অতিমাৰীৰ লকডাউন আৰু নৱ প্ৰজন্মৰ মন-মনন
দীপাংকৰ মল্ল বৰুৱা
আমাৰ নৱম মান শ্ৰেণীত পঢ়া ছোৱালীজনীয়ে প্ৰায়েই সোধে। “আমি স্কুললৈ কেতিয়া যাব পাৰিম”?
এনেকুৱা সময় আগতে কেতিয়াও অহা নাছিল। ল’ৰা ছোৱালীয়ে মাহৰ পাছত মাহ ধৰি স্কুললৈ নোযোৱাকৈ ঘৰতে বহি কটাবলগীয়া হোৱা নাছিল। পৰীক্ষা হ’ব নে নহয়, হ’লে কেতিয়াকৈ হ’ব আদি কথা চিন্তা কৰি মূৰ ঘমাবলগীয়া হোৱা নাছিল। পিতৃ মাতৃ আৰু অভিভাৱকে ল’ৰা ছোৱালীৰ অনিশ্চিত ভৱিষ্যতৰ বাবে ইমান শংকিত হ’বলগীয়া হোৱা নাছিল।
ক’ভিড ১৯ অতিমাৰীয়ে কালৰূপ ধাৰণ কৰি ইতিমধ্যে দেশৰ কোণে কোণে বিয়পি পৰিছে। আক্ৰান্ত আৰু মৃতকৰ সংখ্যাই নিতৌ নতুন নতুন অভিলেখ ভংগ কৰিছে। এই মহামাৰী নিয়ন্ত্ৰণৰ প্ৰথম উপায় হিচাপে স্কুল কলেজসমূহ বন্ধ কৰি দিয়া হৈছে। কেইবাখনো স্কুলত চৰকাৰে ক’ভিড ৰোগীৰ বাবে অস্থায়ী চিকিত্সালয় নিৰ্মাণ কৰিছে। স্কুল কলেজসমূহ কেতিয়া নিয়মীয়াকৈ খুলিব সেই নিশ্চয়তা কোনেও দিব নোৱাৰে।
সকলো স্কুল কলেজৰে বছৰৰ বিভিন্ন সময়ৰ পাঠদান আৰু পৰীক্ষাৰ এখন নিৰ্ধাৰিত পাঠ্যক্ৰম থাকে। এতিয়া সকলো ওলট পালট হৈ গৈছে। আৰ্থিকভাৱে স্বচ্ছল আৰু চহৰাঞ্চলত বাস কৰা কিছুসংখ্যক ল’ৰা ছোৱালীয়ে অনলাইন যোগে পঢ়া শুনা কৰিবলৈ সুবিধা পাইছে যদিও দেশৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু পিছপৰা অঞ্চলত বাস কৰা ল’ৰা ছোৱালীৰ বাবে শিক্ষাৰ ক্ষেত্ৰত অন্ধকাৰ নামি আহিছে। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে অনলাইনযোগে শিক্ষা লাভৰ সুবিধা পোৱা নাই, তেওঁলোকে একোটা মূল্যবান শিক্ষাবৰ্ষ হেৰুৱাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে।
দীৰ্ঘসময় ধৰি ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ কাৰণে আটাইতকৈ অধিক প্ৰভাৱ পৰিছে উঠি অহা ল’ৰা ছোৱালীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত। বাস্তৱিক শ্ৰেণীকোঠাৰ লগৰীয়া সকলৰ সান্নিধ্য, সমূহীয়াকৈ কৰা কাৰ্য, চলন ফুৰন, খেলা ধূলা আদিৰ অভাৱে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক বিকাশত যে কিছু পৰিমাণে প্ৰভাৱ পেলাব সেয়া নিশ্চিত।
বন্ধৰ কাৰণে অনিয়মিত জীৱন শৈলীৰ বাবে ল’ৰা ছোৱালীৰ খাৱন শোৱনৰ সময়ৰো তাৰতম্য ঘটিছে। খেলা ধূলা, শাৰীৰিক ব্যায়াম নাইকীয়া হোৱা কাৰণে তেওঁলোক শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে। বহুতো ল’ৰা ছোৱালীৰ ওজন বৃদ্ধি পাইছে। বহুতৰে টোপনি কমিছে, খাবলৈ ৰুচি নোহোৱা হৈছে, বেমাৰ আজাৰত পৰিছে।
কেৱল লেপটপ আৰু মোবাইল ফোনৰ সৈতে দিনৰ অধিক সময় কটোৱা বাবে অনলাইনযোগে শিক্ষালাভ কৰা সৰহভাগ ল’ৰা ছোৱালী এতিয়া ডিজিটেল মাধ্যমৰ প্ৰতি আসক্ত হৈ পৰিছে। অনলাইন ক্লাছ কৰিবলৈ কৰিবলৈ মাক দেউতাকে ল’ৰা ছোৱালীক কম বয়সৰ পৰাই ইণ্টাৰনেটৰ সংযোগ দিবলগীয়া হৈছে।
ইণ্টাৰনেটৰ জৰিয়তে তেওঁলোকে বয়সতকৈ বহুত সোনকালেই বাধাহীন তথ্য আৰু মনোৰঞ্জনৰ জগতত প্ৰৱেশ কৰিছে। যিসমূহ বিষয় আগতে প্ৰাপ্তবয়স্কৰ বুলি ধৰা হৈছিল, তেনেবোৰ বিষয়ৰে পৰিপূৰ্ণ নিষিদ্ধ জগততো কম বয়সতে ল’ৰা ছোৱালীৰ প্ৰৱেশ ঘটিছে। আজৰি সময় কটাবলৈ তেওঁলোকে কিতাপ পঢ়া, ছবি অঁকা আদিতকৈ ছ’ছিয়েল নেটৱৰ্কিং, ইণ্টাৰনেট ছাৰ্ফিং, অনলাইন গেমিং আদিৰ প্ৰতি অধিক আকৃষ্ট হৈছে। এনে হোৱাৰ ফলত মানসিক পৰিপক্কতা প্ৰাপ্তিৰ আগতেই তেওঁলোকৰ মনোজগতত অভাবনীয় পৰিবৰ্তন ঘটিছে। এই পৰিবৰ্তনে ভৱিষ্যতে তেওঁলোকৰ ব্যক্তিত্ব গঠনত কেনে প্ৰভাৱ পেলায়, সেয়া লক্ষণীয় হ’ব।
আজিৰ সময়ত ডিজিটেল মাধ্যমত অধিক সময় কটোৱা বাবে ল’ৰা ছোৱালীৰ সামাজিক চাল চলনত প্ৰভাৱ পৰিছে। ব্যক্তিগত যোগাযোগৰ অভাৱৰ কাৰণে এতিয়া সৰহভাগ ল’ৰা ছোৱালীয়ে সামাজিক ভাৱে মানুহৰ লগত মুখামুখিকৈ ভাব বিনিময় কৰিবলৈ অসুবিধা পায়। তেওঁলোকে মুখামুখিকৈ বা টেলিফোনত কথা পতাতকৈ সামাজিক মাধ্যমত লিখিত বাৰ্তাৰ যোগেদি ভাব বিনিময় কৰাতহে অধিক স্বাছন্দ্য অনুভৱ কৰে।
অনলাইন শিক্ষাৰ এটা প্ৰধান ক্ৰুটি হ’ল শিক্ষকে সকলো ছাত্ৰকে সমানে মনোযোগ দিব নোৱাৰে। ছাত্ৰই কম্পিউটাৰৰ আগত বহি পঢ়া শুনা নকৰি গেম খেলি থাকিলেও শিক্ষকে ধৰিব নোৱাৰে। সেইদৰে শিক্ষকসকলো অনলাইন শিক্ষাদানৰ বিষয়ত প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱা বাবে শিক্ষাদান কাৰ্যত অনেক বিসংগতি হয়। ছাত্ৰক ঘৰত কৰিবলৈ দিয়া কামৰ সঠিক মূল্যায়নো অনলাইন শিক্ষা পদ্ধতিত অসুবিধাজনক। ছাত্ৰ আৰু শিক্ষকৰ ব্যক্তিগত সংযোগ নোহোৱাৰ কাৰণে শিক্ষকে ছাত্ৰৰ আৰু ছাত্ৰই শিক্ষকৰ প্ৰয়োজনীয়তা অনুধাৱন কৰাত প্ৰায়ে ব্যৰ্থ হয়। সেয়েহে অনলাইন পদ্ধতিৰ শিক্ষাই কেতিয়াও পূৰ্ণাংগ শ্ৰেণীকোঠাৰ শিক্ষাৰ স্থান ল’ব নোৱাৰে।
ক’ভিডসৃষ্ট পৰিস্থিতিত স্কুললৈ নোযোৱাকৈ থকাৰ কাৰণে হাতত থকা অতিৰিক্ত সময় সৃষ্টিশীল কামত ব্যৱহাৰ কৰাত সৰহভাগ ল’ৰা ছোৱালী ব্যৰ্থ হোৱা দেখা যায়। তেওঁলোকে কম্পিউটাৰ, মোবাইল ফোন বা টেলিভিছনৰ আগত বহি সময়ৰ অপব্যয় কৰে। এইদৰেই উঠি অহা ল’ৰা ছোৱালীৰ কাম-কাজৰ প্ৰতি অনীহা আৰু এলাহ ভাৱ হয়। এনে এলাহ ভাৱে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনত নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে ইয়াৰ মাজতে কিছুসংখ্যক ল’ৰা ছোৱালীয়ে অতিৰিক্ত সময় ব্যৱহাৰ কৰি নিজৰ প্ৰতিভা বিকাশৰো চেষ্টা কৰিছে।
আজিৰ সময়ত আটাইতকৈ চিন্তনীয় কথাটো হৈছে গৃহবন্দী হৈ থাকিবলগীয়া হোৱাৰ কাৰণে আৰু শিক্ষাৰ ক্ষেত্ৰত আহি পৰা অনিশ্চয়তাৰ কাৰণে বহুতো ল’ৰা ছোৱালীয়ে হতাশা, মানসিক চাপ আৰু বিষাদগ্ৰস্থতাৰ (ডিপ্ৰেছন) চিকাৰ হৈছে। যিসকল ল’ৰা ছোৱালীয়ে পৰীক্ষাৰ বাবে কষ্ট কৰি পঢ়া শুনা কৰিছিল, তেওঁলোকে পৰীক্ষা বাতিল বা স্থগিত হোৱাৰ কাৰণে হতাশ হৈছে। সেইদৰে যিসকলে নিজৰ শিক্ষাজীৱনৰ কাৰণে এক সময়সাপেক্ষ লক্ষ নিৰ্ধাৰণ কৰিছিল, তেওঁলোকেও নিৰাশাত ভূগিছে। শিক্ষাজীৱনৰ চৰম অনিশ্চয়তাৰ কাৰণে এচাম ছাত্ৰ ছাত্ৰীয়ে বিষাদগ্ৰস্থতাতো ভূগিছে।
ক’ভিড ১৯ অতিমাৰীয়ে এহাতে যিদৰে মানুহৰ জীৱনৰ নিৰাপত্তা নাইকীয়া কৰিছে, সেই একেদৰেই উঠি অহা ল’ৰা ছোৱালীৰ জীৱনতো বহু পৰিমানে নেতিবাচক প্ৰভাৱ পেলাইছে। এই অতিমাৰীৰ অন্ত কেতিয়া পৰিব সেয়াও এতিয়া অনিশ্চিত হৈ আছে। এইদৰে আৰু কিছুবছৰ পাৰ কৰিবলগীয়া হ’লে এটা প্ৰজন্ম মানসিকভাৱে পংগু হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে অতিমাৰীৰ এই কঠিন সময়ত ল’ৰা ছোৱালীক মনোযোগ আকৰ্ষণকাৰী বা সৃষ্টিশীল কামত ব্যস্ত ৰখাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। তেওঁলোক যাতে মানসিক চাপ বা বিষাদগ্ৰস্থতাত ভূগিবলগীয়া নহয়, তাৰ বাবে পিতৃ মাতৃ আৰু অভিভাৱক সচেতন হোৱাটো অতি প্ৰয়োজনীয়।
অতিমাৰীয়ে গ্ৰাস কৰা এই কঠিন সময়খিনি কিদৰে নিজৰ বাবে উপযোগী কৰিব পাৰি সেয়াই হৈছে সময়ৰ প্ৰত্যাহ্বান। উঠি অহা ল’ৰা ছোৱালীক ঘৰুৱা কাম কাজ কৰিবলৈ প্ৰশিক্ষণ দিবলৈ এয়াই উপযুক্ত সময়। সেইদৰে তেওঁলোকক বাহিৰা কিতাপ পঢ়িবলৈ, ভাল চিনেমা চাবলৈ, সংগীত উপভোগ কৰিবলৈ উত্সাহিত কৰাৰ এয়ে সোণালী সময়। যিসকল ল’ৰা ছোৱালীৰ কোনো বিষয়ত প্ৰতিভা আছে, সেইসকলৰ বাবে প্ৰতিভাৰ আপডালৰ এয়াই উত্কৃষ্ট সময়। এইদৰে অতিমাৰীৰ এই সময়খিনিক ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিব জানিলে এই সময়খিনি জীৱনৰ শ্ৰেষ্ঠ সময়ত পৰিণত কৰিব পৰা যায়।
লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ অনুমতিক্ৰমে সুখ-দুখত পুনৰ প্ৰকাশ কৰা হৈছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ
No comments:
Post a Comment