পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি পালিত হৈছে বিশ্ব ৰক্তদান দিৱস। ৰক্তদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবেই এই দিৱস প্ৰতি বছৰেই ১৪জুন তাৰিখে পালন কৰা হয়। প্ৰতিদিনেই কেৱল গুৱাহাটীতে গড়ে ৩৮০ ইউনিট ৰক্তৰ প্ৰয়োজন হয় আৰু তাৰে ভিতৰত প্ৰায় ১০শতাংশৰ প্ৰয়োজন পূৰণ নহয়। এই সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনেও স্বেচ্ছাসেৱী ৰক্তদাতাৰ সুবিধা হোৱাকৈ এটি ৱেবচাইটো মুকলি কৰা বুলি দৈনিক অসম কাকতে বাতৰি প্ৰকাশ কৰিছে।

২. ভাৰতীয় খাদ্য নিগমৰ শিক্ষামূলক ন্যাসৰ ফালৰ পৰা অসমীয়া বিষয়ক সৰ্বাধিক নম্বৰ লাভ কৰা আৰু অসমীয়া মাধ্যমৰ পৰা স্থানপ্ৰাপ্ত কৰা
খাদ্য নিগমত কৰ্মৰত শ্ৰমিক, কৰ্মচাৰী, বিষয়াৰ সন্তান সকললৈ ১৯৯৭চনৰ পৰা নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰি অহাৰ দৰে এইবৰ্ষও ইয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। এই পুৰস্কাৰ সমূহ অহা নৱেম্বৰ মাহত অনুষ্ঠিত হব লগা সদৌ অসম কেন্দ্ৰীয়-অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ অধিৱেশনতে প্ৰদান কৰা হব।

৩. "ইন’ভেট ফৰ ডিজিটেল ইণ্ডিয়া চেলেঞ্জ” প্ৰতিযোগিতাখনি গুৱাহাটীত যোৱা ৮জুনত মুকলি কৰে অসমৰ শিক্ষামন্ত্ৰী শৰত বৰকটকীয়ে। প্ৰযুক্তিগত উদ্ভাৱন তথা ঘৰুৱ প্ৰযুক্তি ভিত্তিক উদ্ভাৱকক প্ৰেৰণা যোগাবলৈ অসম ইলেক্ট্ৰনিকছ উন্নয়ন নিগমৰ সহযোগত আই.আই.এম আহমেদাবাদ আৰু ইণ্টেলে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে।

৪. গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত ১০৮৮টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, শুধৰণি আৰু নাম স্থানান্তৰৰ দাবী আৰু আপত্তি গ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। এই আপত্তি সমূহ ৰাইজে ওচৰৰ ভোটগ্ৰহণ কেন্দ্ৰতে দাখিল কৰিব পাৰিব বুলিও জানিব পৰা গৈছে।

৫. অসম লোকসেৱা আয়োগৰ পৰীক্ষা পদ্ধতিৰ সংস্কাৰ সাধানৰ বাবে ৰাজ্য চৰকাৰে আই.এ.এছ বিষয়া মদন প্ৰসাদ বেজবৰুৱাক লৈ গঠন কৰি দিয়া কমিটীখনে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰাও পৰামৰ্শ লব বুলি সুখবৰ প্ৰকাশ পাইছে। লোকসেৱা আয়োগৰ সদস্য বাছনিৰ ক্ষেত্ৰতো এই কমিটিয়ে পৰামৰ্শৱলী আগবঢ়াব বুলিও বাতৰি প্ৰকাশ পাইছে।

৬. ভাৰতত বন্ধ হৈ থকা ৮টা ৰে’লপথ পুনৰ মোডী চৰকাৰে মুকলি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এনে প্ৰেক্ষাপটত এছিয়ান ৰে’ল নেটৱৰ্ক স্থাপনৰ বাবে বাংলাদেশৰ ছিলেটৰ কুলাউৰা আৰু কৰিমগঞ্জৰ মহিশাসন ৰে’লপথটো মুকলি কৰা হব বুলিও প্ৰকাশ পাইছে। ভাৰতীয় এক্সিম বেংকৰ লাইন অৱ ক্ৰেডিটৰ ৬৭৮কোটি টকা ব্যয় কৰি আঞ্চলিক বাণিজ্য বৃদ্ধি কৰিবলৈ এই ৰে’লপথ নিৰ্মাণ আৰু মুকলিৰ ব্যৱস্থা হব বুলি মোডীৰ সৈতে চুক্তি হোৱাৰ কথা বাংলাদেশৰ ৰেল মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

৭. কামৰূপৰ বেজেৰাৰ শংকৰদেৱ জাতীয় বিদ্যালয়লৈ পাঁচ লাখ টকাৰ বৰঙণি আগবঢ়ালে প্ৰাক্তন শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৭০ গৰাকী কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালেও সম্বৰ্ধনা জ্ঞাপন কৰে। দ্বিতীয় স্থান প্ৰাপ্ত মৃদুল শৰ্মাৰ বাবে নেমকেয়াৰৰ ফালৰ পৰা দুই লাখ টকা আগবঢ়াব বুলিও ঘোষণা কৰাৰ সুখবৰ।

৮. ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ দ্বাৰা আয়োজিত সম্বৰ্ধনা সভাত ধেমাজি জিলাৰ ভিতৰত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সৰ্বোচ্চ দহটা স্থান লাভ কৰা মুঠ ৪০গৰাকীলৈ পাঁচ হাজাৰ টকাকৈ দুই লাখ টকা চেক যোগে প্ৰদান কৰে স্থানীয় বিধায়িকা তথা মন্ত্ৰী সুমিত্ৰা পাতিৰে। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা জিলাখনৰ শিক্ষাৰ্থীজনক সতীশ চন্দ্ৰ গগৈ সোঁৱৰণী বঁটা আৰু নগদ দহ হাজাৰ টকাও প্ৰদান কৰা হয়।

৯. কণ্টেম্পৰেৰী আৰ্ট গ্ৰুপ নামৰ অনুষ্ঠানটোৱে ১৫জুনৰ পৰা ছদিনীয়াকৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰাংগণত থকা ৰাজ্যিক কলা বীথিকাত কমল কুমাৰী ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিল্পী শিৱপ্ৰসাদ মাৰাৰ এক চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনীৰ আয়োজন কৰিছে। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব বিশিষ্ট শিল্পী বেনু মিশ্ৰই।

১০. ছাফ গেমছৰ তাৰিখ চূড়ান্ত কৰাৰ বাবে অহা ১জুলাইত ভাৰতীয় অলিম্পিক সন্থাৰ উদ্যোগত যোগদানকাৰী ৮খন দেশৰ প্ৰতিনিধি মিলিত হব। কেন্দ্ৰৰ খৰছত শ্বিলং আৰু গুৱাহাটীত সম্ভৱত অহা নৱেম্বৰ বা ডিচেম্বৰত ছাফ গেমচ অনুষ্ঠিত হব। ২৩বিধ খেল সামৰি লব লগা ১২ দিনীয়া ক্ৰীড়া সমাৰোহৰ উদ্বোধনী আৰু সামৰণী অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হ’ব।

No comments:

Post a Comment