মনৰ কথাঃ অসমৰ খাদ্যৰ 'ফতোৱা' আৰু ধৰ্মৰ আফিং :: শান্তনু বৰঠাকুৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসমৰ খাদ্যৰ 'ফতোৱা' আৰু ধৰ্মৰ আফিং  :: শান্তনু বৰঠাকুৰ

মনৰ কথাঃ অসমৰ খাদ্যৰ 'ফতোৱা' আৰু ধৰ্মৰ আফিং :: শান্তনু বৰঠাকুৰ

Share This

অসমত খাদ্যৰ 'ফতোৱা' আৰু ধৰ্মৰ আফিং

শান্তনু বৰঠাকুৰ

অসমত শেহতীয়াকৈ যি বোৰ ঘটনা ঘটিব ধৰিছে, সেইবোৰ দেখি শুনি ৰাজ্যখনত গণতান্ত্ৰিক শাসনৰ অৱশিষ্টও আছেগৈ  যেন লগা নাই ৷ মুখ্যমন্ত্ৰীৰ আসনত বহি থকাজনৰ মুখৰ ভাষাই এনে পৰ্য্যায়লৈ নামিছে যে, সেইবোৰ প্ৰতিক্ৰিয়াৰো যোগ্য নহয় ৷ তেনে কথাত প্ৰতিক্ৰিয়া প্ৰকাশৰ অৰ্থ হ’ল সিবোৰক সন্মান দিয়া৷ সেয়েহে সেইবোৰ বাদ৷

তাতোতকৈও ডাঙৰ কথা হ’ল যে সাংবিধানিক ভাবে ধৰ্মনিৰপেক্ষ দেশ এখনত মন্দিৰ প্ৰতিষ্ঠাৰ বাবে মাছ মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ কেনেকৈ সংবিধান সন্মত! ৰেষ্টুৰেন্টত গ্ৰাহকক মাংস পৰিবেশনত বাধা দিয়াটো কি দৰে আইন সন্মত!  ই চিধাচিধিকৈ নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত আক্ৰমণ ৷ Right to Privacy ৷ নাগৰিকে কি খাব বা নেখাব বা কেতিয়া খাব বা কেতিয়া নাখাব তাক নিৰ্ণয় কৰাৰ অধিকাৰ ৰাষ্ট্ৰ বা চৰকাৰৰ নাই ৷ 

‘সুখ-দুখ LIVE’ : নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ SMART উপায়?

কেৱল সেয়াই নহয় ৷ দেশৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৰ নেতা এজনৰ নেতৃত্বত চলি থকা যাত্ৰা এটাক পদে পদে বাধা দিয়াৰ চেষ্টা, দলটোৰ ৰাজ্যিক সভাপতি জনৰ ওপৰত শাৰিৰীক প্ৰহাৰ আদিবোৰ ঘটনাই কি সূচায় ? এয়া গণতান্ত্ৰিক দেশ এখনৰ বাতাবৰণনে ? ৰাজ্যখনৰ প্ৰধান বিৰোধী দলটোৰ সভাপতিজন যদি দিন দূপৰত শাসকীয় দলৰ গুণ্ডা বাহিনীৰ দ্বাৰা প্ৰহৃত হ’ব লাগে সাধাৰণ নাগৰিকৰ অৱস্থা কি হ’বগৈ পাৰে কল্পনা কৰকচোন ৷ 

স্বাস্থ্যঃ চকুৰ গ্ল’কমা ৰোগৰ বিষয়ে জানো আঁহক :: ডাঃ মৃন্ময়ী বৰদলৈ

পৰিস্থিতিয়ে এনে অৱস্থা পাইছে যে দেখাত স্বাধীন প্ৰেছ ক্লাব, বৰদোৱা সত্ৰ আদিৰ দৰে অনুস্থানেও চৰকাৰৰ ইচাৰাত চলাৰ অভিযোগ উঠিছে৷ এইবোৰ কথাৰ পৰা আমি পৰিস্থিতিৰ  গভীৰতাক উপলব্ধি কৰিব পাৰিছো৷ 

ধৰ্মৰ আফিং খুৱাই আমাৰ অধিকাৰবোৰ এদেও দুদেও কৈ লৈ যোৱা হৈছে৷ ৰাষ্ট্ৰীয় তথা ভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠানবোৰ ধ্বংস কৰা হৈছে৷ আমাক নিৰ্বাক নাগৰিকত পৰিণত কৰাৰ চেষ্টা চলিছে ৷ এনে সময়ত আমাৰ স্থিতি কি হ’ব ?

লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা তথা সচেতন নিৱন্ধকাৰ

No comments:

Post a Comment