তাজাখবৰঃ প্ৰধানমন্ত্ৰীলৈ আমন্ত্ৰণ প্ৰত্যাহাৰেৰে CAB ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ শংকৰ সংঘৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ প্ৰধানমন্ত্ৰীলৈ আমন্ত্ৰণ প্ৰত্যাহাৰেৰে CAB ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ শংকৰ সংঘৰ

তাজাখবৰঃ প্ৰধানমন্ত্ৰীলৈ আমন্ত্ৰণ প্ৰত্যাহাৰেৰে CAB ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ শংকৰ সংঘৰ

Share This
অসমৰ জাতীয় জীৱনৰ অন্যতম বিশাল ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘই  অৱশেষত নিজৰ স্থিতি প্ৰকাশেৰে কৰিলে এক অভূতপূৰ্ব প্ৰতিবাদ। এয়া হৈছে আগন্তুক ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশনখন মৰিগাঁও জিলাৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব।  অধিৱেশনৰ ৯ ফেব্ৰুৱাৰীৰ মুকলি সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্হ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰাৰ কথা আছিল। প্ৰস্তুতিও সেইদৰে তুংগত আছিল। 

অসমৰ প্ৰায় ২৫ লাখৰো অধিক লোকৰ দ্বাৰা গঠিত এই বৃহৎ সংগঠনটোৰ বিগত শিৱসাগৰ অধিবেশনলৈকো মোদীজী আহি সভা শুৱনি কৰিছিল। কিন্তু এই সংগঠনটোৱে কালি মোদীজীৰ বাবে দিয়া আমন্ত্ৰণ প্ৰত্যাহাৰ কৰি এক নজিৰ সৃষ্টি কৰেল।  পূৰ্বৰ আমন্ত্ৰণ প্ৰত্যাহাৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক মৰিগাওঁ অধিৱেশনলৈ নাহিবলৈকো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ কৰিছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। অসমৰ ৰাইজে “বেয়া পোৱা” নাগৰিকত্ব বিধেয়কৰ লোকসভাত গৃহীত কৰাত প্ৰতিবাদী পদক্ষেপ ৰূপে অসমৰ জনগণৰ সৈতে অৱস্থান গ্ৰহণ কৰিলে শংকৰ সংঘই। 

“মোদী আজি আছে কাইলৈ নাই। অসমীয়া জাতিৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় থাকিব লাগিব। জাতিয়ে বেয়া পোৱা কাম আমি কেতিয়াও কৰিব নোৱাৰো। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ পৰিস্থিতি সলনি হৈছে। গতিকে আমি তেওঁ অধিৱেশনত উপস্থিত নথকাটোৱে বিচাৰিব লগীয়া হ’ল,” কালি সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে এই কথা সংবাদমাধ্যমক অৱগত কৰে। 

যোৱা চেপ্তেম্বৰ মাহত সংঘৰ কাৰ্য্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে প্ৰধান মন্ত্ৰীক অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা হৈছিল। মোদীৰ আমন্ত্ৰণ প্ৰত্যাহাৰ কৰিলেও অৱশ্যে বিধেয়কখনৰ উদ্যোগ লোৱা অসম বিজেপিৰ নেতাসকলক এতিয়ালৈকে আমন্ত্ৰণ প্ৰত্যাহাৰ কৰা নাই সংগঠনটোৱে। নিমন্ত্ৰণী পত্ৰত মুখ্য মন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আদিৰ নাম এতিয়াও আছে। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীক আমন্ত্ৰণ প্ৰত্যাহাৰ কৰাটোৱে এক সৱল প্ৰতিবাদৰ ইংগিত দিছে। নৱ নিৰ্বাচিত পদাধিকাৰগৰাকীয়ে লগতে জনাই যে শ্ৰীমন্ত শংকৰদেৱ সংঘই জাতীয় অনুষ্ঠান হিচাপে বিধেয়কখনৰ সদায় বিৰোধিতা কৰি যাব। ধৰ্মীয় অনুষ্ঠানত ৰাজনৈতিক নেতাৰ মঞ্চ শুৱনি সদায়েই এক বিতৰ্কিত  বিষয়। এতিয়া ২৫ লাখ সংঘৰ সদস্যই যদি প্ৰতিবাদী স্থিতি গ্ৰহণ কৰে তেন্তে ইও যে অনাগত লোকসভা নিৰ্বাচনৰ বাবে এক কাৰক হৈ উঠিব, সেই কথাও কিন্তু নিশ্চিত হৈ পৰিছে। 

2 comments:

  1. I always oppose the invitation of political leaders to non political organization.

    ReplyDelete