আমেৰিকা ‘পৃথিৱীৰ স্বৰ্গ' – কিমান সঁচা ?
কানাই গগৈ
বিভিন্ন দেশত এনে ধাৰণা গঢ় লৈ উঠিছে যে আমেৰিকাত আছেঃ ১) আটাইতকৈ যুক্তিসংগত ন্যায় ব্যৱস্থা, ২) প্ৰকৃত গণতন্ত্ৰ, ৩) উত্তম খাদ্যৰ লগতে বিলাস আৰু প্ৰাচুৰ্য্য, ৪) দক্ষতা আৰু যোগ্যতা থকা যিকোনো মানুহে দেশখনত সুখ-আৰামৰ জীৱন যাপন কৰিব পৰাৰ ব্যৱস্থা। ইত্যাদি ইত্যাদি।
কিন্তু তথ্যৰ বিশ্লেষণে দেখুৱাইছে যে এই ধাৰণাবোৰ প্ৰকৃততে আমেৰিকাৰ সন্দৰ্ভত সৃষ্টি হোৱা কল্পকাহিনীহে। সাম্প্ৰতিক যুক্তৰাষ্ট্ৰৰ প্ৰকৃত ছবিখন হৈছে এনেকুৱাঃ
ক) আটাইতকৈ বেছি অপৰাধীঃ বৰ্তমান আমেৰিকাৰ কাৰাগাৰবোৰত আছে প্ৰায় ২৩ লাখ কয়দী, অৰ্থাৎ প্ৰতি ১০০ জন প্ৰাপ্তবয়স্ক আমেৰিকাবাসীৰ বিপৰীতে এজন। দেশ হিচাবত এই ৰাশিটো পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ। উল্লেখ্য যে আমেৰিকাতকৈ ৪ গুণ বেছি জনসংখ্যা থকা চীনদেশত কয়দীৰ সংখ্যা প্ৰায় ১৮ লাখহে।
আনহাতেদি আমেৰিকাত আটাইতকৈ যুক্তিসংগত ন্যায় ব্যৱস্থা থকা কথাটোও সঁচা নহয়, কিয়নো আগেয়ে আদালতে জাৰী কৰা ভালেমান ৰায় পুনৰবিবেচনাত ভুল বুলি প্ৰমাণিত হৈছে। উদাহৰণস্বৰূপে ১৯৬৯-২০১৭ চনৰ কালছোৱাত মাৰ্কিন আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা ২০০৫ জন অপৰাধী পুনৰবিবেচনাত নিৰ্দোষী প্ৰমাণিত হৈছে, অথচ এওঁলোকৰ ভালেমানে কাৰাগাৰত ইতিমধ্যে ১০ বছৰ বা ততোধিক কাল পাৰ কৰিলে। আন কিছুমানক পুনৰবিবেচনায়ো সহায় নকৰিলে, কিয়নো তেওঁলোকক ইতিমধ্যে মৃত্যুদণ্ড বিহা হ'ল।
আমোদজনক কথা এয়ে যে স্বয়ং আমেৰিকাবাসীৰে নিজ দেশৰ ‘যুক্তিসংগত' ন্যায় ব্যৱস্থাৰ ওপৰত ভৰসা নাই। ফলত ভুলবশতঃ যাতে ‘ইলেক্টি্ৰক চেয়াৰত' বহিবলগীয়া নহয়, তাৰবাবে তেওঁলোক আদালতৰ সৈতে চুক্তিত অৱতীৰ্ণ হয়। অৰ্থাৎ তেওঁলোকে মৃত্যুদণ্ডৰ বাহিৰে আন শাস্তি পায়, কিন্তু কোনো বিচাৰ নোহোৱাকৈয়ে। এইদৰেই আমেৰিকাৰ কাৰাগাৰবোৰত জমা হৈছেগৈ লাখ লাখ কয়দী। কিন্তু এই কয়দীসকল এনেয়ে বহি থাকিব নোৱাৰে – এওঁলোকে দীৰ্ঘ সময় ধৰি তথা অতি কম পাৰিশ্ৰমিকত অমানুষিক শ্ৰম কৰিবলগীয়া হয়।
আমেৰিকাত কয়দী বেছি হোৱাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰও আগ্ৰহী, কিয়নো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে আৱশ্যক হোৱা ভালেমান সামগ্ৰী এই কয়দীসকলৰ দ্বাৰাই উৎপাদন কৰোওৱা হয়। উদাহৰণস্বৰূপে পেন্টাগনক আৱশ্যক হোৱা সামৰিক শিৰস্ত্ৰাণ, বুলেট-বেল্ট, বুলেটৰোধী জেকেট আদিৰ প্ৰায় ১০০ শতাংশ কাৰাগাৰবোৰতে উৎপাদিত হয়। ইবোৰৰ উপৰি আমেৰিকাত উৎপাদিত হোৱা ৰং তথা আছবাব-পত্ৰৰ ক্ৰমে আধাখিনি আৰু এক-তৃতীয়াংশ এই কয়দীসকলেই উৎপাদন কৰে। আৰু ইয়াৰ পিচত আমেৰিকাবাসীয়ে গৌৰৱ কৰে এইবুলি যে দেশখনত মানৱৰ উৎপাদন-ক্ষমতা অতি উচ্চ !
কেন্দ্ৰীয় আৰু ৰাজ্যিক কাৰাগাৰবোৰৰ সমান্তৰালভাবে ২০১৯ চনত আমেৰিকাত আৰু এবিধ কাৰাগাৰৰ আবিৰ্ভাৱ ঘটিল – ব্যক্তিগত কাৰাগাৰ। দেশখনত বৰ্তমান এই কাৰাগাৰবোৰৰ সংখ্যা প্ৰায় ২০০। লুইযিয়ানা ৰাজ্যত অৱস্থিত ‘এংগলা' হৈছে এনে এখন কাৰাগাৰ। এই কাৰাগাৰৰ কয়দীসকলে ক্ৰীতদাসৰ দৰেই শ্ৰম কৰিবলগীয়া হয় – এওঁলোকে ১৮ হেজাৰ একৰ ভূমিত কপাহ, চয়াবীন, গোমধান আদিৰ খেতি কৰে আৰু পাৰিশ্ৰমিক পায় ঘণ্টাত ৩ৰ পৰা ২০ চেন্টকৈ। উল্লেখ্য যে যোৱা শতিকাৰ ৬০ৰ দশকলৈকে আমেৰিকাত এইবোৰ অঞ্চলত দাসপ্ৰথা চলি আছিল, আৰু অন্য উপায়েৰে সেই প্ৰথাৰ পুনৰপ্ৰচলনৰ বাবেই হয়তো এই ব্যক্তিগত কাৰাগাৰটো ইয়াত স্থাপন কৰা হৈছে। আৰু সেইবাবেই হয়তো এই কয়দীসকলৰ বেছিভাগেই আফ্ৰিকীয় আৰু দক্ষিণ আমেৰিকীয় মূলৰ !
খ) বৰ্ণবৈষম্য বৰ্তি আছেঃ ক'লা ছালৰ মানুহে চলাই যোৱা গাড়ীখন পুলিচে ৰখালে, চালকে ড্ৰাইৱিং লাইচেন্স বিচাৰি কাষৰ বক্সটো খোলোতেই পুলিচে তেওঁক গুলীয়ালে – এইটো আমেৰিকাত সততে ঘটা ঘটনা। পথত বগা ছালৰ মানুহে নিয়ম ভংগ কৰিলেও পুলিচৰ নজৰত নপৰে – ইয়ো আমেৰিকাত সততে ঘটি থাকে।
অৰ্থনৈতিক ক্ষেত্ৰতো আমেৰিকাত বৰ্ণবৈষম্য বৰ্তি আছে। উদাহৰণস্বৰূপে ক'লা ছালৰ নাগৰিকে একে দক্ষতা আৰু যোগ্যতা থকা বগা ছালৰ নাগৰিকতকৈ কম পাৰিশ্ৰমিক পায়। পাৰিশ্ৰমিকত থকা এই পাৰ্থক্য বৰ্তমান বাঢ়িছেহেঃ ১৯৭৯ চনত ক'লা ছালৰ নাগৰিকে বগা ছালৰ নাগৰিকে পোৱা পাৰিশ্ৰমিকৰ ৮০ শতাংশ পাইছিল, কিন্তু ২০১৭ চনত সি হ'লগৈ ৭১ শতাংশ।
মাৰ্কিন সমাজত বৰ্তি থকা এনে সমস্যা-বৈপৰীত্যবোৰ সমাধানৰ বাবে প্ৰশাসনে চেষ্টা কৰা নাই, ফলত সংঘৰ্ষৰ ৰূপত ইবোৰৰ বহিঃপ্ৰকাশ ঘটিছে। বিভিন্ন মূলৰ আমেৰিকাবাসীৰ মাজত জন্ম হৈছে বিভিন্ন ঘৃণা সৃষ্টিকাৰী সংগঠনৰ, আৰু নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে ইবোৰ পৰস্পৰৰ মাজত সংঘৰ্ষত লিপ্ত হৈছে। Southern Poverty Law Center সংস্থাটোৱে ২০১৯ চনত চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে যে বৰ্তমান আমেৰিকাত এনে ৯১৭ টা সংগঠন সক্ৰিয় হৈ আছে, আৰু নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে ইবোৰ যিকোনো উপায় – আনকি হিংসাও – অৱলম্বন কৰিবলৈ প্ৰস্তুত।
গ)নিম্নমানৰ খাদ্যঃ আমেৰিকাত ৩৮ শতাংশ অধিক দৈহিক ওজন থকা নাগৰিক আছে। সাধাৰণতে ভবাৰ দৰে উচ্চমানৰ তথা অধিক খাদ্য ভক্ষণৰ বাবে এওঁলোকৰ দৈহিক ওজন প্ৰয়োজনতকৈ বেছি হোৱা নাই, বৰঞ্চ তাৰ ওলোটাটোহে হৈছে – বিজ্ঞানী তথা পথ্যবিদে দেখুৱাইছে যে সস্তীয়া আৰু নিম্নমানৰ খাদ্য ভক্ষণৰ বাবেহে দৈহিক ওজন প্ৰয়োজনতকৈ বেছি হয়। ইয়াৰ অৰ্থ এইটোৱেই যে আমেৰিকাবাসীৰ এটা বৃহৎ অংশ উচ্চমানৰ তথা দামী খাদ্য আহৰণ কৰিবলৈ অপাৰগ।
আমোদজনক কথা হ'লঃ আমেৰিকাত পৰ্যায়ক্ৰমে প্ৰায় ১৩০ লাখ নাগৰিক অপুষ্টিত ভুগি আছে।
ঘ)নিম্ন জীৱনৰ মানঃ ফেড্ৰেল ৰিযাৰ্ৱ বেংকে ২০১৮ চনত প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাবাসীয়ে গৃহনিৰ্মাণৰ বাবে লোৱা মুঠ ঋণৰ পৰিমাণ ১৩ ট্ৰিলিয়নতকৈও বেছি। ‘আমেৰিকান ড্ৰীমৰ' এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে সকলো সুবিধা থকা এটা নিজস্ব বাসভৱন (বিশেষকৈ লন এখন থকা বাসভৱন !), আৰু সেই বাসভৱন নিৰ্মাণ বা ক্ৰয় কৰিবৰ বাবে আমেৰিকাবাসীয়ে বেংকৰ পৰা ঋণ লয়। কিন্তু সীমিত উপাৰ্জনৰ বাবে সকলোৱে সেই ঋণ সময়ত পৰিশোধ কৰিব নোৱাৰে। ফলত বেংকে ভৱনবোৰ কাঢ়ি লয় আৰু সামান্য মেৰামতি কৰি সিবোৰ আনক বিক্ৰি কৰে। উদাহৰণস্বৰূপে ফ্লৰিডা ৰাজ্যৰ অৰ্লাণ্ড' চহৰত বেংকবোৰে এই প্ৰক্ৰিয়াৰে ৬০ লাখ ভৱন নিজৰ হাতলৈ নিছিল।
আমেৰিকাত দাৰিদ্ৰ্যৰ পৰা মুক্তি পোৱাৰ উপায় প্ৰায় নাই। পিতৃ-মাতৃ দৰিদ্ৰ হ'লে সন্তানবোৰো দৰিদ্ৰ হৈ থকাৰে সম্ভাৱনা অধিক, কিয়নো অতি খৰচী উচ্চশিক্ষা পিতৃ-মাতৃয়ে সন্তানক দিব নোৱাৰে, আৰু উচ্চশিক্ষা নাথাকিলে কৰ্ম-সংস্থান পোৱাৰো সম্ভাৱনা কম। আনহাতেদি আমেৰিকাত চৰকাৰী শিক্ষা-প্ৰতিষ্ঠান আছে যদিও সিবোৰত শিক্ষাপ্ৰাপ্তসকলে ভাল কৰ্ম-সংস্থান নাপায়। ইবোৰত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়েহে অধ্যয়ন কৰে। তথ্যই দেখুৱাইছে যে এনে শিক্ষা-প্ৰতিষ্ঠানৰ প্ৰায় ৬০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পুৱা আৰু দুপৰীয়াৰ আহাৰৰ বাবে লগা খৰচ দিব নোৱাৰে। আমেৰিকাত দৰিদ্ৰসকলক খাদ্য বা খাদ্যসামগ্ৰী ক্ৰয় কৰিবৰ বাবে কুপন প্ৰদান কৰা হয়। ২০১৬ চনত এনে কুপনৰ মুঠ মূল্য আছিল ৬৬.৬ বিলিয়ন ডলাৰ, আৰু ইবোৰ পাইছিল ৪৪ বিলিয়ন জনে। অৰ্থাৎ প্ৰতি ৮ জন আমেৰিকাবাসীৰ এজনে !
দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈকে দেশখনৰ কিছু নাগৰিক অপৰাধমূলক কাৰ্যকলাপত জড়িত হয়, আৰু অৱশেষত কয়দী হৈ মাৰ্কিন ৰাষ্ট্ৰৰ বাবে সামগ্ৰী উৎপাদন কৰে !
ঙ)নাতিউচ্চ গণতন্ত্ৰঃ গণতন্ত্ৰৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে ৰাজনৈতিক দলৰ আধিক্য। অৰ্থাৎ বিৰোধী দল বেছি আৰু সবল হ'লে গণতন্ত্ৰও সবল হয়। কিন্তু ‘উচ্চস্তৰীয়' গণতন্ত্ৰৰ অধিকাৰী আমেৰিকাত আছে মাত্ৰ দুটা ৰাজনৈতিক দল, অৰ্থাৎ যিকোনো পৰিস্থিতিতে বিৰোধী দল মাত্ৰ এটা। অথচ স্বয়ং আমেৰিকাই স্বেচ্ছাচাৰী বুলি অভিহিত কৰা ইৰান আৰু ছিৰিয়াত আছে ক্ৰমে ৫ আৰু ৮ টাকৈ ৰাজনৈতিক দল।
মাৰ্কিন ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰা হয় দুটা স্তৰত। প্ৰথম স্তৰত মাৰ্কিন মতদাতাসকলে নিৰ্বাচিত কৰে ৫৩৮ জন মানুহক। এই ৫৩৮ জন মানুহেহে দ্বিতীয় স্তৰত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কৰে। অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত সাধাৰণ আমেৰিকাবাসীৰ কোনো ভূমিকা নাই, কিয়নো তেওঁলোকে নিৰ্বাচিত কৰা ৫৩৮ জন মানুহে কি পৰিস্থিতিত ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰিলে, তেওঁলোকে নাজানে। এনে ব্যৱস্থা থকা আমেৰিকাৰ গণতন্ত্ৰ কেনেকৈ ‘উচ্চস্তৰীয়' হ'ল – সি সন্দেহৰ বিষয়।
চ) কম সামাজিক অধিকাৰঃ ভবা হয় যে ‘ধনী', ‘গণতান্ত্ৰিক' আমেৰিকাত নাগৰিকৰ সামাজিক অধিকাৰো বেছি। কিন্তু আচৰিত হ'বলগীয়া হয়, যেতিয়া জনা যায় যে দেশখনত সন্তান জন্ম দিয়াৰ পিচত কৰ্মৰতা মাতৃয়ে সেই সন্তানৰ লালন-পালনৰ বাবে কোনো বিধিসন্মত ছুটী নাপায় !
ছ)সকলোৱে সাক্ষৰ নহয়ঃ আমেৰিকাত বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা নাই। ফলত দৰিদ্ৰসকলৰ কিছুমানে সন্তানক বিদ্যালয়লৈ একেবাৰে নপঠিয়ায়। পৰিণতিত ১০ শতাংশ আমেৰিকাবাসীয়ে পঢ়িব আৰু লিখিব একেবাৰে নাজানে। আনহাতেদি আধিকাৰিক চুক্তি, আদেশ আদিত লিখিত কথাবোৰৰ সঠিক মৰ্ম শিক্ষিতসকলেও বুজি নাপায়, আৰু সিবোৰৰ ব্যাখ্যাৰ বাবে তেওঁলোকৰ প্ৰায় প্ৰতিজনে নিজৰ খৰচত একোজনকৈ পৰামৰ্শদাতা ৰাখিবলগীয়া হৈছে।
জ) অস্তমিত কাৰিকৰী প্ৰগতিঃ কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত এসময়ত আমেৰিকাই বিশ্বক নেতৃত্ব দিছিল, কিন্তু বৰ্তমান এই ক্ষেত্ৰত আগবাঢ়ি আছে আন কিছুমান দেশহে। উদাহৰণস্বৰূপে গাড়ী, ম'বাইল ফ'ন, পোছাক আদিৰ উৎপাদনত তথা সিবোৰৰ উৎকৰ্ষ সাধনত বৰ্তমান নেতৃত্ব দিছে ক্ৰমে জাৰ্মানী, কোৰিয়া, চীনদেশ আদিয়েহে।
ঝ) বিচ্ছিন্নতাবাদঃ আমেৰিকা হয়তো অৱশেষত ৫০ খন ৰাজ্যৰ যুক্তৰাষ্ট্ৰ হৈ নাথাকিবগৈ, কিয়নো টেক্সাছ, কেলিফৰ্নিয়া, ফ্লৰিডা, অ'ৰে'গন আদি ৰাজ্যত বিচ্ছিন্নতাৰ বাবে ইতিমধ্যে তৎপৰতা আৰম্ভ হৈ গৈছে। এই ৰাজ্যবোৰৰ প্ৰতি ৪ জন নাগৰিকৰ এজনে বিচ্ছিন্নতাক সমৰ্থন দিছে। এই ৰাজ্যবোৰৰ ভিতৰত প্ৰথম স্থানত আছে টেক্সাছ, আৰু তাত বিচ্ছিন্ন হ'বৰ বাবে সশস্ত্ৰ সেনাৰো সৃষ্টি হৈছে – সেই সেনাৰ সংখ্যা ১৫ৰ পৰা ২৫ লাখৰ ভিতৰত।
পৃথিৱীখনক নিজৰ হাতৰ মুঠিত ৰাখিবৰ বাবে আমেৰিকাই এসময়ত ছৱিয়েত সংঘক খণ্ড-বিখণ্ড কৰিছিল, এতিয়া স্বয়ং আমেৰিকাতে সেই ঘটনাৰ পুনৰাবৃত্তি আৰম্ভ হৈছে !
( লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। লেখক পেশাগত ভাৱে মাইনিং ইঞ্জিনীয়াৰ আৰু অসমৰ এগৰাকী জ্য়েষ্ঠ নিৱন্ধকাৰ)
No comments:
Post a Comment