চিন্তনঃ হিন্দু-হিন্দুত্বৰ সম্পৰীক্ষাঃ আৰ.এছ.এছ কিমান সফল, কিমান বিফল? ::দেবব্ৰত গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ হিন্দু-হিন্দুত্বৰ সম্পৰীক্ষাঃ আৰ.এছ.এছ কিমান সফল, কিমান বিফল? ::দেবব্ৰত গগৈ

চিন্তনঃ হিন্দু-হিন্দুত্বৰ সম্পৰীক্ষাঃ আৰ.এছ.এছ কিমান সফল, কিমান বিফল? ::দেবব্ৰত গগৈ

Share This
সম্ৰাট অশোকৰ বৌদ্ধ ধৰ্ম বিস্তাৰৰ কাৰ্য্যখিনি ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে সম্ৰাটে তেতিয়াৰ ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মটো বিস্তাৰৰ সমান্তৰালকৈ বিদেশতো পূৰ্ণদ্যোমে বিস্তাৰ কৰিছিল। অশোক নথকা হ’লে আজি তাৰিখত শ্ৰীলংকাৰ দৰে দেশখন বৌদ্ধ ধৰ্মী প্ৰধান নহলহেঁতেন। ইয়াৰ পৰা এটা কথা লক্ষ্য কৰিলো যে বৌদ্ধধৰ্মটো ভাৰতৰ বাহিৰত বিস্তাৰ হোৱা বাবেই আজিৰ দিনত বৌদ্ধ ধৰ্ম এটা আন্তৰ্জাতিক পৰ্য্যায়ৰ অন্যতম বৃহত ধৰ্ম হৈছে । এছিয়াৰ এক বৃহত জনসংখ্যাৰ লোক আজি এই ধৰ্মত দিক্ষিত। ইয়াৰ বিপৰীতে একে স্থানতে জন্ম লাভ কৰা হিন্দু ধৰ্মৰ আজি তাৰিখত বিস্তাৰৰ ফালৰ পৰা অতি পুতৌলগা অৱস্থা। ভাৰত আৰু নেপালৰ বাহিৰে বিশ্বৰ কোনো এখন দেশতেই হিন্দু সংখ্যাগুৰু নহয়। নিজকে হিন্দু ধৰ্মৰ ৰক্ষক বুলি দাবী কৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই যোৱা নটা দশকে কিয় ভাৰত আৰু নেপালৰ বাহিৰে এখনো দেশ হিন্দু প্ৰধান কৰিব নোৱাৰিলে সেয়া এক চিন্তনীয় বিষয়। 
আৰ এচ এচে মাথো ভাৰতৰ ভিতৰতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ যোৱা নটা দশকে চেষ্টা কৰি আছে । তেওঁলোকে হিন্দু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত “ৰাজধৰ্মই প্ৰজা ধৰ্ম” নামৰ সেই আওপুৰণি ফৰ্মুলাটোকে সাৰোগত কৰিবলৈ চেষ্টা কৰিছে আৰু সেইবাবে তেওঁলোকে হিন্দু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰতকৈ ভাৰতৰ শাসনৰ বাঘজৰী কেনেকৈ নিজৰ হাতলৈ আনিব পাৰি তাকেহে অহৰহ চেষ্টা কৰি আছে। ইয়াৰ ফলত আৰ এচ এচৰ ৰাজনৈতিক শত্ৰু বৃদ্ধি হৈছে, ৰাজনৈতিক শত্ৰু বৃদ্ধি হোৱাৰ ফলত তেওঁলোকে নিজৰ পৰিকল্পনা অনুসৰি কামবোৰ কৰাত বাধা পাইছে।

বহুতে কব পাৰে যে আৰ এচ এচ আৰু ইয়াৰ সম-মনোভাবাপন্ন দল সংগঠন যেনে বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল আদিবোৰৰ আন্তঃৰাষ্ট্ৰীয় শাখাও আছে আৰু তেওঁলোকে বিশ্বৰ বহু দেশত হিন্দু ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত লাগি আছে। কিন্ত এয়া আৰ এচ এচৰ আৰু তেওঁলোকৰ সৰ্মথকসকলৰ নিজৰ মাজত থকা এক বিভ্ৰম হে। এটা কথা হয় যে আৰ এচ এচ আৰু তেওঁলোকৰ সহযোগী সংগঠনসমূহৰ বিশ্বৰ বহু দেশত শাখা আছে , কিন্ত প্ৰশ্ন হয় সেই শাখাবোৰে সেই দেশবোৰৰ কিমান লাখ বা কোটি নাগৰিকক হিন্দু ধৰ্মলৈ যোৱা নটা দশকে ধৰ্মান্তৰিত কৰিব পাৰিছে ? অপ্ৰিয় সত্যটো হল যে সেই দেশবোৰত আগৰে পৰা বাস কৰা হিন্দু ধৰ্ম্বালম্বী আৰু ভাৰতৰ পৰা চাকৰি আৰু ব্যৱসায় কৰিবলৈ যোৱা মানুহখিনিৰ মাজতেই বৰ্তি আছে। তেওঁলোকে কোনো এখন দেশৰেই কোনো নাগৰিকক হিন্দু ধৰ্মলৈ পৰিৰ্ৱতন কৰিব পৰা নাই। তাতকৈ ইস্কনৰ দৰে সংগঠনেই আন ধৰ্মৰ বহু মানুহক হিন্দু ধৰ্মলৈ আনিব পাৰিছে আৰু লক্ষ্যণীয় কথা হল যে ইস্কন প্ৰত্যক্ষ ৰাজনীতিত নাই বা ইস্কনৰ নিজা ৰাজনৈতিক দল নাই।

আৰ এচ এচৰ যদি ইমানেই হিন্দু ধৰ্মটোক বিস্তাৰৰ ইচ্ছা তেনেহ’লে তেওঁলোকৰ প্ৰথম লক্ষ্য হব লাগিছিল বাংলাদেশ আৰু পাকিস্তান। 1971 চনত বাংলাদেশ জন্মৰ পাছতেই তেওঁলোকে টাৰ্গেট লব লাগিছিল যে অহা তিনি বা চাৰিটা দশকৰ ভিতৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী এজন হিন্দু হব। এই লক্ষ্য আগত ৰাখিয়েই তেওঁলোকে বাংলাদেশত হিন্দুৰ ধৰ্মৰ প্ৰচাৰৰ বাবে গোপনে চেষ্টা চলাব লাগিছিল। দেশখনলৈ ভাৰতৰ পৰা গোপনে লাখে লাখে হিন্দু মানুহক প্ৰেৰণ কৰি হিন্দুৰ সংখ্যা বঢ়াব পাৰিলেহেঁতেন। কিন্ত এইবোৰ একো নকৰি আৰ এচ এচে বাংলাদেশৰ পৰা ভাৰতলৈ হিন্দুবোৰক গুচি আহিবলৈ উত্সাহ যোগাই আছে। ফলত আন এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ হোৱাৰ সম্ভাৱনা থকা আৰ এচ এচে নিজে ধ্বংস কৰি আছে। ঠিক তেনেদৰে পাকিস্তানলৈও ভাৰতৰ পৰা লাখে লাখে আৰ এচ এচৰ প্ৰচাৰক গোপনে গৈ বৰ্তমানৰ পাকিস্তানৰ জনগাঁথনি বহু পৰিমাণে সলনি কৰিব পাৰিলেহেঁতেন কিন্ত তাকে নকৰি আৰ এচ এচে ভাৰতৰ ভিতৰতে চিঞৰি আছে যে “হিন্দু খটৰে মে হে”। যিখন দেশৰ আশী শতাংশ নাগৰিক হিন্দু , সেইখন দেশত হিন্দু বিপদত পৰিছে বুলি কলে কোনোৱেই বিশ্বাস নকৰে। এজন জন্মগতভাবে হিন্দু ধৰ্মৰ মানুহ হিচাবে আমিও বিচাৰো যে হিন্দু ধৰ্মটো সমগ্ৰ বিশ্বত বিয়পি পৰক আৰু সেইবাবেই আমি কৈ থাকো যে শংকৰদেৱক জগতসভালৈ লৈ যাম। আৰ এচে এচে নিজকে হিন্দু ধৰ্মৰ ৰক্ষক ৰূপে আজিৰ তাৰিখত কি কৰিছে সেয়াও এক প্ৰশ্ন। পুৰ্বে হিন্দু প্ৰধান দেশ হিচাবে থকা ইণ্ডোনেছিয়া আজি মুছলিম প্ৰধান দেশ। আৰ এচে এচে ইণ্ডোনেছিয়াক পুনৰ হিন্দু প্ৰধান দেশ হিচাবে কেতিয়া গঢ়ি তুলিব? ইৰাণ, ইৰাক , তুৰস্ক , ছুডান , কুৱেইট বা আন আৰৱ দেশত আৰ এচ এচে কিমান লাখ মানুহক হিন্দু ধৰ্মলৈ আনিলে ? এইবোৰ দেশত আৰ এচ এচে যোৱা নটা দশকত কিমানটা মন্দিৰ সাজিলে? ইউৰোপৰ কোন দেশৰ মানুহক তেওঁলোকে হিন্দুলৈ ৰুপান্তৰ কৰিলে ?

মানুহক দাবী ধমকিৰে ধৰ্ম্বান্তৰিত কৰিব নোৱাৰি বা ভয় দেখুৱাইও কৰিব নোৱাৰি। প্ৰায় দুই শতিকাজুৰি মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰোতে কোনো বল প্ৰয়োগ কৰা নাই। আফ্ৰিকাৰ মৰুভুমিয়েই হওক বা নগালেণ্ডৰ ঘন অৰণ্যৰ পাহাৰতেই হওক তেওঁলোকে সেই নিৰ্দিষ্ট মানুহখিনিৰ মাজত মৰমেৰে প্ৰৱেশ কৰিছে। ইয়াৰ বিপৰীতে আৰ এচ এচে আফ্ৰিকাৰ ঘন জংঘল বা আমাজনৰ ঘন জংঘলৰ মাজলৈ কেইজন প্ৰভাৰী বা প্ৰচাৰক হিন্দু ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠাইছে? কেইজন আফ্ৰিকান মুলৰ মানুহ আজি হিন্দু ধৰ্মী ? বাকীবোৰ বাদেই দিলো , সন্ত্ৰাসবাদী বুলি সততে বদনাম থকা , যুঁজ-বাগৰ কৰি থকা ইছলাম ধৰ্মটোক বিস্তাৰ কৰিবলৈ কিন্ত সেই পুৰণি উপায়টোকেই অৱলম্বন কৰিছে আৰু নাম দিছে “লাভ-জিহাদ” কাৰণ তেওঁলোকেও জানে যে মৰমৰ , আকুলতাইহে মানুহক নিজৰ ধৰ্মলৈ আৰ্কষণ কৰিব পাৰে।

ইয়াৰ বিপৰীতে আৰ এচ এচ আৰু ইয়াৰ সহযোগী দলবোৰৰ নেতা , প্ৰচাৰক , প্ৰভাৰীসকলক লক্ষ্য কৰিবচোন , সদায়েই চকু-মুখত এক দম্ভালি। এই দম্ভালি যোৱা 2014চনৰ পৰা বেছি হৈছে। ক’ত আৰু আন ধৰ্মৰ মানুহ হিন্দু ধৰ্মলৈ আৰ্কষিত হব ?

হিন্দু ধৰ্মৰ এই অৱস্থা একেই থাকিব। কাৰণ ধৰ্মটোৰ আটাইতকৈ ডাঙৰ সংগঠন বুলি দাবী কৰা সংগঠনটোৱে ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰি পেলাইছে। আজিৰ তাৰিখত মোহন ভাগৱত সংঘৰ মুৰব্বী কম আৰু ৰাজনৈতিক ব্যক্তি বেছি যেন ভাব হয় । অসমৰ আৰ এচ এচ প্ৰমুখ বশিষ্ঠ বুজৰবৰুৱাৰ দিনটোৰ কাৰ্য্যক্ৰমণিকালৈ চালে গম পোৱা যায় যে তেখেতক অনবৰতে এজাক ৰাজনৈতিক ব্যক্তিয়ে ঘেৰি থাকে। সাধাৰণ জীৱন-যাপন কৰা বশিষ্ঠ বুজবৰুৱাৰ আজিৰ তাৰিখত হিন্দু ধৰ্মক বিস্তাৰ কৰিবলৈ সময়ৰ অভাৱ।

আৰ এচ এচৰ সপোন হিন্দু ধৰ্মক বিশ্বৰ শ্ৰেষ্ঠ ধৰ্ম কৰা আৰু ভাৰতক শ্ৰেষ্ঠ দেশ কৰা। ভাৰত ইতিমধ্যে এখন শ্ৰেষ্ঠ দেশ , দিন যোৱাৰ লগে লগে ইয়াৰ শ্ৰেষ্ঠতা আৰু বাঢ়ি যাব। ভাৰত কেনেকৈ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ দেশ হব সেই কথা চিন্তা কৰিবলৈ আৰ এচ এচৰ প্ৰয়োজন নাই , তাৰবাবে দেশত ৰাজনৈতিক ব্যক্তি আছে , সমাজ বিজ্ঞানী আছে , প্ৰশাসনীয় বিষয়া আছে , সামৰিক বাহিনী আছে , অৰ্থনীতিবিদ আছে , খেলুৱৈ আছে। আৰ এচ এচে চিন্তা কৰিব লাগে , হিন্দু ধৰ্মটো কেনেকৈ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি ধৰ্ম্বালৱী মানুহৰ ধৰ্ম কৰিব পাৰি। অহা ত্ৰিশবছৰৰ ভিতৰত ভাৰত আৰু নেপালৰ বাহিৰে পৃথিৱীৰ অন্ততঃ আন পাঁচখন দেশ হিন্দু প্ৰধান দেশ কৰিব পাৰি তাৰ চিন্তাহে কৰিব লাগে আৰু ইয়াৰ বাবে আৰ এচ এচে ধৰ্মৰ পৰা ৰাজনীতিক আঁতৰাব লাগিব , নহ’লে মোদী বা অমিত শ্বাহৰ দৰে প্ৰডাক্ট সৃষ্টি কৰাৰ বাহিৰে আৰ এচ এচৰ কৰিবলগীয়া আন কাম একো নাথাকিব।
দেবব্ৰত গগৈৰ সকলো লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/DEBOBRAT-GOGOI?&max-results=6

No comments:

Post a Comment