প্ৰৱন্ধঃ ‘ধোঁৱাখোৱাটো'ক পুনৰ লুইতৰ প্রবল সোঁতত দলিওৱাৰ সংকল্প লৈছো :: ভাস্কৰজ্যোতি মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ‘ধোঁৱাখোৱাটো'ক পুনৰ লুইতৰ প্রবল সোঁতত দলিওৱাৰ সংকল্প লৈছো :: ভাস্কৰজ্যোতি মহন্ত

প্ৰৱন্ধঃ ‘ধোঁৱাখোৱাটো'ক পুনৰ লুইতৰ প্রবল সোঁতত দলিওৱাৰ সংকল্প লৈছো :: ভাস্কৰজ্যোতি মহন্ত

Share This
‘ধোঁৱাখোৱাটো'ক পুনৰ লুইতৰ প্রবল সোঁতত দলিওৱাৰ সংকল্প লৈছো
ভাস্কৰজ্যোতি মহন্ত 
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা ‘ধোঁৱাখোৱা’ নামৰ গল্পটো সৰুতেই পঢ়িছিলো। এখন অৱক্ষয়ী সমাজৰ জীয়া ছবি অঁকাৰ লগতে বেজবৰুৱাদেৱে এই গল্পটোত সেই তাহানিয়ে নিচাজাতীয় দ্রব্যৰ ভয়াৱহতাৰ বিষয়ে লিখি থৈ গৈছে। এটা সামান্য ধোঁৱাখোৱা লুইতৰ বুকুত পৰি ধোঁৱাখোৱা আৰু সেইটো বচাবলৈ ৰামেশ্বাৰে আগপিছ নুগুনি নাঁৱৰ পৰা জাপ দিয়া কার্যৰ কথা মনত পৰিলে আজিও শিহৰিত হওঁ। এচামে নিচাৰ ওচৰত ষে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰে, ধোঁৱাখোৱাই সেই বার্তা দি থৈ গৈছে। 

ৰামেশ্বৰৰ দেউতাকে ৰূপৰ ধোঁৱাখোৱা ব্যৱহাৰ কৰিছিল। দেউতাকে দেখুওৱা আৰ্হি গ্ৰহণ কৰি প্ৰথমে লুকাই চুৰকৈ কানি খোৱা ৰামেশ্বৰ পিছলৈ সিদ্ধহস্ত হৈ পৰিছিল আৰু নিচাসক্ত হৈ কেলেহুৱা জীৱন কটোৱা, ধাৰত পোত যোৱা ৰামেশ্বৰে দেউতাকৰ সা-সম্পত্তিটো ৰক্ষা কৰিব নোৱাৰিলেই, আনকি ৰূপৰ ধোঁৱাখোৱাটোও বন্ধকত ৰাখিবলগীয়া বা বিক্ৰী কৰিবলগীয়া হ’ল। ইমানৰ পাছতো ধোঁৱাখোৱা স্বভাৱ এৰিব নোৱাৰা ৰামেশ্বৰে নাৰিকলৰ কোৰোকাৰেই হোকাই এই পৰ্ব চলাই গৈছিল আৰু এদিন দিখৌমুখত ধাপৰ নোহোৱা নাও এখন লৈ দক্ষিণপাটলৈ বুলি গৈ থকা অৱস্থাত চিলিমসহ ধোঁৱাখোৱাটো ব্ৰহ্মপুত্ৰত পৰি যোৱাত তেৱোঁ সেইটো বচাবলৈ আগ-পিছ নুগুনি ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিছিল আৰু মুহূৰ্ততে হেৰাই গৈছিল। বেজবৰুৱাদেৱে আজিৰ পৰা বহু বছৰ পূৰ্বেই এই গল্পটো লিখিছিল যদিও ই আজিও প্ৰাসংগিক হৈ আছে। নিচাগ্ৰস্ততাই মানুহক ক’ৰ পৰা ক’লৈ লৈ যাব পাৰে, ৰামেশ্বৰেই তাৰ প্ৰমাণ। পিছে, উদ্বেগৰ কথা এয়েয় যে আমাৰ সমাজত নিচাসক্ত মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছেহে। বিশেষকৈ ড্ৰাগছৰ প্ৰচলন উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে আৰু এই বৰবিহে আমাৰ উঠি অহা প্ৰজন্মৰ এচামক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। বহু সম্ভাৱনা অকালতে মৰহি যোৱাৰ লগতে, বহু-আশা, বহু সপোন ভাঙি থানবান হোৱাৰ উপৰি-একোখন ঘৰ নৰকত পৰিণত হবলগীয়া হৈছে, এই বৰবিহৰ বাবে। অসম আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু উঠি অহা প্ৰজন্মক ড্ৰাগছৰ গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ পূৰ্বতকৈ অধিক সক্ৰিয়তাকে ইতিমধ্যে কামত জঁপিয়াই পৰিছে। কেৱল মাত্ৰ নিয়মমাফিক অভিযানতে দ্বায়িত্ব সামৰি নথৈ এই বেলি সমাজখন ড্ৰাগছমুক্ত কৰাৰ এক লক্ষ্য হিচাবে গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। ইতিমধ্যে ভালেখিনি সফলতা অৰ্জন কৰা হৈছে যদিও কৰণীয়ৰ তালিকাখন বহুত দীঘল। সকলোৰে সহযোগিতাতত আমি নিশ্চয় পৰ্যায়ক্ৰমে লক্ষ্যৰ কাষ চাপিব পাৰিম।
(২)
ড্ৰাগছ বিৰোধী অভিযানত অসম আৰক্ষীৰ সন্মুখত প্ৰত্যাহ্বান হিচাবেপ থিয় দিয়া আটাইতকৈ অসুবিধাজনক কথাটো হৈছে-অসম ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত এখন অতি সুবিধাজনক ঠাই। কিয়নো আমাৰ ৰাজ্যখন ম্যানমাৰ, লাওচ আৰু থাইলেণ্ড সীমান্তই সৃষ্টি কৰা গল্ডেন ট্ৰায়েংগলৰ সমীপত অৱস্থিত। ম্যানমাৰৰ পৰা সমগ্ৰ দেশলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ ক্ষেত্ৰত অসম হৈছএ এক কৰিডৰৰ লেখীয়া। গল্ডেন ট্ৰায়েলংগৰলৰ পৰা বিভিন্ন পথেৰে অসমলৈ ড্ৰাগছ অনা হয়। এই কথা প্ৰতিষ্ঠিতভাৱে সত্য যে, ম্যানমাৰৰ পৰা নিষিদ্ধ ড্ৰাগছ উত্তৰ পূৱত প্ৰৱেশ কৰে দুই সীমান্তৱৰ্তী ৰাজ্য মণিপুৰ আৰু মিজোৰামৰ জৰিয়তে। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ সৰবৰাহ কৰা হয়। বিভিন্ন ঔষধ যেনে কোকেইন যুক্ত কফ চিৰাপ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহে। ইয়াক অসমৰ বিভিন্ন অংশলৈ সৰবৰাহ কৰাৰ লগতে বিভিন্ন সীমান্ত পথেৰে চুবুৰীয়া বাংলাদেশলৈ সৰবৰাহ কৰা হয়। অসমত পাঁচবিধ এনে নিষিদ্ধ ড্ৰাগছ সচৰাচৰ পোৱা যায়। এই পাঁচবিধ ড্ৰাগছ হৈছে-গাঞ্জা, অপিয়াম, হেৰইন বা ব্ৰাউন ছুগাৰ, কফ চিৰাপ আৰু মেট-এমফেটামিন টেবলেট। উদ্বেগজনক কথাটো হৈছে বাহিৰৰ এচাম অসাধু মানুহে অসমৰ ধুবুৰী, দক্ষিণ শালমৰাৰ দৰে কিছু ভিতৰৰ চৰ অঞ্চলত সহজ-সৰল মানুহখিনিক নানানটা চলাহি কথাকৈ পপী খেতি কৰিবলৈ লগাই দিযে। মণিপুৰ, অৰুণাচলৰ দৰে চুবুৰীয়া ৰাজ্যত পপী খেতি কৰাৰ ক্ষেত্ৰত উগ্ৰপন্থী সংগঠনেও ৰক্ষণাবেক্ষণ দিয়ে। পিছত মূলতঃ কানি বা আফিং প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা পপীৰ গুটিবোৰ গল্ডেন ট্ৰায়েংগললৈ পঠিওৱা হয়। এই দৰেই অসুৰৰ ৰূপত অহা কানি বৰবিহে আমাৰ সমাজলৈ অশনি সংকেট কঢ়িয়াই অনাৰ লগতে ঠাই বিশেষ নাৰ্ক-টেৰ’ৰিজমৰো সূচনা কৰিছে।

মণিপুৰ, অৰুণাচল প্ৰদেশৰ দৰে অসমৰ চুবুৰীয়া ৰাজ্যৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰতো পপীৰ খেতি কৰা হয়। মেট এমফেটামিন, অ’পিয়াম আৰু হেৰ’ইন মণিপুৰৰ মোৰে আৰু মিজোৰামৰ চাম্পাই হৈ ম্যানমাৰৰ পৰা অসমলৈ সৰবৰাহ কৰা হয়। চীন সীমান্তৱৰ্তী ম্যানমাৰৰ শ্বান এলেকাত এনে পৰীক্ষাগাৰ আছে য’ত এনে মাৰাত্মক নিচাজাতীয় সামগ্ৰী প্ৰস্তুত কৰা হয়। অসমলৈ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ পথটো তলত দিয়া ধৰণে ৰেখাংকিত কৰিব পাৰি-

(১) মোৰে- ইম্ফল, ক’হিমা-ডিমাপুৰ-কাৰ্বি আংলং-গোলাঘাট-নগাঁও-গুৱাহাটী।
(২) ম্যানমাৰ-মিজোৰাম-বৰাক উপত্যাকা-মেঘালয়-গুৱাহাটী।
(৩) ছমৰাহ ট্ৰেক(ম্যানমাৰ)-পাটকাই হিলছ-খোনছা-ডিব্ৰুগড়-গুৱাহাটী।
(৪) আপাৰ ম্যানমাৰ- অ’ল্ড ষ্টিলৱেল ৰ’ড-জাগুন-লেখাপানী-লিডু-মাৰ্ঘেৰিটা-ডিব্ৰুগড়-গুৱাহাটী।

এইখিনিতে কেইটামান কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। প্ৰথমতে কোকেইন যুক্ত কফ চিৰাপ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ অনা হয়। দ্বিতীয়তে, ড্ৰাগছ সৰবৰাহকাৰী বাংলাদেশৰ সীমান্তৰ সুৰুঙাৰে মেট এমফেটামিন দৰে ড্ৰাগছ বাংলাদেশৰ পৰা অসম, মেঘালয় আৰু মিজোৰামলৈ সৰবৰাহ কৰে। তৃতীয়তে অসমৰ পৰা ড্ৰাগছ কলকাতা, শিলিগুৰি, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অন্যান্য ৰাজ্যলৈ সৰবৰাহ কৰা হয়।

ড্ৰাগছ সৰবৰাহৰ বাবে শেহতীয়াকৈ পথ যাতায়তৰ ব্যৱস্থাকে বাছি লোৱা দেখা গৈছে। ক’ভিডজনিত পৰিস্থিতিৰ বাবে গুৱাহাটীৰ পৰা ৰে’লৰ চলাচল সীমিত হোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে ট্ৰাকৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰাটো ধৰা পেলাইছে অসম আৰক্ষীয়ে। ড্ৰাগছ মজুত কৰি নিয়াৰ বাবে ট্ৰাকত বিশেষকৈ ট্ৰাকৰ কেবিনত গোপন চেম্বাৰ স্থাপন কৰি তাত নিচাযুক্ত টেবলেট, হেৰ’ইন আৰু আন নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰা হৈ আহিছে।

অসমলৈ ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত মণিপুৰৰ সৰবৰাহকাৰী অতি সক্ৰিয় আৰু তেওঁলোকক সহায় কৰে গুৱাহাটী বা শ্বিলংত থকা মণিপুৰৰ একাংশ লোকে। ড্ৰাগছ সৰবৰাহৰ বাবে সাম্প্ৰতিক সময়ত বিভিন্ন কুৰিয়াৰ সেৱাৰ সহায় লোৱাও দেখা গৈছে। হেৰ’ইন সৰবৰাহৰ বাবে চাবোনৰ পেকেট ব্যৱহাৰ কৰা হৈছে। গাড়ীৰ স্পেয়াৰ টায়াৰত সৰবৰাহৰ চেষ্টা কৰাৰ সময়তো ড্ৰাগছ উ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। একাংশ সৰবৰাহকাৰীয়ে ডিমাপুৰ ৰেল ষ্টেচনৰ পৰা নিচাযুক্ত সামগ্ৰী লৈ গুৱাহাটী অভিয়ুখে ৰেলেৰে যাত্ৰা কৰে। দেশৰ অন্য প্ৰান্তলৈকে ৰেল যাতায়তকে ব্যৱহাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে। ড্ৰাগছ সৰবৰাহ কাৰ্যৰ সৈতে ব্যাপক মুনাফা জড়িত হৈ থাকৰ পৰিপ্ৰেক্ষিতত ইজিমানিৰ প্ৰতি লালায়িত একাংশ শ্ৰমবিমুখ নিবনুৱা যুৱক-যুৱতী এই কাৰ্যৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে। এনে একাংশ সৰবৰাহকাৰীয়ে দাম পৰিশোধ নকৰাকৈ ড্ৰাগছ সংগ্ৰহ কৰে আৰু সেয়া বিক্ৰী কৰাৰ পাছত সেই দাম পৰিশোধৰ সুবিধা গ্ৰহণ কৰি আছে। বহু ড্ৰাগছ আসক্তই নিজৰ নিচা পূৰণৰ বাবেও ড্ৰাগছৰ বেছা-কিনা কোনো মূল্য নোহোৱাকৈ কৰি দিয়ে। যাৰ বিনিময়ত তেওঁলোকে বিনামূলীয়াকৈ ড্ৰাগছ সেৱন কৰাৰ সুবিধা লাভ কৰে।
(৩)
ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই অভিযানসমূহত পূৰ্বৰ তুলনাত ব্যাপক সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে। চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩০ ছেপ্তেম্বৰ পৰ্যন্ত এই নমাহতে এনডিপিএছ আইনৰ অধীতনত মুঠ ৬৬৮টা গোচৰ ৰুজু হৈছে, ১১৩৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, ১৭৬২ কিলোগ্ৰাম হেৰ’ইন, ১.৩ কিলোগ্ৰাম কোকেইন, ৪৪৪৩ কিলোগ্ৰাম গাঞ্জা, ৬.৬ কিলোগ্ৰাম অ’পিয়ান, ৬৮৭০১ বটল কফ চিৰাপ, ৬৯০৯৭০ টা টেবলটে আৰু কেপচুল জব্দ কৰা হৈছে। লগতে জব্দ কৰা হৈছে কেইবালাখ টকা নগদ ধনো। এই পৰিসংখ্যামতে দেখা গৈছে যে, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী ব্যাপত ততপৰতাই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ তথা নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ হাৰ ব্যাপকভাৱে বৃদ্ধি কৰিছে। ই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ততপৰতা বৃদ্ধিৰ লগতে ধাৰাবাহিক সফল অভিযানৰ স্বাক্ষৰ বহন কৰে। এই ধাৰাবাহিক অভবিযানে ড্ৰাগছ সৰবৰাহকাৰীৰ যি নেটৱৰ্ক, তাক দুৰ্বলক কৰি তুলিছে। আমাৰ লক্ষ্য এই নেটৱৰ্ক আৰু অধিক দুৰ্বল কৰা বা নোহোৱা কৰা।
(৪)
ব্ৰহ্মপুত্ৰৰ বুকুত অসাৱধানতাবশতঃ নাৰিকলৰ কোৰোকাৰ সামান্য ধোঁৱাখোৱাটো পৰি যোৱাৰ পাছত আগ-পিছ নুগুনি ৰামেশ্বৰেও নাঁৱৰ পৰা জাপ দিছিল। হোকাটো ব্ৰহ্মপুত্ৰৰ টান সোঁতত ভালেমান দূৰলৈকে সোঁ সোঁ কৰি উটি যোৱা দেখা গৈছিল যদিও ৰামেশ্বৰক কিন্তু দেখা পোৱা নগৈছিল। বিয়লিৰ ভাগলৈ যেতিয়া নাওখন দক্ষিণপাট ঘাটত চাপিছিল আৰু লগত যোৱা পণ্ডিতজনে নাৱৰ পৰা বামলৈ উঠিবলৈ যো-জা কৰিছিল, তেতিয়াই কাষৰে জাঁজী এসোপাৰ মাজত লাগি থকা এটা ধোঁৱাখোৱা তেওঁৰ চকুত পৰিছিল। খাগৰি এডালেৰে হাকুতিয়াই পণ্ডিতজনে হোকাটো আনিছিল আৰু সেইটোৱেই আছিল ৰামেশ্বৰৰ সেই ধোঁৱাখোৱাটো। বেজবৰুৱাদেৱে গল্পটো ইমানতে শেষ কৰিছিল। পণ্ডিতজনে খাগৰি এডালেৰে কাষ চপাই অনা সেই ধোঁৱাখোৱাটো পুনৰাই ব্ৰহ্মপুত্ৰৰ কোৱাবল সোঁতত দলিয়াই দিয়াটোৱেই আমাৰ সকলোৰে লক্ষ্য হোৱা উচিত। আমি সকলোৱে মিলি এখন ড্ৰাগছৰ দৰে বৰবিহ মুক্ত সমাজ গঢ়িবই লাগিব।
লেখক অসম আৰক্ষীৰ বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে আৰু লেখকৰ অনুমতিমৰ্মে xukhdukh.com ত ইউনিকড মাধ্যমত পুনৰ প্ৰকাশ কৰা হৈছে। 
তেখেতৰ আন আন অসমীয়াৰ সুখ-দুখত প্ৰকাশিত লেখা পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰকঃ

No comments:

Post a Comment