কভিডশূন্য পৃথিৱীৰ সন্ধানত
নৱজ্যোতি এন বৰা
কভিড-১৯ মহামাৰীৰ পৰা মানৱ সমাজ হ'ব বুলি কৰা প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে আমি কিছু জটিলতাৰ সন্মুখীন হওঁ। ‘উৎপৰিৱর্তন’(Mutation) বাবে SARS-CoV-2 ৰ ৰূপ প্ৰকৃতিত সলনি হৈ গৈ আছে। SARS-Cov-2 ভাইৰাছৰ সংখ্যা বৃদ্ধিৰ বাবে অথবা প্রতিলিপিকৰণৰ বাবে প্ৰয়োজন হোৱা প্ৰটিনসমূহ আমাৰ দেহত নাথাকে।
অৱশ্যে ভাইৰাছৰ RNA ত সেই প্রটিন প্রস্তুত কৰিবৰ বাবে নীতি নির্দেশনাবোৰ সংযোজিত হৈ থাকে। দেহত ভাইৰাছৰ RNA প্রৱেশ কৰাৰ পাছত আমাৰ কোষে সেই RNA ডালক নিজৰ বুলি ভাবি ভাইৰাছৰ প্ৰ'টিনবোৰ (Poly-protein) প্রস্তুত কৰিবলৈ লয়। এই প্রটিনবোৰেই লগ লাগি কোষত ভাইৰাছৰ সংখ্যা বৃদ্ধি কৰাত অৰিহণা যোগায়। অৱশ্যে ভাইৰাছৰ এই প্রতিলিপিকৰণ প্ৰক্ৰিয়াত (Replication) কেতিয়াবা ভুল ৰৈ যায় (আৰু ভুলবোৰেই হৈছে Mutation) আৰু তাৰ ফলত ভাইৰাছটোৰ জিনীয় সজ্জাৰ সলনি হ'ব পাৰে। পৰিণতিস্বৰূপে ভাইৰাছটোৰ গঠনো সলনি হয়। গৰিষ্ঠসংখ্যক উৎপৰিৱর্তনে ভাইৰাছটোৰ অপকাৰহে সাধে যদিও কিছুমান উৎপৰিৱর্তনে ভাইৰাছক অধিক মাৰাত্মক বা সংক্রমণশীল কৰি তুলিব পাৰে। উদাহৰণস্বৰূপে, ভাইৰাছৰ যিটো অংশক মানুহৰ প্ৰতিৰক্ষা-তন্ত্রই চিহ্নিত কৰি ভাইৰাছ নাশ কৰে (Epitope); উৎপৰিৱর্তনে সেই অংশৰ সলনি কৰিলে শৰীৰত জটিলতাৰ সৃষ্টি হয়। ইয়াৰ উপৰি মানুহৰ কোষলৈ সোমোৱাত সহায় কৰা স্পাইক প্ৰটিন’ত হোৱা উৎপৰিৱর্তনে SARSCoV-2 ক অধিক সংক্রমণশীল কৰি তুলিব পাৰে।
ভাৰতত হোৱা কৰনাৰ দ্বিতীয় লহৰৰ লগত সংযােগ কৰি আজিকালি সততে ‘ডাবল মিউটেন্ট’ শব্দটো ব্যৱহাৰ কৰা হয়। ‘ডাবল’ শব্দৰ অৰ্থ এইটো নহয় যে, ভাইৰাছৰ প্ৰকাৰটোত দুটা উৎপৰিবৰ্তন হৈছে। “ডাবল মিউটেন্ট" (B.I.l67) ৰ প্ৰকাৰত ১৫ টা উৎপৰিৱৰ্তন আছে। ইয়াৰে L452R আৰুE484Qউৎপৰিৱর্তন কিছু চিন্তাজনক বাবে ‘ডাবল মিউটেন্ট নামটো দিয়া হ'ল। Nextstrain ৰ তথ্য অনুসৰি ভাৰতত ‘ডাবল মিউটেন্ট প্রকাৰটোৰ সৈতে UK আৰু South Africa ৰ প্ৰকাৰটোয়েও প্রায় একেধৰণেই সংক্রমণ ঘটাই আছে। প্ৰাৰম্ভিক অনুসন্ধানত ‘ডাবল মিউটেন্ট প্রকাৰটো অধিক সংক্রামক বুলি গম পোৱা গৈছে যদিও একেধৰণৰ পদ্ধতিৰে UK ৰ প্ৰকাৰটোও অধিক সংক্রামক হৈছিল। সেইবাবে অনাগত সময়তহে গম পোৱা যাব যে, কোনটো প্ৰকাৰ অধিক সংক্রামক আৰু চিন্তাজনক। ইয়াৰ উপৰি ভাৰতত অতি কমসংখ্যক ৰোগীৰ পৰাহে জিনীয় সজ্জা নিৰূপণ (Sequencing) ৰ বাবে নমুনা সংগ্রহ কৰা হয়। সেইবাবে দেহত ভাইৰাছৰ প্রকাৰ সম্পর্কে এটা স্পষ্ট ধাৰণা প্রতিষ্ঠা কৰাত অসুবিধা হয়। ভাইৰাছৰ উৎপৰিৱৰ্তন এটা স্বাভাৱিক প্রক্রিয়া। “মানুহ মাত্রেই ভুল’ৰ দৰে ভাইৰাছ মাত্রেই উৎপৰিৱর্তন’বুলি ক'ব পাৰি। ভাৰতত হোৱা কভিডৰ দ্বিতীয় লহৰৰ বাবে কেৱল নতুন প্ৰকাৰক দোষাৰোপ কৰিব নোৱাৰি। জনসাধাৰণৰ অসাবধানতা আৰু নির্বাচনী তথা সামাজিক সমাৱেশসমূহে এই ক্ষেত্ৰত অধিক বৰঙণি যোগাইছে। উদাহৰণস্বৰূপে, বিহু আৰু নির্বাচনৰ ধামখুমিয়াত অসমৰ R(ৰোগ বিস্তাৰ ক্ষমতাৰ এক সূচক) আছিল ৩.৫১; কিন্তু ১ মে'ত কমি আহি R...৯৫ হ'লহি।
আশাৰ বতৰা এয়াই যে, ভাৰতৰ থলুৱা ভেকচিন ‘ক’ভাক্সিন'- প্ৰাৰম্ভিক গৱেষণাত এই সকলো প্ৰকাৰৰ SARS-Cov-2ৰ বিপৰীতে প্রভাৱী বুলি বিবেচিত হৈছে। 'South Africa' ৰ প্ৰকাৰটোৰ বাহিৰে 'Astrazeneca Oxford" ৰ 'কভিশ্বিল্ড’ ভেকচিন, আন আন প্রধান প্ৰকাৰবোৰৰ বিপৰীতে প্ৰভাৱী বুলি প্রাথমিক অনুসন্ধানত জানিব পৰা গৈছে। ইফালে Pfizer (BNTI62b2) আৰু Moderna কোম্পানীৰ (mRNA-1273) ভেকচিন mRNA প্রযুক্তিৰ দ্বাৰা প্ৰস্তুত কৰা বাবে এনে ভেকচিক ভাইৰাছৰ নতুন প্ৰকাৰৰ লগত খাপ খোৱাকৈ সহজতে সলনি কৰিব পাৰি। অৱশ্যে নতুনকৈ প্রস্তুত কৰা ভেকচিনবোৰক ব্যাপক হাৰত পুনৰ বিতৰণ কৰিবলৈ যথেষ্ট সময়ৰ প্রয়ােজন হ'ব। ইয়াৰ লগতে mRNA প্রযুক্তিৰ দ্বাৰা প্রস্তুত কৰা ভেকচিন সংৰক্ষণ কৰিবলৈ প্রায় ৮০° ছেঃ উষ্ণতাৰ প্ৰয়োজন হয়। ইজৰাইলৰ দৰে দেশে ইতিমধ্যেই জনসংখ্যাৰ আধাতকৈ বেছি লোকক ভেকচিন প্ৰদান কৰি Test Positivity ০.১ শতাংশলৈকে হ্রাস কৰিবলৈ সক্ষম হৈছে।
এই সময়ৰ উদ্বেগজনক বিষয়টো হৈছে যে, ভাৰতৰ দৰে বিশ্বৰ জনবহুল দেশত ভেকচিন প্ৰদানৰ হাৰ যথেষ্ট কম আৰু এই কাৰকটোৱে ভাইৰাছক অধিক সলনি হ'বলৈ সুযোগ দিব। পিছে, আজিৰ পৰিস্থিতিত ভাৰতবৰ্ষত মাথো ভেকচিনেই ক’ভিডৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ দিব নােৱাৰে। দেশত নতুনকৈ আক্রান্ত সংখ্যাই দিনে প্ৰায় চাৰি লাখ চুইছে আৰু কিছুমান ৰাজ্যত Test Positivity ৫০ শতাংশলৈকে বৃদ্ধি পাইছে; অর্থাৎ প্রতি ১০ জনৰ ভিতৰত ৫ জনৰেই কৰনা ভাইৰাছৰ পৰীক্ষাৰ ফলাফল ধনাত্মক। ধৰি লোৱা হ'ল, এটা আদর্শ পৰিৱেশত একেদিনাই ভাৰতৰ ১০০% মানুহক ভেকচিন দিয়া হ’ল। প্রথম পালি ভেকচিনে শৰীৰত এন্টিবডি গঠন কৰোঁতে প্রায় দুসপ্তাহ সময় লয় আৰু দ্বিতীয় পালি ভেকচিন ল'বলৈ অন্ততঃ আৰু ৪ সপ্তাহ সময় ৰ'ব লাগে। ইয়াৰ বিপৰীতে SARS-Cov-2ৰসংক্ৰমণৰ ৩-৫ দিনৰ (গড়ে) পাছতেই লক্ষণসমূহ দেখা পোৱা যায়। সেইবাবে ভেকচিনৰ লগতে মাস্ক পৰিধান, সামাজিক দূৰত্ব আদিৰ দৰে কথাবোৰ এতিয়া অধিক প্ৰয়োজনীয় হৈ পৰিছে।
মহামাৰী নির্মূলৰ লগত জড়িত আন এটা জটিল কথা হল ‘লক্ষণহীন সংক্রমণ। শেহতীয়া তথ্য অনুসৰি, ক'ভিড-১৯ৰ লক্ষণহীন কেছৰ হাৰ ১৭ ৰ পৰা ৩০ শতাংশৰ ভিতৰত। লক্ষণহীন মানুহৰ পৰা ভাইৰাছ বিয়পাৰ সম্ভাৱনাৰ বিষয়ে অধ্যয়ন কৰাটো অতিকৈ জটিল; যিহেতু লক্ষণ নোহোৱালৈকে সাধাৰণ পৰিস্থিতিত বেমাৰৰ পৰীক্ষা কৰাৱা নহয়। গৱেষণাত এইটো পোৱা গৈছে যে, লক্ষণহীন মানুহ অতি কম সময়ৰ বাবেহে সংক্রামক হৈ থাকে আৰু সেইবাবে আনলৈ ভাইৰাছ বিয়পোৱাৰ সম্ভাৱনা কম। তথাপি এই মানুহখিনিক লৈ বিপদাশংকা থাকিব; কাৰণ তেওঁলােকে অজানিতে মুক্তভাৱে সমাজত চলা ফুৰা কৰি ফুৰিব। ২০০৩ চনত বিয়পি পৰা SARS-COV মহামাৰীক নির্মূল কৰিব পৰাৰ এক কাৰণ আছিল যে সংক্রামকসকলক দেহৰ উষ্ণতা আৰু লক্ষণসমূহৰ পৰা সহজেই চিহ্নিত কৰি আছুতীয়াকৈ ৰাখিব পৰা গৈছিল। ইয়াৰ বিপৰীতে SARS-COV2 ৰ ভাইৰেল লড সর্বোচ্চ হয় ৰোগৰ লক্ষণ আৰম্ভ হওঁতে আৰু প্রায় এসপ্তাহলৈকে এই লড বৰ্তি থাকে। ইয়াৰ অৰ্থ এইটো যে, লক্ষণ আৰম্ভ হােৱাৰ ঠিক আগতেও মানুহজনৰ দেহত ভাইৰেল ল'ড থাকে আৰু ভাইৰাছ আনলৈ বিয়পোৱাৰ সম্ভাৱনা ৰৈ যায়।
যেতিয়ালৈকে এই ‘ধোঁৱাবিহীন জুই'বােৰক সঠিকভাবে চিহ্নিত কৰিব নােৱাৰি, তেতিয়ালৈকে পৃথিৱীত মহামাৰীৰ অগনি নোহোৱা হ'ল বুলি ক'ব নােৱাৰি। ক'ভিড- ১৯ ৰ RTPCR পৰীক্ষাক লৈও কিছুবাতৰি প্ৰকাশিত হৈছে যত লক্ষণ থকাৰ পাছতো পৰীক্ষাৰ ফলাফল ঋণাত্মক হৈছে। এনেধৰণৰ False Negative ফলাফল অপ্রত্যাশিত নহয়।নমুনা সংগ্রহ কেনেকৈ কৰা হৈছিল, লক্ষণ প্রকাশৰ কিমান দিনৰ পাছত কৰা হৈছিল, লেবৰেটৰীৰ গুণগত মান আদি বিভিন্ন কাৰকৰ ওপৰত ফলাফল নির্ভৰ কৰে। এনে পৰিস্থিতিত ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত চিকিৎসকৰ ভূমিকা আৰু সিদ্ধান্ত অতি গুৰুত্বপূর্ণ। কৰনাৰ কলীয়া ডাৱৰ কেতিয়া আঁতৰি তাৰ সঠিক উওৰ কাৰোৰে হাতত নাই। ভেকচিনৰ নির্মাণ অতি ক্ষিপ্র গতিত হৈছে যদিও গােটেই পৃথিৱীতে একেই গতিত ইয়াৰ বিতৰণ সম্ভৱপৰ নহয়। আমেৰিকাৰ দৰে দেশত ভেকচিন উভৈনদী; ইফালে আফ্রিকা মহাদেশৰ মাত্র ০.৯৬% মানুহে এতিয়ালৈকে ভেকচিন লাভ কৰিছে।
ভাইৰাছৰ বিৱর্তনে এইটো বিবেচনা নকৰে যে কোনখন ধনী দেশ, কোনখন দুখীয়া দেশ। যি দেশতেই সংক্রমণ হােৱাৰ সুবিধা পাব সেই দেশতেই বনজুইৰ দৰে বিয়পি পৰিব আৰু নতুন প্ৰকাৰ সৃষ্টি কৰি প্রচলিত ভেকচিনৰ প্ৰভাৱ কমাব। ফলত 'Lockdown' আৰু 'Reopening' ৰ চক্র এটা কেইবছৰমান চলি থাকিব পাৰে। বিকল্পভাৱে ১৯১৮ চনৰ মহামাৰীৰ দৰে SARS-COV-2 য়ে পৃথিৱীৰ পর্যাপ্ত মানুহক সংক্রমিত কৰি এসময়ত নোহোৱা হৈ যাব পাৰে, কাৰণ নতুনকৈ সংক্রমণ ঘটাবলৈ সংবেদনাত্মক শৰীৰ নাথাকিব। Trade-off Hypothesis ও প্রযােজ্য হ'ব পাৰে। সেই অনুসৰি বীষাণু এটাৰ মাৰাত্মক বৈশিষ্ট্যবোৰ বিৱৰ্তনৰ সোঁতত অধোগামী হয়। কাৰণ পোষকৰ (Host) মৃত্যুৱে পোষকৰ দেহত থকা বীষাণুবোৰৰো মৃত্যু ঘটায়। এনে হ'লে ভৱিষ্যতলৈ SARS-COV-2 মাথোঁ এটা সাধাৰণ পানীলগা জ্বৰ হৈ পৰিবগৈ। অৱশ্যে উপৰোক্ত কথাবোৰ মাথো সম্ভাবনাহে। সঠিক উত্তৰ সময়েহে দিব।
ইফালে ক’ভিড নিবাৰণৰ বাবে বিজ্ঞানৰ নিৰলস প্রচেষ্ট এতিয়াও অব্যাহত আছে। এবছৰৰ ভিতৰতেই বিশ্বত ৮-১০ টা ভেকচিনৰ প্রচলন কৰি কৰনাৰ বিৰুদ্ধে অস্ত্র তুলি দিয়া বিজ্ঞানে শীঘ্ৰেই কভিডশূন্যতালৈ আমাক এটি পথ দেখুৱাব বুলি বিশ্বাস। কিন্তু তেতিয়ালৈকে আমি অধিক সাবধানতা অৱলম্বন কৰি নিজৰ জীৱনশৈলী সলনি কৰিব লাগিব; কাৰণ আমি সলনি নহ'লে ভাইৰাছ সলনি হ'ব।
(লেখক নৱজ্যোতি এন বৰা চেক গণৰাজ্যৰ প্ৰাগৰ চাৰ্লছ বিশ্ববিদ্যালয়ৰ ‘ইন্সটিটিউট অব মাইক্ৰ'বায়ােলজীৰ গৱেষক ছাত্র। ফোনঃ ৪২০৬০৮২৫-২৬১৩, ই-মেইলঃ nabajyoti.borah@biomed.cas.cz , লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ অনুমতি মৰ্মে অসমীয়াৰ সুখ-দুখত পুনৰ প্ৰকাশ কৰা হৈছে।)
No comments:
Post a Comment