মহীৰূহৰ লেখাঃ বাধা যদি নিদিয়া পিশাচী এন্ধাৰক :: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ বাধা যদি নিদিয়া পিশাচী এন্ধাৰক :: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ বাধা যদি নিদিয়া পিশাচী এন্ধাৰক :: ড° হীৰেন গােহাঁই

Share This
‘আমাৰ অসমৰ এগৰাকী পত্রলেখিকাই লিখিছে যে আমি উত্তৰ প্ৰদেশৰ কট্টৰ হিন্দু কিছুমানে কৰা কিছুমান নিষ্ঠুৰ কাণ্ড বাৰে বাৰে উল্লেখ কৰি অসমত মিছাতে হৈ-চৈ লগাব খুজিছে। আমাৰ ইয়াৰ ইয়াত পৰিবেশ, পৰিস্থিতি বেলেগ। আমাৰ ইয়াত সেইবােৰ নহয়। এনে ভাব আন কাৰাে-কাৰাে মনলৈকো আহিব পাৰে। সমস্যা তাতেই। উত্তৰ প্ৰদেশত যিবােৰ শক্তি তথা সংগঠনে সেইবােৰ নাৰকীয় কাণ্ড ঘটাইছে, সিহঁত ইয়াতাে পুলিয়ে-পােখাই বাঢ়ি আছে। বিশেষকৈ ২০১৬ৰ নিৰ্বাচনৰ পিছৰ পৰা। সিহঁতে এই ধৰণৰ পৰিবেশেই সৃষ্টি কৰে, মানুহৰ মন আন গুৰুত্বপূৰ্ণ কথাৰ পৰা আঁতৰাই আনে, মানুহৰ মনত খেলিমেলি লগাই ক্ৰমাৎ হিংস্ৰ কৰি আনে। দিন-দুপৰত ৰাইজৰ চকুৰ সন্মুখতে পাশবিক নিপীড়ন, নৰহত্যা হয়। সিহঁতৰ নাম উল্লেখ কৰাৰ প্রয়ােজন নাই। | যদি সিহঁতক বাধা দিয়া নাযায়, আমাৰ শান্তিপ্রিয় সমাজৰ স্বভাৱ বনৰীয়া কৰি তােলাত বাধা দিয়া নাযায়, ইয়াতাে সুস্থমনৰ মানুহ মাত্রেই এদিন চকুৰে এন্ধাৰ দেখিব। সিহঁত পূৰঠ হৈ পৰিলে, সিহঁতৰ পােতন মজবুত হ'লে আৰু সিহঁতক নিস্ত কৰিব পৰা নাযাব। ভূপেন হাজৰিকাই লিখা দৰে 
"বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা হব ৰণেৰে ৰাঙলী...
সিহঁতৰ কাম-কাজ কেনে অদ্ভুত আৰু বনৰীয়া, (তাকো বৈদিক সংযমৰ কথা আওৰাই!), তাৰ বাবে এটা উদাহৰণেই যথেষ্ট। 
উত্তৰ প্ৰদেশৰ মুশ্লিম মানুহৰ উপৰি একাংশ ৰাজপুত, কায়স্থ আৰু দলিত সম্প্রদায়ৰ লােক মাংসাহাৰী। কছাই দোকান বেছিভাগেই মুশ্লিম মানুহৰ হাতত আছিল। মহাযােগী আদিত্যনাথ মুখ্যমন্ত্ৰী হৈয়েই কছাইৰ দোকানবােৰ বন্ধ কৰি দিলে। চেলুটো গাে-হত্যা বন্ধ কৰা। ফলত মুশ্লিমৰ উপৰি বহু হিন্দুৰাে জীৱিকা বৰ্বাদ হ’ল। তাৰ পিছত গােহত্যা সম্পূর্ণ নিষিদ্ধ কৰাৰ ফলত আৰু গৰুৰ বেপাৰত নানা চেলুত বাধা দয়াৰ ফলত খেতিয়কে পুহিব নােৱৰা কামত নহা বলদ আৰু গাই গৰু হাটত বিক্ৰী কৰিব নােৱৰা হ'ল। গাে-মাংস খােৱাবিলাকে তাৰ মাংসই খাইছিল। তেনে গৰু পুহি ৰাখিব লাগিলে অর্থনৈতিকভাবে খেতিয়ক দেউলিয়া হ’ব। তেওঁলােকে এনেকুৱা গৰুৰ জাক বাটে-পথে মেলি দলে। কিন্তু সেইবােৰে পথাৰত নামি শস্য খাই পুনৰ বিপদ সৃষ্টি কৰিলে। এইবাৰ গঞা ৰাইজে হয় ৰাতি আহি চৰকাৰী স্কুলত গৰু ভৰাই দি গেটত তলা মাৰি থয় বা চহৰৰ চৰকাৰী অফিচৰ আগত মেলি আঁতৰি যায়। ফলত যােগীবৰৰ চৰকাৰৰ কি অৱস্থা হৈছে, সহজবােধ্য। আনহাতে, ভাৰতৰ ৰপ্তানি সামগ্ৰীৰ ভিতৰত দ্বিতীয় লাভজনক দ্রব্য চামৰাৰ ব্যৱসায় প্রায় বন্ধ হৈ যােৱাত বহু হিন্দু ব্যৱসায়ী, মুশ্লিম জোতাবেগ নির্মাতা, দলিত কাৰিকৰৰ জীৱিকালৈ ধুমুহা আহিল। জনসাধাৰণৰ বহু-শ বছৰীয়া জীৱিকাৰ ইতি পৰিল। তেনেকুৱা হেজাৰ হেজাৰ গৰু পােহাও চৰকাৰৰ সমস্যা। ভাৰতত কাৰ্যতঃ গো-হত্যা বন্ধ, কিন্তু গাে-মাংস  সৰৱৰাহ বন্ধ হােৱা নাই। গো-মাংস ৰপ্তানিত দেশে অভূতপূৰ্ব শিখৰ অতিক্ৰম কৰাৰ তথ্য এতিয়া ৰাজহুৱা। এই সুগংঠিত উদ্যোগত গাে-মাংস ৰপ্তানিৰ ৰমৰমীয়া ব্যৱসায় কৰা ধনকুবেৰ বিলাকৰ শীর্ষস্থানত নৈষ্ঠিক, গাে-ব্রাহ্মণ-বেদ মনা হিন্দু থকা বুলি শুনা যায়। আমি অসমতাে নিষ্ঠুৰতাৰ উপৰি এনে মুৰে ভৰি কঢ়া পৰিণাম। চাবলৈ ৰৈ থাকিম নেকি?
উচচতম ন্যায়ালয়ৰ ৰায় আৰু ন্যায় ব্যৱস্থা 
যদি আইনৰ আক্ষৰিক অনুসৰণৰ ওপৰত নিৰ্ভৰশীল হয়, যদি তাৰ ভিত্তিত হােৱা অভিযােগৰ সত্যাসত্যৰ প্রাথমিক পৰীক্ষাও কৰা নহয়, তেন্তে সি চূড়ান্ত অন্যায়লৈ পর্যবসিত হ'ব পাৰে। অতি আফছোছৰ কথা যে ভাৰতত ৰাজনৈতিক হর্তা-কৰ্ত্তা সকলৰ নিৰ্দেশত মেৰুদণ্ডহীন যদি একাংশ আজ্ঞাবাহী আৰক্ষী বা আন অপৰাধ-অনুসন্ধানকাৰী বিষয়াই আইনৰ এনে কিম্ভুত অপপ্রয়ােগ কৰে, তেনেহ'লে ন্যায়ালয়ে যথােচিত কঠোৰ সকীয়নি নিদিয়া হৈছে যেন দেখা যায়। শীর্ষতম মহলতাে এতিয়া এনেবােৰ কথা হ'ব ধৰিছে। 

চি বি আইৰ প্ৰাক্তন সঞ্চালক আলােক ৱৰ্মাৰ বিষয়টোকেই ধৰা যাওক। বিজেপিৰ কঠোৰ হিন্দুত্ববাদী নেতাৰ ৰূপত দেখা দিয়া সুব্রহ্মনিয়ম স্বামীৰাে মত এয়ে যে ৱৰ্মা এজন কর্মঠ, সৎ, কৰ্ত্তব্যনিষ্ঠ আৰক্ষী বিষয়া। তেওঁৰ নিযুক্তি হৈছিল প্রধানমন্ত্রী, বিৰােধী দলৰ নেতা আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰে গঠিত এখন কমিটিৰ চুপাৰিছত। চি বি আই ভাৰতৰ সর্বোচ্চ অপৰাধ-অনুসন্ধান সংস্থা। কিন্তু তাৰ স্বতন্ত্রতা নথকাত বা ৰাজনীতিবিদৰ সেই স্বতন্ত্ৰতাৰ প্ৰতি উপেক্ষাত কেতিয়াবা সি দেশৰ ৰাজনৈতিক হর্তা-কৰ্ত্তা বিলাকৰ হাতৰ পুতলাত পৰিণত হয় আৰু সিহঁতৰ নানা দুষ্কাৰ্য্যৰ যথােচিত তদন্ত বা বিচাৰেই নহয়। সর্বোচ্চ ন্যায়ালয়েই এসময়ত ক্ষুব্ধ হৈ তাক ‘সঁজাত বন্দী ভাটৌ’ বুলি কৈছিল। কংগ্ৰেছ আমােলত সঞ্চালক তেনে ভাটৌ আছিল বুলি অধিবক্তা প্রশান্ত ভূষণে তথ্যপ্রমাণ উলিয়াই দিছিল। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নির্দেশ অনুযায়ী চি বি আইৰ সঞ্চালক নিযুক্তি দিয়াৰ ক্ষমতা প্রধানমন্ত্রী, দেশৰ মুখ্য ন্যায়াধীশ, বিৰােধী দলপতিৰে গঠিত কমিটিৰ দ্বাৰা দিয়া নিয়ম হ’ল। তেনে অপযশৰ বলি নহবলৈ আলােক ৱৰ্মাই নিষ্ঠাৰে আগবাঢ়িবলৈ লােৱাত কেন্দ্ৰত ক্ষমতাধীষ্ঠ সকলৰ হৃৎকম্প আৰম্ভ হ'ল। প্রধান মন্ত্রী কার্যালয়ৰ পৰা দুজন শীর্ষ বিষয়াৰ বিপদ আহিল। ৰাফাল বিমানৰ কথাও ওলাল। ৰাকেশ আস্থানা বােলা এজনক খৰখেদাকৈ যুটিয়া সঞ্চালক হিচাবে নিযুক্তি দিয়া হ'ল। যাতে ৱৰ্মাৰ কামত বিজুতি ঘটে। চি বি আইৰ কাম-কাজ তদাৰক কৰা মুখ্য অপৰাধ-নিৰীক্ষণ আয়ুক্ত (Chief Vigilance Commissioner) ৰূপে নিযুক্তি পাইছিল চৌধাৰি উপাধিৰ এজনে যাক সুব্রহ্মনিয়ম স্বামীয়ে চিধাই দুর্নীতিগ্রস্ত বুলি গৰিহণা দিছিল। 

আস্থানা কাৰ্যকালৰ প্রথম পর্যায়ত তেওঁ যথেষ্ট কৰ্তব্যপৰায়ণ আৰু পাৰ্গত বুলি স্বীকৃত হলেও পৰৱৰ্তী পর্যায়ত গুজৰাটত কৰ্মৰত অৱস্থাত তেওঁৰ চৰিত্ৰ আৰু ভূমিকা অৱনমিত হয় বুলি অনেকে অভিযােগ কৰে। কিন্তু তেওঁ নৰেন্দ্র মােদী আৰু অমিত শ্বাহৰ আস্থাভাজন হৈ পৰে। তেওঁ নিযুক্তি পােৱাৰ সময়ত সঞ্চালক আলােক ৱৰ্মাই আপত্তি কৰিছিল যে মানুহজন যুটিয়া সঞ্চালকৰ দায়িত্বৰ বাবে অযােগ্য। তেওঁৰ আপত্তিত কেন্দ্র নিযুক্তিদাতা সকলে কর্ণপাত নকৰিলে। তেওঁ ৰাকেশ আস্থানাৰ দুর্নীতি আৰু আইন-উলংঘাৰ প্রমাণ গােটাই তেওঁক অভিযুক্ত কৰি গ্ৰেপ্তাৰ। কৰিবলৈ Chief Vigilance Commissioner-ৰ অনুমতি বিচাৰে। কিন্তু সেই কার্যালয়ৰ পৰাই আগতীয়া সংবাদ পাই আস্থানায়াে ততাতৈয়াকৈ আলােক ৱৰ্মাৰ ‘দুর্নীতি’ৰ বিৰুদ্ধে Chief Vigilance Commissioner-ৰ আগত কেতবােৰ তথ্য-প্রমাণ’ যােগাৰ কৰি দাখিল কৰে। 

এতিয়া CVC জনে কাৰ অভিযােগ তথ্যনিষ্ঠ, বিচাৰ নকৰাকৈ প্রধানমন্ত্রীক জনালে যে চি বি আইৰ দুজন শীর্ষ বিষয়াই পৰস্পৰৰ বিৰুদ্ধে গােচৰ অনাৰ ফলত চি বি আইৰ সুনাম নষ্ট হ’বৰ উপক্রম হৈছে। দুইজনকে মাজনিশা সিদ্ধান্ত লৈ ছুটীত পঠোৱা হ'ল আৰু আস্থানাৰ বিৰুদ্ধে তদন্ত কৰাসকলক দিহিঙে-দিপাঙে বদলি কৰা হ'ল। প্রধান তদন্তকাৰী বিষয়াক এক্কেবাৰে আন্দামান নিকোৰৰ আৰক্ষী আয়ুক্ত কৰা হ'ল!! অন্তৱৰ্তীকালীন সঞ্চালক হিচাবে নিযুক্তি দিয়া হ'ল নাগেশ্বৰ ৰাও নামৰ এজন বিষয়াক, যাক সুব্রহ্মনিয়ম স্বামীয়ে তুৰন্তে 'দুর্নীতিত নিমগ্ন মেৰুদণ্ডহীন ব্যক্তি বুলি অভিহিত কৰিলে!! 

চি বি আইৰ সুনাম এনেদৰে ৰক্ষা কৰাৰ পৰিণতিত আলােক ৱৰ্মাই উচ্চতম ন্যায়ালয়ত তেওঁৰ অপসাৰণ অসংগত আৰু অন্যায় বুলি গােচৰ তৰিলে। কিছুমানে কলে যে CVCয়ে তেওঁক বৰ্খাস্ত কৰিব নােৱাৰে, পাৰে তেওঁক নিযুক্তি দিয়া উচচক্ষমতাসম্পন্ন কমিটিয়েহে। ৰাকেশ আস্থানাই তেওঁৰ বিৰুদ্ধে উঠা দুর্নীতিৰ গােচৰৰ পৰা মুক্তি বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল। কিন্তু দিল্লীৰ উচ্চ ন্যায়ালয়েও তেওঁৰ বিৰুদ্ধে উঠা দুর্নীতি তথ্যপ্রমাণ পৰীক্ষা কৰি গােচৰটো উঠাই ল’বলৈ অসন্মত হ’ল। উচ্চতম ন্যায়ালয়ে শুনানিৰ পূর্বে সঞ্চালক আলােক বৰ্মাৰ বিৰুদ্ধে আস্থানাই অনা দুর্নীতিৰ অভিযােগৰ নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰি উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ কে’ পাটনায়কক তাৰ ন্যায়িক তদাৰকীৰ (Monitoring) দায়িত্ব দিলে। পাটনায়কে আলােক ৱৰ্মাৰ দুৰ্নীতিৰ বিষয়ে CvCয়েও আস্থানাৰ আবেদন অনুযায়ী কৰা অভিযােগ ভিত্তিহীন’ বুলি প্রতিবেদন দাখিল কৰিলে। উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ পাটনায়কৰ প্রতিবেদন গ্রহণ কৰি আলােক ৱৰ্মাক পুনৰ পূৰ্বৰ পদত নিযুক্ত ৰখাৰ ব্যৱস্থা কৰিলে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ত দেশ জুৰি স্বস্তি আৰু সন্তোষ প্রকাশ পালে। ৰাহুল গান্ধীয়েতাে কৈয়েই দিলে যে এইবাৰ ৰাফাল বিমান ক্ৰয়ত কৰা দুর্নীতিৰ অভিযােগৰ পৰা প্রধানমন্ত্রী মােদী ৰক্ষা নপৰিব, কাৰণ ইতিমধ্যে অৰুণ শ্ৰেীৰি, যৱন্ত সিংহ আৰু প্রশান্ত ভূষণে ৰাফালবিমান ক্রয়ৰ নতুন চুক্তিত হােৱা দুর্নীতিৰ অভিযােগ তুলি সাক্ষ্যপ্রমাণসহ চি বি আইক তদন্তৰ আবেদন জনাইছে। বিষয়টো বৰ্তমান উচ্চতম ন্যায়ালয়ে চৰকাৰৰ ভুৱা শপতনামাৰ ভিত্তিত দিয়া ৰায়ৰ পাছত, এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পুনৰ আবেদনৰ যোগে পুনৰ-বিচাৰধীন হৈ আছে। 
আলোক ৱৰ্মাৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ এটা অংশই কাৰাে পৰা গুৰুত্ব নাপালে। তাত কোৱা হৈছিল যে নীতিসন্মতভাবে যি তিনিজনীয়া উচ্চক্ষমতাসম্পন্ন কমিটিয়ে ৱৰ্মাক চি বি আইৰ সঞ্চালক হিচাবে নিযুক্তি দিছিল, সেই কমিটিয়ে তেওঁৰ অপসাৰণ/বদলি সম্পর্কীয় বিষয়টোৰ চুড়ান্ত সিদ্ধান্ত এসপ্তাহতে ল'ব লাগিল। সেই কমিটিৰ বৈঠকলৈ মুখ্য ন্যায়াধীশ নিজে নগৈ ন্যায়াধীশ এ কে’ ছিক্রিক তেওঁৰ প্রতিনিধিৰূপে পঠালে। কিন্তু তিনিজনীয়া কমিটিত প্রধানমন্ত্রী আৰু মুখ্য ন্যায়াধীশৰ প্রতিনিধিয়ে (Chief Vigilance Commissionerএ আলােক ৱৰ্মাৰ বিষয়ে আস্থানাৰ অভিযােগৰ ভিত্তিতে তেওঁক ছুটীত পঠাবলৈ দিয়া পৰামর্শ বাহাল ৰাখিলে আৰু তেওঁক বদলি কৰাই অগ্নিনির্বাপক বাহিনী প্রধান সঞ্চালকৰ পদলৈ বদলি কৰিলে। (মুখ্য ন্যায়াধীশৰ প্রতিনিধিজনে ন্যায়াধীশ পাটনায়কৰ সিদ্ধান্ত জানিছিলনে?) বিৰােধী দলপতি মল্লিকার্জুন খৰ্গেৰ প্রবল প্রতিবাদ সত্বেও সেই দুজনে CVCৰ কথাত হয়ভৰ দিলে। কলংকহীন কৰ্ত্তব্যনিষ্ঠ বিষয়া ৱৰ্মাই অত্যন্ত অপমানিত আৰু ক্ষুব্ধ হৈ কেন্দ্রীয় চৰকাৰৰ বদলিৰ নিৰ্দেশ অগ্রাহ্য কৰিলে। তেওঁ জনালে যে আৰক্ষী বিভাগত তেওঁৰ কাৰ্যকাল যিহেতু শেষ হৈছে আৰু চি বি আইৰ সঞ্চালক হিচাবে কাৰ্যকালৰাে মাত্র ২০ দিনহেবাকী আছিল, সেয়ে নতুন পদ তেওঁ গ্ৰহণ কৰাৰ প্রয়ােজন দেখা নাই। তেওঁ এই পত্ৰত এই বুলিও লিখিলে যে CVCৰ যি অন্যায় প্রতিবেদনৰ ভিত্তিত উচ্চক্ষমতাসম্পন্ন কমিটিয়ে তেওঁক বদলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিলে, সেই প্রতিবেদনত থকা অভিযােগৰ পৰা আত্মপক্ষ সমর্থনৰ কোনাে সুযােগ তেওঁক নিদিয়াটোও তেওঁৰ মতে অতি অসংগত হৈছে। তেওঁৰ এই ধাৰণা উচ্চতম কেবাজনাে প্রাক্তন ন্যায়াধীশে সংগত বুলি মন্তব্য কৰিছে।

উচ্চক্ষমতাসম্পন্ন কমিটিৰ এই সিদ্ধান্তত দেশ জুৰি সচেতন মহলৰ ক্ষোভ প্রকাশ পাইছে। বিজেপিৰ সমর্থকসকলৰ বাহিৰে প্রায় আটায়ে কৈছে যে এই সিদ্ধান্ত অতি অন্যায় আৰু অসংগত হৈছে। উচ্চতম ন্যায়ালয়ে আলােক ৱৰ্মাৰ দুর্নীতি সম্পর্কে CVCয়ে ৰাকেশ আস্থানাৰ অভিযােগ গ্রহণ কৰি চৰকাৰক যি পৰামর্শ দিছিল তাৰ যুক্তিযুক্ততা পৰীক্ষা কৰিবলৈ উচ্চতম ন্যায়ালয়েই নিযুক্ত কৰা প্রাক্তন ন্যায়াধীশ এ কে’ পাটনায়কে আশ্চর্য্য প্রকাশ কৰি কৈছে যে তেওঁ উচ্চতম ন্যায়ালয়ক ইতিমধ্যে আস্থানাৰ অভিযােগ তদন্ত কৰাই সেই অভিযােগ ভিত্তিহীন বুলি প্রতিবেদন দিছিল। তেওঁৰ প্রতিবেদনৰ আধাৰতে উচ্চতম ন্যায়ালয়ে আলােক ৱৰ্মাক সঞ্চালকৰ পদত বাহাল ৰাখিছিল। এতিয়া তিনিজনীয়া কমিটিত উচচতম ন্যায়ালয়ৰ প্রতিনিধিয়েই ভিত্তিহীন বুলি প্রমাণিত CVCৰ অভিযােগ কিয় মানি ল’লে? দ্বিতীয়তে এইটোও কৈছে যে আলােক ৱৰ্মাক আত্মপক্ষ সমর্থনৰ সুযােগ দিয়া উক্ত কমিটিৰ অৱশ্য কৰ্ত্তব্য আছিল। আইনকানুনৰ ধাৰাৰ উৰ্ধ্বত থকা 'Natural justice' (বাস্তৱ বা স্বাভাৱিক ন্যায়)ৰ নীতি অনুযায়ী এইটো নিতান্তই প্রয়ােজনীয় আছিল। উচ্চতম ন্যায়ালয়ৰ বিচাৰ-ধাৰাৰ ওপৰতাে এই ঘটনাই সন্দেহৰ ছাঁ পেলালে। 

বহুতে আশংকা কৰিছে যে গণতন্ত্র আৰু ন্যায়ব্যৱস্থা পংগু কৰি আইনকানুনৰ আক্ষৰিক প্ৰয়ােগেৰে উচ্চতম ন্যায়ালয়ে গণতন্ত্রৰ উপৰুৱা সাজ-সজ্জা মাত্র (Window dressing) বৰ্তাই ৰাখিছে। | আৰু বহুত বিষম খবৰ ওলাই আছে। সম্প্রতি ওলাইছে যে CVCজনে আলােক ৱৰ্মাৰ ঘৰলৈ গৈ তেওঁক আস্থানাৰ বিৰুদ্ধে উঠা দুর্নীতিৰ অভিযােগ খাৰিজ কৰিবলৈ অনুৰােধ কৰিছিল। তেওঁক মানসিকভাবে চাপ দিছিল। ই এক অতি গহিত আৰু অবৈধ কাৰ্য্য বুলি ৰটনাও হৈছে। এই ধৰণৰ কথাও তথ্য-প্রমাণসহ মাধ্যমত (বিশেষকৈ অনলাইন পত্রিকাত) প্রকাশিত হৈছে যে ইয়াৰ অন্তৰালত আৰু মাৰাত্মক কথা আছে। আলােক ৱৰ্মাক অপসাৰণ কৰাৰ সিদ্ধান্ত প্রথমতে মাজৰাতি ততাতৈয়াকৈ কেন্দ্রীয় চৰকাৰে CvCৰ পৰামৰ্শৰ ভিত্তিত লােৱাও এক চক্রান্তমূলক কাৰ্য্য আছিল বুলি প্ৰচাৰ হৈছে। কাৰণ প্রধানমন্ত্রীৰ খাচ কার্যালয়তে (Prime Minister's office) থকা প্রধানমন্ত্রী দুজন অতি ঘনিষ্ঠ আৰু বিশ্বস্ত বিষয়াৰ বিৰুদ্ধে দুর্নীতিৰ অভিযােগ তদন্ত আলােক ৱৰ্মাই আৰম্ভ কৰিছিল। সেই দুর্নীতিৰ মাত্ৰা আৰু গুৰুত্বও আছিল ভয়ানক। সেই ধৰণৰ দুর্নীতি আৰু ৰাফাল ক্রয় চুক্তিত হােৱা দুর্নীতিক লােকচক্ষুৰ পৰা আঁতৰাই ৰাখিবলৈ এই চক্রান্ত কৰা হৈছে বুলি অতি দুর্ভাগ্যজনক আলােচনা চলি আছে।

বিজেপি সমর্থক বিলাকে প্রাণপণকৈ এটা বিপৰীত প্রচাৰ চলাই আছে। তেওঁলােকে কলৰৱ কৰি কৈ আছে যে চি বি আইৰ দুজন শীর্ষ বিষয়াৰ (সঞ্চালক আৰু যুটিয়া সঞ্চালক) মাজত অশােভনীয় অভিযােগৰ বিনিময় চলি আছিল, আৰু চি বি আইৰ মর্যাদা আৰু সুনাম ৰক্ষা কৰিবলৈ ততাতৈয়াকৈ দুয়ােজনক দৃশ্যপটৰ পৰা অপসাৰণ কৰা হৈছিল। অর্থাৎ তেওঁলােকৰ মতে ই চৰকাৰৰ নিৰপেক্ষতাহে প্রমাণ কৰে। কিন্তু মনত ৰখা দৰকাৰ যে সঞ্চালক স্পষ্ট মতৰ বিৰুদ্ধে গৈ চৰকাৰৰ দ্বাৰা আস্থানাক যুটিয়া সঞ্চালক নিযুক্তি দিয়া হৈছিল। (খবৰ ওলাইছে যে প্রধানমন্ত্রী কার্যালয়ৰ দুজন দুর্নীতিগ্রস্ত বিষয়াক চি বি আইৰ সঞ্চালকৰ তদন্তৰ পৰা পৰিত্ৰাণ কৰিবলৈ আস্থানাক যুটিয়া সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছিল।) আৰু সঞ্চালকে চিভিচিৰ আগত যুটিয়া সঞ্চালকৰ দুৰ্নীতিৰ অভিযােগ দিয়া খবৰ পায়েই আস্থানাই বােলে সঞ্চালকৰ বিৰুদ্ধে দুর্নীতি তথ্যপ্রমাণ’নির্মাণ কৰাত নিমগ্ন হৈছিল। এই ক্ষেত্ৰতাে CVCৰ ভূমিকা সন্দেহজনক বুলি কোৱা হৈছে।

উচ্চতম ন্যায়ালয়ে চি বি আইৰ স্বতন্ত্রতা আৰু মর্যাদা’ৰক্ষা কৰাত গুৰুত্ব দিছে। কিন্তু চি বি আইৰ কাম-কাজ তদাৰকী’ কৰাৰ দায়িত্ব পােৱা CVCজন যদি অভিযােগ কৰা মতে চৰকাৰৰ হুকুম মতে চি বি আইৰ কাম-কাজক চৰকাৰৰ পক্ষে নিবলৈ অপচেষ্টা কৰে, তেন্তে চি বি আইৰ স্বতন্ত্রতা’ ক’ত থাকিব? উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত শীঘ্ৰে সিদ্ধান্তলৈ অহা উচিত।

তদুপৰি ৰাইজে পূর্বে তােলা অভিযােগ অনুসৰি উচ্চতম ন্যায়ালয়ে আজিৰ চক্রান্তভৰা পৰিবেশত আইন কানুনৰ আক্ষৰিক অনুসৰণতে ক্ষান্ত নাথাকি তাৰ প্ৰয়ােগৰ অন্তৰালত থকা তথ্যৰ সত্যাসত্য সম্পর্কেও সজাগ থকা দৰকাৰ। ফাকিবাজীৰ ধল | এই কথা দেখি অত্যন্ত ক্ষুব্ধ আৰু বিৰক্ত হৈছে যে বিজেপি দল আৰু চৰকাৰে বাৰে বাৰে ফাকি দি ধৰা পৰা সত্বেও নিত্য-নতুন ফাকি বেহা চলায়েই আছে। সঁচাকৈয়ে তেওঁলােকে ভাৰতৰ মানুহক ইমান বুর্বক পাইছেনে? ইতিমধ্যে সকলােৱে উপলব্ধি কৰিছে যে তেওঁলােকৰ ৰাজনীতিৰ ঘাই স্তম্ভ দুটাঃ (১) সর্বসাধাৰণৰ ৰাইজৰ প্রাপ্য ধন আৰু সেৱা বন্ধ কৰি দি আম্বানি-আদানিহঁতৰ ভঁৰাললৈ দেশৰ সকলাে সম্পদ মূল্য চালান দিয়া; (২) সেই কঠুৱা সত্য পাহৰাবলৈ হিন্দু-মুছলমান আদি বিভাজনক সংঘৰ্ষৰ পিনে লৈ যােৱা। তাৰ ফলতে ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা উক্ত ভাগ্যবানসবে পৰিশােধ নকৰাকৈ লােৱা ঋণৰ পৰিমাণ ২০১৩ চনত থকা দুই লাখ কোটিৰ পৰা দহলাখ কোটিলৈ এতিয়া বৃদ্ধি পালে। আৰু মুছলমানহে নালাগে, যিকোনাে নিৰপৰাধ মানুহক সন্দেহ আৰু উত্তেজনাৰ বশৱৰ্তী হৈ ৰাস্তাত পিটিপিটি হত্যা কৰিলেও আন বাটৰুৱা জড়ভৰত হৈ থকা হৈছে।

ফাঁকিৰ স্বৰূপ চাওক। ভাৰতৰ জনসংখ্যাৰ ১০% দৰিদ্ৰ মানুহক শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধা দিয়া হ’ব বােলে। দাৰিদ্ৰৰ চৰকাৰী সংজ্ঞা এতিয়া কি জানেনে? বছৰি ৮ লাখ টকালৈকে আয়!! যদি সেইটো কৰা হয় মাহে দহ-বাৰ হেজাৰ টকা আয় কৰা কোনাে পৰিয়ালে সেই সুবিধা পােৱাৰ আশা নাই। ৬/৭ লাখ টকা আয় কৰা পৰিয়ালেই থাপ মাৰি সেইবােৰ আসন লৈ ল’ব।

আৰু এক ফাঁকি হৈছে এয়ে যে ২০১৪ চনৰ পিছত কোনাে বিদেশীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কথা নাই। কিন্তু বিধেয়কখনৰ আগে আগে পাছপৰ্ট আইন, বিদেশী (নির্ধাৰণ) আইন আদি কাৰ্যকৰী কৰা নিয়মবােৰ (rules and regulations) চৰকাৰী বিজ্ঞপ্তিৰে সলনি কৰি দিহা কৰা হৈছে যে কোনাে দলিল-পত্র নিবিচাৰি হিন্দু শৰণাৰ্থীক ভাৰত তথা অসমৰ নাগৰিকত্ব পােৱাৰ সুযােগ দিয়া হ'ব। দলিল-পত্র নথকা মানুহ কোন কেতিয়া সােমাইছে, কি দিব্যদৃষ্টিৰে নিৰ্ধাৰণ কৰা হ'ব? চৰকাৰৰ বিৰােধিতা কৰা সকলে নির্বাচনী অংক কৰা বুলি অভিযােগ কৰা হৈছে। কিন্তু চৰকাৰ সম্প্রতি অতি দয়ালু হৈ সাধাৰণ মানুহক সুবিধা দিয়াৰ আঁৰত কি অংক আছে?

No comments:

Post a Comment