ভাল খবৰঃ ২১ গৰাকী বাংলাদেশীক আজি প্ৰত্যাৰ্পণ বাংলাদেশলৈ: এয়াই শেষ বাতৰি হব নেকি বিদেশী বহিস্কাৰৰ? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ২১ গৰাকী বাংলাদেশীক আজি প্ৰত্যাৰ্পণ বাংলাদেশলৈ: এয়াই শেষ বাতৰি হব নেকি বিদেশী বহিস্কাৰৰ?

ভাল খবৰঃ ২১ গৰাকী বাংলাদেশীক আজি প্ৰত্যাৰ্পণ বাংলাদেশলৈ: এয়াই শেষ বাতৰি হব নেকি বিদেশী বহিস্কাৰৰ?

Share This
বাংলাদেশী অনুপ্ৰৱেশকাৰীলৈ ধৰ্মৰ ভিত্তিত ভাৰতীয় নাগৰিকত্বৰ প্ৰসংগই উত্তৰ-পূৱৰ ৰাজনীতি গৰমাই ৰখাৰ মাজতে প্ৰকাশ পাইছে এটি সুখবৰ। আজি কৰিমগঞ্জ জিলাৰ সুতাৰকান্দি সীমান্তইদি শনিবাৰে বাংলাদেশলৈ বিতাড়ন কৰা হৈছে ২১গৰাকী লোকক। এই তালিকাত আছে- লিতন আলী, নাছিৰ হুছেইন, খাইৰুল, জাহিদা বেগম, ছুফিয়া বেগম, মিহিৰ পেবেল মিঞা, চফিক ইছলাম, চাভিল ইছলাম, ৰমজান আলী, বাবলু আহমেদ, চুমন ফকীৰ, মৌচম আহমেদ, নাজিম উদ্দিন, আশ্ৰাফুল আলম চৌধুৰী,  মঃ তফিক আলী, মঃ ৰাজু আহমেদ, দিলৱাৰ হুছেইন, চুকুৰ, চমিম আহমেদ আৰু ৰুবেল আহমেদ।
বিতাড়িত হোৱা বাংলাদেশীকেইগৰাকী অসমৰ সীমান্তইদি নহয়, প্ৰৱেশ কৰিছিল চুবুৰীয়া মেঘালয়ৰ ডোনা, ডাউকি আৰু ত্ৰিপুৰা সীমান্ত হৈ। তেওঁলোকে ধৰা পৰাৰ পাছত শিলচৰৰ ডিটেনচন কেম্পত দুবছৰৰ পৰা চাৰি বছৰৰ শাস্তিৰ ভোগ কৰিব লগা হয়। সেই ম্যাদ ওকলাৰ পাছতে প্ৰচলিত নিয়ম অনুসৰি তেওঁলোকক বাংলাদেশক গতোৱা হৈছে। বাংলাদেশৰ ব’ৰ্ডাৰ গাৰ্ডৰ হাতত গতাই দিয়া হয় ১৯জন পুৰুষ আৰু দুগৰাকী মহিলাক। অৱশ্যে বাংলাদেশৰ সীমান্তৰ সীপাৰে বিতাড়িত লোক সকলৰ পৰিয়ালৰ লোক সকলেও তেওঁলোকক ঘৰলৈ ঘূৰাই নিবলৈ ৰৈ থকা বুলি সূত্ৰত প্ৰকাশ পাইছে।

অসম চুক্তিৰ আধাৰত এই বিদেশী বহিস্কাৰ হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে। উল্লেখনীয় যে, এই সকলো বিতাড়িত ব্যক্তি ইছলামধৰ্মী। কিন্তু নাগৰিক সংশোধনী বিধেয়ক পাছ হোৱাৰ পাছত ধৰ্মৰ বিচাৰ কৰিলে বিদেশীক বহিস্কাৰ কৰাটো সহজ নহব। কাৰণ, এই বিধেয়কৰ যোগে, কাগজ-পাতি নোহোৱাকৈয়ো হিন্দু শৰণাৰ্থীকে ধৰি ভিন্ন প্ৰতিবেশী দেশৰ প্ৰায় কেইবাটাও ধৰ্মীয় সংখ্যালঘুৱে ভাৰতত নাগৰিকত্ব লাভ কৰিব। এই ব্যৱস্থা হ'লে, ডকুমেণ্ট নোহোৱা মানুহক কি ধৰ্মৰ কি ভিত্তিত চিনাক্ত কৰিব, স্থানীয় উকিল ধৰি শপতনামা যোগে নিজৰ ধৰ্ম কেৱল ইছলাম নহয় বুলি শপতনামা দিলেই নাগৰিকত্ব বিষয়ত যিকোনো গোচৰৰ পৰা বাট মুকলি কৰিব এই নাগৰিকত্ব সংশোধনী বিধেয়কে। এই স্পৰ্শকাতৰ বিষয়টোক লৈয়ে অসমৰ তথা উত্তৰ-পূৱৰ ৰাইজ সন্ধিহান হৈ পৰিছে। 

অনাগত ৰাজ্য সভাৰ অধিৱেশনত CAB বিধেয়ক পাছ হ'লে এইদৰে বিদেশী বহিস্কাৰৰ বাতৰি পুনৰ দেখা চাগৈ সম্ভৱেই নহব বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment