চিন্তনঃ নতুন বছৰত প্ৰাপ্তিৰ সন্ধান, যোগাত্মক চিন্তা ষ্টিফেন হকিং আৰু মাৰ্ক জুকাৰবাৰ্গ :: ড° বিজয় কৃষ্ণ চেতিয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ নতুন বছৰত প্ৰাপ্তিৰ সন্ধান, যোগাত্মক চিন্তা ষ্টিফেন হকিং আৰু মাৰ্ক জুকাৰবাৰ্গ :: ড° বিজয় কৃষ্ণ চেতিয়া

চিন্তনঃ নতুন বছৰত প্ৰাপ্তিৰ সন্ধান, যোগাত্মক চিন্তা ষ্টিফেন হকিং আৰু মাৰ্ক জুকাৰবাৰ্গ :: ড° বিজয় কৃষ্ণ চেতিয়া

Share This
২০১৮ বৰ্ষই মেলানি মাগিলে আৰু গতানুগতিকভাৱে আমাৰ জীৱনত সংযোজন হ’ল এটা নতুন বৰ্ষ “২০১৯ বৰ্ষ”। আজিৰ এই লেখাৰ সুযোগতে আমি আমাৰ প্ৰতিজন পঢ়ুৱৈলৈ নৱবৰ্ষৰ সেউজ শুভকামনা জ্ঞাপন কৰিলোঁ।

অংকীয় চিন্তাৰে বছৰ এটা সলনি হোৱাটো তেনেই সাধাৰণ কথা, কেলেণ্ডাৰৰ পাত লুটিয়ালেই মাহ বা বছৰ সলনি হয়। কিন্তু মানৱ জীৱনৰ সঠিক মূল্যায়ণৰ দিশৰ পৰা বছৰ একোটাৰ মহত্ব সুকীয়া। মানৱ জীৱনৰ সঠিক মূল্যায়ণ কিন্তু একমাত্ৰ প্ৰাপ্তিৰ আনন্দতেই সীমাবদ্ধ নহয়, অপ্ৰাপ্তিৰ দিশ বিশ্লেষণৰ সবল মানসিকতাকো এই মূল্যায়ণৰ এক পূৰ্ণ অংগ হিচাপে বিবেচনা কৰা হয়। সহজ অৰ্থত বছৰ এটাত আমি মাথো কি পালো বা গোটালোতেই বছৰ একোটাৰ সফলতাৰ প্ৰতিলফলিত নহয়, যদিহে আমি বছৰটোৰ অপ্ৰাপ্তি সমূহৰ বস্তুগত অধ্যয়ন কৰিব নোৱাৰোঁ আৰু তেনে চিন্তাৰে বছৰৰ শেষৰ প্ৰাপ্তিৰ ৰঙীন উদযাপন যে ক্ষণস্থায়ী হব সেইটো খাটাং। আৰু তেনে চিন্তাৰেই আমি বছৰৰ আৰম্ভণিতেই মানৱ জীৱনৰ মূল্যবোধক সঠিকৰূপত গঢ় দিবলৈ প্ৰয়োজন হোৱা “যোগাত্মক চিন্তা”ৰ বিষয়ে সংক্ষেপে কিছু আলোচনা তলত কৰা প্ৰয়াস কৰিছোঁ। 

আমি বিশ্বাস কৰোঁ যে এটা কথাত আমি সকলো একমত হম; আদৰ্শগত আৰু গঠনাত্মক কৰ্মইহে আমাৰ জীৱনৰ মূল্যবোধক সমাজত সুস্থিৰভাৱে প্ৰতিষ্ঠা কৰিব পাৰে। আৰু এই আদৰ্শগত-গঠনাত্মক কৰ্মৰ বাবে আমাক অনুপ্ৰাণিত কৰিবলৈ প্ৰয়োজন হয় এক যোগাত্মক চিন্তাৰ পৰিৱেশ। 

সমাজপ্ৰিয় জীৱ হিচাপে প্ৰতিজন মানুহেই এক যোগাত্মক চিন্তাৰে সমৃদ্ধ হোৱাটো স্বাভাৱিক, কিন্তু পৰিৱেশ অনুযায়ী এই চিন্তাৰ বিকাশ সমাজ আৰু সময়ে দাবী কৰা দৰে সৰ্বস্তৰত সমান নহয়।গতিকে এখন সম-উত্তৰণমুখী সমাজ গঢ়াৰ স্বাৰ্থত এক সামগ্ৰিক যোগাত্মক চিন্তাৰ পৰিৱেশ সূচনা কৰাটো সাম্প্ৰতিক সময়ত সমাজবিজ্ঞানী সকলৰ মৌলিক দায়িত্ব হৈ পৰিছে আৰু এই বিষয়ত সমাজবিজ্ঞানী সকলে ইতিমধ্যেই বিভিন্ন গৱেষণালব্ধ তত্ত্ব আৰু সূত্ৰ সমাজলৈ আগবঢ়াইছে।

এতিয়া কথা হ’ল যোগাত্মক চিন্তা বুলিলে আমি কি বুজোঁ? সহজ অৰ্থত যোগাত্মক চিন্তা হ’ল এজন ব্যক্তিৰ এনে মানসিক দৃষ্টিভংগী যাৰদ্বাৰা ব্যক্তিজনে জীৱনত ভাল আৰু অনুকূলীয় ফলাফল লাভ কৰিবলৈ সক্ষম হয়। অন্যহাতেদি আমি যোগাত্মক চিন্তাক, এক চিন্তা গঢ়াৰ সামগ্ৰিক ব্যৱস্থা বুলিও কব পাৰো যি ব্যৱস্থাই আমাৰ চিন্তাশক্তিক ঋণাত্মক ভাৱধাৰা পৰা পৃথক কৰি এক সুস্থিৰ বাস্তৱমুখী কৰ্মলৈ ৰূপান্তৰ কৰে। উদাহৰণস্বৰূপে ধৰি লোৱা হ’ল এটা পথৰ দাঁতিত এজোপাও গছ নাই যাৰ বাবে গৰম দিনত পথৰুৱা সকলে অতিমাত্ৰা ৰ’দ সহ্য কৰিব লগা হয়, এইক্ষেত্ৰত যোগাত্মক চিন্তাৰ অৱস্থিতি হব পথৰ দাঁতি গছ ৰুৱা আৰু এই গছ যদি ফলৰ হয় তেন্তে ই হব এক বাস্তৱমুখী কৰ্মশীল চিন্তাৰ উদাহৰণ। ঠিক তেনেদৰে এখন গাঁওৰ ছাত্ৰসকলে যদি নিজৰ মাজত এক গ্ৰন্থ শৃংখল গঢ়িলৈ পৰস্পৰ মাজত গ্ৰন্থ আদান-প্ৰদান কৰে তেন্তে ইও হব এক যোগাত্মক চিন্তাৰ সুন্দৰ উদাহৰণ, যাৰ দ্বাৰা গাঁওখনত এক সুস্থিৰ আৰু সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়লৈ উঠিব। এই দুই উদাহৰণ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে যোগাত্মক চিন্তাৰ অনুশীলনে আমাৰ মনক সুস্থিৰ সংৰচনাত্মক চিন্তা কৰিবলৈও সাহস দিয়ে। 

ওপৰোক্ত আলোচনা পৰা এটা কথা স্পষ্ট হৈছে যে যোগাত্মক চিন্তাই আমাক কেৱল ঋণাত্মক চিন্তাৰ প্ৰভাৱৰ পৰাই মুক্ত নকৰে বৰঞ্চ ই আমাক এক বাস্তৱমুখী কৰ্মশীল মন তৈয়াৰ কৰাটো সহায় কৰে। আৰু সেয়েহে সাম্প্ৰতিক সময়ৰ সমাজত অতিমাত্ৰাত বৃদ্ধি পোৱা সংকীৰ্ণতা আৰু অসহিষ্ণুতাক হ্ৰাস কৰি এখন উৎপাদনমুখী কৰ্মশীল সমাজ গঢ়িবলৈ আমি নিতৌ যোগাত্মক চিন্তাৰ অনুশীলন কৰিবলৈ প্ৰয়াস কৰাটো জৰুৰী হৈ পৰিছে। 

এতিয়া আহোঁ আজিৰ আলোচনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ আৰু সেইটো হ’ল যোগাত্মক চিন্তাৰ অনুশীলন কেনেকৈ কৰিব পাৰি বা যোগাত্মক চিন্তাৰ পৰিৱেশ কেনেকৈ গঢ়িব পাৰি। যোগাত্মক চিন্তাৰ বিভিন্ন গৱেষণামূলক তথ্যসমূহ অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হয় যে ব্যক্তিৰ যোগাত্মক চিন্তাৰ প্ৰাথমিক চৰ্ত হ’ল “অধ্যয়নশীল মন” অথাৎ যোগাত্মক চিন্তাৰ বাবে আমি সকলোৱে নিতৌ অধ্যয়ন কৰাটো জৰুৰী। অধ্যয়নে আমাক যুক্তিবাদী, বিশ্লেষণধৰ্মী চিন্তাৰে সমৃদ্ধ কৰি মনৰ সংশয় সমূহ দূৰ কৰাত সহায় কৰে আৰু আমাৰ মনৰ পৰা সংশয় দূৰ হলেই মনত স্বয়ংভাৱে যোগাত্মক চিন্তাই যে পোখালি মেলিব সেইটো খাটাং। যোগাত্মক চিন্তাৰ এক অতি সৰল পৰিৱেশ গঢ়িবলৈ আমি সকলোৱে নিতৌ কৰিব পৰা কিছু সহজ অনুশীলন আমাৰ নিজস্ব চিন্তাৰে তলত উল্লেখ কৰিলোঁ,

১। আমি সকলোৱে নিতৌ খবৰ কাগজ পঢ়োঁ। এই খবৰ কাগজ পঢ়া অভ্যাসটোৰ লগতে যদি আৰু এটা নতুন অভ্যাস আমি গঢ়োঁ তেন্তে সেইয়া হব যোগাত্মক চিন্তাৰ প্ৰতিফলন। আৰু সেই নতুন অভ্যাসটো হ’ল খবৰ কাগজত ভাল খবৰৰ সন্ধান। বতৰ্মান সময়ত বজাৰকেন্দ্ৰীক চিন্তাত খবৰ কাগজৰ প্ৰতিটো খবৰ সামাজিক দৃষ্টিৰে ভাল নহয় বা হব নোৱাৰে আৰু অন্যহাতেদি সামাজিক দৃষ্টিকোনেৰে ভাল বুলি ভবা খবৰটোৱে বজাৰমুখী চিন্তাত খবৰ কাগজৰ মুখ্য পৃষ্ঠাত স্থান নাপাবও পাৰে। এতিয়া যদি আমি খবৰ কাগজত ভাল খবৰৰ সন্ধানৰ অনুশীলন আৰম্ভ কৰোঁ তেন্তে কিছুদিনৰ পিছত আমি অনুভৱ কৰিব পাৰিম যে এই অনুশীলনে আমাক সমাজৰ ঋণাত্মক চিন্তা সমূহৰ পৰা আঁতৰাই সমাজৰ প্ৰতি এক যোগাত্মক চিন্তা গঠন কৰাত সহায় কৰিছে। পিছলৈ এই অভ্যাসক আমি লগৰীয়া মাজত প্ৰতিযোগিতামূলক চিন্তাৰেও আগুৱাই নিব পাৰোঁ।

২। দ্বিতীয়তে প্ৰকৃতিৰ লগত একাত্ম হোৱা চিন্তা। সাম্প্ৰতিক সময়ৰ যান্ত্ৰিক যুগত আমি বহু সময়ত নিজকে মানুহ বুলিয়ে পাহৰি যাওঁ আৰু এনে পৰিৱেশত ক্ৰমান্বয়ে আমাৰ মানবীয় চেতনাসমূহ বিলুপ্ত হয়। গতিকে আমি নিতৌ কিছু সময় প্ৰকৃতিৰ লগত একাত্ম হোৱাটো জৰুৰী। গছজোপা, নদীখন, আকাশখন বা পাহাৰটোৰ লগত যদি আমি নিতৌ ১০ মিনিট সময় খৰছ কৰোঁ তেন্তে ই আমাক অনুভৱ কৰিবলৈ বাধ্য কৰিব যে আমি এই প্ৰকৃতিৰে অংশ, গতিকে আমাৰ এই প্ৰকৃতিৰ প্ৰতি, এই সমাজৰ নিদিষ্ট কিছু দায়িত্ব আছে আৰু এই দায়িত্বই আমাৰ মানবীয় চেতনা সমূহক সজীৱ কৰি ৰাখিব। সহজ অৰ্থত প্ৰকৃতিৰ সানিধ্যই আমাক যান্ত্ৰিকতাৰ মাজতো বহনক্ষম যোগাত্মক সামাজিক চিন্তা কৰিবলৈ অনুপ্ৰানীত কৰিব।

৩। তৃতীয়তে দৈহিক শ্ৰমৰ ব্যৱস্থা। যোগাত্মক চিন্তাৰ বাবে সুস্থ নিৰোগী শৰীৰৰ অতিকৈ প্ৰয়োজন কিয়নো নিৰোগী স্বাস্থই আমাৰ মনক সুস্থিৰ আৰু শান্ত কৰি ৰখাত মুখ্য ভূমিকা পালন কৰে। আৰু এটা সুস্থ শৰীৰৰ বাবে নিতৌ কিছু নিদিষ্ট দৈহিক শ্ৰমৰ খুবেই প্ৰয়োজন। এই দৈহিক শ্ৰমৰ ব্যৱস্থা আমি খেলা-ধূলা, ব্যায়াম বা নিজৰ বাৰীত কিছু সময় দৈহিক শ্ৰম আদিৰ যোগেদি অতি সহজেই কৰি লব পাৰোঁ। 

8। চতুৰ্থতে সামাজিক মাধ্যম (social media) ব্যৱহাৰৰ সাৱধনতা। সাম্প্ৰতিক সময়ৰ যান্ত্ৰিক যুগত অংকীয় যোগাযোগ মাধ্যম সমূহ আমাৰ দৈনন্দিন জীৱনৰ এৰাব নোৱাৰা আহিলা হৈ পৰিছে। এই যোগাযোগ ব্যৱস্থা সমূহক যদিও “ছ’চিয়েল” বুলি উল্লেখ কৰা হয় কিন্তু এই সমূহৰ প্ৰকৃত অন্ত: নিৰ্হীত উদ্দেশ্য সদায় বজাৰকেন্দ্ৰীক আৰু সেয়েহে এই মাধ্যম সমূহ ব্যৱহাৰ কৰোঁতে অতিশয় সাৱধান হোৱাটো জৰুৰী হৈ পৰিছে নহ’লে অতি কম সময়তেই আমি যে বজৰুৱা হৈ পৰিম তাত কোনো সন্দেহ নাই। অতি সাম্প্ৰতিক, এই সামাজিক (?) মাধ্যম সমূহক প্ৰচুৰ ভাৱে ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে ৰাইজক আবেগিক, সংকীৰ্ণ, অসহিষ্ণু কৰিব পৰা বিভিন্ন খবৰ কৌশলে বিয়পাই দিয়া হৈছে যাৰ দ্বাৰা ৰাইজৰ নিজস্ব চিন্তা-শক্তি বিলুপ্ত হব আৰু সংকীৰ্ণ চিন্তাৰে ভাৰাক্ৰান্ত হব। আৰু ইয়াৰে সুযোগ পুঁজিসবস্ব ৰাজনৈতিক দলসমূহে গ্ৰহন কৰিব। তেনে চিন্তাৰে বতৰ্মান সময়ত এই সামাজিক মাধ্যম সমূহ হৈ পৰিছে প্ৰতিবাদ, ৰাজনৈতিক সমদল আদিৰ বাবে হঠাৎ ৰাইজক সংগঠিত কৰিব পৰা সহজ ব্যৱস্থা। গতিকে সাম্প্ৰতিক সময়ত আমি সামাজিক মাধ্যম সমূহ ব্যৱহাৰ কৰোতে অতি সাৱধান হোৱাটো জৰুৰী। আমি সামাজিক মাধ্যমত তেনেবোৰ খবৰ বা তথ্য উৎসহে অনুকৰণ কৰা দৰকাৰ যি সমূহে আমাক যোগাত্মক চিন্তাৰ পৰিৱেশ দিয়ে। এইক্ষেত্ৰত আমি যোগাত্মক চিন্তাৰ বিভিন্ন ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় উৎস সমূহ, ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খবৰ কাগজ, গৱেষণা পত্ৰিকা, আলোচনীৰ উৎস অনুকৰণ কৰিব পাৰোঁ আৰু ইয়াৰ লগতে কৃষিমূলক উৎসসমূহ অনুকৰণ কৰিলেও আমি সংস্কাৰমুখী সংৰচনাত্মক চিন্তাৰ প্ৰতি যে আকৰ্ষিত হম সেইটো নিশ্চিত। 

যোগাত্মক চিন্তাৰ অনুশীলনৰ বাবে আমি ওপৰত আগবঢ়োৱা চিন্তা সমূহ আমি আমাৰ নিজস্ব চিন্তাৰে দাঙি ধৰিছোঁ, আমি বিশ্বাস কৰোঁ এনে বহু চিন্তা আন বহুজনৰ মনতো উদয় হয়। গতিকে এইক্ষেত্ৰত আৰু অধিক আলোচনা আগন্তুক দিনত কৰাটো জৰুৰী বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। 

সাম্প্ৰতিক সময়ত দৈহিক চৌখিনতাৰ পয়োভৰত মানসিক চৌখিনতাক আমি প্ৰায় নূন্যতম গুৰুত্বকনো নিদিওঁ বা বহু সময়ত গুৰুত্বহীন কৰা পৰিৱেশহে সূচনা কৰোঁ। সমাজৰ প্ৰতিজন লোকে জীৱনজুৰি নিজকে দৈহিকভা‍ৱে সুন্দৰ আৰু সুস্থ কৰি ৰাখিব পৰাটো নিশ্চয়কৈ গৌৰৱৰ বিষয় কিন্তু নিজস্ব শৰীৰকলৈ অধিক চৌখিন হবলৈ গৈ মানসিক চেতনা সমূহৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰয়োজনীয় পৰিৱেশক আওকান কৰাটো কেতিয়াও সামাজিক দায়বদ্ধ প্ৰানী হিচাপে আমাৰ কাম্য হব নোৱাৰে।

এইক্ষেত্ৰত সাম্প্ৰতিক সময়ৰ বহুল ব্যৱহৃত সামাজিক মাধ্যম “ফেচবুক”ৰ জনক মাৰ্ক জুকাৰবাৰ্গৰ জীৱন দৰ্শনক উদাহৰণ হিচাপে লব পাৰোঁ।

আমাৰ বহুজনে হয়তো জানি আচৰিত হব যে মাৰ্ক জুকাৰবাৰ্গে নিতৌ একে বৰণৰ আৰু একে ধৰণৰ ‘T’ ছাৰ্ট পৰিধান কৰে। যিটো আমাৰ বহুজনৰ বাবে সপোনৰো অগোচৰ আৰু আন বহুজনৰ বাবে এইটো এটা তেনেই সাধাৰণ কথা, কিন্তু মাৰ্কৰ বাবে এই চিন্তা সাধাৰণ নহয়। প্ৰকৃততে অসাধাৰণ ব্যক্তি সাধাৰণ চিন্তাক জুকিয়াই চাব পৰাটো সুন্দৰ জীৱন যাপনৰ এক প্ৰয়োজনীয় অংশ বুলি গ্ৰহন কৰিব পাৰি।

এতিয়া কথা হ'ল মাৰ্ক জুকাৰবাৰ্গে একে ধৰণৰ একে বৰণৰ “T” ছাৰ্ট পৰিধান কৰিলে আমাৰ কি লাভ হব? আৰু এই প্ৰশ্নটোকে বহুজনে মাৰ্ক জুকাৰবাৰ্গক বহুবাৰ প্ৰশ্ন কৰিছে, “তেওঁ কিয় একে বৰণৰ আৰু একে ধৰণৰ ‘T’ ছাৰ্ট সদায় পৰিধান কৰে?”।আৰু এনে প্ৰশ্নৰ উত্তৰত মাৰ্কে প্ৰকাশ কৰা চিন্তাই আমাৰ মনত যে সুস্থিৰ মানসিক চৌখিনতাৰ সোৱাদ দিবলৈ সক্ষম হব সেইটো খাটাং আৰু তেনে চিন্তাৰে মাৰ্ক জুকাৰবাৰ্গৰ সাধাৰণ চিন্তাৰ অসাধাৰণ মূল্যবোধক তলত দাঙি ধৰিলোঁ,

“মই যদি সদায় একে বৰণৰ আৰু একে ধৰণৰ ‘T’ ছাৰ্ট পৰিধান কৰোঁ তেন্তে ই মোক মই সদায় কি পিন্ধিম বা কি পিন্ধিলে মোক ধুনীয়া দেখিব আদি চিন্তাবোৰৰ পৰা মুক্ত কৰিব যাৰ দ্বাৰা মোৰ দিনটোৰ বহু সময় ৰাহি হব। আৰু এই ৰাহি হোৱা সময়খিনি মই সংৰচনাত্মক চিন্তাৰ বাবে খৰছ কৰিব পাৰিম অৰ্থাৎ মোৰ দৈহিক চৌখিনতাৰ ৰাহি সময়ে মই মানসিকভাৱে আৰু অধিক চৌখিন হব পাৰিম”

।আচৰিত নহয় নে? অসাধাৰণ ব্যক্তিৰ সাধাৰণ চিন্তা।

আমি বিশ্বাস কৰিছোঁ আমাৰ আজিৰ এই আলোচনাই নতুন বছৰৰ আৰম্ভণিতেই সকলোৰে মনত কিছু যোগাত্মক চিন্তাৰ উদ্ৰেক ঘটাবলৈ সক্ষম হৈছে।

সদৌ শেষত বিশ্ববিশ্ৰুত বিজ্ঞানী ষ্টেফিন হকিংৰ তেওঁৰ মৃত্যুৰ পিছত ২০১৮ বৰ্ষত প্ৰকাশিত গ্ৰন্থ “BRIEF ANSWERS TO THE BIG QUESTIONS”ৰ ১৫৯ নং পৃষ্ঠাত উল্লেখিত চিন্তাৰে সকলোৰে বাবে নতুন বছৰটো শুভ হোৱা কামনাৰে আজি আলোচনা সামৰণি মাৰিলোঁ।

What is the biggest threat to the future of this planet?
“An asteroid collision would be, a threat against which we have no defence. But the last big such asteroid collision was about sixty-six million years ago and killed the dinosaurs. A more immediate danger is runway climate change. A rise in ocean temperature would melt ice caps and cause the release of large amounts of carbon dioxide. Both effects could make our climate like that of Venus, but with temperature of 250 degrees Celsius.”

1 comment:

  1. বহুত ভাল লাগিল । আগলৈও এনেকুৱা লেখা পাই থাকিম বুলি আশা থাকিল ।

    ReplyDelete