পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This


আজিৰ ভাল খবৰবোৰ
১. ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কালি প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা বাংলাদেশ ভ্ৰমণৰ কালচোৱাত ২২খনকৈ বাণিজ্য আৰু সহযোগিতাৰ চুক্তি স্বাক্ষৰ হোৱাৰ সুখবৰ। ভূমি হস্তান্তৰ চুক্তিৰ সফল সমাপণ হোৱাৰ লগতে গুৱাহাটীত বাংলাদেশৰ মিছন কাৰ্যালয় স্থাপন হব বুলিও বাতৰি প্ৰকাশ পাইছে। খুলনা আৰু ছিলেটত ভাৰতীয় মিছন কাৰ্যালয় স্থাপনৰ বাবে সন্মতি প্ৰদানৰ সৈতেই প্ৰকাশ পাইছে ৰিলায়েঞ্চ আৰু আদানীয়ে বাংলাদেশত বিদ্যুত শক্তি প্ৰকল্পৰ বাবে বিনিয়োগৰ কথা ঘোষণা কৰাৰ বাতৰিও।

২. কালি বিয়লি পাঁচ বজাত গুৱাহাটীৰ ৰূপনাথ ব্ৰহ্ম আন্তঃ ৰাজ্যিক বাছ আস্থানত গুৱাহাটী-ঢাকা নিয়মীয়া বাছ সেৱাৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। বাংলাদেশৰ পৰা এই সেৱা উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈধ উপায়েৰে অহা যোৱা কৰি দুয়ো দেশৰ মাজত ব্যৱসায় বাণিজ্য সুগম কৰাৰ লক্ষ্যৰেই এই বাছ সেৱা আৰম্ভ কৰিবলৈ লোৱা হৈছে।

৩. দলীয় স্থিতিৰ বিপৰীতেও সৱল স্থিতি গ্ৰহণ কৰি অসমীয়াৰ সংজ্ঞা নিৰূপণৰ প্ৰতিবেদন অসম বিধান সভাৰ সম্পত্তি ৰূপে দাখিল কৰা অসম বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈক কালি আঠোটাকৈ জনগোষ্ঠীয় সাহিত্য সভাই বিধান সভাৰ চেণ্ট্ৰেল হলত সম্বৰ্ধনা জনায়। বড়ো, কাৰ্বি, মিচিং, ডিমাচা, ৰাভা, তিৱা, গাৰো আৰু দেউৰী সাহিত্য সভাই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খিলঞ্জীয়া জনজাতি সমূহৰ ১০মে’ৰ অভিবৰ্তনত গৃহীত প্ৰস্তাৱ মৰ্মে অসম চুক্তিৰ ছয় নং দফাৰ “অসমীয়া” শব্দটোৰ সলনি “খিলঞ্জীয়া জনজাতি আৰু খিলঞ্জীয়া অসমীয়া” কৰাৰ বাবে এক স্মাৰক পত্ৰও প্ৰদান কৰে।

৪. সদৌ অসম ছাত্ৰ সন্থাই এইবাৰৰ হাইস্কুল, হাই মাদ্ৰাছাৰ লগতে উচ্চতৰ মাধ্যমিকৰ ফলাফলত স্থান লাভ কৰা সকলক অহা ৯জুনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত বিশেষভাৱে অভিনন্দন জনাব। এই অনুষ্ঠানত দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা পদ্মশ্ৰীৰে সন্মানিত ডঃ দীনেশ সিং আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰ’ উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে অংশগ্ৰহণ কৰিব।

৫. কাইলৈ গুৱাহাটী আই আই টিত অনুষ্ঠিত হব ১৭সংখ্যক সমাবৰ্তন অনুষ্ঠান। এই অনুষ্ঠানত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ মন্ত্ৰী স্মৃতি ইৰাণীৰ উপৰিও অসমৰ ৰাজ্যপাল উপস্থিত থাকিব।

৬. চৰকাৰী হাস্পতালত ঔষধ মজুত আছেনে নাই সেইকথা ৰাইজে জানিব পৰাকৈ “ড্ৰাগছ ষ্টক এভেইলেবিলিটি ইনফৰমেশ্যন ছিষ্টেম” নামৰ এটা অনলাইন পদ্ধতি কালি উন্মোচন কৰিলে অসমৰ স্বাস্থ্যমন্ত্ৰী নজৰুল ইছলামে।

৭. অহা ১৩ আৰু ১৪জুনত জিৰচং থিয়েটাৰে স্বয়ম মহিলা নাট সমাৰোহ শীৰ্ষক এখনি মহিলা ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰিছে। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত প্ৰতিদিনে দুখনকৈ নাটৰ লগতে একোখনিকৈ চোতাল নাট নিবেদন কৰা হব। অনুষ্ঠান উদ্বোধন কৰিবহি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

৮. জিৰচং থিয়েটাৰে অহা ১২ জুনত ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত দিনৰ ১২-৩০বজাত আয়োজন কৰিছে এখনি নাৰী সন্মিলন আৰু এটি বক্তৃতানুষ্ঠানৰ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যাপিকা, সংগীত-নাটক অকাডেমী বঁটা বিজেতা, নাট পৰিচালিকা ত্ৰিপুৰাৰী শৰ্মাই “ভাৰতীয় মহিলা পৰিচালিকাৰ নাটঃ সংঘাত আৰু প্ৰাপ্তি” সম্পৰ্কত ভাষণ প্ৰদান কৰিব।

৯. নলবাৰী জিলাৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান সমন্বয় মঞ্চই আগবঢ়াই অহা সমন্বয় বঁটা কালি ঘগ্ৰাপাৰত অনুষ্ঠিত সভাত এই বৰ্ষৰ বাবে বিশিষ্ট সাহিত্যিক শশী শৰ্মাক প্ৰদান কৰা হয়। তেখেতৰ আদৰ্শইহে তেখেতেক জীয়াই ৰাখিছে বুলিও বঁটাপ্ৰাপকে ভাষণ প্ৰসংগত মত প্ৰকাশ কৰে।

১০. নাজিৰা নগৰ মহিলা সমিতিৰ উদ্যোগত কালি আয়োজিত এখন বিশেষ সম্বৰ্ধনা সভাত এলি আহমেদৰ সম্পাদনাত প্ৰকাশ পোৱা “ওৰণি”ৰ মহিলা অধিবক্তা জীৱনপঞ্জী সংখ্যা উন্মোচন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে।

No comments:

Post a Comment