আপোনাৰ সন্তানক ক’ত নামভৰ্তি কৰাব ?
অৰুণজ্যোতি দাস
অৰুণজ্যোতি দাস
উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল বাহিৰ
হোৱাৰ লগে লগেই ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ চিন্তাৰ বিষয়বস্তু হৈ পৰে
তেওঁ কোনখন মহাবিদ্যালয়ত পঢ়িব খোজে আৰু কোনকেইখনত আসন পোৱৱাৰ সম্ভাৱনা
আছে । আজিৰ প্ৰেক্ষাপটত এই চিন্তা সঁচাকৈয়ে এক উদ্বেগকাৰী বিষয় হিচাপে
পৰিগণিত হৈছে ।
এখন ভাল মহাবিদ্যালয়ত পঢ়িবলৈ সুযোগ পালেই এজন
শিক্ষাৰ্থীয়ে পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰে বুলি আমাৰ সমাজত ইতিমধ্যেই
এক দৃঢ় ধাৰণাই খোপনি পুতি আছে । সেয়েহে , একমাত্ৰ উচ্চ শতাংশৰ নম্বৰ দখল
কৰি পৰীক্ষাত সুকীৰ্তিৰে উত্তীৰ্ণ হ’বৰ বাবেই আমি আমাৰ সন্তানক এখন ভাল
শিক্ষানুষ্ঠানত পঢ়ুৱাব খোজোঁ । পিছে এই ‘ভাল শিক্ষানুষ্ঠান’ৰ সংজ্ঞাটোনো
কি ? আমাৰ অধিকাংশ অভিভাৱকেই এই সংজ্ঞাটো মূলত: দুটা কথাৰ ভিত্তিত
নিৰ্ধাৰণ কৰে –ক) যিখন শিক্ষানুষ্ঠানত উচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীৰ
সংখ্যা বেছি হয় খ) যিখন শিক্ষানুষ্ঠানৰ নাম কাগজে পত্ৰই অথবা মানুহৰ মুখে
মুখে ‘ভাল’ বুলি জনাজাত ।
আৰু আমাৰ বোধেৰে এখন ভাল
শিক্ষানুষ্ঠান হৈছে এনে এক অনুষ্ঠান যি এটি মানৱ কিশোৰক তাৰ জন্মভূমিৰ
সতে পৰিচয় কৰায়, তাৰ যিসকল ককাক-আজোককাকৰ জীৱন-জোৰা সাধনা তথা অৰিহণাৰ
বাবে সি তাৰ বৰ্তমানক পাইছে, সিবোৰৰ বিষয়ে জ্ঞান দিয়ে, মানৱ-জাতিয়ে
আৱিষ্কাৰ কৰা প্ৰকৃতিৰ চূড়ান্ত সত্যবোৰৰ সতে চিনাকী কৰি দিয়ে
,অনাৱিষ্কৃত ৰহস্যবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভাবুক আৰু দাৰ্শনিক কৰি
তোলে , সতেজ আৰু প্ৰফুল্লিত মন এটাৰ বাবে সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰিবলৈ
শিকায় ,সকলো প্ৰাণীৰে প্ৰতি সহানুভৱ হ’বলৈ শিকায়, অভিজ্ঞতা আৰু অধ্যয়নৰ
পৰা ওপজা জ্ঞানৰ যথাৰ্থ মূল্যায়ণ কৰিবলৈ শিকায়, দয়া-মমতা সহনশীলতা আদি
মানৱীয় গুণেৰে বিভূষিতা হৈ নিজৰ ব্যক্তিত্বক গঢ় দি সমাজৰ প্ৰগতি আৰু
শান্তিৰ বাবে অৰ্জিত বিদ্যাৰ প্ৰকৃত ব্যৱহাৰিক প্ৰয়োগ কৰিবলৈ শিকায় । এনে
শিক্ষানুষ্ঠানেই হৈছে মানুহ গঢ়াৰ কমাৰশাল । সমসাময়িক সময়ত সমগ্ৰ
পৃথিৱীতে সুখ্যাতিৰে জিলিকি ৰোৱা প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূ্হক
বাদ দি বৰ্তমানে এনে আদৰ্শ শিক্ষানুষ্ঠান কেইখননো আছে সেয়াও বিচাৰ্যৰ বিষয়
।
গভীৰ আদৰ্শগত ধ্যান-ধাৰণাৰে বিচাৰ নকৰি,আমি যদি ব্যৱহাৰিক
দৃষ্টিভংগীৰে লক্ষ্য কৰোঁ, তেন্তে আজিৰ দিনত এখন ভাল শিক্ষানুষ্ঠান বুলিলে
ভাল শৈক্ষিক পৰিৱেশে বিৰাজ কৰা; উচ্চ শিক্ষিত আৰু শিক্ষাদান নিয়াৰী তথা
শুদ্ধকৈ কৰিব পৰা, ছাত্ৰ-ছাত্ৰীৰ মানসিক স্তৰক বুজিবপৰা ভাল Communicator
শিক্ষক থকা, শৈক্ষিক আঁচ-বাব তথা সঁজুলী পূ্ৰ্ণমাত্ৰাই উপলব্ধ হোৱা
শিক্ষানুষ্ঠানকেই আমি বুজি পোকৱা উচিত । অৱ শ্যে আমাৰ বহু শিক্ষানুষ্ঠানে
আজিকালি এই তিনিটা কাৰকৰ যিকোনো এটা থাকিলেই নিজকে বহু ভাল শিক্ষানুষ্ঠান
বুলি জাহিৰ কৰি ফুৰে ।
এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে,
মেধাসম্পন্ন শিক্ষাৰ্থীয়ে অৱশ্যে এজন ভাল Guide অথবা গুৰুৰ সংস্পৰ্শত
নিয়াৰীকৈ পঢ়া-শুনা কৰিলেই যিকোনো শিক্ষানুষ্ঠান অথবা অনানুষ্ঠানিকভাৱেই
পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় ।
সুনিৰ্দ্দিষ্ট
কিছুমান মাপ-কাঠিৰে চালি-জাৰি চাই দেশজুৰি চলোৱা সমীক্ষাৰ ভিত্তিত আমাৰ
দেশৰ কেইবাখনো বহুল-প্ৰচাৰিত আলোচনী তথা বাতৰি-কাকতে ভিন-ভিন শৈক্ষিক
ক্ষেত্ৰৰ ‘শ্ৰেষ্ঠ শিক্ষানুষ্ঠান’ কেইখন প্ৰতি বছৰে বাচনি কৰি তালিকা
প্ৰকাশ কৰে ।এই সমীক্ষাবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ো আমি দেশৰ উৎকৃষ্ট
শিক্ষানুষ্ঠানসমূহৰ বিষয়ে জানিব পাৰোঁ । এই আপাহতে জনাওঁ যে , জনপ্ৰিয়
আলোচনী ‘ইণ্ডিয়া টুডে’ ৰ ইং. ২০১৩ বৰ্ষৰ সমীক্ষাত ইঞ্জিনীয়াৰিঙৰ শাখাত
ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ৯ম স্থান দখল কৰিছে আমাৰ
উত্তৰ গুৱাহাটীস্থ I.I.T., Guwahati য়ে। যোৱা ৫ বছৰ ধৰি এই
শিক্ষানুষ্ঠানখনে প্ৰথম দহোটা স্থানত আছে । ই আমাৰ বাবে গৌৰৱৰ কথা আৰু
আমাৰ ল’ৰা-ছোৱালীয়ে এনে অনুষ্ঠানত পঢ়িবৰ বাবে যৎপৰোনাস্তি কৰা উচিত ।
তদুপৰি,
সাধাৰণ স্নাতক বা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ বাবে যদি আমি অসমৰে
মহাবিদ্যালয় কেইখনৰ ভিতৰত বাচনি কৰিবলগীয়াত পৰোঁ, তেন্তে যোৱা পাঁচ-ছয়
বছৰত সেই অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল পৰ্যালোচনা কৰাটো যদিও প্ৰাৰম্ভিক
আৰু মূল কথা, তথাপি আন দুই চাৰিটা কাৰকো অভিভাৱকসকলে চালি-জাৰি চোৱাটো
বাঞ্চনীয় । ইয়াৰ ভিতৰত পৰে ১) মহাবিদ্যালয়খনৰ শিক্ষাগুৰু তথা
প্ৰধান-শিক্ষকৰ সতে বাৰ্তালাপ ২) শিক্ষাৰ্থীজনৰ মহাবিদ্যালয়-চৌহদ ভ্ৰমণ ৩)
থকা আৰু খোৱাৰ সা-সুবিধা ৪) সেই মহাবিদ্যালয়ৰ প্ৰাক্তন তথা বৰ্তমানৰ
শিক্ষাৰ্থীৰ মতামত অধ্যয়ন ।
কেতিয়াবা এনে হয়, ভাল ফলাফল
হোৱাৰ লগে লগেই আমি সেই মহাবিদ্যালয়ৰ সকলো শিক্ষক ভাল হ’ব বুলি ধাৰণা কৰি
লওঁ; কিন্তু এনে নহ’বও পাৰে । আপোনাৰ সন্তানে যি বিভাগত নামভৰ্তি কৰিব
বিচাৰে ,সেই বিভাগৰ শিক্ষকসকলনো কেনে তাৰ এটা গম ল’বৰ বাবেই নামভৰ্তিৰ
আগয়ে এবাৰ শিক্ষাগুৰুসকলক লগ ধৰাটো অতিকেই প্ৰয়োজনীয় । তেতিয়াহে আপুনি
তেওঁলোকৰ মানসিকতা,ব্যক্তিত্ব,শিক্ষাদানৰ প্ৰতি আগ্ৰহ ইত্যাদিৰ বিষয়ে
কিছু আভাস পাব ।
পৰীক্ষাগাৰ-শ্ৰেণীকোঠা পৰিদৰ্শনো সমানেই
দৰকাৰী । শিক্ষণৰ সা-সঁজুলী,আচঁ-বাব ভালদৰে নথকা এখন মহাবদ্যালয়ত পঢ়িলে
আপোনাৰ সন্তানে বিষয়টোৰ খুঁটি-নাটি মাৰি জ্ঞান লাভ কৰিবলৈ অসুবিধা পাব
পাৰে ।সেইদৰে থকা-খোৱাৰ সা-সুবিধাৰ প্ৰতিও মন দিয়া উচিত । যদিও আমি
ছাত্ৰাৱাস বা ছাত্ৰীনিবাসৰ আহাৰ ঘৰৰ দৰে বিচৰাটো অমূলক কথা, তথাপিও
ন্যূনতম পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা স্বাস্থ্যসন্মত খাদ্যাভাসৰ প্ৰতি সজাগতা
আমাৰ সকলোৰে একান্তই কাম্য ।
আমাৰ বহু ল’ৰা-ছোৱালীয়ে আকৌ
বন্ধু-বান্ধৱীৰ অধিকাংশই যিখন মহাবিদ্যালয়ৰ প্ৰ-পত্ৰ পূৰণ কৰে, সেইখনতেই
পঢ়িবলৈ খোজে আৰু নাচোৰবান্দা হৈ মাক-দেউতাককো সৈমান কৰে । ই এটা অতি অশুভ
কাৰ্য । যদিও বিদ্যালয়ত লগপোৱা বন্ধুসকল বহু হেঁপাহৰ আৰু পৰস্পৰ সহায়কাৰী
হয়, তথাপি ই এটা ভ্ৰান্ত ধাৰণা যে এইসকল অবিহনে এজন শিক্ষাৰ্থী নিজৰ
জীৱনত আগুৱাই যাব নোৱাৰিব । এজন সমাজমুখী খোলা মনৰ শিক্ষাৰ্থীয়ে তেওঁৰ
অনাগত জীৱনত প্ৰতিখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়তে বহু ভাল
বন্ধু-বান্ধৱীৰ সান্নিধ্য লাভ কৰে, যিসকলে আনকি সঁচা বন্ধুত্বৰে তেওঁক
জীৱনজুৰি উপচাই ৰাখে ।
কেতিয়াবা আকৌ উৎকৃষ্ট
শিক্ষানুষ্ঠানত পঢ়িও কোনো কোনো শিক্ষাৰ্থীয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব
নোৱাৰা দেখা যায়। এই কথাই প্ৰমাণ কৰে যে নিজাববীয়া প্ৰচেষ্টা আৰু
মনোযোগিতা অবিহনে হাজাৰ সুযোগ-সুবিধা লাভ কৰিও পৰীক্ষাত ভাল ফলাফল অৰ্জন
কৰা সম্গৱ নহয় । অৱওশ্যে , যিদৰে এটা গণিতীয় সমীকৰণৰ সোঁফালৰপৰা বাঁওফাল
আৰু বাঁওফালৰ পৰা গৈ সোঁফালক প্ৰতিপন্ন কৰিব পাৰি ,সেইদৰে ওপৰৰ কথাটিৰ
ক্ষেত্ৰটো আমি ক’ব পাৰো যে ; উপযুক্ত শিক্ষাগুৰু তথা শৈক্ষিক পৰিৱেশ
পোৱা, নিয়মিত আৰু নিয়াৰীকৈ অধ্যয়ন কৰা শিক্ষাৰ্থী এজনৰ ভাল ফলাফলৰ বাবে
ভাল শিক্ষানুষ্ঠানো অপৰিহাৰ্য নহয় ।
আজিকালি শিক্ষা এক লাভজনক
ব্যৱসায়লৈ পৰ্যবসিত হৈছে । উন্নত শিক্ষাৰ নামত বহু চতুৰ ব্যৱসায়ীয়ে
উচ্চমানৰ আধুনিক কলা-কুশলীযুক্ত ঘৰ-দুৱাৰ বনাই অভিভাৱকক আকৰ্ষণ কৰে ।
বহুতে আকৌ নানা আনুসংগিক সুবিধা (যেনে শীত-তাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠা,
বিনামূলীয়া ব্যক্তিগত পাঠদান/টিউশ্যন , নৃত্য-গীতৰ শ্ৰণী সংযোজন আদি) যুগুত
কৰি অভিভাৱকক মোহিত কৰিবলৈ বিচাৰে । যিহেতু সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত
যিকোনো অভিভাৱকেই দুপইচা বেছিকৈয়ে খৰছ কৰিবলৈ সদা-সষ্টম হৈ থাকে ,গতিকেই
এই ব্যৱসায়ীসকলেও নানাধৰণৰ টোপ দেখুৱাই মূৰত টাঙোন মাৰিবলৈ সুবিধা পায় ।
সেয়েহে হ’বলা বাতৰি-কাকত, দূৰদৰ্শন, ইন্টাৰনেট সকলোতে চমকলগা বিজ্ঞাপনেৰে
ব্যৱসায়ীসকলে তেওঁলোকৰ শিক্ষানুষ্ঠানৰ গুণ-গান বখালে আৰু আমাৰ বহুতেই
কেৱল বিজ্ঞাপনৰ ভিত্তিতে ল’ৰা-ছোৱালীক লাখ লাখ টকা খৰছ কৰি কোনো অখ্যাত
শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দি মানসিক প্ৰশান্তি লাভ কৰে । ইয়াৰ ফলত
কিন্তু আটাইতকৈ বেছি আঘাটপ্ৰাপ্ত হয় শিক্ষাৰ্থীজনহে ।
আমাৰ
অভিভাৱকসকলৰ ল’ৰা-ছোৱালীক কেৱল ডাক্তৰ বা ইঞ্জিনীয়াৰ ‘বনোৱা’ৰ যি
মানসিকতা, সিয়েই কিন্তু কালগ্ৰাসী হৈ এইধৰণৰ অধ:পতনত মুখ্য অৰিহণা যোগাইছে
। ‘লাইন’ লগাই পঢ়িলেহে যে ল’ৰাটোৱে বা ছোৱালীজনীয়ে কিবা এটা কৰি খাব
পাৰিব, তেনে কথা সম্পূৰ্ণ ভিত্তিহীন । আমাৰ অভিভাৱকসকলে নাজানে যে ,
শিক্ষাৰ্থীগৰাকীৰ যদি আগ্ৰহ থাকে তেন্তে আজিকালিৰ এই গোলকীকৰণৰ যুগত যিকোনো
এটা বিষয় বা ‘ক্ষেত্ৰ’তে যদি উচ্চ তথা উচ্চতম শিক্ষা লাভ কৰে , তেন্তে
তেওঁৰ বাবে কোনো চাকৰিৰে অভাৱ নহ’ব । মাথো জানিব লাগিব, কোনটো বিষয়ত কি কি
সুবিধা চৰকাৰৰ পৰা ল’ব পাৰি , বৃত্তি কোন কোন অনুষ্ঠান –প্ৰতিষ্ঠানে
প্ৰদান কৰে , কি কি পাঠ্যক্ৰমৰ চাহিদা কেনেকুৱা, বিদেশত পঢ়িবলৈ কি কৰিব
লাগে, আমাৰ দেশৰ ক’ত ক’ত স্নাতকোত্তৰ বা গৱেষণা কৰাৰ সুবিধা আছে ইত্যাদি ।
মুঠতে আগ্ৰহ আৰু অধ্যাৱসায়ৰ বলত যিকোনো এজন শিক্ষাৰ্থীয়ে যিকোনো এটা
বিষয়তে পঢ়া-শুনি কৰি প্ৰতিষ্ঠিত হ’ব পাৰে ।
ভাৰত চৰকাৰৰ
মানৱ-সম্পদ বিকাশ মন্ত্ৰণালয়ৰ অধীনস্থ ‘য়ুনিভাৰ্ছিটি গ্ৰান্ট কমিছন’ হৈছে
আমাৰ দেশৰ বিশ্ববিদ্যালয়সমূহৰ অভিভাৱকস্বৰূপ । এই কমিছনেই দেশৰ সকলো
বিশ্ববিদ্যালয় (তথা ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়) সমূহলৈ আৰ্থিক অনুদান
প্ৰদান কৰে , শৈক্ষিক বাতাৱৰণ নিৰীক্ষণ কৰে, তথা পাঠ্যক্ৰমবোৰৰ বৈধতাৰ
স্বীকৃতি প্ৰদান কৰে । যোৱা কেইবাবছৰো ধৰি ভাৰতত কিছুমান পাবত গজি উঠা
বিশ্ববিদ্যালয় এই কমিছনৰ দৃষ্টি গোচৰ হৈছে আৰু তেনে ‘অবৈধ তথা ভুৱা
বিশ্ববিদ্যালয়’ বোৰৰ তালিকা তেওঁলোকে ৱেবচাইটযোগে প্ৰকাশ কৰিছে । এই
ৱেবচাইটটো হ’ল – http://www.ugc.ac.in/page/fake-universities.aspx ।
শিক্ষানুষ্ঠান
এটা বাছনি কৰোতে এই কথাও চাব লাগে যে , তাৰ পাঠ্যক্ৰমবোৰ চৰকাৰৰ
সংশ্লিষ্ট কতৃপক্ষই স্বীকৃতি প্ৰদান কৰিছে নে নাই । বিভিন্ন শৈক্ষিক
ক্ষেত্ৰৰ বাবে এনে কতৃপক্ষও সুকীয়া সুকীয়া । যেনে অভিযান্ত্ৰিক শিতানত
‘All India Council for Technical Education’, মুক্ত শিক্ষাৰ শিতানত
‘Directorate of Distance Education’, সাধাৰণ স্নাতক/স্নাতকোত্তৰৰ শিতানত
University Grant Commission , চিকিৎসাৰ শিতানত ‘Medical Council of India
’ । আজিকালি স্বীকৃতি নথকা মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰপৰা উত্তীৰ্ণ হোৱাৰ
পিছত অন্য শিক্ষানুষ্ঠানে সেই ডিগ্ৰীক নামভৰ্তিৰ বাবে অযোগ্য বুলি ঘোষণা
কৰে ।
গতিকে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সাৱধান নহ’লে জীৱনৰ
বহুমূ্লীয়া কেইবাটাও বছৰ অবাবত নষ্ট হোৱাৰ ভয় থাকে । আমাৰ
ল’ৰা-ছোৱালীয়ে য’তেই নপঢ়ক,যিয়েই নপঢ়ক কিয় ; মন দি পঢ়ক, সফল হ’বই ।
কিতাপৰ কথাবোৰে অকল পৰীক্ষাতেই নহয় , কামত লগালে সিবোৰে আমাৰ বাস্তৱ
জীৱনতো সুফল দিব
No comments:
Post a Comment