হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. মোদী চাৰ বাংলাদেশলৈ যোৱা বিষয়টোত আমাৰ কনপোনা গগৈয়ে একো মন্তব্য নিদিয়াত সচেতন নাগৰিক সন্থাই আশ্চৰ্য প্ৰকাশ কৰিছে। এনেকৈ ৰাইজক মাজে মাজে মনোৰঞ্জন নিদিয়াকৈ মুখ বন্ধ কৰি বহি থকাতো ৰাইজৰ দৰমহা খোৱা গগৈৰ বাবে শোভা নাপায় বুলিও সন্থাই আঙুলিয়াই দিছে।

 ২. অসম আৰু পশ্চিমবংগৰ মাটি বাংলাদেশক দিয়াৰ ফলত অসমৰ কি কি লাভ হ’ল তাকে লৈ অসমীয়া মায়ঙৰ বেজে নখ বাচনি মাৰিও একো উলিয়াবলৈ সফল নোহোৱাৰ দুখজনক বাতৰি। ইফালে গুজৰাটৰ মুকেশভাই আৰু আদানীনন্দনে তাৰ বিনিময়ত বিশেষ টকা-ঘটা অঞ্চলৰ সুবিধাৰে মাটি লাভ কৰাত সদৌ গুজৰাটী কল্যাণ সংঘই ন-দিনীয়াকৈ আবতৰীয়া দাণ্ডিয়া উছৱ পালন কৰাৰ খবৰটোও নখ বাচনিত ধৰা নপৰাত সদৌ অসম অন্ধবিশ্বাসী নাগৰিক সংঘই উদ্বেগ প্ৰকাশ কৰিছে।

৩. চেলফি ফটোৰ জমানাত, বৃদ্ধোজ্বল ভট্টৰ মন্দিৰত সেৱাৰত ফটোহে ৰাইজে পেপাৰ আৰু চ’ছিয়েল চাইটত আপলোড কৰি প্ৰশ্ন তোলাক লৈ ভট্ট ফেন ক্লাৱৰ খঙ উঠাতো স্বাভাৱিক বুলি স্পষ্ট কৰি দিছে সদৌ নাঙলটনা কৃষক সংঘই। ভক্তিভাৱেৰে উপবাস খাটি সেৱা কৰা ফটো লাগিলে যিমানেই বিতৰ্কিত নহওক কোনো কাৰণতে ধৰ্মীয় অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি সেই বিষয়ত প্ৰশ্ন উত্থাপন কৰা নচলিব বুলি ভট্ট ফেন ক্লাৱে সঁকিয়নী প্ৰদান কৰাৰ গৰম খবৰ!

৪. কিমান অনুপাতত কেন্দ্ৰ পৰা গগৈ বাহিনীয়ে ধন পাইছে তাকে লৈ চপৰা দলিওৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰাক লৈ সদৌ অসম আচল কাম দাবী কৰা নাগৰিক সংঘই উদ্বেগ প্ৰকাশ কৰিছে। পইচা যিমানেই নাহক, তাৰে কিমান শতাংশ, কিমান অনুপাতত তৃণমূলৰ পৰা দিছপুৰলৈ ভক্ষণ কৰিছে সেই তথ্যহে আজি বেছি গুৰুত্বপূৰ্ণ বুলিও সংঘই স্পষ্ট কৰি দিছে।

৫. সদৌ অসম আৰ.টি.আই কৰি খোৱা কৰ্মী সংঘই বিশেষ অধিৱেশনৰ আয়োজন কৰিছে। এই অধিবেশনতে লোকসেৱা আয়োগৰ খেলিমেলিৰ শুভক্ষণত ব্লেকমেইলিঙৰ এশ এটা দুষ্ট-বুদ্ধি বিষয়ক এখনি কৰ্মশালাও আয়োজন কৰাৰ গোপন খবৰ।

৬. অসমৰ চুকে-কোণে বানপানীত মানুহ-দুনুহ উটি যোৱাতো কোনো গুৰুত্বপূৰ্ণ কথা নহয়, উদ্বেগ প্ৰকাশ কৰিব লগা কথা নহয়! তাৰ বিপৰীতে ম্যানমাৰত চলোৱা হত্যালীলাক লৈ হিপ-হিপ হুৰে কৰাত গুৰুত্ব দিলেহে আজি ভাৰতীয় চ’ছিয়েল মেডিয়াত অতিভক্তি পুৰস্কাৰ লাভ কৰিব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে। সেই দিশটোলৈ লক্ষ্য ৰাখিয়ে সচেতন তেলফটা অতিদেশভক্ত সন্থাই হিপ-হিপ হুৰেইৰ বান আনি দেশৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰাৰ প্ৰচেষ্টা চলোৱা বুলিও সামাজিক গৱেষণা প্ৰতিষ্ঠানে সদৰী কৰিছে।

৭. “কইনাধৰাত ছাতি ধৰিবলৈ হিমুবাবা” নামৰ এখন নতুন প্ৰত্যাবৰ্তনমূলক নাটক লিখি উলিয়াইছে অসমৰ দ্ৰুততম নাটক লিখোতা অবিজিত ভট্টই। এই সামাজিক-ৰাজনৈতিক নাটকখনৰ ঠিক আগে আগে “বিসম্বাদীৰ উভোতগোৰ” নামৰ নৃত্য-নাটিকাখনিৰো মঞ্চায়ন কৰা হব বুলিও নাট্যকাৰে প্ৰকাশ কৰিছে।

৮. “জাতীয়তাবাদৰ পৰা ৰাষ্ট্ৰবাদলৈ পাভলুটি” শীৰ্ষক এখনি সাময়িক দলিল লিখি উলিয়াইছে অসমৰ এগৰাকী বিশিষ্ট সমালোচক ডঃ বিশ্লেষক মহন্তই। চান্দাবাদ এৰি কেনেকৈ ৰাজনৈতিক ধাণ্ডাবাজলৈ এচাম নেতাই নিলাজৰ দৰে পৰিবৰ্তিত হৈছে তাকেই সমালোচকজনে বিশ্লেষণ কৰি দেখুৱাইছে। অৱশ্যে আগন্তুক বিধান সভাৰ টিকেটৰ ওপৰতে পুনৰ জাতীয়তাবাদী চান্দাবাদ জাগ্ৰত হোৱাৰ সম্ভাৱনাকো মহন্তদেৱে অস্বীকাৰ কৰিব পৰা নাই বুলিও প্ৰকাশ পাইছে।

৯. অসমত চলি থকা বিভিন্ন অনিয়ম, দুৰ্নীতি, স্থবিৰ উন্নয়ন, মূল্যবৃদ্ধি, অনশন, বান আদিলৈ চকু মুদি নেদেখাকৈ থাকিবলৈ কি উপায় ৰসাল গগৈয়ে অৱলম্বন কৰিছে তাকে লৈ গৱেষণা কৰিবলৈ আগবাঢ়ি আহিছে লেটিন-আমেৰিকা গৱেষক সংস্থা। এওঁ চকুম-মুদা কুলি, সম্ৰাট নিৰো নে নিবোকা হিৰো নে অজলা ককাইৰ ভাও দিয়া সুদক্ষ অভিনেতাহে তাকেই সংস্থাটোৰ গৱেষক সকলে নিৰ্ণয় কৰিব বুলিও গুজৱ ওলাইছে।

১০. “যেনেতেনে ২০১৬” নামৰ এখনি ভিচিডি নিৰ্মাণ কৰি উলিয়াইছে কইনাধৰা প্ৰডাকচনে। চকুপানী টুকা ডেকাৰ কাহিনীৰ সৈতে ধন খাই গেৰেলা হোৱা শিলাকাৰ হুছেইন, বাটাৰ লগোৱাত সিদ্ধহস্ত দত্ত আদি বিশিষ্ট অভিনেতা সকলে এই ভিচিডিত তামাম অভিনয় কৰা বুলিও খবৰ ওলাইছে। ৰাইজক ভুৱা প্ৰতিশ্ৰুতি, ভুৱা বিকাশৰ কাহিনীৰে মুৰ্খ সজোৱাই এই ভিচিডিৰ মুখ্য উদ্দেশ্য বুলিও কইনাধৰাৰ দ্বাৰোৱান সচেতন হাজৰিকাই আমাক এচ.এম.এছ যোগে জনাইছে।

No comments:

Post a Comment