ভাল খবৰঃ নিলোৎপল বৰাৰ নতুন গীত "দূৰণিৰ পাহাৰৰ" মুকলি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ নিলোৎপল বৰাৰ নতুন গীত "দূৰণিৰ পাহাৰৰ" মুকলি

ভাল খবৰঃ নিলোৎপল বৰাৰ নতুন গীত "দূৰণিৰ পাহাৰৰ" মুকলি

Share This

নিলোৎপল বৰাৰ নতুন গীত "দূৰণিৰ পাহাৰৰ" মুকলি
নিলোৎপল বৰা, nilotpal bora, dhaga, new song,

'মাজুলী' গীতেৰে অসমৰ সংগীতৰ ইতিহাসত এটি জোৱাৰ আনি এক সুকীয়া পৰিচয় গঢ়া নিলোৎপল বৰাই এইবাৰ দৰ্শক শ্ৰোতাৰ বাবে উপহাৰ দিছে এটি নতুন চিংগলচ! সংগীত শিল্পী গৰাকীয়ে মুম্বাইক নিজৰ কৰ্মস্থলী হিচাবে বাচি লৈ শেহতীয়াকৈ TVF ৰ য়ে মেৰী ফেমিলি ৱেব চিৰিজত 'ধাগা' আৰু ASPIRANT ৱেব চিৰিজৰ 'দে মৌকা জিন্দেগী' গীতেৰে দেশবাসীৰ হৃদয় চুবলৈ সক্ষম হৈছে।

নিলোৎপল বৰা, nilotpal bora, dhaga, new song,

নতুন গীতটি অসমীয়া শ্ৰোতাক উপহাৰ দি নিলোৎপল বৰাই নিজৰ অনুভৱ ব্যক্ত কৰিছে এইদৰে- 

"প্ৰতিজন সেউজীয়া মনৰ শ্ৰোতালৈ আমাৰ নতুন গীত “দূৰণিৰ পাহাৰৰ”। আশাকৰোঁ সকলোৱে গীতটি শুনি ভাল পাব।


গীতটো সংগীতেৰে সজাওঁতে মোক সহায় কৰা শিল্পীসকলক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ । গীতাৰ(Guitar),উকুলেলে(Dobro) আৰু ডব্ৰ’ (Dobro) পৰিবেশন কৰিছে অতনু গৌতম (দাদু) দাদাই, Bass Guitar ত বন্ধু অভিনৱ বৰা আৰু সুন্দৰকৈ শব্দ সংমিশ্ৰণ কৰি গীতটো শুনিবলৈ মনোমোহা কৰি তুলিছে দিগন্ত বৰদলৈয়ে । এনিমেচন ভিডিঅ’টো কৰিছে ভাইটি কুলদ্বীপ কাশ্যপে । বিশেষভাৱে ধন্যবাদ চিকমিক ষ্টুডিঅ’ৰ বাবলু দা আৰু গৌৰিশংকৰ লাহন ।  গীতটো শুনি কেনেকুৱা পালে  সকলোৱে জনায় যেন।"


নিলোৎপল বৰা আৰু সহযোগী শিল্পী সকললৈ এই সৃষ্টিৰ বাবে জনালো আন্তৰিক অভিনন্দন। গীতটি ইউ-টিউব 'Nilotpal Bora SOUNDSCAPE ' চেনেল যোগে মুকলি কৰা হৈছে। গীতটি উপভোগ কৰিবলৈ ওপৰৰ ফটোত অথবা তলৰ এই লিংকত ক্লিক কৰক।

https://youtu.be/CRc1TG6RYDE

No comments:

Post a Comment