অসমীয়া ভাষাৰ মৰ্যদা ৰক্ষাৰ্থে ১৯৭২ চনৰ মাধ্যম আন্দোলনত প্ৰাণ উছৰ্গা কৰা দৰংজিলাৰ খাৰুপেটীয়াৰ সমীপবৰ্তী জংগলপাৰাৰ সু-সন্তান শ্বহীদ ওমৰ আলীৰ স্মৃতিত চৰ-চাপৰি সাহিত্য পৰিষদে, অসমে "ওমৰ আলী সোৱৰণী ভাষা সন্মান" এইবেলি বিশিষ্ট কবি, সুলেখিকা তথা গোৱালপৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক কাছেমা খাতুনলৈ আগবঢ়াইছে। আজি ধুবুৰী সাহিত্য সভা ভৱনত চৰ-চাপৰি সাহিত্য পৰিষদ, অসমে ধুবুৰী জিলা সমিতিৰ সৌজন্যত আৰু ধুবুৰী বুক ক্লাবৰ সহযোগত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট কবি-সাহিত্যিক কাছেমা খাতুনক এই সন্মান কালি প্ৰদান কৰা হয়। অনুষ্ঠানত ধুবুৰী জিলা লেখিকা সমাৰোহৰ পৰাও সুকীয়াকৈ বিশিষ্ট কবি-সাহিত্যিক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে অনুষ্ঠানত ভাষা ভিত্তিক ৰাজ্য পুৰ্নগঠন আয়োগৰ সমুখত ১৯৫৪ চনৰ ১৯ মে তাৰিখে ধুবুৰীৰ লোকেল বোৰ্ডৰ কাৰ্যালয়ত Immigrant Muslim Association ৰ হকে স্মাৰকপত্ৰ প্ৰদান কৰি গোৱালপাৰা জিলাক পশ্চিম বংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰি অসমীয়া ভাষাৰ মৰ্যদা তথা অসমৰ অখন্ডতা ৰক্ষা কৰা অধিবক্তা আব্দুল কৰিম চাহাব আৰু আবুল হোছেইন পন্ডিত চাহাবক (মৰণোত্তৰ ভাৱে) সম্বৰ্দনা জ্ঞাপণ কৰে। তদুপৰি ১৯৭২ চনৰ মাধ্যম আন্দোলনত কাৰাবাস বৰণ কৰি ভাষা জননীৰ সেৱা কৰা প্ৰাক্তন অধ্যক্ষ জাহান উদ্দিন আহমেদকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনায়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমীয়া সাহিত্য সন্মিলনীৰ কাৰ্যকৰী সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰা, বিশিষ্ট অতিথি হিচাপে চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ সভাপতি ড০ হাফিজ আহমেদ, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা সুলেখক শ্ৰীযুত পাচু গোপাল চক্ৰৱৰ্তী, পৰিষদৰ উপদেষ্টা তথা প্ৰগতিশীল লেখক শ্ৰীযুত দ্বিজেন বৰ্মণ, বৰ্ষীয়ান শিক্ষাবিদ শ্ৰীযুত গিৰীন্দ্ৰ নাথ গোস্বামী, পৰিষদৰ প্ৰধান সম্পাদক আব্দুল হালিম খান চৌধুৰী, উপ-সভাপতি হজৰত আলী আহমেদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি সন্মানীয় অতিথিৰূপে উপস্থিত থাকে।
অনুষ্ঠানত উপস্থিত থাকি আগবঢ়োৱা ভাষণ প্ৰসংগত ড০ দিলীপ বৰা, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড০ হাফিজ আহমেদ, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি পাচু গোপাল চক্ৰৱৰ্তী, প্ৰগতিশীল লেখক দ্বিজেন বৰ্মন আদি বিশিষ্ট লোকসকলে চৰ-চাপৰিৰ লোক হাড়ে-হিমুজুৱে অসমীয়া.... তেওঁলোক অসমীয়া ভাষা, সাহিত্য-সংস্কৃতি আৰু অৰ্থনীতিত প্ৰভূত অৰিহণা যোগাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু বৃহত্তৰ অসমীয়া জাতীয় জীৱন সমৃদ্ধি কৰিছে আৰু আগলৈও কৰি থাকিব বুলি আশা প্ৰকাশ কৰে। চৰ-চাপৰিৰ লোকসকল অসমীয়া হয় নে নহয় সেয়া কোনো তথাকথিত অসমীয়া মূলসুঁতিৰ লোকৰ পৰা, বিশেষকৈ কোনো ৰাজনৈতিক নেতাৰ পৰা চাৰ্টিফিকেট লোৱাৰ প্ৰয়োজন নাই বুলি বক্তসকলে উষ্মাৰে কয়।
প্ৰতিবেদন সৌজন্যঃ আশ্ৰাফুল ইছলাম
No comments:
Post a Comment