তাজাখবৰ:: আছু কৰ্মী ও পতাকাৰ ওপৰত আক্ৰমণঃ তীব্ৰ ধিক্কাৰ এছ এফ আই আৰু ডঃ হীৰেন গোহাঁইৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰ:: আছু কৰ্মী ও পতাকাৰ ওপৰত আক্ৰমণঃ তীব্ৰ ধিক্কাৰ এছ এফ আই আৰু ডঃ হীৰেন গোহাঁইৰ

তাজাখবৰ:: আছু কৰ্মী ও পতাকাৰ ওপৰত আক্ৰমণঃ তীব্ৰ ধিক্কাৰ এছ এফ আই আৰু ডঃ হীৰেন গোহাঁইৰ

Share This
যোৱা ২৭ জানুৱাৰী, ২০১৯ত নলবাৰীত শান্তিপূৰ্ণ তথা গণতান্ত্ৰিকভাবে সদৌ অসম ছাত্ৰ সন্থাই যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধিতাৰে, তাৰ ওপৰত গুণ্ডাবাহিনীৰ দৰে জঁপিয়াই পৰিছিল বিজেপিৰ কৰ্মী। আছুৰ পতাকা গচকাৰ দৃশ্যও আছিল অতি দৃষ্টিকটু আৰু অশোভনীয়। এই বিষয়ে প্ৰেছ বিজ্ঞপ্তি যোগে এনে আক্ৰমণক তীব্ৰ ধিক্কাৰ দিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচনে।  

সংগঠনটোৰ ৰাজ্যিক নেতৃত্বহৈ কাশ্যপ চৌধুৰী, (সভাপতি) আৰু নিৰংকুশ নাথে (সম্পাদক) জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিৰ সম্পূৰ্ণ ভাষ্য এনেধৰণৰঃ 
"কেৱল সেয়াই নহয়, বিজেপি দলৰ জিলা সভাপতিৰ নেতৃত্বত বিজেপিৰ এটা গুণ্ডাবাহিনীয়ে থানালৈ গৈ থানাত আটক কৰি ৰখা তিনিজন আছু সদস্যক পুলিচৰ সম্মুখতে জঘন্য মাৰপিট কৰাৰ অভিযোগ উঠিছে । এয়া এক ভয়ংকৰ ঘটনা । য'ত পুলিচ প্ৰশাসন জনসাধাৰণৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ, সেই পুলিচ বাহিনীৰ সন্মুখতে থানাৰ ভিতৰত মাৰপিট কৰাৰ ঘটনাই অসমত স্বৈৰতান্ত্ৰিক শাসন প্ৰতিষ্ঠাকে প্ৰতিফলিত কৰিছে।

এই ঘটনাক ভাৰতৰ ছাত্ৰ ফেডাৰেছন, অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে ধিক্কাৰ জনাইছে আৰু ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী কৰিছে। যি সময়ত প্ৰস্তাৱিত বিধেয়কখনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ-প্ৰতিৰোধ অব্যাহত আছে দীৰ্ঘদিন ধৰি, সেই সময়ত এই জনমতৰ প্ৰতি বিজেপিয়ে নূন্যতম সন্মান প্ৰদৰ্শন কৰা দূৰৰ কথা তাৰ পৰিৱৰ্তে দমনমূলক মনোবৃত্তিৰে আইন হাতত তুলি লোৱাৰ স্পৰ্ধা কৰিছে। এয়া অসমৰ বাবে সংকটৰ আগজাননী। এয়া গণতন্ত্ৰৰ বাবে ভাবুকি। 

এছ এফ আই য়ে লক্ষ্য কৰিছে যে বিজেপিৰ এই প্ৰতিশোধপৰায়ণ আৰু ফেচিবাদী দমনমূলক চৰিত্ৰ এদিনীয়া নহয়। শেহতীয়াকৈ বিল বিৰোধী প্ৰতিবাদৰ সমান্তৰালভাৱে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰীয়ে অহৰহ নানান ভুৱা, অৰ্ধসত্য কথাৰে, বিকৃত তথ্যৰে জনসাধাৰণক আভুৱা ভৰাৰ প্ৰানপণ চেষ্টা চলাইছে। তেওঁলোকে সংবিধানপ্ৰদত্ত গণতান্ত্ৰিক ব্যৱস্থাৰ, ধৰ্মনিৰপেক্ষতাৰ প্ৰমূল্যক ভৰিৰে মোহাৰি উৎকট সাম্প্ৰদায়িক তথা বিভাজনকামী মন্তব্য প্ৰদান কৰি সমাজত বিষবাষ্প বিয়পাই আছে। তাৰ লগতে বিজেপি কৰ্মীৰ দ্বাৰা গুণ্ডাৰাজৰ আৰম্ভ কৰি দিছে। এই ধৰণৰ নিকৃষ্ট কূট কৌশল প্ৰয়োগেৰে বিজেপিয়ে জনসাধাৰণক দৰাচলতে ঠগিব খুজিছে। এছ এফ আই য়ে ইয়াৰ দ্বাৰাই বিজেপিক সকীয়াই দিয়ে যে অতিশীঘ্ৰে বিজেপিৰ এই দমনমূলক মনোবৃত্তি পৰিহাৰ কৰক, আইন হাতত তুলি লোৱাৰ বাবে অসমবাসীৰ আগত ক্ষমা খোজক, ঘটনাৰ লগত জড়িত দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰক আৰু বিভাজনকামী নিকৃষ্ট কূট-কৌশল প্ৰয়োগ কৰাৰ পৰা বিৰত থাকক। অন্যথা অসমবাসীৰ ঐক্যবদ্ধ প্ৰতিবাদ তথা প্ৰতিৰোধৰ বাবে সাজু থাকক।"

একেদৰেই মুখ্য মন্ত্ৰীৰ লগতে শাসকীয় বিজেপি নেতাসকলক ক’লা পতাকা দেখুওৱাৰ “অপৰাধ”ত ৰাজ্যজুৰি বিক্ষোভকাৰীক “গ্ৰেপ্তাৰ” আৰু নলবাৰীত কেইজনমান আছুকৰ্মীক থানাৰ ভিতৰতে প্ৰহাৰ কৰা ঘটনাৰ বাবে চৰকাৰক ধিক্কাৰ দি ক্ষমা প্ৰাৰ্থনা দাবী কৰিছে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ হৈ ডঃ হীৰেন গোহাঁইয়ে। 
তেখেতে বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা মন্তব্য এনেধৰণৰ-
“নলবাৰীত বিজেপি নেতাৰ বিৰুদ্ধে ক’লা পতাকা প্ৰদৰ্শন কৰাৰ চেলুতে পুলিচে সদৌ অসম ছাত্ৰ সন্থাৰ কেইগৰাকীমান কৰ্মীক কেৱল মাৰ পিট কৰাই নহয়, বৰং সকলোকে আচৰিত কৰি শাসক দলৰ স্থানীয় নেতা আৰু কৰ্মীৰ দলে থানাত সোমাই পুলিচৰ সন্মুখতে আটক ছাত্ৰ কৰ্মীসকলক বেয়াকৈ মাৰ ধৰ কৰিছে বুলি প্ৰকাশ পাইছে। এনে ঘটনাৰ বাবে চৰকাৰে ৰাইজৰ ওচৰত ক্ষমাভিক্ষা কৰক। লগতে ৰাইজকো সোঁৱৰাই দিছো যে এনে কাৰ্য্যই চৰকাৰৰ বিৰুদ্ধে নিজৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ মৌলিক অধিকাৰকো নস্যাৎ কৰিছে। গণতন্ত্ৰৰ বুনিয়াদী নীতিবোৰকে দমন কৰি এটা দলৰ হাতত প্ৰশাসন, পুলিচ সকলোকে গতাই দিয়াৰ লক্ষণ প্ৰকাশ কৰিছে।"

অসমত যদিও SFI ৰ সৈতে মতাদৰ্শগত ভাৱে চিৰদিন আছুৰ সৈতে সংঘাত আছে, তথাপি গণতান্ত্ৰিক প্ৰতিবাদৰ ধাৰাক প্ৰতিহত কৰা এনে স্বেচ্ছাশাৰী শাসকে আছুক কৰা আক্ৰমণৰ ঘটনাক বাওঁপন্থী ছাত্ৰ সংগঠনটোৱেও ধিক্কাৰ দিয়াক লৈ সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে। গণতান্ত্ৰিক পৰিৱেশৰ ৰক্ষাৰ বাবে এনে সহমৰ্মিতা অতি জৰুৰী বুলিও মত প্ৰকাশ কৰিছে। আজি আছুৱে উক্ত ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

No comments:

Post a Comment