ডঃ বুলজিৎৰ "তথ্য ভাণ্ডাৰ" - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ডঃ বুলজিৎৰ "তথ্য ভাণ্ডাৰ"

[ডঃ বুলজিৎ বুঢ়াগোহাঁই অসমীয়া নেটিজেনৰ মাজত এটা চিনাকি নাম ৷ তেখেতে সময়ে সময়ে চচিয়েল নেটৱৰ্কিং চাইট ফেচবুক, তথা নিজৰ ব্লগ যোগে শেহতীয়া, লাগতিয়াল তথ্য, তথ্য সূত্ৰ, ভাল খবৰ আদি ৰাইজক জনাই আহিছে ৷ তেখেতৰ এনে আপডেট বোৰ বিভিন্ন সময়ত ব্যৱহাৰ কৰিব পৰা যায় ৷ সেয়ে পেজ যোগে এই ব্যৱহাৰ যোগ্য তথ্য ভাণ্ডাৰ গঢ়ি তুলিব বিচৰা হৈছে ৷ ডঃ বুলজিৎ বুঢ়াগোহাঁই দেৱে এই শিতানৰ বাবে সময়ে সময়ে সমল যোগান ধৰিবলৈ সন্মতি প্ৰদান কৰিছে ]
আজিৰ আপডেটঃ
বেংকৰ প্ৰবেচেনাৰী অফিচাৰৰ নিযুক্তি প্ৰক্ৰিয়া 
প্রশ্ন : Institute of Banking Personnel Selectionয়ে বেংক প্রবেশ্যনেৰী অফিচাৰ (Bank Probationary Officer) পদৰ বাবে অনুষ্ঠিত কৰা common written examination কেনে ধৰণৰ প্রশ্ন আহে আৰু ইয়াৰ বাবে শিক্ষাগতৰ অৰ্হতা কিমান হ’ব লাগে? বয়স কিমান হ’ব লাগে? এই পৰীক্ষাৰ পৰা কোন কোন বেংকত প্রবেশ্যনেৰী অফিচাৰ নিযুক্তি দিয়ে ? 


উত্তৰ : বেংক প্রবেশ্যনেৰী অফিচাৰ পদত নিযুক্তিৰ বাবে Institute of Banking Personnel Selection (IBPS, www.ibps.in )য়ে সমূহীয়া লিখিত পৰীক্ষা (common written examination)অনুষ্ঠিত কৰে । এই পৰীক্ষাৰ প্রশ্নকাকত বস্তুনিষ্ঠ (objective) ধৰণৰ হয় । ইয়াত Reasoning, English Language, Quantitative Aptitude , General Awareness (with special reference to bank Industry) আৰু Computer Knowledgeৰ প্রশ্ন থাকে।

বেংক প্রবেশ্যনেৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত নিম্নতম শিক্ষাগত অৰ্হতা স্নাতক হ’ব লাগে।

প্রবেশ্যনেৰী অফিচাৰ পদৰ বাবে বয়সৰ সীমা ২০বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে।

এই সমূহীয়া লিখিত পৰীক্ষা (common written examination)ৰ লিখিত উত্তীৰ্ণ হোৱা সকলে সাক্ষাৎকাৰত বহিব লাগে আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা বেংকবোৰত প্রবেশ্যনেৰী অফিচাৰ নিযুক্তি সুবিধা লাভ কৰিব।

এলাহাবাদ বেংক (Allahabad Bank ) ,অন্ধ বেংক (Andhra Bank ), বেংক অৱ ব’ৰডা (Bank of Baroda ),বেংক অৱ ইণ্ডিয়া (Bank Of India ),
বেংক অৱ মহাৰাষ্ট্র ( Bank of Maharashtra ) ,কানাড়া বেংক (Canara Bank ), ক’পৰেচন বেংক (Corporation Bank ) ,চেণ্ট্রেল বেংক অৱ ইণ্ডিয়া (Central Bank of India),ডেনা বেংক ( Dena Bank ) ,ইণ্ডিয়ান বেংক ( Indian Bank) ,ইণ্ডিয়ান ওভাছিয়াছ বেংক ( Indian Overseas Bank ) ,পাঞ্জাৱ নেচনলে বেংক ( Punjab National Bank )পাঞ্জাৱ এণ্ড সিন্দ বেংক (Punjab & Sind Bank),সিণ্ডিকেট বেংক (Syndicate Bank ),ইউনিয়ন বেংক অৱ ইণ্ডিয়া ( Union Bank of India ),ইউনাইটেড বেংক অৱ ইণ্ডিয়া (United Bank of India) , অৰিয়নটেল বেংক অৱ কৰ্মাচ ( Oriental Bank of India) ,ইউকো বেংক (UCO Bank) ,বিজয়া বেংক (Vijaya Bank) ইত্যাদি।

সবিশেষ তথ্য বাবে Institute of Banking Personnel Selection (IBPS)ৰ ৱেবচাইট (www.ibps.in)ত চালে ভাল হয়।


কেৰিয়াৰ ,ছাত্র-ছাত্রী , অভিভাৱক , ছাত্র সংগঠন ইত্যাদি
=====================================

#ড° বুলজিৎ বুঢ়াগোহাঁই


হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰৰত কৃতকাৰ্য হোৱা সকলোবোৰ ছাত্র-ছাত্রীৰে নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰিব বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান অসমত নাই। সেইদৰে নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় অসমৰ শিক্ষানুষ্ঠানসমূহত নাই। গতিকে, অসমৰ কিছুসংখ্যক ছাত্র-ছাত্রী প্রতেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। 

কিন্তু, আমাৰ ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে নাজানে যে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়িব বাবে সুবিধা আছে । উদাহৰণস্বৰূপে - ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই.আই.টি.) গুৱাহাটীত যে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত বিষত স্নাতকোত্তৰ কৰিব পৰা উপৰিও কলা বিভাগৰ সকলো বিষয়তে গৱেষণা কৰিব পৰা সুবিধা আছে সেই কথা বহুতে নাজানে ।

যি কোনো বিশ্ববিদ্যালয়/মহাবিদ্যালয়ত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে । এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । 

যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয় (www.education.nic.in),বিশ্ববিদ্যালয় অনুদান আয়োগ (www.ugc.ac.in), ভাৰতীয় চিকিৎসা পৰিষদ (www.mciindia.org),ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in),নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org),ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org) ,দূৰ শিক্ষা পৰিষদ (www.dec.ac.in) আদি ।

 শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হ’লেই নহ’ব। যি বিভাগত অধ্যয়ন কৰিব বিচাৰে,সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব। তদুপৰি মহাবিদ্যালয়/বিশ্ববিদ্যালয়বোৰৰ শিক্ষণ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লোৱা উচিত ,যেনে - পুথিভঁৰাল,ইণ্টাৰনেট আদি সা-সুবিধা আছে নে নাই, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত। সেইদৰে , থকা সা-সুবিধা কেনে ,পঢ়াৰ সুবিধা কেনেকুৱা সেই বিষয়েও জ্ঞান লোৱা উচিত।

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান একেদিনাই গোটোৱা সম্ভৱ নহয়। ইয়াৰ কাৰণে দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs )। 

পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবৰ কাৰণে বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে পঢ়া সকলো বিষয়ৰ পাঠ্য পুথিৰ জ্ঞানবোৰ ভালদৰে আহৰণ কৰিব লাগিব। লগতে বিভিন্ন বিষয় যেনে-ভূগোল,বিজ্ঞান,ৰাজনীতি,সমাজ বিজ্ঞান আদি বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা আলোচনী নিয়মীয়াকৈ পঢ়িব লাগিব। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ বাতৰি অনুষ্ঠান শুনিব আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰ চাব লাগিব। এইবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে “Internet”ৰ সহায় ল’ব পাৰে। 

ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, বিভাগে প্রদান কৰে। এই বৃত্তিবোৰৰ বিষয়ে বাতৰি কাকত,আলোচনী তথা সেই অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ নিজস্ব “ৱেবছাইট”ৰ যোগেদি প্রচাৰ কৰে। গতিকে, এই বৃত্তিবোৰৰ বিষয়ে সবিশেষ জানিবলৈ বাতৰি কাকত,আলোচনী , অনুষ্ঠান-প্রতিষ্ঠান তথা বিভাগবোৰৰ “ৱেবছাইট”বোৰত নিয়মীয়াকৈ চকু ফুৰাব লাগিব। এইদৰে মাজে মাজে বিভিন্ন বৃত্তিপ্রাপ্তসকলৰ বিষয়ে তথা তেওঁলোকৰ সাক্ষাৎকাৰ আদি বাতৰি কাকত আৰু আলোচনীত প্রকাশ প্রায়। ইয়াৰ জৰিয়তেও এই বৃত্তিবোৰৰ বিষয়ে আভাস পাব পাৰি।লগতে এই বৃত্তি পোৱা লোকসকলক ব্যক্তিগতভাৱে লগ কৰিলেও লাভৱান হ’ব।

ছাত্র সংগঠনবোৰে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত কেৰিয়াৰ সম্পর্কীয় কৰ্মশালা অনুষ্ঠিত কৰিব লাগে । কৰ্মশালাৰ জৰিয়তে ছাত্র-ছাত্রী তথা অভিভাৱকসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰ এটি আভাষ দিব লাগে । লগতে এই কথা ভালদৰে বুজাই দিয়া উচিত যে চিকিৎসক অথবা অভিযন্তা হিচাবে কেৰিয়াৰ গঢ়াৰ বাহিৰেও কেৰিয়াৰ গঢ়িবলৈ বহুত বিষয় আছে আৰু সেইবোৰ কেৰিয়াৰও যে চিকিৎসক অথবা অভিযন্তা হিচাবে গঢ়া কেৰিয়াৰতকৈ সমাজত গুৰুত্ব কোনো গুণে কম নহয় । কৰ্মশালাত ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্রশ্ন কাকতবোৰ দেখুৱাব লাগে ।

আমাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিক ভাৱে অভিনন্দন জ্ঞাপন কৰা লগতে বিভিন্ন উপহাৰ দিয়ে । কৃতিত্ব অর্জন কৰা শিক্ষার্থীক অভিনন্দন জ্ঞাপন তথা উপহাৰ প্রদান কৰাতো এটা ভাল কথা ।আমি ভাবোঁ নির্বাচিত গ্রন্থৰ টোপোলা এটিও উপহাৰ হিচাবে দিলে ভাল হয়,যিবোৰ গ্রন্থৰ দ্বাৰা ছাত্র-ছাত্রীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয় লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে। 

এতিয়া কথা হ’ল পৰীক্ষাবোৰৰ ফলাফল ঘোষণা হোৱাৰ তিনি মাহ পাৰ হৈ যোৱাৰ পিছতো এনেকুৱা অনুষ্ঠান পাতি থকা দেখা যায় । আমি ভাবোঁ এনেকুৱা অনুষ্ঠান যদি সম্ভৱ পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰাৰ এমাহৰ ভিতৰতে পাতি শেষ কৰিব লাগে আৰু তিনিটা পর্যায়ত তিনি দিন যেনে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত পাতিব লাগে। এই তিনিটা পর্যায়তে যিমান অনুষ্ঠান-প্রতিষ্ঠান/সংগঠনে অভিনন্দন জনাব বিচাৰে জনাব লাগে । ইয়াৰ ফলত টকা-পইচা, সময় আদি কম খৰছ হ’ব। 

আনহাতেদি , পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰা লগে লগে কৃতিত্ব অর্জন কৰি উত্তীর্ণ হোৱা ছাত্র-ছাত্রীসকলৰ খবৰ সংবাদ মাধ্যমত ভৰি থাকে ,কিন্তু পৰৱর্তী সময়ত ছাত্র-ছাত্রীসকল ক’লৈ যায়, কি কৰে, তেওঁলোকে নিজ নিজ লক্ষ্যত উপনীত হৈছে নে, তেওঁলোকে পঢ়ি অহা বিদ্যালয়,মহাবিদ্যালয়খন বা নিজৰ নিজৰ অঞ্চল তথা জন্মভূমিৰ প্রতি কিবা অৰিহণা যোগাইছে নে নাই, এইবোৰ কথা সাধাৰণতে গম পোৱা নাযায় । এই বিষয়বোৰ লৈ সংবাদ মাধ্যমৰ স্থানীয় সংবাদদাতাসকলে কৃতী ছাত্র-ছাত্রীসকলৰ বিষয়ে অঞ্চল ভিত্তিক বা জিলা ভিত্তিক প্রতিবেদন প্ৰস্তুত কৰিলে ভাল হয়। তদুপৰি এই বিষয়ে ছাত্র সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান,চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠানেও ক্ষেত্র ভিত্তিক অধ্যয়ন কৰিব পাৰে।

তাৰোপৰি, বিভিন্ন বিষয়ৰ কথা যেনে — বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অর্হতা লাগে, ছাত্র-ছাত্রীসকলে কেনেদৰে পঢ়া শুনা কৰিব লাগে , ছাত্র-ছাত্রীসকলে পঢ়া-শুনা লগতে নিজৰ নিজৰ হ'বিবোৰ চলাই নিয়া উচিত নে ? বিভিন্ন চাকৰি কাৰণে কি কি অহর্তা লাগে, চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক'ত পোৱা যাব, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় কেনেকৈ গ'ম পোৱা যাব ? এই তথ্যবোৰ ক'ৰ পৰা সংগ্রহ কৰিব পাৰি । এনেধৰণ কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত আমাৰ লগত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে । তাৰোপৰি , ছাত্র-ছাত্রী লগত মুখা-মুখিকৈ এই কথাবোৰ আলোচনা কৰিবলৈ যদি অসমৰ কোনো মহাবিদ্যালয়/বিদ্যালয়ে আমন্ত্রণ জনায়, তেন্তে যাব (দিনটি শনিবাৰ হ’ব লাগিব) পাৰোঁ । 

এইখিনিতে দুটা ৱেবছাইটৰ বিষয়ে উল্লেখ কৰিব বিছাৰিছোঁ । এটা হ’ল কেৰিয়াৰ আনুষঙ্গিক ৱেবছাইট “সমিধান(http://www.xomidhan.org)”। এই ৱেবচাইটৰ যোগেদি ছাত্র-ছাত্রী তথা অভিভাৱকসকলে যিকোনো বিষয়ত কেৰিয়াৰ সম্পর্কীয় প্রশ্ন সুধিব পাৰে । এই ৱেবচাইটতোৰ জৰিয়তে বিনামূলীয়াকৈ কেৰিয়াৰ সম্পর্কীয় প্রশ্নৰ উত্তৰ লাভ কৰিব পাৰে।

আনটি হ’ল “চাকৰি (www.sakori.org)” । “চাকৰি”ত বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপনবোৰ, যিবোৰ স্থানীয় সংবাদপত্র, বিভিন্ন কোম্পানীৰ নিজস্ব ৱেবছাইট আৰু নিযুক্তি সম্পর্কীয় ৱেবছাইটবোৰত প্রকাশ হয়, সেইবোৰ একত্রিত কৰি উপলব্ধ কৰা হয় ।

…………………………………………………………………………………………………………………………………………….
লেখকৰ সম্পূৰ্ণ ঠিকনাঃ ড° বুলজিৎ বুঢ়াগোহাঁই
সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজি,
গুৱাহাটী-৭৮১০১৭, অসম।
ফোন: ০৯৪৩৫১-৮৮৬৩০


১. বাতৰি কাকত আৰু আলোচনীৰ ডাক ঠিকনা :

প্রতি,
সম্পাদক, 
আমাৰ অসম,
জি এল পাব্লিকেশ্বনছ লিমিটেড,
জি এছ ৰোড, উলুবাৰী, 
গুৱাহাটী-৭৮১০০৭

প্রতি,
সম্পাদক, 
অসমীয়া প্রতিদিন,
মণিৰাম দেৱান পথ,
চানমাৰি,
গুৱাহাটী-৭৮১০০৩ 


প্রতি,
সম্পাদক,
আজিৰ দৈনিক বাতৰি,
এ ডি টাৱাৰ,লালমাটি,
এন এইচ-৩৭,
গুৱাহাটী-৭৮১০২৯


প্রতি,
সম্পাদক,
নিয়মীয়া বার্তা,
আর্কাশিস পাব্লিকেচনছ প্রাইভেট লিমিটেড,
কটাহবাৰী,গড়চুক,
গুৱাহাটী-৭৮১০৩৫ 


প্রতি,
সম্পাদক,
জনসাধাৰণ,
২৬/২৭ ঔদ্যোগিক পাম,
বামুণীমৈদাম,
গুৱাহাটী-৭৮১০২১


প্রতি,
সম্পাদক,
দৈনিক জনমভূমি,
আৰ জি বৰুৱা ৰোড,
গুৱাহাটী-৭৮১০০৫


প্রতি,
সম্পাদক,
প্রাগজ্যোতিষ,
নন্দনপুৰ,
শিৱ মন্দিৰ পথ,গৃহ নং-২, চিৰিয়াখানাৰ সমীপত,
গুৱাহাটী-৭৮১০০৫ 


প্রতি,
সম্পাদক,
দৈনিক অসম,
ট্রিবিউন বিল্ডিংছ,
পোঃঅঃআছাম ট্রিবিউন,
এম আৰ ডি ৰোড,চানমাৰি,
গুৱাহাটী-৭৮১০০৩ 


প্রতি,
সম্পাদক,
অসম বাণী,
ট্রিবিউন বিল্ডিংছ,
পোঃঅঃআছাম ট্রিবিউন,
এম আৰ ডি ৰোড,
চানমাৰি,
গুৱাহাটী-৭৮১০০৩


প্রতি,
সম্পাদক,
সাদিন,
মণিৰাম দেৱান পথ,
চানমাৰি,
গুৱাহাটী-৭৮১০০৩ 


প্রতি,
সম্পাদক,
দৈনিক বাতৰি কাকত, পেঞ্চনপাৰা ৰোড,
গোস্বামী ছার্ভিচ,
গুৱাহাটী-৭৮১০০৩ 


প্রতি,
সম্পাদক,
অসমীয়া খবৰ,
ফ্রণ্টিয়াৰ পাব্লিকেশ্বনছ প্রাঃলিঃ,
গুৱাহাটী-৭৮১০১৬


প্রতি,
সম্পাদক,
আজিৰ অসম,
জি এছ ৰোড,
গুৱাহাটী-৭৮১০০৫ 


প্রতি,
সম্পাদক,
স্বর্ণলিপি, ১ম মহলা, ক্লাচিক এনক্লেভ, মণিৰাম দেৱান পথ,
নিউ গুৱাহাটী ,
গুৱাহাটী-৭৮১০২০ 


প্রতি,
সম্পাদক,
গণ অধিকাৰ, ইউনিটী মিডিয়া এণ্ড ইনফ্রাষ্ট্রাকচাৰ লিমিটেড,
হাতীগাঁও চাৰিআলি,
গুৱাহাটী-৭৮১০৩৮

প্রতি,
সম্পাদক,
দৈনিক অগ্রদূত,
অগ্রদূত পাব্লিচার্ছ প্রাইভেট লিমিটেড, দিছপুৰ,
গুৱাহাটী-৭৮১০০৬

প্রতি,
সম্পাদক,
প্রান্তিক ,
নৱগিৰি পথ, চানমাৰি
প’ষ্ট বক্স নম্বৰ-২,
গুৱাহাটী-৭৮১০০৩ 


প্রতি,
সম্পাদক,
দৈনিক প্রতিবেদন,
চি চি ডব্লিউ প্রাইভেট লিমিটেড, শইকীয়া কমপ্লেক্স,
জু-নাৰেংগী ৰোড,
জু-ৰোড তিনিআলি,
গুৱাহাটী-৭৮১০২৪ 


প্রতি,
সম্পাদক,
অসমীয়া ৰিপ’র্টাৰ, বিকাশ কমপ্লেছ, ৰাজগড় ৰোড, নামঘৰৰ ওচৰত,
গুৱাহাটী-৭৮১০০৭ 


প্রতি,
সম্পাদক,
এদিনৰ সংবাদ,
২৩২ ৰাজগড় ৰোড,
গুৱাহাটী-৭৮১০০৩


প্রতি,
সম্পাদক,
সাতসৰী ,
সাদিন প্রিণ্টার্ছ,
ইণ্ডাষ্ট্রিয়েল এৰিয়া,
বামুণীমৈদাম,
গুৱাহাটী-৭৮১০২১ 


প্রতি,
সম্পাদক,
প্রত্যাশা ,
জীৱনধাৰা পাব্লিকেশ্যন,
অবিনাশ নিৱাস,
প্রথম মহলা,
বিবেকানন্দ পথ, উলুবাৰী, গুৱাহাটী-৭৮১০০৭ 


প্রতি,
সম্পাদক,
আজি, ৰামধেনু প্রকাশন প্রাঃলিঃ, বৰঠাকুৰ মিল ৰোড,
উলুবাৰী,
গুৱাহাটী-৭৮১০০৭

২.
ই-সাহিত্যৰ চৰ্চা কৰা সকলো ই-মেইল যোগে প্ৰেৰণ কৰিব পাৰে লেখাঃ

ফেচবুকৰ বিভিন্ন গোটবোৰত বিভিন্ন জনে গল্প, কবিতা আদিৰ যোগেদি নিজৰ মনৰ ভাব,চিন্তা আদি প্রকাশ কৰা লগতে মাজে মাজে বহুতো গুৰুত্বপূর্ণ কথা অৱতাৰণা কৰি আলোচনাবোৰত অংশ গ্রহণ কৰা দেখা যায়। যিবোৰত অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ সর্ম্পকে আলোকপাত কৰা লগতে কোনো কোনো সমস্যা সমাধানৰ বিশ্লেষণাত্মক সমাধান সূত্র আগবঢ়ায়।

এতিয়া কথা হ’ল এই বিভিন্ন বিষয়ৰ লিখাবোৰ বাতৰি কাকতলৈ পঠিয়ালে ভাল হয় , তেতিয়া ইণ্টাৰনেট ব্যৱহাৰ নকৰা লোকসকলেও পঢ়িব পাৰিব। ৰাইজৰ সুবিধা বাবে আমাৰ ৰাজ্যখনৰ পৰা প্রকাশিত দৈনিক বাতৰি কাকতবোৰৰ ই-মেইলবোৰ তলত উল্লেখ কৰিছোঁ।

এটা কথা উল্লেখ কৰা ভাল হ’ব যে ই-মেইল কৰি পঠিয়ালেই যে প্রকাশ হ’ব এনে নহয়, সেই বাতৰি কাকতখনত প্রকাশৰ যোগ্য বুলি ভাবিলেহে প্রকাশ কৰিব। এবাৰ পঠিয়াই প্রকাশ নহ’লে হতাশ হ’ব নালাগে। আৰু এটা কথা এটা লেখা প্রকাশ হোৱা পিছত কিন্তু উভতি চাব লগা নহয়।

১। আমাৰ অসম,
< aamar.asom@gmail.com>,
<glpghy2009@hotmail.com>
২। অসমীয়া প্রতিদিন,
<asomiyapratidin@yahoo.co.in>
৩। আজিৰ দৈনিক বাতৰি,
<news4adb@gmail.com>
<dainikbatori@rediffmail.com>,
<dainikbatori@yahoo.com>,
<adbdibrugarh@ rediffmail.com>,
৪। নিয়মীয়া বার্তা,
<niyamiyabarta@yahoo.in> ,
<niyamiyabarta@gmail.com >
৫।দৈনিক অগ্রদূত,
<agra_doot@yahoo.com>,
<agradoot@gmail.com >,
৬।অসমীয়া খবৰ,
<khabar_assam@sify.com>,
<khabar_assam@yahoo.com>,
৭।দৈনিক জনমভূমি,
<editordj@sify.com>,
৮।জনসাধাৰণ
<janasadharan@gmail.com >,
৯।আজিৰ অসম,
< sentinelgroup@gmail.com >,
<sentinel_group@rediffmail.com>
< thesentinel@satyam.net.in>,
১০।দৈনিক অসম,
<dainikasam@rediffmail.com>,
<dainikasam@gmail.com>
১১।এদিনৰ সংবাদ,
<sambadadin@gmail.com> ,
< adinassam@yahoo.com >,
১২।গণ অধিকাৰ,
<ganaadhikar123@gmail.com>
১৩।দৈনিক বাতৰি কাকত,
< batorikakot@rediff.com>,
< batorikakot@sify.com >,
১৪।আজি,
<ajidaily@gmail.com >,
<mailaji@sify.com>,



আন আন অসম সম্পৰ্কীয় ৱেব চাইটৰ ঠিকনাৰ বাবেঃ


1 comment: