মনৰ কথাঃ পৰেশ বৰুৱাৰ ফোন, তেল কোম্পানী, দক্ষ মুখ্যমন্ত্ৰী আৰু অন্যান্য প্ৰসংগ :: ৰক্তিম শৰ্মা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ পৰেশ বৰুৱাৰ ফোন, তেল কোম্পানী, দক্ষ মুখ্যমন্ত্ৰী আৰু অন্যান্য প্ৰসংগ :: ৰক্তিম শৰ্মা

মনৰ কথাঃ পৰেশ বৰুৱাৰ ফোন, তেল কোম্পানী, দক্ষ মুখ্যমন্ত্ৰী আৰু অন্যান্য প্ৰসংগ :: ৰক্তিম শৰ্মা

Share This

পৰেশ বৰুৱাৰ ফোন, তেল কোম্পানী, দক্ষ মুখ্যমন্ত্ৰী আৰু অন্যান্য প্ৰসংগ, xukhdukh

পৰেশ বৰুৱাৰ ফোন, তেল কোম্পানী, দক্ষ মুখ্যমন্ত্ৰী আৰু অন্যান্য প্ৰসংগ

 ৰক্তিম শৰ্মা

বিগত সময়চোৱাত কেইটিমান অপহৰণৰ জৰিয়তে আলফা আৰু পৰেশ বৰুৱাই পুনৰ সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পালো। শেহতীয়াকৈ নতুন চৰকাৰৰ দ্বায়িত্ব লোৱা মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি দি অপহৃতৰ মুক্তিও দিলে। সাংবাদিকলৈ সঘন ফোনৰ বাতৰিয়ে টিভি, ৱেব পৰ্টেলৰ জৰিয়তে চৰ্চাও লভিলে। আলোচনাৰ জৰিয়তে ৰাজনৈতিক সমাধানৰ বাবে দিয়াৰ আহ্বানৰ প্ৰসংগত পিছে কোনো স্থিতি স্পষ্ট কৰা এতিয়াও অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব পৰা নাই। পূৰ্বৰ আলোচনীপন্থী আলফাৰ সৈতে চলি (?) থকা আলোচনাৰ অগ্ৰগতিৰ বিষয়েও কোনো সংবাদ মাধ্যমেই 'আলোকপাত' কৰাও দেখিবলৈ পোৱাটো ক্ৰমাত দুৰ্লভ হৈ পৰিছে। এই পটভূমি আৰু প্ৰসংগতে কিছু মনৰ কথা আগবঢ়াব খুজিছো।
পৰেশ বৰুৱাৰ ফোন, তেল কোম্পানী, দক্ষ মুখ্যমন্ত্ৰী আৰু অন্যান্য প্ৰসংগ, xukhdukh

সংসদীয় গণতান্ত্ৰিক ৰাজনৈতিক বিজ্ঞান, গণতান্ত্ৰিক আন্দোলনৰ নীতিৰ সৈতে আত্মগোপন বিজ্ঞান (underground science) আৰু গেৰিলা যুদ্ধৰ কৌশলৰ পাৰ্থক্য সাধাৰণ মানুহে নুবুজাটোৱেই স্বাভাৱিক। সশস্ত্ৰ সংগ্ৰাম এক ওপৰৰ স্তৰৰ ৰাজনীতি ৷ আলফাৰ আত্মগোপন ৰাজনীতিৰ অধ্যায় পাঁচ ছয় বছৰীয়া নহয়। সুদীৰ্ঘ ৪০ টা বছৰে ভাৰতৰ দৰে শক্তিশালী ৰাষ্ট্ৰশক্তিৰ বিষয়ে সশস্ত্ৰ ধাৰাৰ ৰাজনীতি জীয়াই ৰখা মুখৰ কথা নহয় ৷ হয়তো বিশ্বৰ ইতিহাসতেই এয়া বিৰল।

যুদ্ধৰত শক্তি হিচাপে পৰেশ বৰুৱাদেৱৰ ভুল-ভ্ৰান্তি, সীমাবদ্ধতা আদি অলেখ আছে বা থকা স্বাভাৱিক ৷ আজি যিসকলে পৰেশ বৰুৱাক বুঢ়া হোৱা বুলি উপলুঙা কৰি আছে সেইসকলে কেৱল বিপ্লৱী তত্ব আওঁৰাই সাংগঠনিকভাবে দুটা দিনো আত্মগোপন কৰি জীয়াই থাকিব যে নোৱাৰে সেয়া বুজা উচিত। অৱশ্যে আমি কাৰো অন্ধভক্ত নহয়। আমি মাথো নিৰপেক্ষভাবে পৰ্যবেক্ষণ কৰিবলৈহে চেষ্টা কৰোঁ।

সশস্ত্ৰ সংগ্ৰাম এনে এক ওপৰৰ স্তৰৰ ৰাজনীতি য’ত আন গণতান্ত্ৰিক সংগ্ৰাম অপ্ৰাসঙ্গিক হৈ পৰে৷ অৰ্থাৎ য’ত স্বাধীনতাৰ বাবে জাতি এটা যুদ্ধৰত তেতিয়া সেইটোৱেই মুখ্য ৷ বাকী ব্যৱস্থাটোৰ ভিতৰত চলা যিকোনো সংগ্ৰামে স্বাধীনতা সংগ্ৰামক হয়তো ক্ষতি কৰে নহয়তো দখলদাৰী শক্তিৰ দখলদাৰিত্বক আওপকীয়াকৈ সমৰ্থন কৰি এক স্থিতাৱস্থাবাদী ভূমিকা লয় ৷

গতিকে কথাটো হ’ল, পৰেশ বৰুৱাদেৱে তেখেতৰ নিজা দৃষ্টিকোনেৰে আলফাৰ সংগ্ৰামৰ ৰাজনীতি আগবঢ়াই নিছে আৰু অন্য জাতীয় গণতান্ত্ৰিক দল-সংগঠনবোৰে নিজা দৃষ্টিভংগীৰে ৰাজনৈতিক সংগ্ৰামৰ নেতৃত্ব দিছে ৷ দুটা ভিন্ন দিশ। এটাত ভাৰত ৰাষ্ট্ৰ প্ৰত্যক্ষ শত্ৰু আনটো ৰাষ্ট্ৰৰ সংবিধানৰ প্ৰতি দায়বদ্ধ। অন্য সংগ্ৰামী গণতান্ত্ৰিক দল-সংগঠনৰ পৰা আলফাৰ সংগ্ৰামৰ সুচল হোৱাকৈ ৰাজনৈতিক কৰ্মকাণ্ডৰ বা চিন্তাধাৰা পৰেশ বৰুৱাদেৱে যিদৰে সকলোসময়তে আশা কৰা অসম্ভৱ, ঠিক তেনেদৰে আলফাৰ পৰাও গণতান্ত্ৰিক দলবোৰে তেওঁলোকৰ সৈতে মিল থকা ৰাজনীতি আশা কৰাতো ভুল। এই অমিলবোৰ থাকিবই ।

এতিয়া প্ৰশ্ন হ’ল, ১) পৰেশ বৰুৱাদেৱৰ কৌশলী বক্তব্যবোৰে ফেচীবাদৰ বিৰূদ্ধে আৰু অন্যায়ৰ বিৰূদ্ধে জনগণৰ গণতান্ত্ৰিক সংগ্ৰামৰ কিবা ক্ষতি কৰিব নেকি ?

আমাৰ উত্তৰঃ হয়, কৰিবও পাৰে বা বিশেষ ক্ষতি নকৰিলেও একাংশ সংগ্ৰামী লোকক হতাশাগ্ৰস্থ বা কনফিউজড কৰিব পাৰে।

২) অসমৰ গণতান্ত্ৰিক ৰাজনৈতিক দল-সংগঠনবোৰে সংবিধানৰ বাহিৰত আহি অসমৰ স্বাধীনতাৰ দাবীক গণদাবী হিচাপে গণতান্ত্ৰিকভাৱে উত্থাপন কৰি আগবঢ়াই নিব পাৰিবনে ?

আমাৰ উত্তৰঃ অসম্ভৱ। অসমৰ বেছিভাগ ভোটাৰেই নিজকে ভাৰতীয় বুলি ভাবে আৰু ভাৰতীয় সংবিধানৰ প্ৰতি অনুগত ৷

অৰ্থাৎ সত্যটো হ’ল দুয়োবিধ ৰাজনীতিয়েই ভিন্ন পথেৰে আগবাঢ়িছে আৰু নিৰ্যাতিত জাতিৰ স্বাৰ্থত এক সমান্তৰাল সংগ্ৰাম এইধৰণে আগবঢ়াই নিয়া অসম্ভৱ ।

আমাৰ কথাঃ

১) যিহেতু আলফাই নেতৃত্ব লোৱা অসমৰ স্বাধীনতা যুদ্ধখন এতিয়াও ফাইনেল ষ্টেজলৈ গতি কৰা নাই সেয়ে মনঃস্তাত্বিক যুদ্ধখন চলাবলৈ যাওঁতে অসমৰ জাতীয় গণতান্ত্ৰিক সংগ্ৰামৰ ক্ষতি নোহোৱাকৈ বা সংগ্ৰামী লোকক কনফিউজড নকৰাকৈ ৰাজহুৱা বক্তব্য ৰখা উচিত যিহেতু সশস্ত্ৰ ৰাজনীতিৰ ৰণনৈতিক চল-চাতুৰিত জনগণ অভ্যস্ত নহয়।

২) আলফাই শেহতীয়াকৈ কুইপ আৰু অ’এনজিচিক প্ৰায় ১০০% থলুৱা নিযুক্তি আৰু জন-উন্নয়নমূলক কাম কৰাৰ বাবে যি চৰ্ত আৰোপ কৰিছে আৰু তেওঁলোকে মানি লৈছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াইও সম্ভৱ বুলি কৈছে। গতিকে সেয়া যাতে আখৰে আখৰে কাৰ্যকৰী হয় তাৰবাবে অসমৰ সচেতন শ্ৰেণী আৰু গণতান্ত্ৰিক দল-সংগঠনবোৰে সংগ্ৰামী কাৰ্যসুচীৰ অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু আশ্বৰ্যজনকভাবে এইক্ষেত্ৰত অসমৰ সচেতন অংশ নিমাত ৷

৩)অসমৰ গণতান্ত্ৰিক দল-সংগঠন আৰু সচেতন নাগৰিক সমাজে 'আলফাৰ স্বাধীন অসমৰ দাবী’ মূল ইচ্যু হিচাপে লৈ ৰাজনৈতিক আলোচনা অনুষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰক হেচা প্ৰয়োগ কৰা উচিত। তেতিয়াহে সমাধানৰ পথ মুকলি হব ৷

মূল কথাটো হ’ল ৰাজনৈতিকভাবে সমাধান হবলগীয়া বিষয় এটাত সমাজৰ গৰিষ্ঠসংখ্যক প্ৰভাৱশালী লোকে মূৰ পোলোকা মাৰিলে ইয়াৰ সমাধান উজু নহয়।

(২)

অসমত গো-হত্যা নিষিদ্ধ কৰাৰ আইন হব বুলি কৰা ঘোষণাই এতিয়া ৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰিছে। তাৰেই প্ৰসংগত কেইটামন সৰল কথাই মনত দোলা দিছে, মানে চাইড-এফেক্টৰ কথাহে চিন্তা হৈছে।


এক অৰ্থত, চোৰাং বেহাৰ খবৰবোৰলৈ চাই, গো-হত্যা বন্ধ কৰাটো ঠিকে আছে বাৰু ৷ গো হত্যা বন্ধ কৰিলে হিন্দু-মুছলমান-খ্ৰীষ্টানৰ মাজত সামাজিক অস্পৃশ্যতা নোহোৱা হব ৷ পিছে এটা লেঠাও আছে। মুছলমানলৈ যাব খোজা হিন্দু গাভৰুবোৰৰ যিসকলে "গৰু খাব লাগিব’ বুলি ভয়তে যোৱা নাছিল বা সেইবিষয়ত সাহস কৰা নাছিল সেইসকলৰ সুচল হব। 'লাভ জেহাদ’ বাঢ়িব আৰু কেনেবাকৈ ভিন্নধৰ্মী ল’ৰা-ছোৱালীৰ মাজত লিলিমাই হ’লেও সমাজৰ বা গাৰ্জেনসকলৰ বৰ বেছি কাঢ়া আপত্তি নোহোৱা হব বা চোক কমিব ! এটাই সন্তুষ্টি হব-"এহ, কিনো হব , গৰু-চৰু নাখায় নহয় ৷ আমাৰদৰেই মানুহ ।" ধৰ্ম ৰক্ষাৰ স্বাৰ্থত এইবোৰ কথাও চিন্তা কৰিব লাগিব।

No comments:

Post a Comment