ভাল খবৰঃ দক্ষিণ কোৰিয়াৰ দহজনীয়া চিকিৎসকৰ দলে অসমত আগবঢ়াবলৈ আহিছে বিনামূলীয়া চিকিৎসা সেৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ দক্ষিণ কোৰিয়াৰ দহজনীয়া চিকিৎসকৰ দলে অসমত আগবঢ়াবলৈ আহিছে বিনামূলীয়া চিকিৎসা সেৱা

ভাল খবৰঃ দক্ষিণ কোৰিয়াৰ দহজনীয়া চিকিৎসকৰ দলে অসমত আগবঢ়াবলৈ আহিছে বিনামূলীয়া চিকিৎসা সেৱা

Share This
বসুদৈৱ্য কুটুম্বম; বসুন্ধৰাৰ মানৱেই আমাৰ আপোন। এই বাণীয়েই বিশ্বৰ মানুহক ওচৰ চপাই আনে। মানৱ সেৱা তাৰো উৰ্ধৰ এটি কথা। তাতে যদি আৰ্তজনক চিকিৎসা সেৱা আগবঢ়োৱা হয়, সেয়াটো অতি উত্তম কথা। তেনে এক ভাল খবৰেই লৈ আহিছে দক্ষিণ কোৰিয়াৰ পৰা অহা এটি পৰিভ্ৰমী পৰ্যটকৰ দলে।
আজি ডিব্ৰুগড়ৰ ডঃ ভূপেন হাজৰিকা বিমান বন্দৰত অৱতৰণ কৰিছেহি দক্ষিণ কোৰিয়াৰ পৰা অহা চিকিৎসকৰ এটি দহজনীয়া দল। তেওঁলোকে নাহৰকটিয়াৰ বিখ্যাত নামফাকে গাঁৱলৈ আহিছে। ছদিনৰ কাৰ্যসূচী। ইয়াৰে চাৰিদিন বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব খুজিছে। তাকো সম্পূৰ্ণ নিজৰ খৰচত। প্ৰয়োজনত অপাৰেচনো কৰিব বুলিও প্ৰকাশ কৰিছে। স্থানীয় অনুষ্ঠানৰ কাম তেওঁলোকৰ থকা আৰু খোৱাৰ তদাৰক কৰা। সেই কাম কৰিছে নামফাকে 'উত্থানা' অনুষ্ঠানে। সমন্বয়ক ৰূপে এই সেৱামূলক কামৰ তদাৰক কৰি নামফাকেৰ পৰ্যটন উদ্যোগী পেইম থি গোহাঁইয়ে।

পৰম্পৰাগত সাজত অতিথিক বিমানবন্দৰত
আদৰণি জনালে পেইম থি গোহাঁইয়ে
এই প্ৰচেষ্টাত সহযোগ কৰিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ সৈতেও আগতীয়াকৈ যোগাযোগ কৰা হৈছিল। প্ৰথমতে পূৰ্ণ সঁহাৰি পোৱা গৈছিল। পাছত চাৰিগৰাকী চিকিৎসক পঠোৱা হ'ব বুলিও স্থানীয় আয়োজকক অৱগত কৰিছিল। কিন্তু শেষত পৰ্যাপ্ত চিকিৎসকৰ অভাৱত কেৱল এগৰাকী স্থানীয় চিকিৎসকহে এই বিদেশী চিকিৎসক সকলক সহযোগ কৰিবলৈ উপস্থিত থাকিব পাৰিব বুলিও জানিব পৰা গৈছে।  

দক্ষিণ কোৰিয়াৰ চিকিৎসকৰ দলে অসমৰ ৰাইজক চিকিৎসা সেৱা আগবঢ়াই কিদৰে মন জিনে সেয়াও হব লক্ষণীয়। আৰু এনে শলাগনীয় পদক্ষেপৰ বাবে নামফাকেৰ 'উত্থানা' অনুষ্ঠানকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

No comments:

Post a Comment