তাজাখবৰঃ গুৱাহাটীৰ ৩০/১০ৰ বিস্ফোৰণৰ গোচৰৰ ন্যায়ঃ দোষী সাব্যস্ত হোৱা কোন এই ৰঞ্জন দৈমাৰীৰ ১৪ সংগী? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ গুৱাহাটীৰ ৩০/১০ৰ বিস্ফোৰণৰ গোচৰৰ ন্যায়ঃ দোষী সাব্যস্ত হোৱা কোন এই ৰঞ্জন দৈমাৰীৰ ১৪ সংগী?

তাজাখবৰঃ গুৱাহাটীৰ ৩০/১০ৰ বিস্ফোৰণৰ গোচৰৰ ন্যায়ঃ দোষী সাব্যস্ত হোৱা কোন এই ৰঞ্জন দৈমাৰীৰ ১৪ সংগী?

Share This
দহটা বছৰৰ অপেক্ষাৰ অন্তত আজি গুৱাহাটীৰ চিবিআইৰ বিশেষ আদালতে অসম কঁপোৱা ৩০/১০ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৫জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ সুখবৰ৷ ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ১৫জন অভিযুক্ত ক্ৰমে এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ সৈতে জৰ্জ বড়ো, অজয় বসুমতাৰী, নীলিম দৈমাৰী, জয়ন্তী ব্ৰহ্ম, খৰ্গেশ্বৰ বসুমতাৰী, মথুৰাম ব্ৰহ্ম, আনচাই বড়ো, বি থৰাই ওৰফে বৈশালী, ইন্দ্ৰ ব্ৰহ্ম, লক' বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু সৰকাৰ, ৰাজেন গয়াৰী, মৃদুল গয়াৰীক দোষী সাব্যস্ত কৰাৰ বাতৰিও প্ৰকাশ পাইছে৷

অহা বুধবাৰেহে ব্যক্তিকেইজনক যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰ ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ লগতে ৰঞ্জন দৈমাৰীৰ অন্তৱৰ্তীকালিন জামিনো বাতিল কৰাৰ খবৰ৷ আজি চিবিআইৰ আদালত চৌহদতে পুনৰ গ্ৰেপ্তাৰ কৰি দৈমাৰীক  গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ পঠোৱা হৈছে৷ উল্লেখনীয় যে যোৱা ২০১৩ চনৰ জুন মাহৰ পৰাই দৈমাৰী অন্তৱৰ্তীকালিন জামিনত আছিল৷ এতিয়া দৈমাৰী আৰু সংগীবৃন্দই চিবিআই আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত পুনৰীক্ষণৰ বাবে আবেদন জনাব বুলিও প্ৰকাশ পাইছে৷ দৈমাৰীৰ ভগ্নীয়ে এই প্ৰসংগত, আজিৰ ৰায়দানে বড়ো শান্তি প্ৰক্ৰিয়া বিঘ্নিত কৰিব বুলিও শংকা প্ৰকাশ কৰিছে৷

অৱশ্যে সচেতন ৰাইজ, গুৱাহাটীৰ অধিবক্তা সমাজ আদিয়ে আজি চিবিআই আদালতৰ এই ন্যায়দানক আদৰণি জনাইছে আৰু বুধবাৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হব বুলিও আশা প্ৰকাশ কৰিছে।

"মানৱীয়তাৰ খাতিৰত ৰঞ্জন দৈমাৰীৰ ফাঁচি হ’ব নালাগে"-আজিৰ ৰায়ক লৈ প্ৰতিক্ৰিয়া বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। আইনে আন শাস্তি দিয়ক, কিন্তু মানৱীয়তাৰ খাতিৰত ফাঁচি হ’ব নালাগে বুলি মন্তব্য কৰিলে মুহিলাৰীয়ে।‍ 

No comments:

Post a Comment