হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১.  অসমৰ দ্ৰুততম নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই কালি লিখি উলিয়ালে নতুন নাটক "মহানগৰীত মহাপ্লাৱন"।  এই নাটকৰ যোগে তেওঁ এইবাৰ মঞ্চকো কৃত্ৰিম বানপানীৰে বুৰাই পেলাব বুলি জানিব পৰা গৈছে। আমেৰিকাৰ বানৰ সৈতে গুৱাহাটীৰ বানক তুলনামূলক বিশ্লেষণ কৰা এজন খলনায়ককো ইয়াত এটি বিশেষ চৰিত্ৰত দেখা যাব বুলি জানিব পৰা গৈছে।

২. কালি গুৱাহাটীত বিদ্যুতপৃষ্ট  হৈ কেইবাজনো লোকৰ মৃত্যু হোৱাত সাফল্য দাবী কৰিছে চিধাচিধি বৰদলৈয়ে। তেখেতে কয় যে কালিৰ ঘটনাই আচলতে ইমান বান আৰু পানীৰ মাজতো যে গুৱাহাটীত মানুহৰ সেৱাত অসমত বিদ্যুত যোগান ব্যাহত নহয়, সেই কথাহে প্ৰতীয়মান কৰিছে। বিজুলী বিভাগক মহান কৰি, সমালোচকৰ মুখত চূণ সানিবলৈ গৈ শ্বহীদ হোৱা কেইজনক বিজুলীবাতি বিভাগে জাতীয় শ্বহীদ ঘোষণা কৰিবলৈ বিবেচনা কৰি থকাৰ কথাও তেখেতে প্ৰকাশ কৰিছে।

৩. চন্দ্ৰনৰ বেছি আছে নে হাইড্ৰামাৰ বেছি আছে? তাকে লৈ এতিয়া লগ এৰা হাতোৰা দলৰ মাজতে মত বিভাজন হোৱা বুলি জানিব পৰা গৈছে। যুৱ শিবিৰে কৰা মন্তব্যমতে হাইড্ৰামাৰ পাৱাৰ বেছি আছে, কিন্তু চন্দ্ৰনৰ ওপৰত লক্ষ্মীদেৱীৰ আশীষ ইমানেই বেছি যে সঠিক তথ্য লব পাৰিলে তেখেতে উত্তৰ-পূৱৰে অতি কম সময়ত দেৱীৰ এনে কৃপা লাভ কৰিবলৈ সক্ষম হোৱা শীৰ্ষস্থানৰ প্ৰতিভাবান, ভাগ্যবান, সফলতম লোকৰূপেই পৰিগণিত হোৱাৰো সম্ভাৱনা আছে। তেওঁক অন্তত লিমকা বুক নহলেও কোকাকোলা বুকত স্থান দিবলৈকে আচল তথ্য বাহিৰ কৰাৰ প্ৰয়োজন বুলি শিবিৰটোৰ মুখপাত্ৰই দাবী কৰাৰ খবৰ আহিছে।

৪. ভৰ বাৰিষা উপলক্ষে অসমৰ ধনসম্পদ বিভাগে জল-ব্যৱস্থাপনাৰ নামত ১৫০০কোটি টকাৰে ঠিকাদাৰ সৱলীকৰণ আঁচনি যুগুত কৰিছে বুলি সুখবৰ পোৱা গৈছে। বিভাগীয় মন্ত্ৰী জালিম লোচনে এইবাৰ বিভাগটোৰ ঠিকাদাৰ সকলক ধনৰ বানত উটি যোৱা অৱস্থা কৰিহে এৰিব বুলি আই গোঁসানীৰ শপত লোৱা বুলি গোপনে খবৰ আহিছে।

৫. এইবাৰ বাংলাদেশী আহিলে আহিয়েই ভিচা পোৱাৰ ব্যৱস্থা কৰিব বুলি পদুম পাৰ্টিৰ নতুন চৰকাৰে ঘোষণা কৰিছে। আগৰ হাতোৰা পাৰ্টিয়ে ৰেচন কাৰ্ড দিছিল, ভোটাৰ কাৰ্ড দিছিল, আধাৰ কাৰ্ড দিছিল, তাৰ পৰিবৰ্তে তেওঁলোকে ভিচা কাৰ্ডকে দি বাংলাদেশী ৰাইজৰ কল্যাণ কৰিব বুলি প্ৰকাশ কৰিছে। ভাল খবৰটি দিবলৈ যোৱা সুষমা আইদেউক বাংলাদেশৰ পৰা চিল্কৰ কেইবাখনো কূটনৈতিক শাৰীৰে কৃতজ্ঞতা জনোৱাৰ খবৰো ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত হৈছে। লগতে শাৰীৰে বন্ধা নতুন বন্ধুত্বই নতুন যুগৰ সূচনা কৰিব বুলিও গম পোৱা গৈছে।

৬. মেঘালয়ৰ পানীয়ে অসম ডুবালে অসম চৰকাৰ জগৰীয়া নহয় বুলি স্পষ্ট কৰি দিলে ৰসাল গগৈদেৱে। লোকৰ বাৰীৰ পানীৰ ওপৰত লেকাম লগোৱাটো আচলতে যেনেকৈ গাওঁবুঢ়াৰ কাম, তেনেকৈ এয়াও কেন্দ্ৰীয় চৰকাৰৰহে কাম বুলিও তেখেতে মত প্ৰকাশ কৰিছে। আমেৰিকাত কিন্তু এনেকুৱা নহয় বুলি তেখেতে স্পষ্ট কৰি দি, এনেকুৱা অসমতো যাতে ভৱিষ্যতে হব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ গেলা-পানী খচি টিভিত দাবী কৰা বুলিও জানিব পৰা গৈছে।

৭. কালি বিধান সভা তথা এম.এল.এ হোষ্টেল চৌহদত পানী সোমোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰসাল গগৈদেৱ। তেওঁ অচিৰেই আমেৰিকাৰ হোৱাইট হাউচত পানী সোমায় নে নোসোমায়, বা কেনেকৈ পানী সোমোৱাৰ পৰা প্ৰতিৰোধ কৰি ৰাখিছে, তাক অধ্যয়ন কৰিবলৈ আমেৰিকালৈ ঢাপলি মেলিব বুলিও প্ৰকাশ কৰিছে।

৮. গংগাপুখুৰী বৰকুৰিহা হাইস্কুলত কম্পিউটাৰ চুৰি কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে স্থানীয় মাজৰাতি চোৰ সংঘ। মেট্ৰিকত প্ৰথম বিভাগ নাপালে বুলিয়ে কোনো এইখন পৃথিৱীত কম্পিউটাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ থকাটো কোনোপধ্যেই হবলৈ দিয়া নহব বুলি ঘোষণা কৰিয়ে প্ৰতিবাদী কাৰ্যসূচীৰূপে এই কাৰ্য সম্পাদন কৰা বুলি জানিব পৰা গৈছে। মাজৰাতি কামলৈ যোৱাৰ আগতে বিয়লি গধূলি গেম খেলি সংঘৰ সদস্য সকলে মনোৰঞ্জন কৰিব পৰাকৈ অচিৰেই এটা কম্পিউটাৰ চেণ্টাৰো এনে প্ৰচেষ্টাৰে মুকলি কৰিব বুলিও সম্পাদক দেৱেন চোৰে গোপনে সাংবাদিকক বেকত কৰিছে।

৯. টংলাৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত ৰাইজক আগবঢ়োৱা অনন্য সেৱাৰ বাবে সংবাদ শিৰোনামা লাভ কৰি স্থানীয় দালাল সংঘই। আজিৰ অফিচবোৰ সুচাৰূপে পৰিচালনা কৰাত দালাল সকলৰ অপৰিসীম ভূমিকা আছে আৰু এই দিনক দিনে বাঢ়ি অহা এই দ্বায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সংঘই আগবঢ়োৱা বৰঙণিত সমূহ টংলাবাসী ৰাইজে ভূৰি ভূৰি সন্তোষ প্ৰকাশ কৰিছে। এখেতসকলৰ সেৱাই ৰাইজ আৰু বিষয়া উভয়পক্ষৰে কল্যাণ সাধন কৰাটো অতিশয় লক্ষণীয় বুলিও সংবাদ প্ৰকাশ পাইছে।

১০. দক্ষিণ শালমাৰা-মানকাচৰত অবাধে কাঠফলা মিল চলি থকাৰ বাতৰিক থলুৱা বনজ-সম্পদ উদ্যোগী সংঘই সন্তোষ প্ৰকাশ কৰিছে। অসমৰ বাকীবোৰ অঞ্চলত সতকাই ৰেইড মৰাৰ নামত দাবী-ধমকিৰে ধন আদায় কৰা, হাৰাশাস্তি কৰাৰ উদাহৰণ এই অঞ্চলৰ বন বিভাগে গ্ৰহণ নকৰি উদ্যোগীসকলক শান্তিপূৰ্ণভাৱে বেপাৰ কৰিবলৈ প্ৰেৰণা দিয়াটো অতিশয় প্ৰশংসনীয় কথা।  আৰু সমগ্ৰ অসমৰ বিষয়াসকলেই এই আদৰ্শ গ্ৰহণ কৰিব লাগে বুলিও বন-ব্যৱসায়ী সন্থাই মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment