সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ই-আলোচনীৰ প্ৰকাশ প্ৰতিযোগিতাৰ সামগ্ৰী নহওক
পল্লৱ কুমাৰ নাথ, নগাঁও


সম্প্ৰতি দেখিবলৈ পাইছো যে অসমীয়া সাহিত্যত ইখনৰ পাছত সিখনকৈ ই-আলোচনী সংযোগ হৈ আছে৷ অসমীয়া সাহিত্যৰ একাংশ অনুৰাগীয়ে ই-আলোচনীৰ প্ৰস্তুত আৰু প্ৰকাশ কৰি লেখক-পাঠক সকলোৰে উপকাৰ কৰাৰ লগতে অসমীয়া ই-সাহিত্যলৈ যথেষ্ঠ অৱদান আগবঢ়াই আহিছে ৷ প্ৰতিষ্ঠিত লেখকৰ লগতে নতুন লেখাৰুৰ লেখা প্ৰকাশ কৰি পাঠকক সাহিত্যৰ সোৱাদ লাভ কৰাত সহায় কৰাৰ লগতে ন-লেখাৰুক সাহিত্য চৰ্চাৰ একো একোখন ক্ষেত্ৰ প্ৰদান কৰি আহিছে৷ এতিয়া কথা হ'ল- ই-সাহিত্যক প্ৰতিযোগিতাৰ সামগ্ৰী বুলি ভাৱি ভুল কৰা হৈছে নেকি? একোখন ই-আলোচনী প্ৰকাশ কৰাৰ পাছত সেই আলোচনী খনৰ প্ৰতিদ্বন্দিতা কৰিবলৈ গৈ এচামে অন্য এখন আলোচনী প্ৰকাশ কৰিবলৈ লোৱা দেখা গৈছে৷

ই-আলোচনীৰ সংখ্যা
বৃদ্ধি পোৱাটো অতি আনন্দ ও আশাৰ কথা কিন্তু ই-আলোচনী এখন প্ৰস্তুত কৰি এটা বা দুটা সংখ্যা প্ৰকাশ কৰাৰ পাছত বিভিন্ন অজুহাত দেখুৱাৰ বন্ধ কৰি বা প্ৰকাশ নকৰাকৈ থকাতো অতিশয় লাজৰ বিষয় বুলি ধাৰণা হয় ৷ শেষত কব খোজো যে প্ৰতিযোগিতা বা প্ৰতিদ্বন্দিতা কৰিবলৈ গৈ ই-আলোচনী প্ৰকাশ নকৰি আন আন ই-আলোচনী সমূহলৈ সহায়ৰ হাত আগৱঢ়ায় অসমীয়া ই-সাহিত্যৰ ভড়াল টনকিয়াল কৰাটোহে বুদ্ধিমানৰ কাম বুলি বিবেচিত হব ৷

No comments:

Post a Comment