বিশ্লেষণঃ ৰাজনীতিৰ এই ধুমুহাজাক! :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ৰাজনীতিৰ এই ধুমুহাজাক! :: অজয় লাল দত্ত

বিশ্লেষণঃ ৰাজনীতিৰ এই ধুমুহাজাক! :: অজয় লাল দত্ত

Share This
সাধাৰণ নিৰ্বাচনৰ ৰূপত বিশ্বৰ বৃহততম গণতন্ত্ৰত এতিয়া ৰাজনীতিৰ পচোৱা। এই সময়ৰ ৰাজনীতিত আকৌ ভিন্ন ধৰণৰ ৰাজনীতিৰ ধূলি বতাহৰ ভিৰ চৰিছে। যাৰ ফলত দেশৰ জনসাধাৰণে ভোটৰ দিনৰ সিদ্ধান্তক লৈ চিন্তিত হব লগা হৈছে। কাক দিব ভোট, কিয় দিব ভোট আৰু কাৰ ভোট হব নিৰ্ণায়ক, এই কথাবোৰৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে।

অসমীয়াৰ সুখ-দুখ
সাম্প্ৰতিক সময়ত দেখিবলৈ পোৱা এক নৱ-ৰাজনৈতিক ধাৰা হৈছে বিভ্ৰান্তিৰ ৰাজনীতি। ইয়াক সুচিন্তিত ভাৱে কূট-কৌশল হিচাবে ব্যৱহাৰ কৰা হৈছে। এইবাৰৰ নিৰ্বাচন হেনো মুদ্দাহীন নিৰ্বাচন! এই নিৰ্বাচনত বিগত পাঁচ বছৰত শাসনত থকা সকলে কি কি কামৰ কৃৰ্তিত্ব লভিলে সেই প্ৰশ্ন উত্থাপিত তথা আলোচনা কৰিবলৈ দিব বিচৰা হোৱা নাই। তাতেই চলিছে মানুহৰ মন মগজুক এই ক্ষণবোৰত অপ্ৰয়োজনীয়, আবেগিক কৰি ৰাখিব পৰাকৈ উত্ৰাৱল কৰি তোলাৰ সুচিন্তিত ৰণনীতি। সংবাদ মাধ্যমে সাক্ষাত গ্ৰহণৰ সময়ত পূৰ্বতে অনুমোদিত প্ৰশ্নহে কৰাৰ ধাৰা চলি থকাৰ অভিযোগ মুকলি হৈছে। ৰাজনীতিবিদক সিটো দলত দুৰ্নীতিৰ কু-কীৰ্তি কৰাজনে দল বাগৰি আহিলে এতিয়া তেওঁ নিকা হৈ গ’ল নেকি বোলা প্ৰশ্নৰ উত্তৰ পোৱা গৈছে, এনে প্ৰশ্ন উত্থাপন কৰা উচিত নহয় বুলি। কঠিন প্ৰশ্নৰে বাস্তৱৰ তিতাক শাসকৰ সমুখলৈ আঙুলিয়াই দিবলৈ থকা চতুৰ্থ স্তম্ভৰ সৱলতাক দুৰ্বল কৰি পেলোৱা এক ৰাজনীতিৰ বলি হৈছে নেকি দেশখনত সেয়া এক প্ৰশ্নবোধক হৈ উঠিছে। বাতৰি কাকত, টিভি চেনেল আদিত মালিকানা, সাংবাদিকৰ দলপ্ৰীতি-নেতাপ্ৰীতি আদিয়েও প্ৰভাৱ পেলাইছে নেকি? কিবোৰ অজান কাৰকে দেশৰ এই বিশালতম নিৰ্বাচনক ইচ্যুহীন, প্ৰশ্নহীন কৰি তুলিছে, এয়া হৈছে এক জটিল প্ৰশ্ন। যি সময়ত বিমুদ্ৰাকৰণৰ বাবে সৰু-বৰ উদ্যোগ সমূহ স্থবিৰ হৈছে, যিটো সময়ত ৪৫বছৰৰ শীৰ্ষত উপনীত হৈছে নিবনুৱা সমস্যা, যিটো সময়ত এটা এটাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগক এক দীৰ্ঘ চক্ৰান্তৰে কোঙা কৰি অনা হৈছে, যিটো সময়ত কৰ্পৰেট দুৰ্নীতিৰ সম্ৰাট সকলৰ বেংক-লোণ মাফ কৰি দিয়াৰ ব্যৱস্থা হৈছে, যিটো সময়ত দেশৰ শাসনত থকা দলক জৱাবদিহি কৰাৰ নাগৰিকৰ সাধাৰণ দায়িত্বলৈ প্ৰশ্ন তোলা সকলক ৰাষ্ট্ৰ-বিৰোধী বুলি লেবেল লগোৱা হৈছে, অথচ নিৰ্বাচন হেনো ইচ্যুহীন! কেৱল যেন ৰাজপথত উদ্দাম সংগীতৰ তালে তালে নাচ-বাগৰ ‘ভাইৰেল ভিডিঅ’ত ভোল গৈ এতিয়া ৰাইজে ভোট দিব লাগিব, তেনে এক পৰিবেশৰ ৰচনা কৰা হৈছে। কিন্তু ৰাইজে গুৰুত্বপূৰ্ণ সমাজ জীৱনৰ উন্নতিৰ ইচ্যু, দেশৰ সমস্যা কমোৱা নীতি আৰু ভাৰতীয় গণতন্ত্ৰৰ ভেটি সংবিধানৰ সুৰক্ষা, ধৰ্ম-নিৰপেক্ষ দেশ এখনৰ বৈচিত্ৰ্যৰ মাজত সমন্বয়ৰ ঐক্য আদিৰ কথা কোনো ক্ষণতেই এই বিভ্ৰান্তিৰ মাজত পাহৰি যাব নালাগিব। এয়া হৈছে সময়ৰ আহ্বান।

ৰাইজে দেখিছে, নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে ধৰা পৰিছে কোটি, লাখৰ ঘৰত ৰাজনীতিবিদৰ গাড়ীৰ পৰা নগদ ধন। অথচ ধৰা পৰা ধন ৰাজকোষত জমা দিয়াৰ বাহিৰে কোনো কাৰ্যকৰী শাস্তিমূলক ব্যৱস্থা দৃষ্টান্তমূলক ভাৱে দেখিবলৈ পোৱা নাই। ই দৰ্শাইছে যে এই নিৰ্বাচন কিদৰে ধনৱলৰ অনৈতিক প্ৰভাৱৰ দাৰা জিনিবলৈ জোৰদাৰ প্ৰয়াস চলিছে। বজাৰত নেতা কিনা বেচা চলিছে, জাতীয়তাবাদী গৈ ৰাষ্ট্ৰীয়তাবাদীৰ বসন পিন্ধিছে, এদিনীয়া বাতৰিৰ শিৰোনামা হৈ জাহ দিছে নীতি-আদৰ্শ আদি শব্দবোৰ। দৰ্শাইছে, কিদৰে নিলজ্জতাৰ চৰম সীমালৈ গমন কৰিছে এই ৰাজনীতি। নিবনুৱা ছাত্ৰ নেতাৰ পৰা প্ৰাৰ্থী হোৱাবোৰেও কোটি কোটি টকাৰ মালিক হোৱাৰ শপতনামা দিছে, কামৰ হিচাবৰ সলনি কোনোবাই কাৰোবাৰ বয়স গণিছে, কাৰোবাৰ নামত থকা আখৰ সংখ্যাক লৈ বিদ্ৰুপ কৰিছে, কোনোবাই বিয়া কৰোৱা গৰাকীক লৈ, বিয়া কৰাব বিচৰা কইনাৰ জাতিক জাতত তোলাৰ প্ৰতিশ্ৰুতি দিছে! দেশৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ হোৱাকৈ নীতি-নিৰ্ধাৰণৰ বাবে যাব লগা সাংসদ প্ৰাৰ্থী সকলৰ মন-মগজু তথা চিন্তাৰ স্তৰকে ই প্ৰতীয়মান কৰা নাইনে! আনুষ্ঠানিক শিক্ষাৰ স্তৰ, অপৰাধমূলক কেচৰ তালিকা আদিৰ কথা নকলোৱেই যেনিবা! এনেকুৱা এক পৰিৱেশ সৃষ্টি কৰা হৈছে যেন স্থানীয় প্ৰাৰ্থীৰ দোষ-গুণ-গৰিমা-কৰ্মজীৱনৰ আলোচনাই নহওক, কেৱল কেন্দ্ৰীয় নেতাৰ ছবি চাই ভোটদান কৰাহে উচিত! অসমৰ বাবে স্পৰ্শকাতৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে স্থিতি, অসমৰ ৰাজহুৱা খণ্ডৰ পয়ালগা উদ্যোগৰ পুনৰীজ্বীৱিকৰণৰ কাৰণে লোৱা পদক্ষেপ, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে-দলং আদি কিমান কাম হৈছে, লুইতৰ বুকু খননৰ ষ্টেটাছ, গেৰুকামুখৰ নদীবান্ধৰ বিভীষিকাৰ শংকা, অসমৰ বান সমস্যাৰ ৰাষ্ট্ৰীয়কৰণ, মাথাউৰিত জীৱন কটোৱা সকলৰ বাবে নিশ্চিত পুনৰ সংস্থান আদিৰ প্ৰশ্নবোৰ ৰাইজে নকৰিবই নেকি? কিন্তু গীতে-মাতে উত্ৰাৱলৰ এই পৰিৱেশ ৰচনা কৰা হৈছে এই কথাবোৰক জনমানসৰ পৰা উটুৱাই নিবলৈহে। কোন প্ৰকৃততে অসমৰ বাবে দেশৰ বাবে বেছি কল্যাণকামী, তাৰ বিচাৰ কৰিবলৈ প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ দিব বিচৰা হোৱা নাই। এয়া হৈছে সুপৰিকল্পিত নিৰ্বাচনী ব্যৱস্থাপনাৰ কৌশল, যাক ৰাইজে বুজি উঠা উচিত। 

বিগত বৰ্ষকেইটাত অসমত দেখিবলৈ পোৱা গৈছে, সৰু-বৰ প্ৰায়বোৰ গোষ্ঠী-জনজাতীয় ছাত্ৰ-যুৱ-মহিলা সংগঠন আদিৰ অধিবেশনৰ বিশালকাৰ আয়োজনবোৰ। ৰাজনৈতিক শক্তিৰ পৃষ্ঠপোষকতাৰে পুষ্ট হৈ নিজকে ধন্য মনা এই তথাকথিত জাতীয় সংগঠনবোৰে অৱধাৰিত ভাৱেই আজি কিন্তু ছয়-জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰলোভনৰ প্ৰতাৰণাক এই নিৰ্বাচনত ইচ্যু হবলৈ দিয়া নাই, দেশৰ ধৰ্ম-নিৰপেক্ষতাক আঘাত কৰাৰ সামাজিক সম্পৰীক্ষণস্বৰূপ কেৱ আনিলে হব লগা জাতীয় অস্তিত্বৰ সংকটৰ কথাও পাহৰি গৈছে। এতিয়া সকলো জঁপিয়াই পৰিছে, জাতি-গোষ্ঠীৰ নামত ভোটৰ দালালিত। কোনোবাই বড়ো-অবড়ো খেলিছে, কোনোবাই মিচিং-অনামিচিং, কোনোবাই বাগিচা-অবাগিচা, কোনোৱে আহোম-নন আহোম, কোনোবাই গেৰুৱা-সেউজীয়া, কোনোবাই সংখ্যলঘু-সংখ্যগুৰু, কোনোৱে থলুৱা-চালানী! ৰাজনৈতিক সমীক্ষাবোৰতো প্ৰাৰ্থীৰ জাত-পাত-ধৰ্ম চাই পাব লগা কাংখিত ভোটৰ হিচাব হৈছে, যিটো এক লাজলগা তিতা বাস্তৱ! মানুহে পাহৰি গৈছে, দেশৰ সৰ্বজন ভুক্তভোগী হোৱা সমস্যাবোৰ, তাৰ সমাধানৰ বাবে গ্ৰহণ কৰা বা নকৰা নীতিবোৰৰ সুফল-কুফলবোৰ! এই ক্ষণিকৰ উত্তেজনাৰ খেলবোৰত মত্ত হৈ মানুহে যেন হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে দীৰ্ঘম্যাদি প্ৰভাৱৰ কথা, ভৱিষ্যতৰ আচল শংকাবোৰ কি সেই কথাবোৰৰ কথা।

যুৱ-প্ৰজন্মৰ উদ্দাত্ত কণ্ঠ গুজৰাটী বিধায়ক জিগনেচ মেৱানীয়ে সিদিনা গুৱাহাটীত মানুহক সঁকিয়াই থৈ গৈছে, কিদৰে দেশ আগবাঢ়িছে স্বেচ্ছাচ্চাৰী শাসনৰ ফালে। ফেঁচিবাদী শক্তিবোৰে কিদৰে দেশৰ দীৰ্ঘম্যাদি প্ৰশ্নবোৰৰ আলোচনা কৰি ৰাজনৈতিক শিক্ষাৰে সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে শিক্ষিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা চিন্তাবিদ সকলৰ ওপৰত ৰাষ্ট্ৰ-সন্ত্ৰাস চলাইছে। চৰকাৰৰ কামৰ ধৰণক, বিফলতাক প্ৰশ্ন তোলাটো জনতাৰ অধিকাৰ আৰু সেয়া ৰাষ্ট্ৰদ্ৰোহ কেতিয়াও নহয়। ৰাজনৈতিকভাৱে জনতাক শিক্ষিত কৰাটো গণতন্ত্ৰক সৱল কৰাৰ প্ৰক্ৰিয়াহে, সেয়া কেতিয়াও ৰাষ্ট্ৰবিৰোধী নহয়! কিন্তু বিচাৰধাৰাৰ বিপৰীত্যই তেনে গণতান্ত্ৰিক কণ্ঠবোৰকো ৰাষ্ট্ৰদ্ৰোহী বুলি আইনৰ ধাৰা জাপি দিয়াৰ ঘটনা বৃদ্ধি পাইছে। এতিয়াও অস্পৃশ্যতা নামৰ সামাজিক ব্যাধিক এই ব্ৰাহ্মণ্যবাদী-জাতিবাদী চিন্তাৰ লোক সকলে বৰ্তাই ৰাখিছে। দলিত-মুছলিম আদিৰ ওপৰত দেশজুৰি পূৰ্ববৰ্তী মানসিক ধাৰণাৰ ভিত্তিতে আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে, অথচ এইবোৰ অপৰাধীয়ে শাস্তিৰ সলনি পিন্ধিবলৈ পাইছে কেন্দ্ৰীয় মন্ত্ৰীৰ হাতৰ পৰা ফুলৰ মালা! দেশৰ সংখ্যালঘু মুছলিম, খ্ৰীষ্টান, দলিত আদি লোকসকলে এক প্ৰচণ্ড সামাজিক চেঁপাৰ মাজত দিন কটাবলগীয়া হৈছে। যিবোৰ কথা আজিৰ মেডিয়াই আলোচনা কৰিব নোখোজে, বা আলোচনা কৰাৰ অধিকাৰেই যেন এই পৰিবেশত হেৰুৱাই পেলাইছে। মেৱানীৰ মতে, মোৰ দেশ, মোৰ মুদ্দাৰ ভিত্তিতহে এইবাৰ দেশত হব লাগে ভোটদান। চৰকাৰী শিক্ষা ব্যৱস্থাৰ সৱলীকৰণ, নিৱনুৱা সমস্যা আৰু আৰ্থ-সামাজিক বৈষ্যম্যতা দূৰীকৰণৰ লগতে ধৰ্ম-নিৰপেক্ষ সত্তাৰ সংবিধানৰ সুৰক্ষাৰ বাবে ৰাইজে এইবাৰ সচেতন হৈ ভোট দিয়া উচিত। এনেবোৰ বিষয় অসমৰ চুকে কোনে যে মাইকৰ-চিঞৰত মন্ত্ৰীৰ মাজবাটৰ উত্তাল নৃত্যৰ উত্তেজনাই যে তল পেলাইছে, এয়াও এক ৰাজনীতিয়েই!

এই বৰ্ষত জেএনইউৰ পৰা ডক্টৰেট হৈ পোনে পোনে বিহাৰৰ বেগুচৰাইত সাংসদ প্ৰাৰ্থী হোৱা কানহাইয়া কুমাৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ অনলাইন ক্ৰাউডফাণ্ডিং যোগেই ৭০লাখ টকাৰ নিৰ্বাচনী ব্যয়ৰ ধন ৰাইজৰ দানৰ পৰা সংগ্ৰহ কৰি এক অভিলেখ গঢ়িছে। হাজাৰ কোটিৰ মালিক এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ বিপক্ষে ৰাইজৰ চান্দাৰে এগৰাকী শিক্ষিত যুৱকৰ এই যুঁজে নৱ-প্ৰজন্মৰ সাধাৰণ ঘৰৰ যুৱকৰ ৰাজনৈতিক স্বপ্নৰ এক নতুন বাট মুকলি কৰিব বুলিও ৰাষ্ট্ৰীয় বিশ্লেষক সকলে মত প্ৰকাশ কৰিছে। 

নিৰ্বাচন এতিয়া হাজাৰ কোটিৰ এক বিশাল ব্যৱসায়। ইয়াৰ ব্যৱস্থাপনাও মেনেজমেণ্ট কোম্পানীৰ প্ৰফেচনেল হাতত। প্ৰতিটো বাতৰি, প্ৰতিটো হোৱাটচএপ মেচেজ, প্ৰতিটো বিজ্ঞাপনত এতিয়া মন-ভুলোৱা প্ৰপাগাণ্ডা। এই ভিৰত যাতে দেশৰ সচেতন ৰাইজে দেশৰ ইচ্যুবোৰক ধৰি ৰাখিব লাগিব, কি কাম কৰিম বুলি কোনে কৈছিল, কিমান কৰিলে তাৰ হিচাব লব লাগিব। যিখন সংবিধানৰ শপত খাই দেশৰ শোষিত-নিষ্পেষিত-দলিত জনৰ ন্যায় নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰে চকী লয়, সেই সংবিধানৰ মূল স্তম্ভবোৰক কোন শক্তিয়ে দুৰ্বল কৰিব, সৱল কৰিব তাৰো বিবেচনা কৰিব লাগিব। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দেশ ভাৰতবৰ্ষক এখন সমৃদ্ধিশালী দেশ কৰি তোলাৰ বাবে মিশ্ৰিত অৰ্থনীতি অৰ্থাত ব্যক্তিগত খণ্ডৰ সমানে ৰাজহুৱা উদ্যমৰো শক্তিশালী কৰাৰ বাবে কোনে নীতি লৈছে বা লব তাৰো বিচাৰ কৰিব লাগিব। সৃষ্ট ধুমুহাৰ প্ৰলোভন, প্ৰপাগাণ্ডা আৰু ভাইৰেল ভিডিঅৰ ধূলিৰ মাজতো বিবেচনাৰ খুটি লৰিবলৈ দিব নালাগিব। কোনো নেতাই অত্যাৱশ্যকীয় নহয়, নেতা আহিব যাব, কিন্তু থাকি যাব নীতি, এই কথা মনত ৰাখিব লাগিব। সেয়ে সকলোৱেই ভোটদান কৰিব লাগিব নিৰ্ণায়ক হোৱাকৈ আৰু এই ভোটদান হব লাগিব স্থানীয় বিষয়ত স্থিতিৰ ভিত্তিত, সংবিধান প্ৰদত্ত অধিকাৰ ৰক্ষাৰ পক্ষত আৰু ভাৰতীয় গণতন্ত্ৰক সৱল কৰাৰ বিশাল ইচ্যুত, এই কথাও কিন্তু নিশ্চিত।

20 comments:

  1. Very nice article . Keep it up https://www.assamgovtsakari.com/

    ReplyDelete
  2. nece post - www.niyogbarta.in
    www.9curry.co.in

    ReplyDelete
  3. Very Useful Article.. Keep up again.. https://alljobassam.com/

    ReplyDelete
  4. Very Useful Article.. Keep up again.. AssamJobsPortal.com

    ReplyDelete
  5. Thank you posting this type of information.
    Nicholas

    ReplyDelete