হোমেন বৰগোহাঞি ছাৰৰ শেষ টেলিফোনটো
ডাঃ নির্মল চাহেৱালা
যোৱা প্রায় কুৰিটা বছৰ এক নিয়ম হৈ পৰিছিল– নিশা হোমেন বৰগোহাঞি ছাৰলৈ ফোন কৰাটো। ছাৰে মোক ৮ বজা সময় নির্ধাৰিত কৰি দিছিল। মই ৮ বজালৈ ৫ মিনিটমান থাকোতেই হাতত ফোনটো লৈ সাজু হৈ থাকো। ফোনৰ ঘড়ীটোৱে ৮ বজাৰ ইংগিত দিয়াৰ লগে লগেই মই ছাৰৰ নম্বৰটো লগাবলৈ চেষ্টা কৰে। কেতিয়াবা একেকোবে ফোনটো লাগি যায়, কেতিয়াবা তেখেতৰ ফোনটো বহু দেৰিলৈকে ব্যস্ত হৈ থাকে। মই কিন্তু বাৰে বাৰে নম্বৰটোলৈ ফোন কৰিয়েই থাকো। কিজানিবা কোনোবাই ফোনটো এৰিলে মই পাই যাওঁ।
ফোনটো লগাৰ লগে লগেই সিটো মূৰৰ পৰা ছাৰৰ মাতষাৰ ভাঁহি আহে ‘নির্মল, তোমাৰ আঠটা মিছকল। কিনো কৰিবা। মই আজিকালি ডাঙৰ মানুহ। বহুতে ফোন কৰি থাকে।' মই উত্তৰ দিওঁ— হয় ছাৰ। আপোনালৈ ফোনতো কৰিবই।' ছাৰে সিটো মূৰৰ পৰা কৃত্রিম খং তুলি কয়— “কি হয় ছাৰ। মই ডাঙৰ মানুহ হয় নে নহয়?" মই আকৌ উত্তৰ দিওঁ- ‘হয় ছাৰ। ছাৰে কয়- “ডাঙৰকৈ কোৱা'। মই প্রায় চিঞৰিয়েই দিওঁ— "হয় ছাৰ। আপুনি ডাঙৰ মানুহ।” ছাৰে কোমল হাঁহি এটা মাৰে আৰু ক'বলৈ ধৰে—“নির্মল, অনিন্দ্যৰ (ছাৰৰ ডাঙৰ পুত্র) ফোন আহিছিল। সি অলপ দীঘলীয়াকৈ কথা পাতে। তাৰ পাছত আমাৰ কথোপকথন আৰম্ভ হয়- পোন্ধৰ-বিশমিনিটৰ বাবে। এই সময়ছোৱাত আমাৰ মাজত সাহিত্য, সমাজ, অসম আৰু ভাৰতৰ ৰাজনীতি আৰু বহুতো বিষয়ত আলোচনা হয়। ফোনটো ধৰাৰ লগে লগে তেখেতে সদায় তিনিটা প্রশ্ন কৰে, তোমাৰ আজিৰ ভাল খবৰ কি, ডিব্ৰুগড়ৰ বতৰ কি আৰু বতৰ কেনেকুৱা, আজি ৰাতি কি খাবা। এই প্রশ্নকেইটাৰ উত্তৰ দিয়াৰ পাছতহে আমাৰ আলোচনা আগবাঢ়ে।
পাছলৈ ই এটা অভ্যাসত পৰিণত হৈ পৰিল। ছাৰে হেল্লো কোৱাৰ লগে লগে মই এই তিনিটা প্রশ্নৰ উত্তৰ দি দিওঁ, যাতে ছাৰে প্রশ্নবোৰ সুধিবলগা নহয়। প্রথম প্রশ্নটোৰ উত্তৰত মোৰ দিনটোৰ ভাল লগা কথাবোৰ কওঁ। কেতিয়াবা বিশেষ একো ভাল লগা খবৰ নাথাকে। ছাৰে কয়, হব দিয়া মানুহৰ জীৱনত সদায়েইটো ভাল লগা ঘটনা ঘটি নাথাকে। কেতিয়াবা দিনটো অতি সাধাৰণভাৱে পাৰ হৈ যায়। দ্বিতীয় প্রশ্নটোৰ উত্তৰত মই ডিব্ৰুগড়ৰ মোটামুটি বাতৰিবোৰ দিওঁ। প্রায় এসপ্তাহত এবাৰ তেখেতে ড° নগেন শইকীয়া ছাৰৰ কথা সোধে। ‘নিৰ্মল, ড° নগেন শইকীয়া কেনে আছে?” মই শইকীয়া ছাৰৰ স্বাস্থ্য সম্পর্কীয় কথাবোৰ কওঁ। তেওঁ কয়- ‘নিৰ্মল, নগেন শইকীয়াক মানিবই লাগিব। ইমানবোৰ অসুখ থকাৰ পাছতো তেওঁ অসমীয়া সাহিত্যৰ বহুতো ডাঙৰ কামবোৰ কৰিয়েই আছে।
তাৰ পাছত আহে বতৰৰ কথা। যিদিনা খুব গৰম হয় মই কওঁ- ছাৰ, আজি খুব গৰম পৰিছে।' ছাৰে উত্তৰ দিয়ে- 'বাদ দিয়া। গৰমৰ দিনত গৰম নপৰি কি ঠাণ্ডা পৰিব নেকি। আমি দেখোন সৰুতে গাঁৱত থাকোঁতে সেইবোৰ কেতিয়াও ভবাই নাছিলো। আজিকালি ডিগ্রী লৈ মানুহে গৰমৰ কথা পাতে।' তাৰ পাছত আমাৰ মাজত আলোচনা হয় গাঁৱৰ সেই মধুৰ স্মৃতিবোৰ। গৰমৰ দিনবোৰত নৈত গা ধোৱাৰ আনন্দৰ কথা, হাতত বাহৰ বিছনীখন লৈ বিছি থকাৰ কথা, বিছনীখন পানীত তিয়াই বিছিলে বৰষুণৰ দৰে এছাৰকনি মৰাৰ আনন্দৰ কথা। দেউতাই মাজ সময়ে ঘৰৰ বাহিৰলৈ ওলাই গছজোপালৈ চাই খং কৰে অলপ বতাহ নাই, গছজোপাৰ পাত এটাও লৰা নাই। নীলা আকাশখনলৈ চাই খং কৰে- মেঘ এডোখৰৰা নাই দেখোন। বাতি দেউতাই বিছনীখনেৰে বিছি বিছি টোপনি যায়। টোপনিতো হাতখন ঘূৰিয়েই থাকে। এনে বহুতো শৈশৱৰ গাঁৱৰ কথা আমাৰ মাজত আলোচনা হয়। জাৰকালি ঠেটুৱৈ লগা জাৰত জুই ফুওৱাৰ কথা। জুইৰ তাপত হাত আৰু ভৰিৰ ছালৰবাৰ ফাটি যোৱাৰ কথা, কত কি আনন্দৰ কথাবোৰ। শেষেই নহয়, ফোনৰ দুয়োফালে আমি দুয়োজনে কথাবোৰ মনত পেলাই হাঁহি থাকো। সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। অলপ পাছতে ছাৰে আকৌ কৃত্রিম খং এটা দেখুৱাই কব, "নির্মল, তোমাৰ লগত কথা পাতি থাকোঁতে মই মদ খাব পৰা নাই। ডিঙিটো শুকাই গৈছে তুমি এতিয়া যোৱা।" হব ছাৰ বুলি মই ফোনটো কাটি দিওঁ। আমাৰ এনে টেলিফোনিক কথাবার্তা বছৰটোৰ ৩৬৫ দিনৰ ভিতৰত কমেও ৩৫০ দিন হয়। আঠটা বজাত বহু সময়ত ছাৰৰ ফোনটো ব্যস্ত থকাৰ বাবে ছাৰে মোৰ সময়টো ৮-৩০ বজা কৰি পেলালে।
আমাৰ মাজত আৰু বহুতো গাম্ভীর্যপূর্ণ বিষয়ে আলোচনাত স্থান পায়। সেইবোৰ পাছত কম। ছাৰে বহুবাৰ নিজৰ স্বাস্থ্যসম্পর্কে মোৰ লগত আলােচনা কৰে। তেওঁৰ সাধাৰণ কিবা এটা অসুখ হলে কেতিয়াবা দিনতে ফোন কৰে। মই হস্পিতালত কাম কৰি থাকোতে ছাৰৰ ফোন আহে। ফোনটো ধৰাৰ লগে লগে ছাৰে সােধে- “তুমি এতিয়া ক'ত? ৰোগী চাই আছা নেকি? মই উত্তৰ দিওঁ- 'নাই ছাৰ। ছাৰে আকৌকৃত্রিম খঙৰ স্বৰত কয়–মিছা কথা নক'বা। দিনৰ ভাগত তুমি ৰোগী নাচাই আড্ডা মাৰি আছানেকি? তাৰ পাছত চমুকৈ ছাৰে নিজৰ অসুখৰ কথা কয়। ময়ো তেওঁক কি দৰব খাব লাগে এছ-এম-এছ কৰি দিওঁ। তেওঁৰ অসুখবোৰ একেবাৰে সাধাৰণ। কিন্তু তেখেতে সকলো সময়তে সুস্থ হৈ থাকিব বিচাৰে। গাত কি বা সাধাৰণ অসুখ থাকিলেও অধৈর্য হৈ পৰে। মুঠ কথাত তেখেতে ৰোগলৈ বৰ ভয় কৰে আৰু কিবা এটা হলে অতি সোনকালে আৰোগ্য কৰিবলৈ চেষ্টা কৰে। প্রত্যেক কামতে তেখেত নিখুঁত হৈ থাকিবলৈ চেষ্টা কৰে। তেখেতৰ দুই এজন বন্ধু বহুদিনলৈকে বিছনাত পৰি থকাৰ পাছত মৃত্যু হৈছিল। মোক সেই কথাবোৰ উল্লেখ কৰি কয় ‘নির্মল, মই জানো, এদিনাখন মৰিবই লাগিব। কিন্তু মই বিছনাত পৰি গেলি গেলি মৰিব নিবিচাৰো'। মই তেওঁক উৎসাহ যোগাবলৈ কওঁ- 'ছাৰ আপুনি ইমান সোনকালে নমৰে। চেঞ্চুৰী কোবাইহে যাব।' ছাৰে হাঁহি এটা মাৰি কয়— বাদ দিয়া তোমাৰ কথাবোৰ।।
লেখকৰ সৈতে বৰগোহাঞিদেৱ |
ছাৰে আগতে দুবাৰমান ক'ভিড টেষ্ট কৰিবলগা হৈছিল। এবাৰ তেখেতৰ ঘৰত থকা ল'ৰা এটা পজিটিভ হৈছিল আৰু এবাৰ অফিচৰ সহকর্মী দুজনমান পজিটিভ হৈছিল। কিন্তু দুয়োবাৰ ছাৰৰ ৰিপৰ্ট নিগেটিভ আহিল। আমি দুয়ো চিন্তামুক্ত হলো। ছাৰে ক’ভিডৰ দুয়োটা ভেকচিনেই ললে। বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে তেখেতক বৰপেটালৈ মাতি বেজী দিয়ালে। ছাৰে কথাবোৰ মোক টেলিফোনত জনাইছিল। বেজী লোৱাৰ পাছত তেখেতৰ শৰীৰত কোনো পার্শ্বক্রিয়া হোৱা নাছিল। ময়ো চিন্তামুক্ত হলাে। ক’ভিডৰ প্রতিষেধক লোৱাৰ পাছত কিবা দুর্ভাগ্যক্রমে কভিড হলেও সি ভয়ংকৰ ৰূপ নলয়! কিন্তু নভবাটোৱেই হ'ল। ছাৰৰ গাত কভিডৰ সংক্রমণ হ’ল। সন্ধিয়া মোক ফোন কৰি জনালে। মই ক'লো- “ছাৰ, আপুনি একো চিন্তা নকৰিব। কেইদিনমান পাছতে কভিডমুক্ত হৈ যাব।' তাৰ পাছত ছাৰক গুৱাহাটী মেডিকেল কলেজত ভর্তি কৰোৱা হ'ল। মাজে-সময়ে আমাৰ মাজত কথা হৈ থাকে। ৯ দিনত ছাৰৰ পৰীক্ষা কৰা হ’ল। ছাৰে মনটো মাৰি মোলৈ ফোন কৰিলে— ‘নির্মল, আজি আকৌ মোৰ পজিটিভ।' মই ক'লো- ‘ছাৰ অকণো চিন্তা নকৰিব। কেতিয়াবা অলপ দীঘলীয়াকৈ থাকে। তিনিদিন পাছত ছাৰৰ ক’ভিউ নিগেটিভ হ’ল। ছাৰ ঘৰলৈ ঘূৰি আহিল। কিন্তু ছাৰ অতিকৈ দুর্বল হৈ পৰিল। দিনটোত দুবাৰমান ফোনত কথা হয়। কয়, ‘নির্মল, মই দুর্বল অনুভৱ কৰিছোঁ। এনেকুৱা দুর্বল মই জীৱনত কেতিয়াও হোৱা নাই। মই কওঁ- ‘ছাৰ, কভিডৰ পাছত মানুহ দুর্বল হয়েই। ভালকৈ খোৱা-বোৱা কৰিলে দহদিনমানৰ পাছত ভাল হৈ যাব।' ছাৰে আকৌ মিছাকৈ খং তুলি কয়—'বাদ দিয়া। মোক ভাল লগাবলৈ এইবোৰ কৈছা। মইহে জানো মই কিমান দুর্বল হৈছো।"
ছাৰ ঢুকোৱাৰ এদিন আগতে ছাৰলৈ ফোন কৰিছিলো। ছাৰে ক'লে- ‘নিৰ্মল, মোৰ অৱস্থা বেয়া। বৰ দুর্বল। মই ক'লো- ছাৰ, আৰু এসপ্তাহত আপুনি ভাল হৈ যাব।” ছাৰে ক'লে- ‘মোক মিছাকৈ কৈ নাথাকিবা। যদি মই এসপ্তাহত সম্পূর্ণকৈ সুস্থ নহওঁ তেন্তে তোমাৰ ওপৰত কেচ কৰিম।' কেচ কৰাৰ কথাটো ছাৰে আগেয়েও কয়। মই ক'লো- 'ছাৰ, অহা সপ্তাহত মই আৰু সবিতা গুৱাহাটীলৈ যাম। আপোনাক ডিব্ৰুগড়লৈকে লৈ আহিম। কিছুদিন ইয়াত থাকি সুস্থ হৈ যাবগৈ।' ছাৰে ক'লে- 'ৰবা, ইমান দূৰ যোৱাটো সম্ভৱ হ'ব জানো?' মই ক'লো, ‘ছাৰ ৰিন্টুৱে (আমাৰ পুত্র ডাঃ সিদ্ধার্থ) ডাঙৰ আৰামী গাড়ী এখন কিনিছে। সেইখনৰ পাছৰ ছীটত আপুনি শুই আহিব পাৰিব। ছাৰে ক'লে-বাৰু মই ভাবি কম। সবিতাই ছাৰক জোৰকৈ খুৱাব পাৰে। ছাৰে ধমক দিলেও তেওঁ হাঁহি এটা মাৰি ছাৰৰ কাঁহীত কিবা এটা দি দিয়ে। ছাৰ খাবলৈ বাধ্য হৈ পৰে। কিয়নো ছাৰৰ এটা অভ্যাস আছিল- কাঁহীত যিকোনো খাদ্যবস্তু আধা খোৱাকৈ নেপেলায়। কাঁহীখন পৰিষ্কাৰ হোৱাকৈ খাই শেষ কৰে।
ছাৰেও ভাবি নক'লে আৰু আমিও ছাৰক ডিব্ৰুগড়লৈ আনিব নোৱাৰিলো। ছাৰে দুদিনমান সময়ো নিদিলে। আমাৰ পৰিকল্পনাবোৰ ফোনৰ বাৰ্তালাপতে শেষ হৈ গ'ল। সেয়াই আছিল শেষ টেলিফোন। এতিয়াওঁ ৰাতি ৮-৩০ বাজিলে ছাৰলৈ ফোন কৰিবলৈ মন যায়। কুৰিবছৰৰ অভ্যাসটো আৰু স্মৃতিবোৰ ইমান সোনকালে নাইকিয়া হ'ব জানো। অনুভৱ কৰিছো কেৱল শূন্যতা।
লেখক অসম আদিত্য কাকতৰ মুখ্য সম্পাদক তথা ডিব্ৰুগড় নিবাসী বিশিষ্ট চিকিৎসক। লেখাটি হোমেন বৰগোহাঞি দেৱৰ স্মৃতি-তৰ্পণৰ বাবে প্ৰকাশ কৰা বিশেষ পৰিপূৰিকা 'পূৰ্বাকাশ'তো প্ৰকাশ পাইছে। লেখকৰ অনুমতি ক্ৰমে ইউনিকোডত পুনৰ প্ৰকাশ কৰা হৈছে।
কোৰোনা কালত ঘৰত স্বাস্থ্য মনিটৰ কৰিবলৈ প্ৰয়োজনীয় সঁজুলিবোৰ
লেখাটি পঢ়িবলৈ তলৰ সূত্ৰত ক্লিক কৰক-
লেখাটি পঢ়িবলৈ তলৰ সূত্ৰত ক্লিক কৰক-
No comments:
Post a Comment