এই প্ৰতিবাদী কাৰ্যসূচীত বলীউডৰ ছাউণ্ড ডিজাইনাৰ তথা অসমৰ সু-সন্তান অমৃত প্ৰীতম, মাজুলী খ্যাত নিলোৎপল বৰা, সংগীতকাৰ অম্বৰ দাস, চিনেমা পৰিচালিকা ৰিমা বৰা, প্ৰযোজিকা নাউমি বৰুৱা, ভায়োলেট নাজিৰ তিৱাৰী, অসম এছচিয়েছন মুম্বাইৰ সভাপতি বিনোদ মুদিয়াৰ, গগণা মুম্বাইৰ সাধাৰণ সম্পাদক নয়নজ্যোতি ভূঞা, মুম্বাইত প্ৰতিষ্ঠিত ভালে সংখ্যক সচেতন অসমীয়া ৰাইজে অংশ লয়। শান্তিপূৰ্ণ সমদলৰ বাবে সমবেত হৈ ৰাইজে এই বিধেয়কে অসম আৰু অসমীয়াৰ স্বাৰ্থত আঘাত হানিব পৰা ভিন্ন দিশ, তথা দেশৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰক ধ্বংস কৰিব বিচৰা প্ৰয়াসৰ বিষয়ে সবিশেষ আলোচনা কৰে। কৰ্মদিনত হোৱা কাৰ্যসূচীৰ বাবে বহুতেই ইয়াত অংশ গ্ৰহণ কৰিব নোৱাৰিলে যদিও, মুম্বাইবাসী অসমীয়া সমাজে চ'চিয়েল মেডিয়া যোগেও সৱলভাৱে নিজৰ প্ৰতিবাদ এই বিষয়ত দাঙি ধৰিছে।
এই প্ৰতিবাদী কাৰ্যসূচীৰ ভিডিঅ' তলত উপস্থাপন কৰা হ'ল-
(১)
(১)
ভিডিঅ'-২
No comments:
Post a Comment