ভালখবৰঃ অসমীয়া অভিযন্তা জিলিকিছে পদ্মশ্ৰী, বিশিষ্ট সেৱা মেডেল আৰু অভিযান্ত্ৰিক উদ্ভাৱনীৰে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভালখবৰঃ অসমীয়া অভিযন্তা জিলিকিছে পদ্মশ্ৰী, বিশিষ্ট সেৱা মেডেল আৰু অভিযান্ত্ৰিক উদ্ভাৱনীৰে

ভালখবৰঃ অসমীয়া অভিযন্তা জিলিকিছে পদ্মশ্ৰী, বিশিষ্ট সেৱা মেডেল আৰু অভিযান্ত্ৰিক উদ্ভাৱনীৰে

Share This
এইবৰ্ষৰ গণৰাজ্য দিৱসত জিলিকিছে অসমীয়া অভিযন্তাও। গ্ৰাচৰুট ইনোভেচনৰ যোগেদি জগত বিখ্যাত হোৱা উদ্ধৱ ভৰালীলৈ পদ্মশ্ৰী সন্মান আগবঢ়াইছে ভাৰত চৰকাৰে। পদ্মশ্ৰী সন্মান ইঞ্জিনীয়াৰিং ইনভেচনৰ বাবে লাভ কৰা তেখেত প্ৰথমগৰাকী অসমীয়া অভিযন্তা বুলিও অসমৰ ইঞ্জিনিয়াৰিং চাৰ্কিটত গুণাগঁথা চলিছে আৰু তেখেতলৈ আন্তৰিক অভিনন্দন জনাইছে।

তাৰ মাজতে পোৱা গৈছে আৰু এটি সুখবৰ। ভাৰতীয় বায়ুসেৱাৰ গ্ৰুপ কেপ্টেইন দেৱজ্যোতি বৰালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ ৰাষ্ট্ৰপতিৰ 'বিশিষ্ট সেৱা' মেডেল পদক। তেখেত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (AEC)ৰ ১৯৯২ চনৰ স্নাতক আৰু তাৰ পাছতে তেখেত বায়ুসেনা বাহিনীত যোগদান কৰি সফলতাৰ শিখৰ আৰোহণ কৰিবলৈ সক্ষম হৈছে। AECian নামৰ ফেচবুক গ্ৰুপৰ সমূহ সদস্যই এই এইচিয়ান গৰাকীৰ সফলতাত অভিনন্দন জনাইছে। 

তাৰোপৰি আৰু এগৰাকী অসমীয়া অভিযন্তা  তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (ONGC)ৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় স্তৰৰ "অভিযান্ত্ৰিক উদ্ভাৱনী"ৰ বাবে সমাদৃত হোৱাৰ সুখবৰো পোৱা গৈছে। তেখেত হৈছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনীয়াৰিং স্নাতক তথা চইল মেকানিস্কত বিশেষজ্ঞ হোৱা অভিযন্তা ৰূপম মহন্ত। তেখেতে মুম্বাইৰ পানভিলস্থিত Institute of Engineering & Ocean Technology ৰ উপ-মহাপ্ৰৱন্ধক। তেখেত 'For Development of new software MATCAP and Technological Value addition in Offshore Foundation Design' শীৰ্ষক উদ্ভাৱনী কৰ্মৰ বাবে এই সমাদৰ লাভ কৰিছে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক এই অভিযন্তা গৰাকীলৈকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সমুদ্ৰৰ পৰা তৈল মন্থনৰ ভীষণ ৰিক্স থকা প্লেটফৰ্ম আৰু ৰিগ সমূহৰ ষ্ট্ৰাকচাৰেল ইঞ্জিনীয়াৰিং আদিৰ প্ৰত্যাহ্বান সমূহক লৈ গৱেষণা কৰা প্ৰতিষ্ঠানটোত গুৰুত্বপূৰ্ণ দায়িত্ব লোৱা মহন্তদেৱৰ দৰে কৃৰ্তিমানো অসমৰ গৌৰৱ।

এই ক্ষণতে  এয়াও উল্লেখযোগ্য যে, ইণ্ডিয়ান স্কুল অৱ মাইনচ, ধানবাদৰ পৰা স্নাতক হৈ অভিযন্তা ৰূপে কৰ্মজীৱন আৰম্ভ কৰা অসমীয়া টেকনক্ৰেট বুধিন দেউৰীদেৱে অ'এনজিচিৰ সৰ্বভাৰতীয় প্ৰডাকচনৰ গৱেষণা প্ৰতিষ্ঠান IOGPT (Oil and Gas Production Technology) প্ৰতিষ্ঠানৰ মূৰব্বী হিচাবে নিজৰ অৰিহণাৰে দেশৰ শক্তিখণ্ডলৈ অৰিহণা যোগাই আছে। তেখেতে ডিফু চৰকাৰী ল'ৰা উচ্চমাধ্যমিক বিদ্যালয়ৰ পৰা বিদ্যাৰম্ভ কৰাৰ লগতে কটন কলেজৰো প্ৰাক্তন ছাত্ৰ আছিল। তেখেত  অ'এনজিচিৰ "কাৰ্যবাহী নিৰ্দেশক"ৰ দৰে উচ্চ-পদত আজিৰ তাৰিখত অধিষ্ঠিত হৈ থকা  একমাত্ৰ অসমীয়া অভিযন্তা। অইল খাদৰ পৰা তেল উতপাদনৰ বাবে অপৰিহাৰ্য আৰ্টিফিচিয়েল লিফট প্ৰযুক্তিৰ ক্ষেত্ৰত তেখেতে এগৰাকী ৰাষ্ট্ৰৰ ভিতৰতে নমস্য প্ৰযুক্তিবিদ। তেখেত অহা ৩১ জানুৱাৰীত দেশজুৰি সফলতাৰ ধ্বজ উৰুৱাই নিজৰ বৰ্ণিল কৰ্মজীৱনৰ সফল সামৰণি মাৰিব। অ'এনজিচিৰ অসম সম্পদৰো 'সম্পদ ব্যৱস্থাপক' ৰূপে তেখেতে দায়িত্ব লৈ অসমৰ আৰ্থ-সামাজিক উন্নতিৰ হকে সততাৰে নিজৰ বিশিষ্ট সেৱা আগবঢ়াই থৈ গৈছিল। এই ক্ষণত এনে এজন অসমীয়া অভিযন্তা-প্ৰযুক্তিবিদলৈকো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। 

অসমত ইঞ্জিনীয়াৰ মানেই যেন কেৱল কেলেংকাৰী, টকা-খোৱাৰ মেচিন ধৰণৰ যি জনমানসৰ ভাৱমূৰ্তি, তাৰ বিপৰীতে অসমীয়া অভিযন্তায়ো যে নিজৰ সুকৰ্ম তথা চৰ্চাৰে নিজৰ নিজৰ ক্ষেত্ৰত অৰিহণা যোগাই ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ভিন্ন প্ৰকাৰে অৰিহণা যোগাই আহিছে, এই কথাবোৰ প্ৰতিষ্ঠিত মেডিয়াত সজোৰে প্ৰকাশিত হোৱা দেখা নাযায়। এই চাৰিও গৰাকী অভিযন্তাৰ এই বাতৰিয়ে মানুহৰ মনতো নিশ্চয় সাঁচ বহুৱাব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

No comments:

Post a Comment