জীৱনৰ-অৰ্থনীতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

‘‘ব্ৰেণ্ড’’ নামৰ ছিটিকাখনৰ বিষয়ে যৎকিঞ্চিৎ
ভাস্কৰ জ্যোতি বৰুৱা 
যিকোনো এটা প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ যাওঁতে দ্ৰব্য নিৰ্বাচনৰ বেলিকা কাৰ ভূমিকা বেছি? ক্রেতা হিচাপে আপোনাৰ নে সমগ্ৰ বিক্রী ব্যৱস্থাটোৰ? ক্ষমা কৰিব আপোনাৰ ক্রয় সমন্ধীয় সিদ্ধান্ত ল’ব পৰা ক্ষমতাত প্ৰশ্নচিহ্ন লগোৱাৰ বাবে৷ কিন্তু একে সময়তে বিনয়েৰে জনাওঁ যে আজিৰ বিক্রী ব্যৱস্থাটোৱে মাত্ৰ আপুনি বিচৰা দ্ৰব্যবিধ আপোনাৰ হাতত তুলি দিবলৈকে ৰৈ থকা নাই৷ তেওঁলোক বহি থকা নাই নিমাখিত বিজ্ঞাপনেৰে আপোনাক মাত্ৰ তথ্যৰ যোগান ধৰিবলৈও৷ চাহিদাৰ বিষয়ে পুংখানুপুংখ অধ্যয়নৰ শেষত দ্ৰব্য প্ৰস্তুত কৰাৰ পিচতো কোম্পানীবোৰে কোটি কোটি টকা ব্যয় কৰিছে ব্ৰেণ্ড নির্মাণৰ স্বাৰ্থত৷

আপোনাৰ মনোজগতত প্ৰভাৱ বিস্তাৰৰ সক্ষমতা ৰখা বিজ্ঞাপনৰ পৰা শ্বপিং মলৰ বিক্রী সহায়কজন অথবা আপোনাৰ প্ৰিয় দোকানখনৰ দোকানীজনৰ মধুৰ ব্যৱহাৰলৈকে সকলোবোৰ এই ব্যৱস্থাৰে অংশ৷ যি ব্যৱস্থাই কৌশলপূৰ্ণভাবে একোটা সামগ্ৰী আপোনাৰ ওচৰত গুৰুত্বপূৰ্ণ কৰি তুলি সেই সামগ্ৰীবিধৰ পৰা নিজকে বঞ্চিত কৰিব নোৱৰা পৰ্যায় এটালৈকে আপোনাৰ মনটোক প্ৰৰোচিত কৰে৷ কিমান শক্তিশালী এই ব্ৰেণ্ডিং সেই ধাৰণাটো মোৰ আৰু দৃঢ় হ’ল ‘ব্ৰেণ্ড গুৰু’ মাৰ্টিন লিণ্ডষ্ট্ৰম (Martin Lindstrom)ৰ ‘ব্ৰেণ্ডৱাছ - ট্ৰিকছ কম্পেনিজ ইউজ টু মেনুপুলেট আৱাৰ মাইণ্ড এণ্ড পাৰছুৱেড আছ টু বাই’ খন পঢ়াৰ পিচত৷ মাৰ্টিন লিণ্ডষ্ট্ৰম, যাক ২০০৯ চনত ‘টাইম’ আলোচনীয়ে বিশ্বৰ ১০০ জন আটাইতকৈ বেছি প্ৰভাৱশালী ব্যক্তিৰ এজন বুলি চিহ্নিত কৰিছিল৷ বহু বিশ্ববিখ্যাত কোম্পানীয়ে তেওঁলোকৰ ব্ৰেণ্ডবোৰৰ গুৰুত্ব জনমানসত বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ লয় এই লিণ্ডষ্ট্ৰমৰ৷


আপোনাৰ বিত্তীয় স্বাস্থ্য ভালে ৰখাৰ স্বাৰ্থত আপুনি নিজে এজন বিবেচকী ক্রেতা হোৱাটো অপৰিহাৰ্য৷ কিন্তু তাকে হ’বলৈ যাওঁতে আপোনাক প্ৰয়োজন হ’ব কোম্পানীবোৰে ব্ৰেণ্ডিঙৰ উদ্দেশ্যে পতা ‘ছিটিকা’বোৰৰ বিষয়ে জনাটো৷ যাতে নিজৰ প্ৰয়োজনলৈ লক্ষ্য ৰাখি ক্রয়ৰ সিদ্ধান্ত ল’ব পাৰে৷ লিণ্ডষ্ট্ৰমে তেওঁৰ কিতাপখনৰ এঠাইত কৈছে যে শিশু সামগ্ৰী তৈয়াৰ কৰা কোম্পানীবোৰে বিক্রীৰ স্বাৰ্থত লক্ষ্য কৰি লয় মাতৃৰ মমতাক৷ সাধাৰণতে বোলে দেউতাকৰ তুলনাত মাকৰ মনত সন্তানক প্ৰয়োজনীয় সামগ্ৰী দিব নোৱৰাৰ ভয় আৰু অপৰাধবোধে বেছি ক্রিয়া কৰে৷ বিশেষকৈ নতুন মাকসকলক৷ যি কথা খুব ভালদৰে বুজি পায় শিশু সামগ্ৰী তৈয়াৰ কৰা কোম্পানীবোৰে৷ আনফালে বেমাৰ আজাৰৰ প্ৰতি থকা আমাৰ সহজাত ভয়কো বীজাণুনাশকৰ প্ৰস্তুতকৰ্তাই খুব ভালদৰে জানে৷ প্ৰায়ে দ্ৰব্যৰ প্ৰকৃত সামৰ্থতকৈ কেইবাখোজো আগুৱাই বিজ্ঞাপনবোৰ আকৰ্ষণীয়ভাবে নিৰ্মাণ কৰা হয় যাতে আমি সেই দ্ৰব্যৰ শৰণাপন্ন হওঁ৷

সৰুতে ভাবিছিলো শীতল পানীয় গৰমৰ দিনতহে খায়৷ স্বাস্থ্যৰ বাবে কোনো উপকাৰী উপাদান নথকা অথচ জনপ্ৰিয় কিছুমান পানীয়ক আমাৰ জীৱনত কেনেদৰে ঠাণ্ডাকালিও প্ৰাসংগিক কৰি তোলা হৈছে, তাক উপলব্ধি কেতিয়াবা কৰিছেনে? কিন্তু আপুনি ভুলতো নাভাবিব যে এইবোৰ এনেয়ে আপোনা আপুনি হৈছে৷ কেনেধৰণৰ গৱেষণাসমৃদ্ধ চিন্ত-চৰ্চাৰে একোটা দ্ৰব্যক ক্রেতালৈ আগবঢ়াই দিয়া হয়, লিণ্ডষ্ট্ৰমৰ কিতাপখনৰ পৰা তাৰে এটা উদাহৰণ উল্লেখ কৰিলো৷ এক্স (AXE) নামৰ পুৰুষৰ ব্যক্তিগত যতন (পাৰ্ছনেল কেয়াৰ) সামগ্ৰীৰ ব্ৰেণ্ডটোক চিনাকি কৰাই নিদিলেও হ’ব কিজানি৷ উৎকট যৌনগন্ধী বিজ্ঞাপনেৰে আপোনাক পৰিয়ালৰ লগত একেলগে টিভি চাওঁতে অস্বস্তিত পেলোৱা ইউনিলিভাৰ (ভাৰতত হিন্দুস্তান লিভাৰ) কোম্পানীৰ ব্ৰেণ্ড বিশেষজ্ঞসকলৰ কিন্তু এইবোৰ একো নভবাকৈ কৰা অবিবেচকী কৰ্মকাণ্ড নহয়৷ নিশ্চয়কৈ এয়া মূল্যবোধৰ দৃষ্টিকোণৰ পৰা নহয়, লক্ষ্যত থকা গ্ৰাহকৰ মগজুত বাহ সাজি এক্সৰ দ্ৰব্যই বজাৰ অংশ অধিকাৰ কৰাত অৰিহণা যোগাবলৈ কৰা গৱেষণাৰ ফচল হৈছে এই বিজ্ঞাপনলানি৷ ইউনিলিভাৰে পৃথিৱীৰ বিভিন্ন ঠাইৰ ১৫ বছৰৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ ১২ হেজাৰ চেঙেলীয়া ল’ৰা আৰু বয়স্ক মানুহৰ মাজত এটা সমীক্ষা চলাইছিল৷ সেই সমীক্ষাৰ পৰা এক্সৰ দলটোৱে উপলব্ধি কৰা এটা গুৰুত্বপূৰ্ণ তথ্য হ’ল যে মতা মানুহৰ উদ্ভট কপ্লনা (ফেন্টাচি) মাত্ৰ এগৰাকী নাৰীতে সীমাবদ্ধ নাথাকে, বহু নাৰী বিদ্যমান৷ এই তথ্যটোৱেই আছিল এক্স ব্ৰেণ্ড তৈয়াৰ কৰিবলৈ যাওঁতে পোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমল৷ ইয়াৰ পিচত বহুতো পানশালাত শেষ নিশালৈকে পুৰুষৰ কৰ্মকাণ্ড লক্ষ্য কৰি তেওঁলোকে পুৰুষক ছটা ভাগত ভগালে৷ তাৰে কোনকেইটা ভাগৰ পুৰুষ এক্সৰ লক্ষ্য হ’ব তাক থিৰাং কৰা হ’ল৷ ইয়াৰ পিচত পুৰুষৰ উদ্ভট কপ্লনাক লক্ষ্য কৰি প্ৰস্তুত হ’ল বিজ্ঞাপন৷ দেখুওৱা হ’ল এক্স ব্যৱহাৰ কৰিলে কেনেকৈ বহু নাৰী একেলগে আকৰ্ষিত হয়! মোৰ উদ্দেশ্য এই ব্ৰেণ্ডক প্ৰশংসা বা সমালোচনা কৰাটো নহয়৷ মই মাত্ৰ ক’ব খুজিছো বিক্রেতাই কোনটো পৰ্যায়লৈকে আপোনাক নিৰীক্ষণ কৰে আৰু সন্মোহিত কৰাৰ চেষ্টাত অকণো ত্ৰুটি নাৰাখে যাতে তেওঁলোকৰ সামগ্ৰী আপুনি ব্যৱহাৰ কৰিবলৈ বাধ্য হয়৷ ঠিক একেদৰে ৰাজকীয়তাৰ প্ৰতি থকা আপোনাৰ আকৰ্ষণ, অতীতক ঘূৰাই পোৱাৰ হাবিয়াহ, সমপৰ্যায়ৰ লোকৰ লগত কৰা তুলনাৰ পৰা অহা মানসিক চাপ আদি সকলোবোৰ তথ্যৰে সমৃদ্ধ বিক্রেতাসকল৷

‘অমুক শতাংশ পৰ্যন্ত ৰেহাই’ শীৰ্ষক বিজ্ঞাপনে বহু মানুহক চুম্বকৰ দৰে টানি নিয়ে, সাধাৰণতে অতি দামী বুলি এৰাই চলা সামগ্ৰীবোৰৰ কাষলৈ৷ বহুতৰে বাবে আকৌ সেয়াই আৰম্ভণি ব্ৰেণ্ড আসক্তিৰ৷ বজাৰ কৰাত আসক্ত ব্যক্তি (Shopaholic) এজনৰ অবিবেচকী ক্রয়বোৰে তেওঁৰ ব্যক্তিগত বিত্তীয় অৱস্থাত বিৰূপ প্ৰভাৱ পেলোৱাটো খাটাং৷ কিন্তু আন নিচাৰ আসক্তিৰ দৰেই ইয়াৰ পৰাও মুক্তি পোৱাটো ইমান সহজ নহয়৷ লিণ্ডষ্ট্ৰমে তেওঁৰ কিতাপখনৰ এঠাইত উল্লেখ কৰিছে যে এটা চাৰি বছৰযোৰা জাৰ্মান অধ্যয়নৰ মতে বজাৰ কৰাৰ নিচাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল ক্রেতাই বিক্রেতাৰ পৰা পোৱা সন্মানসূচক ব্যৱহাৰ৷ বিক্রেতাৰ চাটুক্তি, হাঁহি আৰু ৰাজকীয় মৰ্যদা প্ৰদানে ক্রেতাৰ আত্মভিমানত মালিছৰ দৰে ক্রিয়া কৰে৷ ক্রেতাই যদিও সঠিকভাবে বুজি পায় যে বিক্রীৰ স্বাৰ্থতেই এই সকলোবিলাক, তথাপি তেওঁৰ অৱচেতন মনে কিন্তু এই সন্মান উপভোগ কৰি আনন্দ পায়৷ সেয়ে নিজে কব নোৱৰাকৈয়ে বোলে তেওঁ পুনৰবাৰ বজাৰমুখী হয় সেই আনন্দৰ সন্ধানত৷ সন্মান প্ৰাপ্তিৰ আনন্দ উপভোগক উপেক্ষা কৰা কি ইমান সহজ?
-----------------------------------------------------------------------------
লেখক গুৱাহাটীত অৰ্থনৈতিক পৰামৰ্শদাতা ৰূপে কৰ্মৰত, দূৰভাষ--৯৯৫৪০৬২০৯৫
(লেখাটি 'অসমীয়া প্ৰতিদিন' কাকতত ২০১৪ চনৰ ৮ মে’ তাৰিখে প্ৰকাশ পাইছিল)

No comments:

Post a Comment