সিদ্ধাৰ্থবীৰ, সূৰ্যবংশীহঁতৰ অকাল মৃত্যুঃ শাৰীৰিক ব্যায়াম আৰু হৃদপিণ্ডৰ ৰোগ
ডাঃ মৃগাংক শেখৰ চলিহা
চন্দ্ৰবংশীয় ৰজা যযাতিয়ে দীৰ্ঘযৌৱন লাভ কৰিছিল। কিন্তু কালক্ৰমত তেওঁ সেই চিৰযৌৱনৰ সাৰশূন্যতা উপলব্ধি কৰি পূত্ৰক সেই যৌৱন ঘূৰাই দিছিল। বৰ্তমানৰ যুগতো ঠিক যযাতিৰ দৰে নহলেও শাৰীৰিক অবয়বত অতিৰিক্ত গুৰুত্ব, চিৰযৌৱনময়তা বা অফুৰন্ত যৌৱনৰ সন্ধানৰ এটা দুৰ্নিবাৰ প্ৰচেষ্টা কম বেছি পৰিমাণে যে চলি থাকে তাক নুই কৰিব নোৱাৰি। এই প্ৰচেষ্টা কৰা কথাটোক দোষ দিয়া নাই। কোনোবাই কষ্ট কৰি যৌৱনক ধৰি ৰাখিব পাৰিছে যদি ভাল কথা। ভাৰতৰ তিনিজন প্ৰখ্যাত মেটিনি আইডল - শ্বাহৰুখ খান, আমীৰ খান আৰু চালমান খানৰ বয়স তিনি কুৰিৰ ওচৰা ওচৰি। কিন্ত্ত তেওঁলোকক দেখাত বিশ ত্ৰিশ বছৰীয়া যেনেই লাগে। আগতে চুৰীয়া পিন্ধি নামঘৰত তিনি প্ৰসংগ কৰা বয়সৰ মানুহে এতিয়া জীনছ্- টি শ্বাৰ্ট পিন্ধি ফিৰফিৰাই ডেকাটি হৈ ঘূৰি পৰে। ভাল কথা।
আধুনিক চিকিৎসা বিজ্ঞানে মানুহৰ গড় আয়ুস বঢ়াইছে। গতিকে এই পঞ্চাশোৰ্দ্ধৰ ডেকা-ডেকেৰীৰ সংখ্যাও বাঢ়িছে। সমবয়সীয়াসকলক তেওঁলোকে এটা আদৰ্শও দাঙি ধৰিছে; ইতিবাচকতাও আনিছে। আচলতে এওঁলোকে জীৱনৰ দ্বিতীয় বা তৃতীয় দশকৰ পৰাই খাদ্য , শৰীৰ চৰ্চা ইত্যাদিত যথেষ্ট গুৰুত্ব আৰোপ কৰে। নিয়মিত ব্যায়াম কৰে। এওঁলোকৰ আহাৰ তালিকাও বিজ্ঞান সন্মত। বয়সৰ আঁচোৰ পেলাব পৰা বদ অভ্যাসবোৰৰ পৰাও চিনেমাৰ পৰ্দাৰ অভিনয়ৰ বাদে বাস্তৱ জীৱনত এওঁলোক বোধকৰো আঁতৰি থাকে।
এই সুস্বাস্থ্যবানসকলে শৰীৰৰ অংগপ্ৰত্যংগবোৰৰ বিশেষ যত্ন লয়। অখাদ্য নাখায়। আপ্তবাক্যতো শৰীৰৰ গুৰুত্ব বুজাই কৈছে - শৰীৰমাদ্যম্ খলু ধৰ্মসাধনম। এই খলু শব্দটোৰ কোনো অৰ্থ নাই। এটা আলংকাৰিক অব্যয়। 'কিল', 'খলু' এইবোৰ সংস্কৃত ভাষাত ব্যৱহাৰ হোৱা অব্যয় যিবোৰ ভাষাক শ্ৰুতিমধুৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সংস্কৃত ব্যাকৰণৰ অব্যয়ৰ দৰে আমাৰ জীৱনৰো কিছুমান অব্যয় আছে। ৰূপচৰ্চা বা শাৰীৰিক অবয়বৰ সৌন্দৰ্য্যৰ চৰ্চাও তেনেধৰণৰ জীৱনৰ অব্যয় যিবোৰৰ প্ৰয়োজন আছেও , নাইও। প্ৰয়োজন থকা নথকাতো ডাঙৰ কথা নহয়। কিন্তু অব্যয়ৰ অত্যধিক প্ৰয়োগ বা জীৱনৰ ব্যাকৰণত সেইবোৰৰ সূত্ৰবিহীন প্ৰয়োগে আমাৰ অপকাৰ কৰিব পাৰে নেকি সেইটোহে চিন্তাৰ কথা।
ইয়াৰ এটা উদাহৰণ হ'ল সেই দীৰ্ঘযৌৱনময় নায়ক নায়িকা সকলৰ পদাংক অনুসৰণ কৰি কৰা কিছুমান কাম। আজিকালি এটা কথা খুবেই দেখা যায় যে কোনোবা এজনৰ অলপ ওজন বাঢ়িলেই তেওঁ এটা কাম কৰে। সেইটো হ'ল য'তে ত'তে সহজলভ্য হৈ পৰা ব্যায়ামশালাবোৰলৈ যাত্ৰা। এই 'জীম' বা ব্যায়ামশালাবিলাক যেন মেচিনহে যিবোৰে আমাৰ মেদবহুলতা আঁতৰাই শাৰীৰিক অবয়বৰ আকাংক্ষিত ৰূপখিনি যাদুকৰী ভাৱে আনি দিব। জীম যোৱাটো বেয়া কথা নহয়। কিন্তু যিজনে এই জীমবিলাকৰ উচ্চ প্ৰাৱল্যৰ পৰিশ্ৰমী ব্যায়ামৰ বাবে ইতিমধ্যে দীৰ্ঘদিন ধৰি নিজকে প্ৰস্তুত কৰি লোৱা নাই, যিজনে নিয়মিত সাধাৰণ জীৱনৰ শাৰীৰিক কামবোৰেই ভালকৈ কৰি পোৱা নাই, যি পাঁচ-ছয় কিলোমিটাৰ দৈনিক নিয়মীয়াকৈ খোজ কাঢ়িয়েই পোৱা নাই, তেওঁ অতিতৎপৰ হৈ জীম কৰিবলৈ গ'লে শাৰীৰিক বিপদৰ সন্মুখীন হোৱাৰো সম্ভাৱনা থাকে।
শাৰীৰিক অবয়বত খুব সুঠাম যেন লগা ভালে কেইজন তাৰকা আজি অলপ দিনৰ ভিতৰতে জীম কৰি থকা অৱস্থাত হঠাত হৃদস্পন্দন বন্ধ হৈ কৰুণ পৰিণতিৰ সন্মুখীন হোৱা দেখা গৈছে। প্ৰয়োজনাধিক বা unaccustomed শাৰীৰিক পৰিশ্ৰম আমাৰ বাবে ঘাতক হৈ পৰিব পাৰে। তাৰ বহুত কাৰণ আছে। কেতিয়াবা আমি নজনাকৈ আমাৰ শৰীৰত Hypertrophic cardiomyopathy বা Congenital coronary anomaly নামৰ বিকাৰ থাকে। আমাৰ হৃদপিণ্ডৰ কলা ( tissue) বা কোষবোৰতো ( cell ) কিছুমান কাৰণত আমি নজনাকৈ হোৱা আঁহাবৰণ ( cellular fibrosis) প্ৰক্ৰিয়াই হৃদস্পন্দনৰ গতি আৰু ছন্দ হঠাতে অনিয়মীয়া কৰিব পৰা অংশ কিছুমানৰ ( arrythmogenic focus ) সৃৃষ্টি কৰি ৰাখে। তদুপৰি আমাৰ দাঁতত মলিৰ তৰপ জমা হোৱাৰ দৰে আমাৰ হৃদপিণ্ডলৈ ৰক্ত সঞ্চালন কৰা তিনিডাল অতি গুৰুত্বপূৰ্ণ ৰক্তবাহী ধমনীৰ বেৰৰ অভ্যন্তৰতো কলেষ্টেৰল বা অন্যান্য আৱৰ্জনাৰ তৰপে সৃষ্টি কৰা উখহা অংশ কিছুমান থাকে ( atherosclerotic plaque)। এই প্লেকবোৰে আমাৰ তেজ সঞ্চালনত বিশেষ বাধা নিদিয়ে। সচৰাচৰ হৃদৰোগৰ দৰে এই প্লেক থকাজনৰ বুকুৰ বিষ বা উশাহত অসুবিধা এইবোৰ লক্ষণ একো নাথাকে।
বাহিৰৰপৰা তেওঁ সম্পূৰ্ণ সুষ্ঠ, সুন্দৰ, সুঠাম। কিন্তু কেতিয়াবা অতি উচ্চ প্ৰাৱল্যৰ ব্যায়াম কৰিলে ধমনীৰ অভ্যন্তৰত থকা প্লেক অংশ ফাঁটি গৈ প্লেকৰ ভিতৰত সোমাই থকা কিছুমান দ্ৰৱ্য প্ৰৱাহিত ৰক্তৰ সংস্পৰ্শলৈ আহি তেজক জুলীয়া অৱস্থাৰপৰা গোটা অৱস্থালৈ ৰূপান্তৰিত কৰিব পাৰে। গোট মৰাৰ লগে লগে তেজৰ গতি স্তব্ধ হৈ হৃদপিণ্ডৰ যিটো অংশলৈ সেইডাল ধমনীয়ে তেজ বৈ আনিছিল, সেই অংশত তেজে কঢ়িয়াই নিয়া অক্সিজেনৰ যোগান বন্ধ হৈ যায়। আমাৰ কোষবোৰক প্ৰতি মূহুৰ্তত অক্সিজেনৰ যোগান লাগে। নহলে কোষবোৰ অক্সিজেনৰ অভাৱত মৰি যায় ( ischemic injury ) । হৃদপিণ্ডত এই ঘটনা হ'লে তাক হাৰ্ট এটেক বুলি কয়। ই এটা মাৰাত্মক ৰোগ যি এজন আপাতদৃষ্টিত সুষ্ঠ সৱল মানুহক নিমিষতে নোহোৱা কৰি দিব পাৰে।
আকৌ কেতিয়াবা অনভ্যস্ত বা প্ৰয়োজনাধিক প্ৰাৱল্যৰ ব্যায়াম কৰিলে হৃদস্পন্দনৰ ছন্দপতন ঘটিও এটা মানৱ জীৱনলৈ হঠাতে ভাবুকি আহি পৰিব পাৰে।
গতিকে ব্যায়াম কৰাৰো কিছুমান বিপদ আছে যদিহে ব্যায়াম কৰোঁতাজনৰ সেই প্ৰাৱল্যৰ ব্যায়াম কৰাৰ আগৰেপৰা অভ্যাস নাথাকে বা আগৰ অভ্যাস থাকিলেও প্ৰাৱল্য প্ৰয়োজনাধিক হয় বা প্ৰাৱল্য একে থাকিলেও হৃদপিণ্ডৰ ধমনীৰ বেৰত থকা কলেষ্টেৰলৰ প্লেকবোৰত কিবা প্ৰকাৰে চাপ পৰি প্লেক ফাটি যায় । ইয়াৰ অৰ্থ এইটো নহয় যে শাৰীৰিক পৰিশ্ৰম হৃদপিণ্ডৰ বাবে বেয়া। শাৰীৰিক পৰিশ্ৰমে হৃদপিণ্ডক সুষ্ঠ ৰাখে আৰু আমাক উচ্চ ৰক্তচাপ, ডায়েবেটিছ, এথেৰ'স্ক্লেৰ'ছিছ ইত্যাদি ৰোগৰ প্ৰতিৰোধত সহায় কৰে। কিন্তু ওপৰত কৈ অহা ধৰণে আমাৰ যদি নজনাকৈ এথেৰ'স্ক্লেৰ'ছিছৰ প্লেক থাকে, হাইপাৰট্ৰ'ফিক কাৰ্ডিঅ'মায়পেথী নামৰ ৰোগ থাকে বা হৃদপিণ্ডৰ কলাত ফাইব্ৰছিচ হৈ কোনোবা অজান ঠাইত arrythmogenic focus থাকে তেতিয়া উচ্চ প্ৰাৱল্যৰ ব্যায়াম আমাৰ বাবে প্ৰাণঘাটী হ'ব পাৰে। ইয়াক শাৰীৰিক পৰিশ্ৰমৰ নুবুজা সাঁথৰ বা exercise paradox বুলি কয়।যোৱা দুটা বছৰত ভালেকেইজন আমাৰ চিনাকি অচিনাকি লোক এইদৰে ব্যায়াম কৰি থকা সময়ত , জীমত ৱৰ্কআউট কৰি থকা সময়ত মৃত্যুমুখত পৰিছে। কোনোবা ফুটবল তাৰকাক খেলপথাৰতে কাৰ্ডিয়াক ৰিছাছিটেছনৰ যোগেদি জীৱন ঘূৰাই অনা হৈছে। আন কাৰোবাৰ সেই সৌভাগ্য হোৱা নাই। পুনীথ ৰাজকুমাৰ, সিদ্ধাৰ্থ শুক্লা , দীপেশ ভান আৰু অন্যান্য সকলৰ লগতে ব্যায়াম কৰি থকা অৱস্থাত হৃদৰোগৰ চিকাৰ হোৱা তালিকাত নতুনকৈ সংযোজিত হৈছে জনপ্ৰিয় খুহুতীয়া অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ নামো।
সাধাৰণতে অক্সিজেনসেৱী ব্যায়াম যেনে খোজ কঢ়া , চাইকেল চলোৱা, সাঁতোৰা আদি ব্যায়ামবোৰ সকলোৰে বাবে নিৰাপদ। গতিকে ব্যায়াম কৰোতে ব্যায়ামৰ নিৰ্বাচন সঠিক হোৱা প্ৰয়োজন ; সাৱধানতাৰো প্ৰয়োজন। ব্যায়ামৰ প্ৰাৱল্য কিমান হ'ব লাগে চিকিৎসকৰ পৰামৰ্শ লৈ জানি লোৱা ভাল। জানিবলৈ পোৱামতে সিদ্ধাৰ্থ শুক্লাক ব্যায়ামৰ প্ৰাৱল্য অলপ কমাবলৈ চিকিৎসকে পৰামৰ্শ দিছিল যিটো তেওঁ শুনা নাছিল। আমি ব্যায়াম কৰি থকা সময়ত আমাৰ হৃদপিণ্ডৰ গতিবেগ কিমান হৈছে তাক লক্ষ্য কৰিব থাকিব পাৰিলে ভাল। যদি কাৰোবাৰ বয়স ৫০ তেতিয়া তেওঁ ব্যায়াম কৰি থকা অৱস্থাত নাড়ীৰ গতিবেগ ( ২২০ - ৫০) ৰ ৮৫ % = ১৪৫ ) ১৪৫ ৰ ওপৰলৈ যাব দিব নেলাগে।
আচলতে কোনো বস্তুৰে অতিমাত্ৰা বেয়া। ভাল বস্তুৰো অতিমাত্ৰা বেয়া । শাৰীৰিক ব্যায়ামৰ কথাটোও তেনেকুৱা। শাৰীৰিক পৰিশ্ৰম আমি কৰিব লাগে। ব্যায়ামো কৰিব লাগে । কিন্তু চল্লিছ বছৰৰ পিছত ব্যায়াম কৰোতে চিকিৎসকৰ লগত অলপ আলোচনা কৰি লোৱা ভাল।
লেখক মুৰব্বী অধ্যাপক, হৃদৰোগ বিভাগ, অসম চিকিৎসা মহাবিদ্যালয়। লেখাটি পূৰ্বতে দৈনিক জনমভূমিৰ বসুন্ধৰাত প্ৰকাশিত হৈছিল। সুখ-দুখত প্ৰকাশিত লেখকৰ সকলো লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/MRIGANKA_SEKHAR_CHALHA
No comments:
Post a Comment