আজিৰে পৰা আৰম্ভ হৈছে আমাৰ ধেমাজি গালৰ্চ স্কুল মানে বৰ্তমানৰ ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি সমাৰোহ। এই ক্ষণতে কিছু 'স্বৰ্ণিল' অনুভৱ বন্ধু-বান্ধৱী-শুভাকাংখীৰ সৈতে ভগাই লব খুজিছো।
ঠিকনা, আমাৰ ছোৱালীবোৰৰ জীৱনত ঠিকনাটোৱেই যেন বিৱৰ্তনশীল। এদিন দেউতাৰ ঘৰৰ মৰমৰ ছোৱালী হিচাবে এক ঠিকনা আৰু এদিন স্বামীৰ ঘৰৰ বোৱাৰী হিচাবে নতুন এটি। জীৱনৰ বাটত, উচ্চ শিক্ষা বুটলিবলৈ ওলোৱাৰ পাছৰ পৰাই ঠিকনা বহুত সলনি হৈছে। হোষ্টেলৰ অস্থায়ী ঠিকনা, স্বামীৰ চাকৰিসূত্ৰে কোৱাৰ্টাৰ নামৰ 'সঁজাঘৰ'ৰ পৰিবৰ্তনশীল ঠিকনাই এতিয়া তালিকাৰ ৰূপ লৈছেগৈ। কিন্তু আপোন ঘৰখন বুলিলেই আজিও এটাই ঠিকনা মুখৰ পৰা ওলায় 'ধেমাজি', আৰু মোৰ ঘৰ ধেমাজি গাৰ্লচ হায়াৰ চেকেণ্ডেৰীৰ ওচৰত! সেইয়াই যেন মোৰ হৃদয়ত খোদিত স্থায়ী ঠিকনা।
ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী বুলি সদায়েই এক আন্তৰিক গৌৰৱবোধ কৰো। এতিয়াও স্কুলৰ কথা সোঁৱৰিলে বাইদেউ-ছাৰ সকলৰ অনুশাসন,মৰম, সৰস্বতী পূজা, খেলঃধেমালি, আমি কৰা স্কুলৰ প্ৰতি দায়িত্ব, দুষ্টামী, ধেমালিবোৰলৈকে মনত পৰে। যেন সৌ সিদিনাহে স্কুলত পঢ়িছিলো। আৰু স্কুলৰ বাইদেউ-ছাৰ সকল সদায়েই যেন বুকুত সজীৱ আপোনতাৰ এক প্ৰদেশত আলফুলে আছে। মনত পৰে, কিদৰে প্ৰাথমিক শিক্ষা সাঙ কৰিয়েই ভৰি দিছিলো আমাৰ এই মৰমৰ স্কুল খনত। এতিয়াও সেই চিট পৰীক্ষাৰ দিনটো মনলৈ ভাঁহি আহে।
সোণালী জয়ন্তীৰ আদৰণি তোৰণ |
আমাৰ ঘৰৰ পৰা স্কুললৈ ২০০মিটাৰ মান হে দূৰ হব। সেইয়ে স্কুলত কিবা অনুষ্ঠান পাতিলেই আমাৰ ঘৰখনো সদায় স্কুলৰ লগত জড়িত হৈ পৰাটো আমি ছাত্ৰী হৈ থকা দিনৰ স্বাভাৱিক যেন কথা আছিল। সৰস্বতী পূজা বুলিলেই বাঁহৰ চুঙাৰ বেলনা মাৰি,কলপাত,ফুল আদিবোৰ যোগাৰ কৰাতো আমাৰ ঘৰখনৰেই যেন এটা কাম হৈ পৰে। স্কুলত ডাঙৰকৈ কিবা পাতিলেই ফুলৰ টাবৰ পৰা ঘৰৰ ছোফালৈকে দাঙিলৈ গৈছিলো। যেন সকলো আমাৰ ঘৰৰ হে অনুস্থান। এই আপোনতা আজি প্ৰায় এক দশকৰ পাছতো আজিও অনুভৱ কৰো।
আমাৰ দিনত আমি স্কুললৈ টিফিন নিয়া নাছিলো, আজিকালিৰ দৰে। নাছিল মিড্-ডে মিলৰ খিছিৰিও! আমাৰ ঘৰটোয়েই সেই সময়ত টিফিন ঘৰৰ দৰে আছিল আমাৰ লগৰবোৰৰ বাবে। জিৰনিৰ বেল বজাৰ লগে লগেই আমিবোৰ আমাৰ ঘৰমূৱা হৈছিলো। আমাৰ বাৰীৰ বগৰী, জলফাই, অমৰা, বতৰৰ আন আন ফলকে ধৰি পাকঘৰৰ সকলো বস্তু মহতিয়াই ফুৰিছিলো। কেতিয়াবা কেতিয়াবা আনৰ বাৰীত মনে মনে সোমোৱাৰ বাবে স্কুললৈ অভিযোগ ও আহিছিল আৰু হেড বাইদেউৰ পৰা শাস্তিও পাইছিলো। আমিবোৰ যেন শান্ত শিষ্ট মহাদুষ্টৰ একোটি জীৱন্ত উদাহৰণ হে আছিলো। স্কুলৰ সমুখৰ দাইদৰ দোকানৰ এটকীয়া চানাৰ বাবে হেঁতাউপৰা আৰু গেঞ্জী টনাৰ কাহিনীও একেই সজীৱ হৈ আছে। সেই কৈশোৰৰ সমধুৰ স্মৃতিবোৰ গাৰ্লচৰ ছাত্ৰীৰ ৰূপতেই এলবামৰ পাতত জিলিকি আছে আৰু একেদৰেই আমাৰ মন মননটো।
সোণালী জয়ন্তীৰ পতাকা উত্তোলন আজিৰ দৃশ্য |
একোখন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পবিত্ৰ কৰ্তব্যই হৈছে, শিক্ষাৰ্থীৰ মনত পঢ়া-শুনাই যে জীৱনৰ উত্তৰণৰ এক পথ তাক বুজাই হৃদয়ংগম কৰাই দিয়াটো। মই অনুভৱ কৰো, এই কামত আমাৰ শিক্ষাগুৰুসকল অতিশয় সফল হৈছিল। এই স্কুলৰ মজিয়াৰ পৰাই সপোন আমি দেখিবলৈ আৰম্ভ কৰিছিলো। বাইদেউ সকলে আমাৰ মনবোৰত সপোনবোৰৰ ডেউকা বান্ধি দিছিল। পঢ়াৰ লগে লগেই সামাজিক দায়িত্ববোধ, সেৱাৰ মনোভাৱক গঢ়ি তুলিবলৈ স্কাউট গাইডৰ জৰিয়তে আমাৰ উদ্বুব্ধ কৰিছিল। আমাৰ গাইডৰ সাজ পিন্ধা দিনৰ ফটোবোৰে দিব্য বাইদেউ, কনকলতা বাইদেউৰ সৱল নেতৃত্বৰ কথাকেই সোঁৱৰাই দিয়ে। তেওঁলোকৰ আঙুলিতে ধৰি এদিন গাইড হিচাবে অসমৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত গাইডৰ সন্মানো পাবলৈ সক্ষম হৈছিলো। গাইড হিচাবেই অসমৰ বাহিৰলৈকো প্ৰথমবাৰৰ বাবে মা-দেউতাৰ অবিহনেও ওলাই গৈ ৰাজধানী দিল্লী পৰ্যন্ত দেখাৰ সুযোগ পাইছিলো। যিবোৰে হয়তো, অগোচৰে মনৰ ভিতৰত ৰোপন কৰি দিছিল, ভাল দৰে পঢ়া শুনা কৰিলে এদিন ভাল মহানগৰীতো বসবাস কৰিব পৰাৰ এটি সপোন অথবা আত্মবিশ্বাস।
এনচিচি, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহকে ধৰি বিভিন্ন আয়োজন সমূহত গাৰ্লচৰ ছোৱালীৰ জয়যাত্ৰা আমাৰ বাইদেউ সকলৰে কৃৰ্তিত্ব। গাড়োদিয়া বাইদেউ, লাবণ্য বাইদেউ, বন্দনা বাইদেউকে ধৰি শিক্ষয়িত্ৰীসকলে সক্ৰিয়তাৰে ধেমাজিৰ ছাত্ৰ-ছাত্ৰী, লেখিকা, মহিলা, বিজ্ঞান, কলা, ক্ৰীড়া আদি প্ৰায়বোৰ সামাজিক কাৰ্যসূচীলৈ আমাৰ ছাত্ৰীসকলক উলিয়াই লৈ গৈছিল। এইবোৰত অংশগ্ৰহণৰ জৰিয়তে আমিও বিশাল সমাজখনৰ উমান পাইছিলো। যিবোৰ আছিল পাঠ্যক্ৰম বৰ্হিভূত শিক্ষা, কিন্তু জীৱনৰ একোটা আচল পাঠেই। আমাৰ স্কুলৰে শিক্ষাৰ্থীয়ে শৈক্ষিকৰ লগতে অন্যান্য ক্ষেত্ৰতো যে সফলতাৰ ধ্বজ সময়ে সময়ে উৰুৱাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, সেয়া কেৱল আমাৰ মৰমৰ পঢ়াশালিখনে গঢ়ি দিয়া শিক্ষাৰ মূল-আধাৰৰ বলতেই সক্ষম হৈছে। যেতিয়া প্ৰাক্তন ছাত্ৰী সকল হোৱাটপএপ, ফেচবুক আদি সামাজিক গণ-মাধ্যমেৰে এই সোণালীক্ষণত কাষচাপি আহিছে, তেতিয়া আমি পুনৰ এবাৰ দেখিবলৈ পাইছো, গালৰ্চৰ সেই কিশোৰীখিনিয়ে এতিয়া কেনেকৈ একোগৰাকী শিক্ষয়িত্ৰী, মাতৃ, ভগ্নী, সমাজকৰ্মী, চাকৰিজীৱি, প্ৰফেশনেলৰ ভিন্ন ৰূপত নিজৰ নিজৰ কৰ্তব্যবোৰ নিয়াৰিকৈ কৰি নিছে। এইবোৰ দেখিলেই মন ভৰি উঠে, আৰু পুনৰ মন উৰা মাৰে আমাৰ স্কুলৰ বাকৰিলৈ। স্কুলৰ বেলৰ শব্দত পুনৰ চক খাই উঠাৰ মন যায়। পুনৰ মন যায়, পঢ়াশালিখনৰ বাকৰিত পুনৰ কৈশোৰৰ বান্ধৱী সকলৰ সৈতে মনৰ কথা পাতিম, দুষ্টামি কৰিম, জীৱনৰ হিচাব নিকাচবোৰ পাহৰি, গালৰ্চৰ একোজনী কিশোৰী হৈ পৰিম। এই সুযোগ এই সমাৰোহে দিছে।
সেয়ে এই ক্ষণত মনত বৰ আনন্দ পাইছো। স্কুলখনৰ সৈতে পুনৰ একাত্ম হম, চিনিয়ৰ-জুনিয়ৰ সকলৰ সৈতে লগ পাম, বাইদেউ-ছাৰ সকলক এবাৰ সেৱা কৰি কৃতজ্ঞতা জনাবলৈ সুযোগ পাম। মহান মনিষী এগৰাকীয়ে কৈ যোৱা এষাৰ সাৰুৱা কথা মনলৈ আহিছে- 'এগৰাকী পুৰুষ শিক্ষিত হলে কেৱল তেওঁ শিক্ষিত হয়, কিন্তু এগৰাকী নাৰী শিক্ষিত হলে গোটেই ঘৰখনেই আলোকিত হৈ পৰে।' স্ত্ৰী-শিক্ষাৰ প্ৰসাৰতাৰ ক্ষেত্ৰত উজনিৰ ধেমাজি জিলাত ধেমাজি গালৰ্চৰ যি অৰিহণা সেয়া অতিশয় গুৰুত্বপূৰ্ণ। অসমৰ ভিন্ন স্থানত যেতিয়া ধেমাজিৰ শৈক্ষিক পৰিৱেশৰ প্ৰশংসা শুনো, মাতৃ সকলৰ সজাগতাৰ বাবেই ফলাফল ভাল হোৱা বুলি কোৱা শুনো, মনটো গৌৰৱ কৰিবলৈ মন যায়। এই দায়িত্ব আমাৰ পঢ়াশালিখনে অনাগত দিনটো সৱলতাৰে পালন কৰি যাব বুলি আশা কৰিছো। এই পবিত্ৰ ক্ষণত নাৰী শিক্ষাৰ ধ্বজ লোৱাকৈ অতি দূৰদৃষ্টিৰে আমাৰ পঢ়াশালিখন স্থাপন কৰাত তেতিয়াৰ দিনতে ভূমিকা গ্ৰহণ কৰা প্ৰতিজন জনা-নজনা ব্যক্তিলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছো, সশ্ৰদ্ধ স্মৰণ কৰিছো। আৰু বিদ্যালয়খনৰ লগত জন্মলগ্নৰে পৰা আজিলৈকে জড়িত সকলো ব্যক্তিকে অভিনন্দন জনাইছো। জয়তু ধেমাজি গাৰ্লচ হায়াৰ চেকেণ্ডেৰী স্কুল।
লেখিকা xukhdukh.com ৰ কাৰ্যবাহী সম্পাদক আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী
সুন্দৰ অৱলোকন
ReplyDelete