তাজাখবৰঃ সাম্প্রদায়িক সংঘৰ্ষৰ উচটনি দিয়া ড° হিমন্ত বিশ্ব শৰ্মাক গ্রেপ্তাৰ কৰাৰ দাবীঃ চি পি আই (এম)ৰ প্ৰেছ বিজ্ঞপ্তি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ সাম্প্রদায়িক সংঘৰ্ষৰ উচটনি দিয়া ড° হিমন্ত বিশ্ব শৰ্মাক গ্রেপ্তাৰ কৰাৰ দাবীঃ চি পি আই (এম)ৰ প্ৰেছ বিজ্ঞপ্তি

তাজাখবৰঃ সাম্প্রদায়িক সংঘৰ্ষৰ উচটনি দিয়া ড° হিমন্ত বিশ্ব শৰ্মাক গ্রেপ্তাৰ কৰাৰ দাবীঃ চি পি আই (এম)ৰ প্ৰেছ বিজ্ঞপ্তি

Share This
এইবাৰ উঠিল সাম্প্ৰদায়িক উচতনিমূলক ভাষণৰ বাবে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী। পূৰ্বতেও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল যদিও অসম পুলিচে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল। এইবাৰ প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি বিতৰ্কিত মন্ত্ৰীৰ গ্ৰেপ্তাৰ দাবী কৰিলে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে। 

বিজ্ঞপ্তিখনৰ পূৰ্ণ পাঠ হ'ল এনেধৰণৰ-
নাগৰিকত্ব (সংশােধনী) বিল, ২০১৬ৰ বিৰুদ্ধে অভাৱনীয় প্রতিবাদী আন্দোলনত উত্তাল হৈ পৰিছে সমগ্ৰ অসম। আৰ এছ এছ বিজেপিক বাদ দি ৰাজ্যখনৰ সকলাে দল-সংগঠনে এই সাম্প্রদায়িক আৰু সংবিধানবিৰােধী বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথত প্রবল প্রতিবাদী আন্দোলন গঢ়ি তুলিছে। 
মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালকে ধৰি বিজেপি নেতৃত্বই বিধেয়কখন সম্পর্কে নানা অসত্য প্রচাৰ আৰু অপব্যাখ্যাৰে জনসাধাৰণক বিভ্রান্ত কৰিবলৈ ধাৰাবাহিক প্রচেষ্টা চলাই আছে। ৰাজ্যবাসীক এই আন্দোলনৰ পৰা আঁতৰত ৰখাৰ বাবে অসম চুক্তিৰ ৬নং ধাৰা কাৰ্যকৰীকৰণৰ টোপ দিছে। ছয়টা জনগােষ্ঠী জনজাতিকৰণৰ নামত ভেকোভাওনাৰ আয়ােজন কৰি বিভিন্ন জাতি-জনগােষ্ঠীক পৰস্পৰৰ বিৰুদ্ধে সংঘাতত লিপ্ত কৰােৱাৰ ভয়ানক ষড়যন্ত্র কৰিছে এইখন চৰকাৰে। কিন্তু বিধেয়কখন সম্পর্কে অপব্যাখ্যা, প্রলােভনৰ ৰাজনীতি বা জনগােষ্ঠীয় সংঘাতৰ ষড়যন্ত্রয়াে বিধেয়কবিৰােধী আন্দোলনক প্রশমিত কৰিব পৰা নাই। বৰং নতুন নতুন অঞ্চললৈ এই আন্দোলন সম্প্রসাৰিত হৈছে আৰু সকলাে জাতি, ধর্ম, বর্ণ, ভাষাৰ মানুহ এই আন্দোলনত চামিল হৈছে।

এনে পৰিস্থিতিত জনসাধাৰণৰ মাজত বিভাজন সৃষ্টিৰ বাবে জঘন্য সাম্প্রদায়িক প্ৰচাৰত লিপ্ত হৈছে বিজেপি নেতৃত্ব। বিশেষকৈ ৰাজ্য মন্ত্রীসভাৰ জ্যেষ্ঠ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রতিদিনে মুকলিকৈ উৎকং সাম্প্রদায়িক বক্তব্য আগবঢ়াই আছে। নানা অসত্য প্রচাৰ আৰু তাৰ মাজেৰে মুছলমানবিৰােধী ঘৃণা বিয়পােৱা হৈছে তেওঁৰ প্রধান লক্ষ্য। সংবিধানৰ নামত শপত খাই মন্ত্রিত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰা লােক এজনে সাম্প্রদায়িক বিভাজন আৰু সংঘাত সৃষ্টিৰ বাবে মুকলিকৈ প্ৰৰােচনা দিয়াটো এক অক্ষমণীয় অপৰাধ। চি পি আই(এম)ৰ সুচিন্তিত অভিমত হ’ল আইন-আদালতে চিনাক্তকৰণ নকৰাকৈ কোনাে লােককে বাংলাদেশী বুলি ছাব মৰাটো কোনােপধ্যে গ্রহণযােগ্য নহয়। অসমত বিদেশী নাগৰিক চিনাক্তকৰণ প্রক্রিয়াক আগুৱাই নিয়াৰ বাবেই উচ্চতম ন্যায়ালয়ৰ নির্দেশ আৰু নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণৰ কাম চলি আছে। কিন্তু বিজেপি দলে পৰিকল্পিতভাৱেই এই প্রক্রিয়া বাঞ্চাল কৰাৰ বাবে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্রদান পদক্ষেপ গ্রহণ কৰিছে। এই পদক্ষেপ অসমৰ সর্বস্তৰৰ জনসাধাৰণে ঘৃণাৰে প্রত্যাখ্যান কৰাৰ বাবেই এতিয়া মুকলিকৈ সাম্প্রদায়িক ঘৃণা বিয়পােৱাত লিপ্ত হৈছে আৰ এছ এছ। -বি জে পি নেতৃত্ব। চি পি আই (এম)-এ সকীয়াই দিয়ে যে বিজেপি দলৰ মন্ত্ৰী-বিধায়কসকলে যি ধৰণেৰে সাম্প্রদায়িক প্ৰচাৰত লিপ্ত হৈছে, তাৰ ফলত ৰাজ্যখনত সাম্প্রদায়িক সংঘাত-সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। এনে ঘটিবলৈ হ'লে তাৰ বাবে সম্পূর্ণ দায়ী হ’ব বিজেপি চৰকাৰ। সেয়েহে এনে সংঘাত-সংঘর্ষ বােধ কৰাৰ বাবে মুকলিকৈ সাম্প্রদায়িক প্রচাৰ চলােৱা মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক গ্রেপ্তাৰ কৰাৰ দাবী জনাইছে চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে।

নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ বাতিল নকৰা পর্যন্ত অসমবাসীক ঐক্যবদ্ধভাৱে প্রতিবাদী আন্দোলন অব্যাহত ৰাখিবলৈ চি পি আই (এম) অসম ৰাজ্যিক কমিটিয়ে আহ্বান জনাইছে। ৰাজ্যখনত সকলাে ধৰণৰ ধর্মীয়, ভাষিক অথবা জনগােষ্ঠীয় সংঘাত সৃষ্টিৰ বাবে চলােৱা প্ৰৰােচনাত ভৰি নিদি শান্তি-সম্প্রীতি আৰু ঐক্য অক্ষত ৰাখিবলৈকো দলে ৰাজ্যবাসীৰ প্রতি আহ্বান জনাইছে। এই প্ৰেছ বিজ্ঞপ্তি চহী কৰিছে সম্পাদক দেৱেন ভট্টাচাৰ্য আৰু ৰাজ্যিক কাৰ্যালয়ৰ হৈ নয়ন ভূঞাই।

No comments:

Post a Comment