দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডত ১১৯টা পদ
ভাৰত চৰকাৰৰ ৰাজহুৱা তৈল উদ্যোগ অইল ইণ্ডিয়াই অসমত নতুনকৈ কিছু খালী পদ পূৰণ কৰিবলৈ আগবাঢ়িছে। প্ৰকাশ পোৱা মতে, অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কার্যালয় দুলীয়াজানত ১১৯ টা ভিন ভিন বৰ্গৰ পদ পূৰণ কৰিবলৈ প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই পদসমূহ কন্ট্ৰেকটুৱেল ভিত্তিত নিযুক্তি দিয়া হব। পদসমূহ হৈছে ড্রিলিং হেডমেনৰ ৪, ড্রিলিং বিগ মেন ৫, ইলেকট্রকেল ছুপাৰভাইজৰ ৫, কেমিকেল এছিছটেণ্ট ১০, এছিছটেণ্ট ৰিগ ইলেকট্রিচিয়ান ১০, ড্রিলিং টপমেন ১৭, এছিছটেণ্ট মেকানিক পাম্প ১৭, গেছ লোগাব ২০ আৰু এছিছটেণ্ট মেকানিক আই চিৰ ৩১ টা পদ।
মুঠ খালী পদৰ ভিতৰত ৫৪ টা সংৰক্ষণমুক্ত হােৱাৰ বিপৰীতে ৩২ টা অ’ বি চি (এন চি এল), ১১ টা ই ডব্লিউ এছ, ১৪ টা এছ টি আৰু ৮ টা SC প্রার্থীৰ বাবে সংৰক্ষিত। ড্রিলিং হেড মেনৰ শিক্ষাগত অৰ্হতা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ইঞ্জিনীয়াৰিং যিকোনাে শাখাত তিনি বছৰীয়া ডিপ্লমাধাৰী হ'ব লাগিব। তদুপৰি সংশ্লিষ্ট খণ্ডত কমেও দুবছৰ কাম কৰাৰ অভিজ্ঞতা বিচৰা হৈছে।
ড্রিলিং ৰিগ মেনৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু যিকোনাে ট্রেডত চৰকাৰী স্বীকৃত প্রতিষ্ঠানৰ পৰা ট্রেড চাৰ্টিফিকেট থকা হ'ব লাগিব। সেইদৰে ইলেকট্রকেল ছুপাৰভাইজাৰৰ প্রার্থীয়ো দশম শ্রেণী উত্তীর্ণৰ উপৰি ইলেকট্রিকেল ইঞ্জিনীয়াৰিঙত তিনি বছৰীয়া ডিপ্লমাধাৰী হোৱাৰ প্ৰয়োজন। কেমিকেল এছিছটেণ্টৰ ক্ষেত্ৰত বি এই চি ডিগ্রীধাৰী হ'ব লাগিব ৰসায়ন বিজ্ঞানত এটা বিষয় হিচাপে লৈ। কমেও এবছৰৰ অভিজ্ঞতা বিচৰা হৈছে অইল এণ্ড গেছ উদ্যোগত।
এছিছটেণ্ট ৰিগ ইলেকট্রিচিয়ানৰ বাবেও প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু ইলেকট্রিচিয়ান ট্রেডত চৰকাৰী স্বীকৃত প্রতিষ্ঠানৰ পৰা দুবছৰীয়া পাঠ্যক্রম সম্পন্ন কৰা হ'ব লাগিব। সেইদৰে আনকেইটা পদৰ বেলিকাও প্রার্থী আৱশ্যকীয় শিক্ষাগত অহৰ্তা থকাৰ প্রয়োজন। প্রার্থীৰ বয়স ১৮ ৰ পৰা ৩৫ বছৰ যদিও সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত চৰকাৰী বিধি অনুসৰি বয়স ৰেহাইৰ সুবিধা আছে। এই পদসমূহৰ বাবে ইচ্ছুক তথা অৰ্হতা সম্পন্ন প্রার্থীয়ে অহা ২৪ মে'ৰ পৰা ২৬ জুনৰ ভিতৰত আবেদন কৰিব পাৰে। সবিশেষ জানিবলৈ অইল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইটত বিজ্ঞাপন নম্বৰঃ ENGAGEMENT ON CONTRACTUAL BASIS
(ADVT. NO. HRAQ/CONT-WP-B/21-473) চাব পাৰিব। অধিক জানিবলৈ তলৰ এই সূত্ৰত সম্পূৰ্ণ বিজ্ঞাপনটি লাভ কৰিব পাৰিব-
No comments:
Post a Comment