ধৰ্মান্ধতা, মতান্ধতা আৰু নিয়ন্ত্রণহীন পুঁজিবাদী অর্থনীতি বনাম জাতিৰ মংগল কামনা
ড° নগেন শইকীয়া
অসমত নতুন মন্ত্রীসভা গঠন হ’ল। এই সম্পর্কে মই একো মন্তব্য নকৰাৰ বাবে মোৰ শুভার্থী দুগৰাকীয়ে প্রসংগক্রমে সুধিছে মই এই বিষয়ে লিখাৰ কথা ভবা নাই নেকি? ততালিকে দিয়া মোৰ উত্তৰটো আছিল যে ক’ভিড মহামাৰীয়ে এনে ব্যাপকতা লাভ কৰিছে আৰু এনেভাৱে ভাবিব নোৱাৰাকৈ মানুহৰ আকস্মিক অকাল মৃত্যুৰ খবৰে অসমৰ আকাশ বতাহো ভৰাই পেলাইছে যে মন্ত্রীসভা গঠনৰ বিষয়টোৱে মনৰ মাজত যেনেভাৱে ক্রিয়া কৰিব লাগিছিল, তেনেভাৱে বোধকৰোঁ ক্রিয়া কৰিবলৈ সময়েই পোৱা নাই। ভাল হৈ থকাখিনিয়ে হয়তো নিয়মৰ মাজত থাকিও খোৱা-বোৱা কৰিছে, হাঁহিছে, মাতিছে, কথা বতৰা হৈছে আৰু মৃতকসকলৰ নামত দুখো কৰিছে, কিন্তু অবিৰামভাৱে মানুহৰ সংবেদনশীল মনটো বিশ্বজুৰি হোৱা অভাৱনীয় মহামাৰীয়ে যেন বিমুঢ় কৰি ৰাখিছে। মই সামান্য মানুহ। এই বিমুঢ়তাৰ পৰা মুক্ত হ'ম কেনেকৈ?
১২ মে'ৰ দিনা হোমেন বৰগোহাঞিৰ মৃত্যুৰ খবৰে জীৱনৰ অর্থশূন্যতা যেন মোৰ মনত দুগুণ কৰিছে। তথাপি এই বিষয়ে কোনো সন্দেহ নাই যে চাপৰিলে মেঘ নেৰায়। আমি নাভাৱোঁ বুলিলেও আমাৰ ৰাজ্যৰ, দেশখনৰ আৰু বিশ্বৰে আৰ্থ ৰাজনৈতিক ঘটনাবোৰ নঘটাকৈ নাথাকে। এনে ঘটনাবোৰ ঘটা মানেই সংশ্লিষ্ট জনসাধাৰণৰ ওপৰত তাৰ প্ৰভাৱ পৰা। কিন্তু আমি যেতিয়া আমাৰ ৰাজ্যখন আৰু দেশখনৰ কথা ভাবোঁ, তেতিয়া মনৰ মাজত ইতিপূর্বে সোমাই থকা ধাৰণা আৰু বিশ্বাসবোৰেও আহি মনৰ চকুৰ আগত থিয় দিয়েহি। মই মুকলিভাৱেই এষাৰ কথা কৈ আহিছোঁ যে দেশৰ বর্ণাঢ্য ৰূপ নষ্ট নকৰিব অভাৱনীয় মহামাৰীয়ে যেন বিমুঢ় কৰি ৰাখিছে। মই সামান্য মানুহ। এই বিমুঢ়তাৰ পৰা মুক্ত হ'ম কেনেকৈ?
মই মুকলিভাৱেই এষাৰ কথা কৈ আহিছোঁ যে ধৰ্মান্ধতা, মতান্ধতা আৰু নিয়ন্ত্রণহীন পুঁজিবাদী অর্থনীতি মই মানুহৰ মংগলৰ বাবে গ্রহণীয় নহয় বুলি ভাবোঁ আৰু বিশ্বাস কৰোঁ। কোনো মানুহৰ প্রতি বিদ্বেষ ভাব নোলোৱাকৈ মই ক'ব খোজে যে জানি বা নাজানি যিসকলে এই তিনিটা পথত ভৰি দিছে, তেওঁলোকৰ ইয়াৰ ভিত্তিত কর্মসমূহেসংশ্লিষ্ট জনসাধাৰণৰ মংগল সাধন কৰিব নোৱাৰিব, বৰং মানুহৰ বাবে অৱশেষত দুর্দিন মাতি আনিব। এতিয়া ভাৰতবৰ্ষত দেশ আৰু মানুহৰ মংগল সাধন কৰাৰ বাবে ঘোষণা কৰা কামৰ আঁৰত থকা ব্যক্তিগত লাভ-লোকচানৰ হিচাপটোৱে যেতিয়া আগস্থান পোৱা যেন লাগে, তেতিয়া অন্ধকাৰ হৈ আহিব খােজা ভৱিষ্যৎটো দেখা পাওঁ।
অসমত বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ সুবিধা লাভ কৰিছে। দক্ষতা, প্রতিভা, স্থিৰ লক্ষ্য আৰু ৰাজনীতিৰ পোহৰ আৰু আন্ধাৰ দুয়োটা দিশ দেখা, নিজৰ দ্বাৰা উচিৎ বিবেচিত কাম কৰাৰ প্ৰৱল ইচ্ছাশক্তি থকা ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শপত গ্ৰহণ কৰা চৈধ্যজনীয়া মন্ত্রীসভাৰ প্রতি মই প্রথমে শুভেচ্ছা জ্ঞাপন কৰি লৈছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছো বিধানসভালৈ জয়ী হৈ অহা বিজেপি আৰু অবিজেপি দলৰ সকলো সদস্যৰ প্রতি। এইসকলৰ সিদ্ধান্ত আৰু কাম-কাজৰ ওপৰতে অহা পাঁচ বছৰ অসমৰ ভাগ্যৰ চকৰি ঘূৰিব। এই বিষয়েও কোনো সন্দেহ নাই যে ৰাজ্যখনৰ ভাগ্য নিয়ন্ত্ৰণৰ বাবে কাম কৰোঁতে নিষ্ঠা থাকিলে স্বার্থপৰতাই আগস্থান ল'ব নোৱাৰে। কিন্তু মই যেতিয়া আমাৰ বিভিন্ন স্তৰৰ ৰাজনৈতিক লোকসকলৰ ছবি মনৰ চকুৰ আগলৈ আনিব খােজোঁ, মই নিষ্ঠাৰ আঁৰত যেন স্বার্থপৰতাই বহল ঠাই অধিকাৰ কৰি থকা দেখা পাওঁ। নহ'লে গৰিষ্ঠসংখ্যক ৰাজনীতিকেই যিটো স্তৰত জন্মগ্রহণ কৰি ৰাজনীতিৰ পথাৰলৈ আহিছে, তেওঁবিলাক কেনেকৈ অপর্যাপ্ত ধন-সম্পদৰ গৰাকী হ'ব পাৰে। এইটোও ঠিক যে তেওঁবিলাকৰ অনেকক হয়তো অৱস্থাই বাধ্যও কৰাৰ পাৰে। সেইবাবে মই প্ৰথমতেই চৰকাৰৰ দায়িত্ব লোৱাসকলৰ পৰা আশা কৰিম যেন প্রত্যেকেই নিজৰ লোভ সম্বৰণ কৰিবলৈ যত্ন কৰে আৰু নিজৰ ভাতৃ, বন্ধু, অঙহী-বঙহীৰ পৰিৱর্তে সততা আৰু যোগ্যতাৰে বিভিন্ন কাম কৰিব পৰা লোককহে ঠিকা-ঠুকলিকে ধৰি বিভিন্ন কামবোৰৰ দায়িত্ব দিয়ে।
মই এই কথা জানো যে কেন্দ্রীয় চৰকাৰৰ কিছুমান সিদ্ধান্ত আৰু নির্দেশ ৰাজ্য চৰকাৰসমূহে মানিবলগীয়া হয়। মই বর্তমানৰ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে সুধিব খুজিছে যে তেওঁৰ পৰা এইটো আশা কৰিব পাৰিমনে যে তেওঁ অসমৰ সকলো জনসাধাৰণৰ প্রতি দায়িত্বশীল হৈও অসম আৰু বহল অসমীয়াত্বৰ যিটো পৰিচয়, সেই পৰিচয়ৰ খতি-খুন হ'বলৈ নিদিয়াকৈ কাম কৰিবলৈ কেন্দ্রীয় নেতৃত্বৰ পৰা সুযোগ আৰু সুবিধা আদায় কৰিব পাৰিব? অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষিক-সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিও কেনেকৈ অসমীয়া ভাষাৰ সূতাদালেৰে আমি একত্ৰ হৈ থাকিব পৰাকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া আৰু ইংৰাজী শিক্ষাৰ মান উন্নত কৰিব পাৰি আৰু নিবাচনৰ সময়ত ঘোষণা কৰাৰ দৰে কেনেকৈ সকলো মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাটো এটা বাধ্যতামূলক ভাষা হিচাপে শিকোৱাৰ ব্যৱস্থা কৰিব পাৰি, সেই কাম মুখ্যমন্ত্রী শৰ্মাই কাকো অসন্তুষ্ট নকৰাকৈ কৰিব পাৰিব বুলি থকা বিশ্বাস ৰক্ষিত হ’বনে? এনে ব্যৱস্থা যদি কৰিব পাৰি, সৌ সিদিনা আমাক এৰি যোৱা সাম্প্রতিক অসমৰ ‘সৰ্বোচ্চ চিন্তানায়ক হোমেন বৰগোহাঞি ডাঙৰীয়াই শংকা কৰা ধৰণেৰে অসমীয়া ভাষাটো দোৱানত পৰিণত হোৱাৰ পৰা ৰক্ষা পৰিব। ইংৰাজী ভাষা আমাৰ ল'ৰা-ছোৱালীয়ে ভালকৈ শিকক, কিন্তু অসমীয়া নথকা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰভাৱে তেনে স্কুলৰ অসমীয়া ল'ৰা ছোৱালীবিলাকৰ মুখৰ অসমীয়া ভাষা ‘দোৱানত পৰিণত কৰিবলৈ আৰম্ভ কৰিছে। এই বিষয়টো আমাৰ জাতীয় জীৱনৰ বাবে অশনি সংকেতস্বৰূপ হৈ পৰিছে। এসময়ৰ অসম আন্দোলনত ‘জান প্রাণ দি লগা হিমন্ত বিশ্ব শৰ্মাই এই সংকটটোৰ মাৰাত্মক পৰিণতিৰ কথা নুবুজিবনে?
ধর্মই জাতিৰ পৰিচয় ৰক্ষা নকৰে, কৰিব নোৱাৰে। সেইবাবে ইছলাম হওক, হিন্দু হওঁক, খ্রীষ্টান ধর্ম হওক সকলো ধৰ্মৰ আগ্রাসী ৰূপ বাঢ়িবলৈ দিয়া মানে তথাকথিত ধর্মযুদ্ধত প্রবৃত্ত হ'বলৈ উচটনি যোগোৱা আৰএছএছ আৰু বিজেপিয়ে এই সত্যটো নস্যাৎ কৰি যদি হিন্দুত্বক ৰাজকীয় ধর্ম কৰি তুলিব খোজে, তেনে প্ৰচেষ্টাৰ সৃষ্টি কৰাসকল মনুষ্যত্বহীন হিন্দু হ'ব। এনে মানুহ আমাক লাগেনে? হিন্দু ধর্ম প্রধান শিক্ষা হল ন মনুষ্যাৎ হি পৰং দেৱঃ। এই শিক্ষাৰ বিৰুদ্ধে কাম কৰাসকল হিন্দুতো নহয়েই, মানুহ হৈও উঠিব নােৱাৰিব। মনুষ্যত্বৰ ধৰ্ম নজনাসকল শ্ৰীমন্ত শংকৰদেৱৰ ভাষাৰে ধৰ্ম ধৰিবাৰ সিটো যোগ্য নোহে লোক'।
বিশুদ্ধ বিজ্ঞান আৰু সমাজ বিজ্ঞান নজনা মানুহে দেশ আৰু দেশৰ মানুহ গঢ়িব কেনেকৈ? প্ৰখৰ বুদ্ধি আৰু প্ৰৱল কৰ্মশক্তিসম্পন্ন হিমন্ত বিশ্ব শমইি আমাৰ ৰাষ্ট্ৰীয়তাৰ বহল পৰিসৰৰ মাজত অসমকে ধৰি প্রত্যেক ৰাজ্যৰ জাতীয়তা যাতে কোনাে ভাষা-ধৰ্মৰ আগ্রাসনৰ বলি নহয়, সেই কথা বর্তমান ভাৰতৰ মুৰব্বী সকল পতিয়ন নিয়াব পাৰিলে তেওঁ অসমৰ মানুহৰে সমর্থন লাভ নকৰিব, ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ সমর্থন আৰু শুভেচ্ছা লাভ কৰিব বুলি ভাবোঁ। তেওঁ যদি মাধৱদেৱে কোৱাৰ দৰে ক্ষুদ্র সুখে বহু অল্প কৰিভৰকুপে জীৱ আছে পৰিকাল সর্পে দংশি হৰিল চেতন গাৰ' হয়, তেতিয়া বাঞ্ছিত ফল লাভ সম্ভৱ নহয়।
সর্বসাধাৰণ মানুহৰ বাবে আচাৰেই ধর্ম হলেওঁ জ্ঞান বুদ্ধি বৃত্তি থকাসকলৰ বাবে ধৰ্মৰ গভীৰত থকা দর্শন বা দার্শনিক তত্ত্বটোহে ধর্ম। বিজেপিৰ সৰ্বসাধাৰণ সমর্থকসকলৰ কথা নকৱেই, দেশৰ ঘাই মুৰীসকলৰ গৰিষ্ঠসংখ্যকৰ বাবে আচাৰেই ধর্ম হৈ থকাটোৱেই হ'ল দেশৰ বাবে দুভাগ্যৰ বিষয়। এওঁবিলাকে ধৰ্মক ব্যৱসায়ৰ অংশস্বৰূপেই গণ্য কৰে আৰু ব্যৱহাৰ কৰে। অসমৰ বিজেপিৰ লোকসকলে মনোযোগেৰে মাধৱদেৱৰ নামঘোষা' নামৰ সৰু জেপ পুথিখনিৰ দুটামানকৈ পদ পঢ়িলেও লাহে লাহে অবিদ্যা নাশিলে লাগ পায় সততে জানা/কণ্ঠ লগ্ন বস্তুক সাক্ষাত হ'ব। অসমৰ বিজেপিৰ ডাঙৰ-সৰু সকলোকে কওঁ অসমক ভাল নাপালে ভাৰতবৰ্ষক ভাল পাব কেনেকৈ? ৰাজ্যসমূহ নাথাকিলে ৰাষ্ট্ৰৰ অস্তিত্ব কত? মনত ৰাখিব—আমি ভাৰতীয় হৈ আছে জীৱন-দর্শন আৰু মূল্যবোধেৰেহে। ভাষা-সংস্কৃতিৰে আমি স্থানীয় ৰাজ্যৰ পৰিচয়টোৰেহে একোটা জাতি।ভাৰতীয়ত্ব আমাৰ ৰাষ্ট্ৰীয়তাৰ পৰিচয়হে, জাতীয়তাৰ নহয়। এই সতাটো বুজি কাম নকৰিলে ৰাষ্ট্র এদিন নহয় এদিন ভাগি টুকুৰা-টুকুৰ হ'ব। একেটা ৰঙেৰে বােলাবলৈ যত্ন কৰি ভাৰতৰ বিচিত্ৰতাক নষ্ট কৰাৰ অপচেষ্টা নকৰিব। কিমধিকমিতি।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ স্তম্ভলেখা 'জোনাকী'ৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক, তলৰ সূত্ৰঃ
No comments:
Post a Comment