প্ৰৱন্ধঃ অসমীয়াৰ মহাপুৰুষীয়া পৰম্পৰাত কৃষ্ণ আৰু ৰাম :: ডাঃ মৃগাংক শেখৰ চলিহা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ অসমীয়াৰ মহাপুৰুষীয়া পৰম্পৰাত কৃষ্ণ আৰু ৰাম :: ডাঃ মৃগাংক শেখৰ চলিহা

প্ৰৱন্ধঃ অসমীয়াৰ মহাপুৰুষীয়া পৰম্পৰাত কৃষ্ণ আৰু ৰাম :: ডাঃ মৃগাংক শেখৰ চলিহা

Share This
অসমীয়াৰ মহাপুৰুষীয়া পৰম্পৰাত কৃষ্ণ আৰু ৰাম
ডাঃ মৃগাংক শেখৰ চলিহা
অসমীয়া বৈষ্ণৱ সকলৰ কিছূমান ৰীতি নীতি বা পৰম্পৰা আছে। অসমৰ দৰে অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা এটা জাতিৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ কথা এইয়ে যে সেইবোৰ অকল কিছুমান ধৰ্মীয় ৰীতি নীতিয়েই নহয়, সেই ৰীতি নীতি বোৰ আমাৰ থলুৱা সংস্কৃতিৰো অবিচ্ছেদ্য অংগ। সেইখিনি নাইকীয়া হলে আমি অসমীয়াত্ব বজাই ৰখা টান হৈ আহিব। 

RAM IN ASSAMESE CULTURE, অসমীয়াৰ মহাপুৰুষীয়া পৰম্পৰাত কৃষ্ণ আৰু ৰাম, RAM LALA, RAM MANDIR
বৈষ্ণৱ ধৰ্মৰ সমলবোৰৰ, কাহিনী বোৰৰ, ৰামায়ণ, মহাভাৰতৰ কথাবোৰৰ সৰ্বভাৰতীয় ভিত্তি আছে । ভৌগোলিকভাৱে ভিত্তিস্থলবোৰ মথুৰা,বৃন্দাবন ইত্যাদি। কিন্তু গুৰুদুজনাই আমাক বৈষ্ণৱ ধৰ্মক এনে এটা অভিনৱত্বৰে দি গ'ল যে হাঁহে যেনেকৈ গাখীৰ আৰু পানীৰ মিশ্ৰণৰ মাজতো অকল গাখীৰখিনি গ্ৰহণ কৰে তেনেকৈ সেইখিনিৰ মাজতে বৈষ্ণৱ ধৰ্মৰ সৰ্বোত্তম সাৰভাগহে সোমাই আছে। আমি নামঘোষাৰ তত্ত্ব গমি নেচাও, কিন্ত অসমীয়াৰ অসমীয়াত্ব এৰি আধুনিক মোক্ষদাতা কোনোবা জীৱনকলাৰ গুৰু, কোনোবা শান্তিদাতা , কোনোবা মোক্ষদাতৃ কুমাৰীৰ আশ্ৰমত শৰণ লওঁ। সেইয়া কাৰোবাৰ আন্তৰিক ব্যক্তিগত বিশ্বাস । তাত আমাৰ ক'ব লগীয়া নাই। কিন্ত মহাপুৰুষ দুজনাই আমাক ধৰ্ম বা আধ্যাত্মিকতাৰ লগতে কিছুমান আপুৰুগীয়া সাংস্কৃতিক সমলো দি থৈ গৈছে যিখিনি ধৰি নিজৰ স্বকীয়তা আমি ৰাখি নথলে অসমীয়াৰ unique চিনাকি দিবলৈ এদিন আমাৰ একো নেথাকিবগৈ । 
RAM IN ASSAMESE CULTURE, অসমীয়াৰ মহাপুৰুষীয়া পৰম্পৰাত কৃষ্ণ আৰু ৰাম, RAM LALA, RAM MANDIR
কাইলৈৰ পৰা উত্তৰ ভাৰতীয় মতে গৈ আমি ভাওনাকো ৰামলীলা বুলি কম নেকি ? তাৰপিছত যুক্তি দিম নেকি যে ৰামৰ বা কৃষ্ণৰ জন্ম অসমত হোৱা নাছিল । গতিকে য'ত জন্ম হৈছিল সেইবোৰ ঠাইৰ মানুহে কোৱাৰ দৰে আমি ভাওনাক ৰামলীলা বুলিহে কব লাগে । এনেকুৱা হলে অসমীয়া সংস্কৃতি, ৰীতি নীতিৰ ধোৱাচাঙেই দেখোন গতি হব । গুৰুজনাই দি থৈ যোৱাখিনিৰে আমি যে অকল খুব ওখ ধৰ্মীয় বা আধ্যাত্মিক ভেঁটিয়েই লাভ কৰিছো অকল সেইটোয়েই নহয়, সেইখিনি পালন কৰি যাব পাৰিলে আমাৰ সংস্কৃতিৰ লাই খুঁটাও মজবুত হৈ থাকিব; কোনো সাংবিধানিক ৰক্ষাকৱচৰ অবিহনেও শক্তিশালী অনন্য সংস্কৃতিৰ দৌলেৰে অসমীয়া জাতি জীয়াই থাকিব । বাহিৰৰ ৰং চঙত আমি সহজেই ভোল যাওঁ; নিজৰখিনি চিনিয়েই নেপাওঁ। পঢ়াশালিৰ সাধুটোত তিলতিল মিতিলে বিচাৰি ফুৰা নীলা চৰাইটো শেষত নিজৰ ঘৰতে পালে । জ্যোতিপ্ৰসাদে গোটেই ইউৰোপ ফুৰিও যিখিনি নেপালে শেষত অসমৰ বতাহ আৰু মাটিত বিচাৰি পালে । ই এক যাউতিযুগীয়া সংস্কৃতিৰ দেউল। আমিও আমাৰ সংস্কৃতিৰ , ধৰ্মীয় পৰম্পৰাৰ মাজতে সকলো পাম । আমাৰ স্বকীয়তাক আমি নিজেই ৰাখিব লাগিব।


শংকৰ-মাধৱৰ একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মত শ্ৰীকৃষ্ণ অকল তেওঁ বিশ্বৰূপেই নহয় তেওঁ বিশ্বস্ৰষ্টা , তেওঁ বিশ্বেশ্বৰ। তেওঁ ঈশ্বৰ। তেওঁ পূৰ্ণ কলাৰে আবিৰ্ভূত হৈছিল। শংকৰদেৱে তেওঁক আনকি সকলো কলাৰ অধিপতি বুলি অভিহিত কৰিছে। ঈশ্বৰক পৰমব্ৰহ্ম নামেৰে জনা যায়। শংকৰদেৱৰ ধৰ্মীয় দৰ্শনত নাৰায়ণ, কৃষ্ণ আৰু কেশৱ অভিন্ন। তিনিও সমপৰ্যায়ৰ আৰু সমাৰ্থক। তেওঁলোক শ্ৰেষ্ঠজন বা পৰমব্ৰহ্ম বা ঈশ্বৰৰ সমপৰ্যায়ৰ। শংকৰদেৱৰ কীৰ্ত্তনৰ আৰম্ভণিৰ চতুৰ্বিংশতি অধ্যায়ত সেই কথা এনেদৰে কোৱা হৈছে -

" প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন
সৰ্বঅবতাৰৰ কাৰণ নাৰায়ণ ।। "

গতিকে নাৰায়ণেই সৰ্ব অৱতাৰৰ কাৰণ। গতিকে নাৰায়ণ পৰম ব্ৰহ্ম বা সৰ্বোত্তম ঐশ্বৰিক শক্তি। অৰ্থাৎ নাৰায়ণ = ঈশ্বৰ। (এইটোক এক নং সমীকৰণ বুলি ধৰা হওক।)

কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰ অধ্যায় সেই দুশাৰীৰে আৰম্ভ হৈ আৰু দুশাৰীত শেষ হৈছে। চতুৰ্বিংশতি অৱতাৰ অধ্যায়ত সকলো অৱতাৰৰ কাৰণবোৰো আলচা হৈছে। আচলতে এই অধ্যায়টোৱে এটা মৌলিক আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰশ্নটো হ'ল এই অৱতাৰ বোৰ কি আৰু এইবোৰ কাৰ অৱতাৰ ? চতুৰ্বিংশতি অৱতাৰৰ শেষৰ দুশাৰীত এই প্ৰশ্নৰ উত্তৰ পোৱা যায়।শেষৰ দুশাৰীত এই অৱতাৰবোৰ কাৰ বাবে তাৰ উত্তৰ এনেকৈ আছে-

"কৃষ্ণৰ ৰহস্য জন্ম শুনা সাবধানে
মোক্ষপদ মিলে যাৰ শ্ৰবণ কীৰ্তনে। "

গতিকে এইটো কথা নিশ্চিত যে এই সকলোবোৰ কৃষ্ণৰেই অৱতাৰ। গতিকে কৃষ্ণই ঈশ্বৰ। কৃষ্ণ= ঈশ্বৰ। এইটোক আমি ২নং সমীকৰণ হিচাপে ধৰিব পাৰো।

এতিয়া ১ নং সমীকৰণ আৰু ২নং সমীকৰণক একেলগ কৰিলে আমি কব পাৰো

নাৰায়ণ = কৃষ্ণ = ঈশ্বৰ।

কৃষ্ণ অকল অৱতাৰেই নহয় তেওঁ সকলো অৱতাৰৰ কাৰণ।

ভাগৱতত লিখা আছে যে কৃষ্ণই ভগৱান। 'কৃষ্ণাস্তু ভগৱান স্বয়ম্।' অৰ্থাৎ কৃষ্ণ স্বয়ং ভগৱান । ভাগৱতত কৃষ্ণৰ বিষয়ে আৰু লিখা আছে যে -

"আনকাল হন্তে আসি অংশ অবতাৰ ।
আসিলন্ত ভগৱন্ত আপুনি ইবাৰ ।।" 

তাৰ অৰ্থ হ'ল যে আনবোৰ অৱতাৰৰ সময়ত ভগৱান , নাৰায়ণ বা পৰম ব্ৰহ্ম আংশিক ভাৱেহে আহে। ভগৱান কেতিয়াও সম্পূৰ্ণ ভাৱে নাহে। কিন্ত্ত কৃষ্ণ স্বৰূপে ভগৱান নিজেই সম্পূৰ্ণভাৱে পৃথিৱীলৈ আহিছিল। ( আসিলন্ত ভগৱন্ত আপুনি ইবাৰ)।
অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ এই কৃষ্ণ সংস্কৃতিৰ বিপৰীতে আজিকালি পৰিকল্পিত ভাৱে উত্তৰ ভাৰতৰ ৰাম সংস্কৃতিৰ প্ৰভাৱ অসমত বেছি কৰিবলৈ চেষ্টা কৰা হৈছে। শংকৰদেৱৰ ৰামক বিকৃত কৰা হৈছে। ৰাম শব্দক কেন্দ্ৰ কৰি দুটা পৰস্পৰবিৰোধী মতবাদে সামাজিক মাধ্যমত খলকনি লগোৱা দেখা গৈছে।প্ৰথম পক্ষই যদি কৈছে যে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মত ৰাম নামৰ বা শ্ৰীৰামৰ অস্তিত্ব নাই আন এটা পক্ষই কীৰ্ত্তন বা নামঘোষাৰপৰা 'ৰাম' শব্দ থকা ঘোষা বা পদ আনি বা গাই মহাপুৰুষীয়া একশৰণ বৈষ্ণৱ ধৰ্মত শ্ৰীৰামচন্দ্ৰৰ প্ৰভাৱ ঘোষণা কৰিছে। দুয়োপক্ষৰে মতামত শুনাৰ পিছত প্ৰকৃত সত্যক দুয়োপক্ষৰে পৰা এক দূৰত্বত অবস্থান কৰাহে দেখা পালো। প্ৰথম পক্ষৰ লগতো সহমত হব নোৱাৰো । দ্বিতীয় পক্ষৰ লগতো নোৱাৰো ।

প্ৰথম পক্ষৰ লগত সহমত হব নোৱাৰাৰ কাৰণ :
প্ৰথম পক্ষই মহাপুৰুষীয়া ধৰ্মত ৰাম শব্দৰ বা শ্ৰীৰামৰ অস্তিত্ব নাইয়েই বুলি কৈ ভুল কৰিছে। মহাপুৰুষীয়া পৰম্পৰাত ৰাম আছে দুই ধৰণে। মহাপুৰুষীয়া বৈষ্ণৱ পৰম্পৰাত 'ৰাম' শব্দ কেতিয়াবা ভগবন্তৰূপে কৃষ্ণ বা হৰি বা নাৰায়ণ শব্দৰ লগত সমব্যবহাৰ হৈ আহিছে এক ৰূপকৰ দৰে। এই ৰাম ভগবানৰ অংশ অবতাৰ দশৰথপুত্ৰ শ্ৰীৰামচন্দ্ৰ নহয় । যেনে : 'কৃষ্ণ ৰাম কৃষ্ণ ৰাম' বা 'ৰাম হৰি ৰাম হৰি গোপাল গোপাল' । আকৌ ৰাম কেতিয়াবা আহিছে ভগবানৰ অংশ অবতাৰ ৰঘুনন্দন ৰামচন্দ্ৰ হিচাপে । সেইজনা ৰামক শংকৰ মাধবে বেছিকৈ উল্লেখ কৰা নাই যদিও কৃষ্ণৰ আন এজন অবতাৰ হিচাপে তেওঁকো পিঠি দিয়া নাই। ৰামবিজয় নাটৰ ৰাম বা " শুন শুন ৰে সুৰ ' - এই বৰগীতৰ ৰাম সেইজন যিজনক দুজনা গুৰুৱে ভগবন্ত কৃষ্ণৰ অংশ অবতাৰ বুলি গণ্য কৰে। মহাপুৰুষীয়া বৈষ্ণৱী সাহিত্যত সেই শ্ৰী ৰামো কৃষ্ণৰ অবতাৰ বুলি পূজিত হয়। অবশ্যে কৃষ্ণৰ দৰে শ্ৰীৰামচন্দ্ৰক পৰমব্ৰহ্ম ভগবান বুলি শংকৰ মাধবৰ মহাপুৰুষীয়া বৈষ্ণৱী দৰ্শনত লোৱা হোৱা নাই।

দ্বিতীয় পক্ষৰ লগত সহমত হব নোৱাৰাৰ কাৰণ :
যেতিয়া শংকৰ-মাধবৰ দ্বাৰা ভগবন্ত বা কৃষ্ণ বা নাৰায়ণক এক ৰূপকৰ দৰে বুজাবলৈ 'ৰাম' নাম বা 'ৰাম" শব্দ ব্যৱহাৰ কৰা হৈছে তেতিয়াই এটা দোমোজাৰ সৃষ্টি হৈছে। কোনো কোনোৱে ( তাৰ মাজত সন্মানীয় সত্ৰাধিকাৰো আছে) তাক অকল শ্ৰীৰামচন্দ্ৰক বুজোৱা হৈছে বুলি যি অভিমত প্ৰকাশ কৰিছে সেই কথাৰ লগত সহমত হব নোৱাৰো। এই ৰূপকৰ দ্বাৰা বুজোৱা 'ৰাম'ৰ যোগেদি শ্ৰীৰামক বুজোৱা নাই। এই ৰূপকৰ কথা মাধবদেবে নামঘোষাত এনেদৰে কৈ গৈছে-

'সদানন্দ আত্মা চৈতন্য অনন্তে
যিহেতু যোগী ৰময় ।
এতেকেসে ৰাম পদে পৰম ব্ৰহ্ম ৰূপক বুলি নিশ্চয়।।'

তাক আকৌ সহজকৈ বাখ্যা কৰি নামঘোষাৰে আন এঠাইত মাধবদেবে লিখিছে -

'অনন্ত চৈতন্য আত্মা সদানন্দ ঈশ্বৰৰ
যোগীজনে সদায় ৰময়।
এহি হেতূ ৰাম পদে পৰমব্ৰহ্ম স্বৰূপক
কৰে ৰাম নামৰ অন্বয়।।

সমাস কৰিলে হব এনেকুৱা- যাক লৈ যোগীজনে আনন্দ লভে বা ৰময় কৰে তেওঁ ৰাম ( সংস্কৃতত ৰমন্তে মানে আনন্দ লভে অসমীয়াত তদ্ভব শব্দ হিচাপে ৰময় বুলি লিখিছে) । অৰ্থাৎ যিহেতু পৰমব্ৰহ্ম বা ঈশ্বৰেই যোগীসকলৰ ৰমন বা আনন্দ অৰ্জন কৰাৰ উৎস সেই পৰমব্ৰহ্ম ভগবান কৃষ্ণ বা নাৰায়ণক 'ৰাম' এই ৰূপকৰ দৰে বুজোৱা হৈছে। এই অৰ্থত ৰাম মানে পৰম ব্ৰহ্ম বা পূৰ্ণ ব্ৰহ্ম ভগবানহে। ভগবানৰ অবতাৰ দশৰথ পুত্ৰ শ্ৰীৰাম নহয়।

পদ্মপুৰাণত ইয়াৰ মূল শ্লোকতো আছে।

"ৰমন্তে যোগিনোঽনন্তে সত্যানন্দে চিদাত্মনি ।
ইতি ৰামপদেনাসৌ পৰম্ ব্রহ্মাভিধীয়তে ।"


যিহেতু যোগীসকলে পৰমব্ৰহ্ম ভগবান অৰ্থাৎ পৰম সত্যৰ পৰা পৰম আনন্দ বা ৰমন কৰে ( সংস্কৃতত ৰমন্ কৰা আনন্দ আহৰণ কৰাক 'ৰমন্তে' এই ক্ৰিয়াপদেৰে বুজাইছে ) সেই পৰমব্ৰহ্মক অৰ্থাৎ ভগবানক ৰাম পদেৰে অভিধায়িত কৰা হৈছে বা বুজোৱা হৈছে। ইয়াত ৰাম শব্দৰে সেই পৰমব্ৰহ্মকহে বুজোৱা হৈছে যাক কৃষ্ণ, নাৰায়ণ বা কেশব বুলিও গুৰুদুজনাই অভিহিত কৰে। অৰ্থাৎ এই বহল অৰ্থত ৰাম নামে ( যেনে ৰাম কৃষ্ণ ৰাম কৃষ্ণ বা ৰাম হৰি ৰাম হৰি গোপাল গোপাল) পৰমব্ৰহ্মকহে বুজায়। কৃষ্ণৰ অবতাৰ ৰামচন্দ্ৰক নুবুজায়। মহাপুৰুষীয়া একশৰণীয়া বৈষ্ণৱ পৰম্পৰাত এই অৰ্থতহে ৰাম শব্দ বেছিকৈ ব্যবহাৰ হৈছে।

সম্পাদকীয় সংযোজনঃ
অসমত ৰামচন্দ্ৰ আৰু ৰামচন্দ্ৰৰ প্ৰাসংগিকতাক লৈ অসমৰ বিশিষ্ট শিক্ষাবিদ তথা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ৰূপে কৰ্মৰত ডঃ ননী গোপাল মহন্ত দেৱে নিৰ্মাণ কৰা এখনি প্ৰাসংগিক তথ্য-চিত্ৰ তলত সংযোজন কৰা হৈছে।
TAGS: #RAM #IN #ASSAMESE #CULTURE #DOCUMENTARY


No comments:

Post a Comment