পৰ্যবেক্ষণঃ ৰাজহুৱা খণ্ডৰ শ্বেয়াৰৰ খহনীয়া কিয়? ড০ অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণঃ ৰাজহুৱা খণ্ডৰ শ্বেয়াৰৰ খহনীয়া কিয়? ড০ অজয় লাল দত্ত

পৰ্যবেক্ষণঃ ৰাজহুৱা খণ্ডৰ শ্বেয়াৰৰ খহনীয়া কিয়? ড০ অজয় লাল দত্ত

Share This
ৰাজহুৱা খণ্ডৰ শ্বেয়াৰৰ খহনীয়া কিয়?
ড০ অজয় লাল দত্ত
WHY PSU STOCKS CRASHED IN SHARE MARKET
শ্বেয়াৰ মাৰ্কেটত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহে একত্ৰিত ভাৱে ৩.৮ লাখ কোটিৰ চৰকাৰী সম্পদ (Rs 3.8 lakh cr of govt wealth) ৰ মূল্য় হেৰুৱাব লগীয়া হয় কালি ১২.০২.২০২৪ তাৰিখে। বিষয়টোত বন্ধু সকলৰ লগত আলোচনা কৰোতে, এই সপ্তাহৰ আগলৈকে PSU ষ্টক সমূহে 'Inflated Rates' আৰু শ্বেয়াৰ মূল্যৰ সৰ্ব্বোচ্চ শিখৰত উপনীত হোৱা দেখা গৈছিল, তাৰ কাৰণ বিচাৰিবলৈ চেষ্টা কৰিছিলো।
প্ৰধানমন্ত্ৰীৰ আহ্বান


এগৰাকী অধ্যয়নশীল বন্ধুৱে আঙুলিয়াই দিলে যে, শ্বেয়াৰ মাৰ্কেটৰ ইনচাইডাৰ সকলে প্ৰায় ছয় মাহৰ আগতেই এই খেলটো অনুধাৱন কৰিব পাৰিছিল। ১১ আগষ্ট ২০২৩ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ আহ্বান আহিছিল যে, 'ৰাজহুৱা খণ্ডৰ ষ্টকত বিনিয়োগ কৰক'। তেতিয়াৰ পৰাই ৰাজহুৱা খণ্ডৰ ষ্টক সমূহত ৰিটেইল ইনভেষ্টৰে বিপুল হাৰত পইচা লগাবলৈ আৰম্ভ কৰে। আৰু ৰাজহুৱা খণ্ডৰ বিনিয়োগৰ সূচকাংক S&P BSE PSU Index Stocks ৰ ভেলুও পাঁচ বছৰৰ সৰ্বোচ্চতা আৰোহন কৰে। এয়া কোনো বৈপ্লৱিক উ
পাদনীৰ ফলত সৃষ্টি হোৱা নাছিল। পৰ্যবেক্ষকৰ মতে, এয়া আছিল এক সু-পৰিকল্পিত মধ্য-দৈঘ্যৰ সময়ৰেখাৰ এক নিৰ্বাচনী বেলুনহে।

এই বেলুন ফুলোৱাত কাম কৰিছিল, বহুতো ডাঙৰ ইনভেষ্টৰে। কাৰণ শ্বেয়াৰ মাৰ্কেটৰ খবৰ ৰখা সকলে এই কথা জানে যে, মাৰ্কেট মুভ কৰাৰ বাবে গতি দিয়াৰ বাবে বিশাল কেইবালাখ কোটিৰ বিনিয়োগৰ প্ৰয়োজন হয়। সেই বিনিয়োগ কৰিব পাৰে, বিশেষ কিছু ধৰ্নাদ্ধ পুঁজিপতি আৰু বিত্তীয় প্ৰতিষ্ঠানে (দেশী-বিদেশী)। এয়া শ্বেয়াৰ মাৰ্কেটে সৃষ্টি কৰা এটি সুবিধা আৰু বহুতৰ বাবে সুৰুঙা। এই বিষয়ে বিশদ জানিবলৈ জাপানৰ প্ৰখ্যাত বিনিয়োগকাৰী 'Rich Dad, Poor Dad' ৰ লেখক ৰবাৰ্ট কিয়চাকিৰ 'The conspiracy of the rich' কিতাপখন পঢ়িব পাৰে। তাত কেনেকৈ শূণ্যতে পইচা (making money out of thin air) বনোৱাৰ পৰিকল্পিত বিনিয়োগৰ বিষয়ে সবিশেষ বৰ্ণনা আছে। এইখিনিতে আমি এই কথাও অনুধাৱন কৰিব লাগিব যে, আমি যিমানেই সাঁচতীয়া ধন বেংক বা আন ক্ষেত্ৰত বিনিয়োগ কৰো বা মাইক্ৰ-ইকনমিত প্ৰচেষ্টা চলাও, কিন্তু সকলোৰে ভৱিষ্যত নিৰ্ভৰ দৰে দেশ-ব্যাপি অৰ্থনৈতিক প্ৰভাৱ পেলোৱা মেক্ৰ-ইকনমিক পলিচি পৰিবৰ্তনৰ ওপৰত আৰু এই বিষয়ে চৰকাৰে কৰা ঘোষণাৰ ওপৰত। ৰিজাৰ্ভ বেংকৰ সময়ে সময়ে সলোৱা মেক্ৰ-ইনকমি নিয়ন্ত্ৰণৰ নীতি নিৰ্ধাৰণৰ ওপৰত। 


শেহতীয়াকৈ অন্তৰ্বতী বাজেট, যিখনৰ প্ৰকৃততে ভেলিডিটি কেৱল নতুন চৰকাৰ অহা পৰ্যন্ত, কিন্তু তাত ধুনীয়াকৈ ২০৪৭ চন পৰ্যন্ত বিনিয়োগৰ ঘোষণা, সপোন আদিৰ ধুনীয়া উপস্থাপন হ'ল। তাৰ পাছতে ৰাজহুৱা খণ্ডৰ ৰেল, ঘৰ আদি ক্ষেত্ৰত কৰ্মৰত কোম্পানীবোৰৰ শ্বেয়াৰলৈ আহিল বুলিশ জোৱাৰ, সকলো সৰ্বোচ্চত উপনীত হ'ল। পৰ্যবেক্ষক সকলৰ মতে, ইমানেই বেছি শ্বেয়াৰ মাৰ্কেট ফুলিবলৈ ধৰিলে যে, ই মাৰ্কেটলৈ শুধৰণি আনিবলৈ মাৰ্কেটকে বাধ্য কৰিব বুলি অনুমান কৰাটো সহজপ্ৰায় হৈ পৰিল। ফলত ২০-৩৫শতাংশ পৰ্যন্ত শ্বেয়াৰ মূল্য তথা সূচকাংক খহাৰ সম্ভানীয়তা প্ৰকাশ পালে।

যেতিয়া প্ৰকৃত শ্বেয়াৰ মূল্য, কোনো প্ৰকৃত উতপাদনী মূল্যৰ ওপৰত নহয়, বেলেঞ্চ চীট, বিনিয়োগৰ ক্ষেত্ৰৰ বহুতো অনুপাতিক সূচকাংক, ছেক্টৰটোৰ বিভিন্ন দেশৰ বিকাশৰ হাৰতকৈ অধিক হয়, তাকেই এটা কাল্পনিক বেলুনৰ আৰোহনৰ লগত ৰিজাব পাৰি।

আৰু এই বেলুনৰ সত্যতা এই সপ্তাহত প্ৰকাশ পোৱা বিগত তিনিমাহৰ Q3 ৰ বিজনেজ পাৰ্ফমেণ্চৰ ৰিপৰ্টবোৰ ঘোষণা হবলৈ ধৰিলে, আৰু একোটা একোটা ৰাজহুৱা কোম্পানীৰ 'আচল প্ৰফিট'ত দেখা পোৱা গল, শ্বেয়াৰ মাৰ্কেটৰ দৰৰ বিকাশে দাবী কৰাৰ বিপৰীত ৰূপ, কাৰোবাৰ Quarter to Quarter লভ্যাংশ কমাৰ খবৰ ইত্যাদি। তাৰ ফলতে উচ্চতম হাৰত থকা ৰাজহুৱা খণ্ডৰ শ্বেয়াৰ সমূহ বিক্ৰী কৰি মুনাফা বা লাভ লোৱাৰ যেন প্ৰতিযোগিতা চলিল আজি। আৰু ফলাফল হাতে হাতে, তেল কোম্পানী এটিৰ শ্বেয়াৰ মূল্য চল্লিশ টকা পৰ্যন্ত হোৰাহোৰে কমিল। ৰাজহুৱা খণ্ডৰ বেংকে বেংকত নথৈ 'এমাহতে বিশগুণ পৰ্যন্ত' লাভ দিয়া শ্বেয়াৰ মাৰ্কেটৰ বিগত ছমাহৰ আকৰ্ষণীয় ৰূপৰ বিপৰীতে নিজৰ মূলধন বচাবলৈ চেভিংচৰ সুতৰ হাৰো বৃদ্ধি কৰিবলৈ বাধ্য হল। অথচ বেংক নিফটিৰ আজি খহনীয়া। ৰাজহুৱা বেংকৰ শ্বেয়াৰৰ মূল্যও বহুত কমিল। 

কিন্তু বিজ্ঞাপনী আহ্বান, আকৰ্ষণীয় অন্তবৰ্তী বাজেট আৰু মাৰ্কেট ৰিভিউ দিয়া চেনেল, নিউজ পেপাৰ, Buzzing Stock ৰ তালিকা দিয়া সংস্থা, মাৰ্কেট জোকাৰিব পৰা খবৰ বিলোৱা সংগঠিত সংস্থাবোৰৰ জৰিয়তে, বিশাল পৰিমাণৰ মানে কমেও ৩ লাখ কোটিৰ প্ৰফিট বুকিং মাৰ্কেটত হৈ গল। আৰু পইচা হেৰুৱালে কোনে, বেছিভাগ খুচুৰা বিনিয়োগকাৰীয়ে। পইচা কাৰ হাতলৈ গল, একেবাৰতে বহু ধন বিনিয়োগ কৰা বিশাল পুঁজিপতিৰ হাতলৈ।

পৰ্যবেক্ষণঃ ৰাম মন্দিৰত ‘প্ৰাণ’, দেশ আৰু শ্বেয়াৰ মাৰ্কেটত ‘জাগৰণ’ :: ড০ অজয় লাল দত্ত

এতিয়া সেই ৩লাখ কোটিৰ পৰা যদি কেৱল ১০০ কোটি টকাকৈও ৫৪০টা লোকসভা সমষ্টিত নিৰ্বাচনী ব্যয় বিনিয়োগ কৰাটো একেবাৰেই সহজ কথা নহবনে? আৰু যি পাৰ্টিয়ে একোটা লোকসভা সমষ্টিত ১০০কোটি টকা ঢালিব পাৰিব, তেওঁলোকেই নিজিকিব নে? 

আগষ্ট মাহৰ পৰা আজিলৈকে চলা এখন ধুনীয়া নাটকৰ ফলাফল আজি ওলাল। আৰু ভৱিষ্যতেও ইয়াৰ দশোদিশৰ ওলাই থাকিব। গোপন পৰিকল্পনাবোৰৰ ফলাফল চোৱাৰ সময় এয়া.... !

ৰবাৰ্ট  কিয়চাকিৰ 'The Conspiracy of the Rich' গ্ৰন্থৰ অডিঅ বুক ওপৰত শ্বেয়াৰ কৰা হল।

No comments:

Post a Comment