অসম আন্দোলনৰ সময়ৰ ঘটনা প্ৰবাহক লৈ অনেক উপন্যাস সৃষ্টি হৈছে। চলচিত্ৰও নিৰ্মাণ হৈছে। সেই ঘটনাৰ কাৰক, উৎস, ঘটনাই হিংসাত্মক ৰূপ লোৱাৰ আঁৰৰ ৰাজনৈতিক চক্ৰান্ত, আন্দোলনৰ ফলাফলৰ বিষয়ে আমি কম বেছি পৰিমাণে সকলো অৱগত। কিন্তু সেই ঘটনাই কঢ়িয়াই অনা সংখ্যালঘু মানুহখিনিৰ যন্ত্ৰণা, সামাজিক পৰিৱেশক মানৱীয় দিশেৰে অনুধাৱন কৰিব পৰাকৈ পৰিৱেশ পৰিস্থিতি এতিয়াও গঢ়ি উঠা নাই। এফালে ভোট বেংক আনফালে ৰাজনৈতিক চক্ৰান্তৰ মাজত পিস্ত মানুহখিনিৰ জীৱন-যাত্ৰাক লৈ লেখক, শিক্ষয়িত্ৰী কলচুম বিবিয়ে লিখি উলিয়াইছে "ছিন্নমূল" উপন্যাসখন।
অসম আন্দোলনত শিপা হেৰুৱা 'তনুজা' কিদৰে নদীৰ সোঁতত উটি আহি এজন হিন্দু মানুহৰ অনুগ্ৰহত থাকি শেষত সমাজৰ ভয়ত পুনৰ এঘৰ মুছলমান মানুহৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকি শেষত এজন বাংলা সম্প্ৰদায়ৰ যুৱকৰ লগত বিয়া হৈ এখন সুখৰ সংসাৰ গঢ়িও শেষ বয়সত NRCৰ নথিপত্ৰৰ সমস্যাত পৰি 'শিপা' হেৰুৱাৰ বাবেই ডিটেনচন কেম্পত থাকিব লগা হৈছিল, এই কাহিনীটোৱেই মূলত গতি কৰিলেও তাৰ মাজে মাজে অনেক কাহিনী-উপকাহিনীয়ে উপন্যাসখন উপভোগ্য কৰি তুলিছে।
উপন্যাসখনৰ মূল আধাৰ হ'ল ইয়াৰ মানৱীয় দিশটো। লেখিকাৰ সাৱলীল বৰ্ণনা, কাহিনীৰ গতি, অনুভৱ, অভিব্যক্তি আৰু প্ৰতিটো চৰিত্ৰৰ প্ৰতি থকা দৃষ্টিভংগী আৰু ঘটনা একোটাৰ ক্ষেত্ৰত প্ৰদান কৰা ন্যায্যতা মন কৰিবলগীয়া। লেখিকাই সেইখন সমাজ ওচৰৰ পৰা দেখিছে। নিজেও যেন উপন্যাসখনত 'শ্ৰাৱণী'ৰ ৰূপত ঘটনাৰ মাজলৈ সোমাই গৈ নিজৰ মনোভাৱ ব্যক্ত কৰাৰ এটা পথ বিচাৰি উলিয়াইছে। লেখিকাৰ কাব্যিক ভাষাই উপন্যাসখনক অন্যান্য মাত্ৰা প্ৰদান কৰিছে। এঠাইত লিখিছে -
"শিপা। শিয়াৰ। জৰ। মূল। ৰুট। নাম অনেক। স্বাদ অনেক। ৰং অনেক। ৰূপ অনেক। কিছুমান ৰসাল। কিছুমান শুকান। কিছুমান টান। কিছুমান লেহুকা। শিপা আছে বাবে গছবোৰ জীয়াই আছে। শিপা যে গছৰে আছে তেনে নহয়, মানুহৰো থাকে শিপা। শিপা সকলোৰে থাকে। কিন্তু কিছুমানে শিপা হেৰুৱাই নিঠৰুৱা হয়। কিছুমানে শিপা বিচাৰি ভাগৰুৱা হয়। শিপা হেৰুৱাই মানুহ সুখী হ'ব নোৱাৰে। নোৱাৰে সুখত মৰিব। কিছুমান শিপা দলৈকে বগাই যায়। কিছুমান শিপা তলতে থাকে। উঘালো বুলি উঘালিব পাৰি। শিপাক লৈ এতিয়া সকলোতে চৰ্চা। সকলোতে হাহাকাৰ। শিপা বিচাৰি শিপা হেৰুওৱা মানুহৰ হাহাকাৰ।"
আনহাতে উপমা, ৰূপক আদি ভিন্ন অলংকাৰৰ ব্যৱহাৰেৰে লেখিকাৰ বৰ্ণনাই পাঠকক বহু সময়তে একোটা চিনাকী পৰিৱেশলৈ লৈ যাব। যেনে- "…… চোতালত বাঢ়নিৰ জৰৌ জৰৌ শব্দ। খালৰ পৰা কলহেৰে পানী আনোতে হোৱা খল খল শব্দ। খালৰ পাৰত বাচন ধুবলৈ জুম বান্ধোতে হোৱা চুপতা-চুপতি, ওখনা-ওখনি। ফুটছাইৰে বাচন ঘঁহোঁতে হোৱা খাৰুৰ ৰুণুক-জুনুক শব্দ, বাচনৰ টুং টাং শব্দ আৰু জীয়ৰী-বোৱাৰীৰ খিলখিল হাঁহিৰে পুৱাটো সজীৱ হৈ উঠে।"
এনে অনেক ছন্দোবদ্ধ ভাষা, সংলাপৰ ক্ষেত্ৰত বিভিন্ন চৰিত্ৰৰ মুখত সম্প্ৰদায় অনুসৰি স্থানীয় কথিত ভাষাৰ ব্যৱহাৰ, সুক্ষ্ম সুক্ষ্ম বিষয়ৰ বৰ্ণনা, কাহিনীৰ ধাৰাবাহিক গতি আৰু সত্য উপস্থাপনৰ বাস্তৱ সন্মত দৃষ্টিভংগীয়ে 'ছিন্নমূল'ক এখন অনন্য উপন্যাস কৰি ৰাখিব। এনে এখন উপন্যাস উপহাৰ দিয়াৰ বাবে লেখিকালৈ শুভেচ্ছা জনালোঁ।
No comments:
Post a Comment