তাজাখবৰঃ গুৱাহাটী গীতে-মাতে-শ্লোগানেৰে কঁপালে নৱ-প্ৰজন্মৰ শিল্পী সমাজে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ গুৱাহাটী গীতে-মাতে-শ্লোগানেৰে কঁপালে নৱ-প্ৰজন্মৰ শিল্পী সমাজে

তাজাখবৰঃ গুৱাহাটী গীতে-মাতে-শ্লোগানেৰে কঁপালে নৱ-প্ৰজন্মৰ শিল্পী সমাজে

Share This
সমগ্ৰ অসম তথা উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬  সদনত পাছ কৰাবৰ বাবে বিজেপি দলে চলোৱা চেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে ৰাজপথলৈ গীটাৰ, সুৰ-কথা, শ্লোগান, গানেৰে সমৃদ্ধ হৈ প্ৰতিবাদী মিচিল উলিয়ালে অসমৰ নৱ-প্ৰজন্মৰ শিল্পী সমাজে।

পূৰ্বতে অসমৰ যিকোনো স্পৰ্শকাতৰ বিষয়ত হাতত গীটাৰ লৈ অকলেই ওলাই আহে শিল্পী কিশোৰ গিৰি। অসমৰ দুৰ্দিনত সুৰবাহিনীৰে অসম কঁপাই ইতিহাস ৰচি থৈ গৈছে শিল্পী জয়ন্ত হাজৰিকাই। গীতে-মাতে অসমীয়াৰ মাজত এক প্ৰতিবাদী জনজাগৰণ গঢ়ি তুলিবলৈ এইবাৰ একেই পথেৰে ওলায় আহিল নতুন চামৰ শিল্পী সকলেও। কালি মৰাণত নীল আকাশকে ধৰি কেইবাজনো শিল্পীয়ে সাংগীতিক প্ৰতিবাদ কৰাৰ পাছত আজি তাতোকৈ বেছি শিল্পীৰ অংশগ্ৰহণেৰে গুৱাহাটীৰ ৰাজপথত দেখা গ'ল শিল্পীৰ প্ৰতিবাদ।

এই ভিডিঅ'ত দেখা গৈছে সেই প্ৰতিবাদৰ একাংশ-
এই প্ৰতিবাদী সমদলত জাতীয় নালায়ক মুৰ্দাবাদ, এই চৰকাৰ লেই লেই চেই চেই, এই চৰকাৰ নিপাত যাওক, মূৰ্দাবাদ আদি শ্লোগান মুখৰিত হোৱা দেখা গ'ল। তাৰোপৰি সাম্প্ৰদায়িক বিধেয়কখনৰ বিৰুদ্ধে 'হিন্দু-কি মুছলমান এক আইৰ সন্তান, আমাৰ মনত ভেদ ভাৱ নাই...' আদি সম্প্ৰীতিৰ গীতো পৰিৱেশন কৰে প্ৰতিবাদী মিচিলে। 'আহ আহ ওলাই আহ সজাগ জনতা' আদিকে ধৰি প্ৰতিবাদী গীতেৰেও জনতাক জাগৰিত কৰিবলৈ চেষ্টা চলালে এই শিল্পী সকলে।

No comments:

Post a Comment