বিশ্লেষণঃ গেম-প্লেন ২০১৯: বাস্তৱ বনাম বিভ্ৰান্তি :: বুলন কুমাৰ শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ গেম-প্লেন ২০১৯: বাস্তৱ বনাম বিভ্ৰান্তি :: বুলন কুমাৰ শইকীয়া

বিশ্লেষণঃ গেম-প্লেন ২০১৯: বাস্তৱ বনাম বিভ্ৰান্তি :: বুলন কুমাৰ শইকীয়া

Share This
বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত গৃহীত নহ’ল যদিও দিল্লীয়ে তাক লৈ যে পুনৰ ষড়যন্ত্ৰ নকৰিব সেই কথা নুই কৰিব নোৱাৰি৷ এই সময়ছোৱাত সঠিকৰূপতে অসমৰ খিলঞ্জীয়া মানুহৰ মাজত প্ৰতিবাদী সত্তা গা কৰি উঠিছে ৷ আমি ব্যক্তিগত ভাৱে এনে প্ৰতিবাদী আন্দোলনৰ নেতৃত্বৰ সীমাৱদ্ধতাক বাৰম্বাৰ ফঁহিয়াই অহাৰ বাবে কেতিয়াবা দুই এগৰাকীয়ে আমাৰ পৰা এইখিনি সময়ত কি কৰা উচিত জানিবলৈ বিচাৰে বা সততে আমিও তেনে প্ৰশ্নৰ সন্মুখীন হওঁ ৷ অতি বিনয়ৰে ক’ব বিচাৰোঁ যে এতিয়া আমি কি কৰা উচিত সেই সম্পৰ্কীয় উত্তৰ দিব পৰাকৈ আমি সক্ষম নহয় আৰু প্ৰাসংগিকভাৱেই সেই প্ৰশ্নটোৰ লগত সাময়িক আন কেতবোৰ কথাও জড়িত হৈ থাকে ৷

দুমাহ পূৰ্বে আমি CAB ৰ সম্পৰ্কে কৈছিলোঁ যে বিজেপিৰ আভ্যন্তৰীণ অৱস্থা এতিয়া ভাল নহয় আৰু ২০১৯ক কেন্দ্ৰ কৰিহে তেওঁলোক আগবাঢ়িব ৷ সৰ্বোপৰি তেওঁলোকে CAB খনৰ প্ৰসংগ টানি আনি ধৰ্মান্ধ ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিব আৰু সেয়া তেওঁলোকৰ দলীয় এজেণ্ডা বা সংঘ পৰিবাৰৰ নিৰ্দেশনাৰ আধাৰত বুলিও উল্লেখ কৰিছিলোঁ ৷ কাজেই এইষাৰ কথা কওঁতে আমি উল্লেখ কৰিবলৈ পাহৰা নাছিলোঁ যে ২০১৪ ৰ দৰে ২০১৯ ত বিজেপিৰ প্ৰত্যাবৰ্তন সম্ভৱ নহ’ব আৰু সেয়ে CAB খন আৰু দীৰ্ঘদিনলৈ ওলমিহে থাকিব ৷ 

দুমাহৰ পূৰ্বৰ আমাৰ সেই বিশ্লেষণ বেগতিক হোৱা নাই যেন পুনৰ উপলদ্ধি কৰিছোঁ ৷ এতিয়া আহোঁ কেইটামান মূল কথালৈ ৷ 

ৰাজ্যসভাত বিল উত্থাপন নকৰিলেও বিজেপিয়ে সম্ভাৱ্য কি অংক কৰিব পাৰে ? আচলতে বিজেপিৰ ৰাজনৈতিক চাল কেইটাই যি ধৰণৰে কাম কৰিব লাগিছিল সেই মতে ফলাফল নোলাল ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ টোপ জনগোষ্ঠীয় গৰিষ্ঠসংখ্যকেই নিগিলিল ৷ ইফালে জনজাতিকৰণৰ সিদ্ধান্ত যে বিল বিৰোধী প্ৰতিবাদী ৰাইজক বিভক্ত কৰিবলৈ লোৱা কৌশল সেয়াও মানুহে নুবুজাকৈ নাথাকিল ৷ এনে পটভূমিত স্বাভাৱিকতেই বিজেপি অস্বস্তিত পৰিল আৰু লোকসভাত গাৰ জোৰেৰে CAB গৃহীত কৰায়ো মূৰকত ৰাজ্যসভাত প্ৰসংগটোৰ পৰা আঁতৰি থাকিল ৷ একেই অৱস্থা হ’ল অসম চুক্তিৰ ছয় নং দফাৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন কমিটিখনৰ ক্ষেত্ৰতো ৷ এজন এজনকৈ সকলোবোৰ সদস্য আঁতৰাৰ পাছত কমিটিখন কম আয়ুসকালতে অস্তিত্বহীন হ’ল ৷ এইবোৰ বিজেপিৰ বাবে অস্বস্তিৰ ৷ কিন্তু বিজেপিৰ মূল মূৰৰ কামোৰণিটো হ’ল উত্তৰ পূৱত আৰম্ভ হোৱা দিল্লীৰ স্বেচ্ছাচাৰীতাক প্ৰত্যাহ্বান জনোৱাৰ প্ৰৱণতা ৷ অসমত বিজেপিৰ লগ এৰিলে অগপই ৷ একেই পৰিণতি হ’বলৈ গৈ আছে মেঘালয় আৰু ত্ৰিপুৰাতো ৷ CAB ক লৈ উত্তৰ-পূৱ জাগিছে ৷

কালি অৰুণাচলৰ এগৰাকী জনজাতীয় বান্ধৱীৰ ফোন পাইছোঁ ৷ কৈছে - বিজেপিচোন কংগ্ৰেছতকৈ ডেঞ্জাৰাছ ওলালে ৷ আমাৰ ইয়াত ( মেও) বন্ধ সম্পূৰ্ণ হৈছে ৷ আমি সদায় অসমৰ লগত আছোঁ ৷ মনত থ’ওক - এয়া অৰুণাচলী এগৰাকী মহিলাৰ কথা ৷ যিখন অৰুণাচলৰ সৈতে আমাৰ সীমামূৰীয়া সংঘাত হয় ৷ যিখন অৰুণাচলৰ বিৰুদ্ধে আমাৰ জাতীয় সংগঠনসমূহে অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্যসূচী লয় তেনে এখন ৰাজ্যৰ সৰ্বসাধাৰণো আজি অস্তিত্বৰ প্ৰসংগত কান্ধত কান্ধ মিলাই ঠিয় হৈছে ৷ এই পটভূমিক বিজেপিয়ে লক্ষ্য কৰা নাই বুলি ভাবিলে ভুল হ’ব ৷ নকলেও চলে আজিৰ তাৰিখত ৰাজনৈতিক হিচাপ নিকাচেৰে বিজেপি আন দলতকৈ বহুত আগত ৷ তেওঁলোকৰ ওচৰত আছে কল্পনাতীত টোপৰ সম্ভাৰ ৷ ছলে বলে কৌশলে ক্ষমতা দখলৰ স্বাৰ্থত তেওঁলোক অসমৰ জাতিসত্তাক মানি ল’বলৈ শঠতাৰ আশ্ৰয়ো ল’ব ৷ উদ্দেশ্য এটাই - ২০১৯ ত ২০১৪তকৈ আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগে ৷

তেন্তে কি হ’ব গেৰুৱা দলটোৰ গেম প্লান? খিলঞ্জীয়াক সন্তুষ্টিকৰণেই সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ একমাত্ৰ ধান্দা হৈ পৰিব ৷ সেইখিনি কৰিবলৈ যাওঁতে খিলঞ্জীয়াৰ বাবে বিধান সভা সমষ্টি সংৰক্ষণৰ টোপ দিলেও কোনো আশ্চৰ্যকৰ বিষয় নহ’ব ৷ কি ঠিক ? কাইলৈকে কলকাতাৰ পৰা চাহ কোম্পানীৰ মুখ্য কাৰ্যালয় অসমলৈ উঠাই অনাৰ নিৰ্দেশ দি বিজেপি পুনৰ অসমীয়াৰ ভাতঘৰৰ আলহী হৈ পৰিব পাৰে ! আছে , এনে বহু ধুৰন্ধৰ-ফাঁকিবাজ, আন্তৰিকতাবিহীন শঠ গেম প্লান বিজেপিৰ জোলোঙাত আছে ৷ পাৰিবনে তেনে নিৰ্বাচনকেন্দ্ৰিক টোপ অস্বীকাৰ কৰিবলৈ অসমৰ তথাকথিত জাতীয় সংগঠনসমূহে ? 

কথা প্ৰসংগত আমি পুনৰ এবাৰ আলফা স্বাধীনৰ নেতা পৰেশ বৰুৱাৰ প্ৰসংগ উনুকিয়াব বিচাৰিছোঁ ৷ তেওঁ পৰা অলপতে এটা ফোনকল পোৱাৰ কথা স্থানান্তৰত উল্লেখ কৰিছিলোৱেই ৷ সাম্প্ৰতিক সময়ক পৰেশ বৰুৱাই এনেদৰে ব্যাখ্যা কৰিছিল : অখিলে কৈছে ২০১৯ত বিজেপিক উফৰাব ৷ তাৰ মানে কি ? অখিলো ভাৰতীয় ভুৱা গণতন্ত্ৰৰ নিৰ্বাচনী ব্যৱস্থাটোত বিশ্বাসী ৷ নিৰ্বাচন আহিলে আজি সংগ্ৰাম কৰি থকা ৭০ সংগঠনৰ একাংশই নিৰ্বাচনত অংশলৈ ক্ষমতাৰ কথা ভাবিব আৰু তেনেকৈয়ে বিভাজনো হ’ব ৷ কিন্তু ভুৱা গণতন্ত্ৰৰ দ্বাৰা পৰিচালিত নিৰ্বাচনী প্ৰক্ৰিয়াটোত সোমোৱা মানেই এচাম নেতাই অসমীয়াক প্ৰৱঞ্চনা কৰাৰ বাহিৰে আন একো নহ’ব ৷

পৰেশ বৰুৱাৰ এই আশংকা তেনেই অমূলক নহয় ৷ ড° হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে বিজেপিৰ ভাইৰাচ আঁতৰাবলৈ কংগ্ৰেছক সমাধানসূত্ৰ হিচাপে দাঙি ধৰিছে ৷ এই ধূসৰ পৰিস্থিতিত আমাৰ স্থিতি স্পষ্ট ৷ 

দিল্লীৰ আধিপত্যবাদৰ বিৰুদ্ধে সাৰ পাই উঠা উত্তৰ পূৱৰ ঐক্যতাক আমি দৃঢ়ৰ পৰা দৃঢ়তৰ কৰিব লাগিব ৷ ভাৰতীয় সংসদীয় ব্যৱস্থাৰ প্ৰতি ব্যক্তিগতভাৱে আমাৰো যৎকিঞ্চিৎ মোহ নাই ৷ আমাৰ পূৰ্বজসকলে ভাৰতীয় ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত হৈছিল সম অধিকাৰৰ প্ৰসংগতহে ৷ এতেকে আমাক অধিকাৰসহ থকাৰ ব্যৱস্থা কৰা আৰু তাৰবাবে কাৰ্যকৰী আঞ্চলিক ৰাজনৈতিক শক্তি এটাৰ জাগৰণত ইন্ধন যোগোৱাটোৱেই আমাৰ এতিয়াৰ কাম হোৱা উচিত ৷ তাকে কৰিবলৈ যাওঁতে বিজেপি আৰু কংগ্ৰেছ যিদৰে আমাৰ শত্ৰু সেই একেদৰে অস্বচ্ছ আঞ্চলিকতাবাদৰ পথপ্ৰদৰ্শক অগপক লৈও আমি আশ্বস্ত হোৱা অনুচিত ৷
বুলন শইকীয়াৰ অন্যান্য লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/BULON-KR-SAIKIA?&max-results=6

No comments:

Post a Comment