চাচাৰাম কুইজঃ ৰেলৱে ষ্টেচনৰ ক'চিং চেণ্টাৰটো
আব্দুৰ ৰছিদ চৌধুৰী
চাচাৰামৰ কুইজ এখন আমি খেলা বা অনুষ্ঠিত কৰা সাধাৰণ জ্ঞনৰ প্ৰশ্নোত্তৰ প্ৰতিযোগিতা নহয়। ই এক বৃহৎ অনুষ্ঠান। প্ৰথম কথা হ’ল বিহাৰৰ এখন ঐতিহাসিক ঠাই চাচাৰাম। বৰ্তমান ই ৰাজ্যখনৰ ৰোহটাছ জিলাত অৱস্থিত। ইয়াৰ ৰোহটাছগড় পৃথিৱীৰ ভিতৰতে এটি পুৰণি দুৰ্গ। এই চাচাৰামতে আছে শেৰ শ্বাহৰ সমাধি। ইয়াৰ ইতিহাস আমাৰ আলোচনাৰ বিষয় নহয়। আনহাতে এক কথাত সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰৰ খেল ‘কুইজো’ আজিৰ আলোচনাৰ বিষয় নহয়। আজিৰ সময়ত চাচাৰাম ৰেল সেৱাৰ এটি কেন্দ্ৰস্থল। ইয়াত এটি ষ্টেচন মানে ৰেল জংচন আছে। এই জংচনত থকা ‘কুইজ’ৰ বিষয়ে আজিৰ এই আলোচনা।
কি এই চাচাৰামৰ কুইজ? আমি সকলোৱে জানো যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি যিকোনো সৰ্বভাৰতীয় পৰীক্ষাতে বিহাৰৰ ছাত্ৰ-ছাত্ৰীসকলে ভাল প্ৰদৰ্শন কৰে। কিদৰে তেওঁলোকে এনে কঠিন পৰীক্ষাসমূহত সফলতা লাভ কৰে তাৰ এটি ছবি চাচাৰাম ৰেল জংচনত দেখিবলৈ পোৱা যায়। প্ৰতিদিনে পুৱা আৰু গধুলি দুঘণ্টাকৈ এই জংচনটো এটি প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপ লয়। য’ত সহস্ৰাধিক ছাত্ৰ গোটখাই নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰস্তুতি চলাবলৈ। চাচাৰাম ৰেল ষ্টেচন অধ্যয়ন কেন্দ্ৰই পৰিচালনা কৰে এই প্ৰশিক্ষণ। বৰ্তমান সময়ত সকলোতে চৰ্চিত হোৱা এই অধ্যয়ন কেন্দ্ৰৰ নাম হৈছে ‘কুইজ’।
আজিৰ পৰা প্ৰায় কুৰি বছৰ পূৰ্বে কেইজনমান প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলোৱা যুৱকে কুইজৰ যাত্ৰা আৰম্ভ কৰিছিল। আজি ইয়াত প্ৰতিদিনে সহস্ৰাধিক যযুৱকে নিজৰ ভৱিষ্যৎ গঢ়াৰ বাবে অনুশীলন চলাই গৈছে। ইয়াত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক প্ৰশাসনিক সেৱা, ৰেল, বীমা, বেংক আৰু অন্যান্য সেৱা চাকৰিৰ লগতে যিকোনো সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবেও প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াত অধ্যয়ন কৰা সকলৰ বাবে কুইজৰ ফালৰ পৰা আৰ্হি প্ৰশ্ন কাকত যোগান ধৰাৰ লগতে আৰ্হি পৰীক্ষাও অনুষ্ঠিত কৰা হয়। এশটা প্ৰশ্নৰ এখন আৰ্হি প্ৰশ্ন কাকতৰ বাবে ছাত্ৰ এজনে মাত্ৰ তিনি টকা ভৰিব লাগে। এনেদৰে আগবাঢ়িছে চাচাৰামৰ কুইজ অবিৰত যাত্ৰা।
চাচাৰামৰ অধ্যয়ন কেন্দ্ৰৰ আন এটি গুৰুত্বপূৰ্ণ দিশ হ’ল ইয়াত অধ্যয়ন কৰা সকলে পাল মাৰিব নোৱাৰে। যদিও এই অধ্যয়ন কেন্দ্ৰ এটি স্বেচ্ছাসেৱী সংগঠন তথাপিও ইয়াৰ নিয়ম কানুন কঠোৰ। কোন ছাত্ৰই সপ্তাহত দুদিন অনুপস্থিত থাকিলে তেওঁক ইয়াৰ পৰা বাহিৰ কৰি দিয়া হয়। অৱশ্যে উপযুক্ত কাৰণ দৰ্শাব পাৰিলে তেওঁ শান্তিৰ পৰা ৰেহাই পাব। এনে কঠোৰ নিয়মৰ বাবেই ইয়াত অধ্যয়ন কৰা সকলে সফলতা লাভ কৰিছে। আজিলৈ ইয়াত অধ্যয়ন কৰা ছাত্ৰসকলে কৰবাত নহয় কৰবাত এটি চাকৰি যোগাৰ কৰিবলৈ সক্ষম হৈছে।
সপ্তাহটোৰ প্ৰতিদিনে ২৪ ঘণ্টাই বিদ্যুৎ সৰবৰাহ অব্যাহত থাকে বাবেই ৰেল ষ্টেচনটো এই কামৰ বাবে নিৰ্বাচন কৰা হৈছিল। প্ৰথম অৱস্থাত ছাত্ৰৰ সংখ্যা কম আছিল বাবে কোনো আহুকালৰ সন্মুখীন হ’ব লগীয়া হোৱা নাছিল। এতিয়া ছাত্ৰ সংখ্যা সহস্ৰাধিক। সেয়ে ৰেল বিভাগেও ইয়াত অধ্যয়ন কৰা সকলৰ বাবে বিশেষ পৰিচয় পত্ৰৰ ব্যৱস্থা কৰিছে, যাতে তেওঁলোক কোনো সমস্যাৰ সন্মুখীন নহয়। এই মহৎ কামৰ প্ৰতি ৰেল বিভাগৰ সহযোগীতাও শলাগিব লগীয়া।
আজিৰ দিনত পুৱা বা সন্ধিয়া পৰত চাচাৰামত যেতিয়া শিক্ষাৰ্থী সকলে যেতিয়া অকলে বা গোট বান্ধি নিজৰ ভৱিষ্যৎ গঢ়াৰ বাবে অনুশীলন চলাই সেই দৃশ্য অতি মনোমোহা হৈ পৰে। শিক্ষাৰ্থীৰ ভৱিষ্যৎ গঢ়াৰ লক্ষ্যৰে আগবঢ়া কুইজ ৰ যাত্ৰা অব্যাহত থাকাক, তাকে কামনা কৰিলোঁ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা আমাৰ অসমৰ যুৱকসকলেও চাচাৰাম ৰেল ষ্টেচন অধ্যয়ন কেন্দ্ৰ ‘কুইজ’ক অনুসৰণ কৰি আগবাঢ়িব পাৰে। চাচাৰামৰ কুইজ আমাৰ সকলোৰে অনুপ্ৰেৰণাৰ উৎস হওক।
লেখক সহকাৰী শিক্ষক, আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়, উত্তৰ গুৱাহাটী, মোঃ ৯৮৬৪৭৬৫৩৮৬
No comments:
Post a Comment