ভাল খবৰঃ ৰাজ্যজুৰি বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰিব GIMT, তেজপুৰে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ৰাজ্যজুৰি বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰিব GIMT, তেজপুৰে

ভাল খবৰঃ ৰাজ্যজুৰি বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰিব GIMT, তেজপুৰে

Share This
অসমৰ আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ অন্যতম গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, তেজপুৰৰ উদ্যোগত বিনামূলীয়াকৈ এলানি কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠানখনৰ সামাজিক কল্যাণকামী ক্লাৱ SAHYOGৰ তৰফৰপৰা আয়োজন কৰা কৰ্মশালাসমূহত বিদ্যালয়/ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ প্ৰদান কৰা হ'ব। কৰ্মশালাসমূহ প্ৰথম পৰ্য্যায়ত শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষাপ্ৰতিষ্ঠানৰ বাবে আয়োজন কৰা হৈছে যদিও পৰৱৰ্তী সময়ছোৱাত অন্যান্য জিলাৰ বাবেও সময়সূচী ঘোষণা কৰা হ'ব।

কৰ্মশালাত সলম ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ কাউন্সিলৰ তথা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্বত থকা ড° বুলজিৎ বুঢ়াগোহাঁয়ে। 

পৰবৰ্তী পৰ্যায়ৰ বিনামূলীয়া কেৰিয়াৰ কৰ্মশালা সমূহ ৰাজ্যৰ ভিন্ন শিক্ষাপ্ৰতিষ্ঠান সমূহৰ আমন্ত্ৰণক্ৰমে অনুষ্ঠিত কৰা হব। ৰাজ্যখনত কেৰিয়াৰ বিষয়ত সজাগতা আনিবৰ ক্ষেত্ৰত এই পদক্ষেপ অতি আদৰণিয় পদক্ষেপ বুলি গণ্য কৰিব পাৰি। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ আগ্ৰহী শিক্ষাপ্ৰতিষ্ঠান সমূহে তেওঁলোকৰ প্ৰতিষ্ঠানত কৰ্মশালা আয়োজনৰ বাবে ৯৮৬৪৬০৩১০০, ৮৭২৪৯৫৪৯৯৫, ৭০০২০২০৫৭১ এই তিনিটা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment