পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. অসমৰ ৪৫তম মুখ্য সচিব হিচাবে কালি জ্যেষ্ঠ প্ৰশাসনিক বিষয়া বিনোদ কুমাৰ পিপাৰচেনিয়াই কাৰ্যভাৰ গ্ৰহণ কৰে। অসম সচিবালয়ত অৱসৰ গ্ৰহণ কৰা বিদায়ী মুখ্য সচিব জিতেশ খোছলাৰ পৰা তেখেতে দ্বায়িত্ব গ্ৰহণ কৰে।

২. কাইলৈ অসমৰ হাইস্কুল আৰু হাইমাদ্ৰাছা সমূহৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব বুলি ছেবা অধ্যক্ষ মীনাক্ষি সুন্দৰমে প্ৰকাশ কৰিছে। দিনৰ ১০বজাত সকলো জিলা আৰু মহকুমা সদৰৰ লগতে বেৱচাইটতো ফলাফল প্ৰকাশৰ দিহা কৰা হৈছে বুলিও জানিব পৰা গৈছে। পিছে মাৰ্কশ্বট সমূহ দহদিনৰ পাছতহে শিক্ষাৰ্থীয়ে লাভ কৰিব বুলিও ছেবাই প্ৰকাশ কৰিছে।

৩. জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় নগৰ নবীকৰণ মিছনৰ অধীনৰ দুখনকৈ আঁচনি ক্ৰমে বেছিক ছাৰ্ভিচেজ টু দ্য আৰ্বান প’ৰ আৰু ইণ্টিগ্ৰেটেড হাইছিং এণ্ড শ্লাম ডেভেলপমেণ্ট প্ৰগামৰ সময়সীমা কেন্দ্ৰীয় চৰকাৰে পুনৰ দুবছৰ বৃদ্ধি কৰাৰ সুখবৰ। অসমতো কেইবা কোটি টকাৰ প্ৰকল্প এই আঁচনি দুখনৰ অধীনত চলি থকা বুলিও প্ৰকাশ পাইছে।

৪. সাহিত্যসূৰ্য লুম্মেৰ দাইৰ ৭৬সংখ্যক জন্ম-জয়ন্তী আজি দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাই অৰুণাচলৰ পাছীঘাটৰ চেণ্ট্ৰেল চলং গ্ৰাউণ্ডত উদযাপন কৰিছে। উক্ত উদযাপনতে “সধয়াপুৰৰ সোণৰ মেকুৰী” নামৰ উপন্যাসৰ বাবে বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক দিলীপ বৰাক “সাহিত্যসূৰ্য লুম্মেৰ দাই” বঁটা প্ৰদান কৰা হব।

৫. আৰ্থিক অভাৱৰ মাজতো নিৰন্তৰ সাধনা আৰু অধ্যৱসায়ৰ দ্বাৰা উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দশম স্থান অধিকাৰ কৰা লখিমপুৰৰ লালুক বাৰমাইলৰ পাপৰি বৰাৰ উচ্চ শিক্ষাৰ দ্বায়িত্ব গ্ৰহণ কৰিলে “প্ৰতিদিন গোষ্ঠী”ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই। “প্ৰতিদিন টাইম”ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ উপস্থিতিত হেমকোষ অভিধান উপহাৰ দি প্ৰথমে কটন কলেজ, তাৰ পাছত দিল্লী আৰু তাৰ পৰা বিদেশত পঢ়াৰ বাবে মন বান্ধিবলৈ আহ্বান জনাই পাপৰিৰ দ্বায়িত্ব জয়ন্ত বৰুৱাই আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰাৰ সুখবৰ।

৬. মাজুলীৰ গড়মূৰ সত্ৰৰ নতুন ডেকা সত্ৰাধিকাৰ ৰূপে ১৬বছৰীয়া প্ৰবীণ গোস্বামীক সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে আদৰি অনাৰ বাতৰি। নাৰায়ণপুৰৰ বৰপথাৰ চেঙেলিজানৰ পৰা সত্ৰৰ ব্যৱস্থাপক আৰু পৰিচালনা সমিতিৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই নতুন সত্ৰাধিকাৰক দ্বায়িত্ব দিয়াৰ বাবে আদৰি আনে।

৭. ৰাজ্যৰ বিদেশী সমস্যাৰ সমাধান আৰু খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি শ্বহীদ আৰু নিৰ্যাতিতৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ত জনোৱা আৱেদনৰ বিস্তৃত শুনানি অহা ১৪জুলাইত গ্ৰহণ কৰিব। এই আবেদনৰ শুনানিৰ ভিত্তিতে ৪৫দিনৰ ভিতৰত প্ৰস্তাৱিত ৬৪খন বিদেশী ন্যায়াধিকৰণৰ অধ্যক্ষ, সদস্য আৰু কৰ্মচাৰীক নিযুক্তি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ক সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰো সুখবৰ প্ৰকাশ পাইছে।

৮. অইল জ্যেষ্ঠ বিষয়া প্ৰমোদ কুমাৰ শৰ্মাই তেত আৰু গেছ উতপাদনকাৰী সংস্থাটোৰ নতুন সঞ্চালক (সঞ্চালন) ৰূপে দ্বায়িত্ব লাভ কৰিছে। তেখেতে আজিৰে পৰাই কাৰ্যনিৰ্বাহ কৰিব।

৯. বাংলাদেশীয়ে কাজিৰঙা বনাঞ্চলত বেদখল কৰা বুলি অভিযোগ তুলি উচ্চ ন্যায়ালয়ত বিজেপিৰ মৃণাল শইকীয়াই দিয়া জনস্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত আদালতৰ ৰায় মানি কাজিৰঙাত উচ্ছেদ চলাবলৈ প্ৰশাসনে লোৱা সিদ্ধান্ত সলনি কৰাৰ খবৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত সেও মানি প্ৰশাসনে কাজিৰঙাৰ কাষৰীয়া এলেকাত বাস কৰা থলুৱা লোকক উচ্ছেদ কৰা নহয় বুলি ঘোষণা কৰিছে।

১০. কাইলৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত জ্ঞানপীঠ বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণত অসম চৰকাৰে প্ৰৱৰ্তন কৰা “মামণি ৰয়ছম গোস্বামী বঁটা-২০১৪” বিশিষ্টা সাহিত্যিক নিৰুপমা বৰগোহাঞিক প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিস্মিতা গগৈ আৰু বিশিষ্ট সাহিত্যিক-সাংবাদিক কনকসেন ডেকাই অনুষ্ঠানটোত বিশিষ্ট অতিথি আৰু সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰিব।

No comments:

Post a Comment