পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইল ইণ্ডিয়াই গুৱাহাটীৰ সামাজিক সংস্থা "দীপশিখা" লৈ দহ লাখ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ সুখবৰ। উল্লেখযোগ্য যে দীপশিখা ফাউণ্ডেচনে অসমৰ কৰ্কট ৰোগী সকলৰ বাবে নবী-মু্ম্বাইত দুটাকৈ সুলভ অতিথিশালা স্থাপন কৰিছে আৰু ৰোগী সকলক উন্নত চিকি
সা পোৱাৰ ক্ষেত্ৰতো সেচ্ছাসেৱক সকলে সহায় কৰি আহিছে। দীপশিখা ফাউণ্ডেচনে লগতে কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেও কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

২. চলিত ২০১৪ বৰ্ষতো আন্তৰ্জাতিক  স্ফটিক বিজ্ঞান বৰ্ষৰূপে ৰাষ্ট্ৰসংঘই পালন কৰা উপলক্ষে শিশুৰ বৈজ্ঞানিক মানসিকতাৰ প্ৰতিপালন আৰু বিকাশত ব্ৰতী অনু্ষ্ঠান বিশ্বনাথ চাৰিআলিৰ "আকাশ বিজ্ঞান আৰু পৰিবেশ কেন্দ্ৰই" অহা ২,৩ আৰু ৪জুলাইত বিদ্যালয়ৰ অষ্টম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন কৰ্মশালাৰ আয়োজন কৰিছে। প্ৰশিক্ষাৰ্থীৰ আসন অতি সীমিত বাবে আগতীয়াকৈ সংস্থাটোৰ সভাপতি ক্ষীৰধৰ বৰুৱাৰ সৈতে ৯৪৩৫১-৮৩৮৮৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৩. অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম অহা ডিচেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ হব। এই কাম সম্পাদনৰ বাবে ৰাজ্যৰ বিভিন্ন স্তৰত ১৫০০টা কেন্দ্ৰ স্থাপন কৰিব বুলিও ৰাজ্য চৰকাৰৰ সূত্ৰত প্ৰকাশ। ৰাজ্য চৰকাৰে এইকামৰ বাবে ৪৮৯কোটি টকা বিচৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ২৮৮কোটি টকাত অনুমোদন দিয়া বুলিও প্ৰকাশ পাইছে।  ইফালে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ সন্দৰ্ভত কঠোৰ স্থিতি লবলৈ সদৌ অসম ছাত্ৰ সন্থাই আজি বাংলাদেশলৈ ৰাওনা হোৱা বিদেশ মন্ত্ৰী সুষমা স্বৰাজলৈ পত্ৰ প্ৰেৰণ কৰিছে।

৪. প্ৰষ্টেট গ্ৰন্থি আকাৰত বৃদ্ধি হোৱা সমস্যাৰ চিকি
সাৰ বাবে ইলেক্ট্ৰো-মেগনেটিক থেৰাপিৰ ব্যৱহাৰ কৰি অস্ত্ৰোপচাৰ এৰাই চলিব পৰা যাব বুলি চিকিসা বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে আৰু এনে পদ্ধতি অতি সোনকালেই ব্যৱহৃত হব বুলি প্ৰকাশিত বতৰাই বয়োজ্যেষ্ঠ ব্যক্তিসকললৈ সুখবৰ কঢ়িয়াই আনিছে।

৫. বেংকিং ক্ষেত্ৰক কামকাজ খৰতকীয়া কৰিবৰ বাবে ৰিজাৰ্ভ বেংকে আৰম্ভ কৰিছে নাগৰিক চনদ। চেক বুক মাত্ৰ বিশ মিনিটৰ ভিতৰত পোৱাৰ লগতে আন আন কাম সমূহো নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত হোৱাকৈ এই নাগৰিক চনদ প্ৰবৰ্তন কৰিব বুলি আশাৰ বতৰা প্ৰকাশ পাইছে। নতুন বেংক খোলাৰ অনুমতি, গ্ৰামাঞ্চলৰ বেংকৰ শাখা স্থানান্তৰন আদি বিষয়তো ৰিজাৰ্ভ বেংকেও নিৰ্দিষ্ট একোটা সময়ৰ ভিতৰেত সিদ্ধান্ত লব বুলিও প্ৰকাশ কৰিছে।

৬. অসমৰ একমাত্ৰ ফৰেনছিক বিজ্ঞানাগাৰক অত্যাধুনিক সা-সৰঞ্জামৰ লগতে বিশেষজ্ঞৰ অভাৱত অপৰাধৰ গোচৰত তদন্ত সমূহত সমস্যাৰ সন্মুখীন হোৱা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ হোৱাত মহামান্য আদালতে এবছৰৰ পূৰ্বেই ইয়াৰ উন্নতিকল্পে ব্যৱস্থা লবলৈ নিৰ্দেশ জাৰি কৰিছে। চৰকাৰে এই নিৰ্দেশ পালন কৰিব নোৱাৰাৰ বিষয়ত অহা ৩০জুনৰ ভিতৰত কাৰণ দৰ্শাই প্ৰতিবেদন দাখিল কৰিবলৈ ন্যায়ালয়ে এইবাৰ কাঢ়া নিৰ্দেশ জাৰি কৰাৰ খবৰ।

৭. অ'এন জিচিৰ এই বৰ্ষৰ স্নাতক ট্ৰেইনী পদৰ বাবে অনুষ্ঠিত সৰ্ব ভাৰতীয় পৰীক্ষা ২৩জুনত অনুষ্ঠিত হৈছিল। পিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিমতে এই পৰীক্ষাৰ প্ৰশ্নকাকত দিল্লীত ফাদিল হোৱাৰ লগতে তিনিজন লোকক ২১জুনত  ৫০হাজাৰ টকাৰে আটক কৰে। বেংগেলুৰু মেৰিট ট্ৰেক নামৰ সংস্থাই অ'এনজিচিৰ হৈ এই পৰীক্ষা অনুষ্ঠিত কৰিছিল । ফাদিল হোৱা কাকতেৰেই এই পৰীক্ষা অনুষ্ঠিত কৰাত উদ্বেগ প্ৰকাশ কৰি ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া (এছ.এফ.আই) এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী তুলিছে আৰু সেই বিষয়ে অসমৰ ৰাজ্যিক কমিটীয়ে অ.এন.জি.চিৰ অধ্যক্ষলৈকো স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

৮. মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ম্যানমাৰলৈ বাছসেৱা আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।  ১৪ঘণ্টীয়া আৰু দুহেজাৰ টকাৰ এই বাছ যাত্ৰাত পৰ্যটকৰ সুবিধা লাভ কৰিব যাত্ৰী সকলে। যাতায়ত সুচল কৰাৰ লক্ষ্যৰে অহা অক্টোবৰৰ পৰা এই বাছসেৱা আৰম্ভ কৰিব বুলি নতুন চৰকাৰে মনস্থ কৰাৰ সুখবৰ সংবাদ পত্ৰত প্ৰকাশ পাইছে।

৯. অসমৰ বহু সত্ৰ, মঠ-মন্দিৰ আদিৰ আপুৰুগীয়া সম্পদ সমূহক বিভিন্ন পদ্ধিতৰে অক্ষতকৰণ, পুনঃস্থাপন তথা সংৰক্ষনেৰে সমাজলৈ মূল্যবান বৰঙণি আগবঢ়াই থকা গৱেষক তথা শিল্পী বিজয় ভূঞাৰ ৩৮ঘনকৈ পেইণ্টিং, ফটো আদি সৃষ্টিকৰ্মৰ এখনি প্ৰদৰ্শনী নগাঁৱত কালি শুভাৰম্ভ হয়। নগাঁৱৰ ফটো সাংবাদিক নৃপেন শইকীয়াৰ উদ্যোগতে "সংৰক্ষণৰ ৰঙীন সপোন" শীৰ্ষক প্ৰদৰ্শনীখন আয়োজিত হৈছে।

১০. বিগত বৰ্ষৰ দৰেই এইবাৰে  তেজপুৰৰ প্ৰসিদ্ধ বাণ থিয়েটাৰত ১-৩১জুলাই পৰ্যন্ত এখনি মাহজোৰা শিশু নাট কৰ্মশালাৰ আয়োজন চলিছে। ৭-১৩বছৰৰ শিশুসকলক প্ৰশিক্ষণৰ অন্তত ৰসৰাজ লক্ষ্মীনাথ বৰুৱাৰ সাধুৰ ওপৰত ৰচিত এখন নাট মঞ্চস্থ কৰা হব বুলি আয়োজকে প্ৰকাশ কৰিছে। ইচ্ছুক অভিভাৱকে ৯৪৩৫১-৮৩৬২১ নম্বৰত যোগাযোগ কৰিব পাৰিব। ঢকুৱাখনা এক্টিং একাডেমীতো গ্ৰীষ্মকালীন অভিনয় কৰ্মশালা আয়োজি হৈছে বুলি জানিব পাৰিব।

১১. শিৱসাগৰত কালি অনুষ্ঠিত হয় এদিনীয়াকৈ হজ প্ৰশিক্ষণ শিৱিৰৰ। ৰাজ্যিক হজ কমিটিৰ সমল কৰ্মীয়ে দিয়া প্ৰশিক্ষণত ৪৩গৰাকী পুৰুষ আৰু ২৬গৰাকী হজ যাত্ৰীয়ে এই প্ৰশিক্ষণ গ্ৰহণ কৰে। শিৱসাগৰ জিলা প্ৰশাসনে এই বৰ্ষতে এটি হজ ভৱনো নিৰ্মাণ কৰি দিব বুলিও সুখবৰ কালি ৰাজহুৱা কৰে।

১২. অসম শিশু সাহিত্য ন্যাসে ২০১৩-১৪বৰ্ষত প্ৰকাশ কৰি উলিওৱা ১৩খন গ্ৰন্থৰ উন্মোচনী সভা আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈছে। লগতে অসম ভিত্তিত আয়োজিত পাণ্ডুলিপি প্ৰতিযোগিতাৰ বিজয়ী সকলো বঁটা প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment