ্বুটিঙ:
শ্বুটিঙত ভাৰতৰ ৫টা পদকৰ আশা আছে। ১০ মি: এয়াৰ ৰাইফলত ইলাভিনিল ভালাৰিভানক টকিঅ' অলিম্পিকত ১নং ৰেংকত থোৱা হৈছে। ২০১৯ত আই এছ এছ এফৰ উদ্যোগত হোৱা বিশ্বকাপত তেওঁ সোণৰ পদক পাইছিল। আৰু এজন পদকৰ সম্ভাৱনা থকা খেলুৱৈ হ'ল ১০ মি এয়াৰ পিষ্টলৰ ব্যক্তিগত আৰু পুৰুষ-মহিলা যুগ্ম শাখাত অবৰ্তীৰ্ণ হবলগীয়া সৌৰভ চৌধুৰী । সেই যুগ্ম শাখাত প্ৰতিদ্বন্দিতা কৰিবলগীয়া আৰু ব্যক্তিগত ভাবেও প্ৰতিদ্বন্দিতা আগবঢ়াবলগীয়া মনু ভাকেৰৰ নামটোও শ্বুটিঙৰ পদকৰ সম্ভাৱনা থকা তালিকাত লোৱা হৈছ। আৰু দুজন পদকৰ সম্ভাৱনা থকা প্ৰতিযোগী হ'ল অভিষেক বাৰ্মা আৰু অপূৰ্বি চাণ্ডেলা। অবশ্যে দুবছৰৰ আগতে সুন্দৰ প্ৰদৰ্শণ কৰা অপূৰ্বিৰ বৰ্তমানৰ খেল অলপ পৰিছে। শ্বুটিঙত এইবাৰ আমাৰ এটা ১৫জনীয়া শক্তিশালী দল যাব। তাৰ প্ৰতিজন খেলুৱৈ যথেষ্ট ভাল। অভিনব বিন্দ্ৰাৰ মতে শ্বুটিঙত এইবাৰ ভাৰতেই ফেভাৰিট । তেওঁ কয় যে ইয়াৰ আগতে কোনো অলিম্পিকতে ভাৰতে এইদৰে শ্বুটিঙৰ ফেভাৰিট হিচাপে অংশগ্ৰহণ নাই কৰা।

২. আৰ্চাৰী:
আৰ্চাৰীত ভাৰতৰ দুটা পদকৰ আশা আছে। প্ৰথমটো অতনু দাসৰ পৰা আশা কৰিছোঁ যি গুৱাটেমালাত এইবছৰ হোৱা আৰ্চাৰী বিশ্বকাপত প্ৰথম স্থান অৰ্জন কৰিছিল। লগতে অতনু দাস আৰু দীপিকা কুমাৰীৰ দ্বাৰা গঠিত যুগ্ম দলটোৰো সম্ভাৱনা আছে।

৩. বক্সিঙ্:
বক্সিঙত ৫২ কেজি শাখাত বিশ্বৰ বৰ্তমানৰ ১নং ৰেংকিঙৰ খেলুৱৈ অমিত পাংঘালৰপৰা পদক প্ৰাপ্তিৰ আশা আছে। অসমীয়া হিচাপে ৬৯ কেজিৰ শাখাত লাভলিনা বৰগোঁহায়ে সুন্দৰ প্ৰদৰ্শণ কৰিব বুলি আশা কৰিছো। ঠিক তেনেদৰে ৫১ কেজিৰ শাখাত পূৰ্বতে লণ্ডনত পোৱাৰ দৰে পূৰ্বৰ আঠবাৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ বিজয়ী মেৰী ক'মৰ পৰা পদক আশা কৰা হৈছে। প্ৰাক্তন অলিম্পিক খেলুৱৈ অখিল কুমাৰে বক্সিঙত বিকাশ কুমাৰ যাদৱকো সম্ভাব্য পদকজয়ী বুলি চিহ্নিত কৰিছে।

৪. মল্লযুদ্ধ:
মল্লযুদ্ধত পদক আশা কৰা খেলুৱৈ দুজন হ'ল বৰ্তমান বিশ্বৰ ৫৩ কেজিৰ ফ্ৰিষ্টাইলত বক্সিঙৰ ১ নং খেলুৱৈ ভিনেচ্ ফোগাত আৰু ৬৫ কেজিৰ ফ্ৰিষ্টাইলত আগতে তিনিবাৰৰ বিশ্ব চেম্পিয়ন হোৱা বজৰং পুনিয়া।

৫. বেডমিণ্টন
বেডমিণ্টন ভাৰতৰ আশা আকৌ এবাৰ পি ভি সিন্ধুৰ ওপৰত। এসময়ৰ পুৰুষৰ বেডমিণ্টনৰ শীৰ্ষ স্থানৰ খেলুৱৈ কিডাম্বি শ্ৰীকান্ত আৰু লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ মেডেলজয়ী চাইনা নেহৱালে যোগ্যতা অৰ্জন কৰিব নোৱাৰাটো ভাৰতৰ বাবে ডাঙৰ আঘাত। পি ভি সিন্ধুয়ে ৰিঅ' অলিম্পিকত ৰূপৰ পদক পোৱাৰ পিছত বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ বৰ্ল্ড চেম্পিয়নশ্বিপ আৰু প্ৰথমবাৰ হোৱা বৰ্ল্ড ট্যুৰ ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈ হৈছিল। অবশ্যে বৰ্তমান তেওঁৰ বিশ্ব ৰেংক ৭নং স্থানতহে।

৬. ভাৰোত্তোলন:
ভাৰোত্তোলনত সৰ্বাধিক সম্ভাৱনা থকা খেলুৱৈ গৰাকী হ'ল মণিপুৰৰ মীৰাবাই চানু। অলপতে ৪৯ কেজি শাখাত ক্লিন আৰু জাৰ্কত তেওঁ বিশ্ব অভিলেখ স্থাপন কৰিছে। ৰিঅ'ৰ ব্যৰ্থতা পাহৰি এইবাৰ তেওঁ দেশৰ বাবে পদক লৈ আহিব বুলি আশা কৰা হৈছে।

৭. এথেলিটিক্স:
এথেলিটিক্সত সকলোৰে চকু বৰ্তমান নিবদ্ধ হৈছে জেভেলিন থ্ৰ' কৰা খেলুৱৈ নীৰাজ চোপ্ৰাৰ ওপৰত। অলপতে তেওঁ মৰা ৮৮.০৭ ৰ জেভেলিন থ্ৰ'টো এইবছৰৰ বিশ্বৰ চতুৰ্থ শ্ৰেষ্ঠ থ্ৰ'। যোৱাবাৰ ৰিঅ'ত সোণৰ পদক পোৱাজনে পাঁচটা সুযোগৰ এটা সুযোগত ৯০.৩ মিটাৰ থ্ৰ' কৰি সোণৰ পদক পাইছিল। কিন্তু বাকীকেইটা সুযোগত তেওঁ ৮৬ মিটাৰ দূৰত্বৰ থ্ৰ' কৰিব পৰা নাছিল । নীৰাজে কিন্তু প্ৰতিটো থ্ৰ'তে সাধাৰণতে ৮৬ মিটাৰৰ ওপৰত থ্ৰ' কৰে। আৰু এটা মন কৰিবলগীয়া কথা যে যোৱাবাৰ ৰিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱাজনৰ থ্ৰ'টো আছিল ৮৫.৩৮ দূৰত্বৰ । গতিকে নীৰাজ চোপ্ৰাই এটা থ্ৰ' অন্ততঃ ৮৮-৯০ মিটাৰৰ ওচৰাওচৰি কৰিব পাৰিলে তেওঁৰ পদকৰ সম্ভাৱনা বাঢ়ি যাব।

এথেলিটিক্সত আমাৰ বাবে এটা বেয়া খবৰ যে হিমা দাসে আমি আশা কৰা দৰে টকিঅ'লৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। এথেলিটিক্সৰ তেৰজনীয়া দলটোত নাইবা ৪×৪০০ যুগ্ম ৰীলে দলটোত হিমাৰ অনুপস্থিতি অসমৰ বাবে এটা বেয়া খবৰ।

মুঠতে এইবাৰ আমি এটা অতি সম্ভাৱনাময় দল লৈ টকিঅ'লৈ ওলাইছো। দুবাৰৰ অলিম্পিয়ান জছবীৰ সিঙৰ মতে "ভাৰতীয় দলত প্ৰথমবাৰ বিশ্বৰ প্ৰথম তিনিটা স্থানত থকা একাধিক খেলুৱৈ আছে যিসকলে ইতিমধ্যে বিশ্বৰ ডাঙৰ প্ৰতিযোগিতা কিছুমানত সফলতা লাভ কৰি দেখুৱাইছে। মুঠতে দহটা বিভাগত ভাৰতৰ পদক প্ৰাপ্তিৰ বাস্তৱিক আশা আছে। ১০ মিঃ এয়াৰ ৰাইফল, ১০ মি: এয়াৰ পিষ্টল, ভাৰোত্তোলন, আৰ্চাৰী, বক্সিঙ্, জেভেলিন থ্ৰ', বেডমিণ্টন, টেনিছ আৰু আমাৰ চিৰন্তন আবেগ আৰু অতীত গৌৰৱ বিজড়িত পুৰুষৰ হকী। সকলো প্ৰতিযোগীলৈ আৰু বিশেষকৈ অসমৰ লাভলিনা বৰগোহাঁইলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ ।
লেখক ডাঃ চলিহা অসম চিকিসা মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী  হৃদৰোগৰ বিশেষজ্ঞ তথা ক্ৰীড়া অনুৰাগী (Sports enthusiast)। অসমীয়াৰ সুখ-দুখত পূৰ্বে প্ৰকাশিত তেখেতৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকঃ https://www.xukhdukh.com/search/label/MRIGANKA_SEKHAR_CHALHA

No comments:

Post a Comment