লোকেল গুজৱ.কম:: হাস্য-ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম:: হাস্য-ব্যংগৰে সত্যৰ সন্ধান

লোকেল গুজৱ.কম:: হাস্য-ব্যংগৰে সত্যৰ সন্ধান

Share This
১. চাংবিধানিক ললিপপ কমিটিত নাথাকে মনোনীত অসমীয়া প্ৰতিনিধি। দিল্লী কা লাড্ডু বিষয়ত হোৱা পূৰ্বৰ তিতা অভিজ্ঞতাৰ ভিত্তিতে ললিপপ কমিটিৰ পৰা সকলোৱে পদত্যাগ কৰা বুলি বাতৰি প্ৰকাশ পাইছে।

২. ‘বৰাক ভেলীত অসমীয়াৰ আচৰণ বিধি’ নামৰ এখন বিশেষ হাতপুথি লিখি উলিয়াইছে পদুমপাৰ্টিৰ উকিল নেতা পৰদীপ দৌতাই। তেখেতৰ পিতাকৰ নামত নামজাৰি কৰি থোৱা উপত্যাকাত অনুপ্ৰৱেশকাৰী অসমীয়াই কি কি আচৰণ কৰিব লাগিব, তাৰো সৱিশেষ গাইডলাইন ৰাইজৰ সুবিধা হোৱাকৈ তেওঁ লিখি উলিয়াইছে বুলি জানিব পৰা গৈছে। এই হাতপুথিখন অৱশ্যে ‘বাংলাদেশী আদৰণি বিধেয়ক’ গৃহীত হোৱাৰ পাছত সদৌ অসম জুৰিয়েই নিত্য-প্ৰয়োজনীয় গ্ৰন্থ হব বুলিও লেখকে দৃঢ়তা প্ৰকাশ কৰিছে। অসমৰ সকলো স্কুল-কলেজ আদিত এই হাতপুথিক অচিৰেই বাধ্যতামূলক দ্ৰুতপাঠ্য ৰূপে প্ৰচলন কৰিব লাগিব বুলিও দৌতাই আশা প্ৰকাশ কৰিছে।
৩. হাতী পাৰ্টিয়ে পদুম পুখুৰীৰ পাৰৰ কলৰ জুতি পূৰাকৈ এৰিব পৰা নাই বুলি জানিব পৰা গৈছে। কল খালে ৰাইজে আপত্তি কৰে যদি কেনেবাকৈ পচলাকে খাই হলেও হাতীৰ স্বাস্থ্য পাতি বজাই ৰাখিব বুলিও এতিয়া অতুলনীয় বৰাই প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে।

৪. এক্সিডেণ্টেল পিএম চিনেমা বনাই মৌনমোহন সিঙদেউৰ ছবি বিকৃত কৰিবলৈ বিচৰা চিনেমাখনে নিজেই মুখ থেকেচা খোৱাৰ বাতৰি প্ৰকাশ পাইছে। দহৰ ভিতৰত এক ৰেটিং লাভ কৰাৰ লগতে চিনেমাহলত শীতল ৰেচপন্সৰ ফলত এতিয়া পৰিচালক-অভিনেতা-নিৰ্মেতাৰ মুখ নিজেই কেহেঁৰাজ বৰণ ধৰিবলৈ লোৱা বুলিও খবৰ ওলাইছে।

৫. “হাবিত থকা বৰুৱাৰ সঁকিয়নী” নামৰ এখন ভ্ৰাম্যমাণ নাটক এইবছৰো অবিজিত ভট্টই লিখি উলিওৱা বুলি জানিব পৰা গৈছে। মূল নাটৰ আগে আগে ‘বিবৃত্তিৰ গান’ শীৰ্ষক এখনি আটক-ধুনীয়া নৃত্য-নাটিকাও মঞ্চস্থ কৰিব বুলি জানিব পৰা গৈছে।

৬. লেই লেই ছেই ছেইৰ সন্মুখীন হৈছে পথালিফোঁটা মহাৰাজ। এতিয়া বজাৰত পথালিফোঁটাৰ প্ৰতিমূৰ্তিৰ চাহিদা ইমানেই বাঢ়িছে যে ফটাকানি মেৰিয়াই পথালিফোঁটা লিখি দিলেও প্ৰতিমূৰ্তি দাহ সংস্থাই তাক উচ্চ দামত কিনি নিছে বুলিও প্ৰকাশ পাইছে। অনাগত দিনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি জালুকগুটি গেৰেলাৰ প্ৰতিমূৰ্তিও ৰেডিমেডকৈ পোৱাকৈ জোগাৰ ৰাখিবলৈ দাহ সংস্থাই যোগানকাৰীক আহ্বান জনাইছে।

৭. “বিজয়া বাইদেউৰ বাণী” নামৰ এখন সাৰুৱা ভাষণৰ সংকলন অহা ভোগালী উৰুকাতে প্ৰকাশ পাব বুলি জানিব পৰা গৈছে। অসমীয়া চাংচদৰ বাঙালী-হিন্দী-ইংলিচৰ সোৱাদযুক্ত খিচিৰি ভাষণৰ সংকলনখন প্ৰকাশৰ জৰিয়তে চংচদনী বাইদেউক বজাৰৰ পৰা বিদায় সম্ভাষণ জনাবলৈ সমষ্টিবাসী ৰাইজে দিহা কৰা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৮. “অচ্চে দিন” নামৰ পকৰি দোকানৰ এতিয়া বিক্ৰী সেমেকা হোৱা বুলি জানিব পৰা গৈছে। ১৪৪ ধাৰা দিয়াৰ বাবে ফুটগধূলিতে পকৰি-ঘূগুনি দোকানৰ সমুখতো একেলগে পাঁচজন খাৰা হব নোৱাৰাৰ বাবেই ঠাণ্ডা হৈ যোৱা পৰকীৰ বাবেই বেপাৰ বেয়ালৈ ঢাল খোৱা বুলি সদৌ অসম স্নাতকোত্তৰ পকৰীবেপাৰী সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছে।

৯. ভোগালীৰ উৰুকাৰ দিনা মেজিৰ ওপৰত ক ‘লা পতাকা উৰুৱাবলৈ ঔকিল গগৈয়ে আহ্বান জনাইছে। শেহতীয়াকৈ ক’লা ৰুমালৰ প্ৰতি ৰবটৰজাৰ এলাৰ্জি হোৱাৰ উপলক্ষতে মেজিৰ ওপৰত ৰাজ্যজুৰি ক’লা পতাকাই যে ৰবটৰজাৰ টোপনি হৰিব সেয়াও সুনিশ্চিত হৈ পৰিছে।

১০. জালুকগুটি চৰৰ্মাই প্ৰভুভক্ত এজন ধৰি ঘৰুৱা চেনেলত চেলবেল কৰি ৰাইজৰ মাজত বিধেয়ক সুমিয়াবলৈ অপচেষ্টা কৰাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া। ৰাইজৰ প্ৰতিবাদ দেখিও চৰম নলগা চৰমাক এতিয়া ‘জাতীয় নিলাজ’ বিভূষণেৰে বিভূষিত কৰাৰ বাবেও সদৌ খাটি-অসমীয়া যুৱ সংঘই পাঙ পাতিছে বুলিও জানিব পৰা গৈছে।

অন্যান্য লোকেল গুজৱৰ বাবে ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/LOCAL-GUJAB?&max-results=6

No comments:

Post a Comment