পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. দেশৰ সাহিত্য ক্ষেত্ৰৰ সব্বোৰ্চ  সন্মান জ্ঞানপীঠ বঁটা ২০১৩বৰ্ষৰ বাবে প্ৰখ্যাত হিন্দী সাহিত্যিক কেদাৰনাথ সিঙলৈ আগবঢ়োৱা হৈছে। হিন্দী সাহিত্যৰ চৰ্চাৰে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তেখেত হৈছে দশমজনা সাহিত্যিক। দেশৰ ৪৯তম জ্ঞানপীঠ বঁটা বিজয়ীৰ নাম সীতাকান্ত মহাপাত্ৰৰ পৌৰাহিত্যত অনুষ্ঠিত নিৰ্বাচক কমিটিৰ বৈঠকে চূড়ান্ত কৰিছে।
 
২. ভিছা অবিহনেই বাংলাদেশী নাগৰিকক অসমলৈ মুক্ত বিচৰণ কৰিবলৈ আহিবলৈ দিয়াৰ প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। কেন্দ্ৰৰ সিদ্ধান্ত কোনোপধ্যেই মানি নলয় বুলি স্পষ্ট কৰি দিলে অসম ছাত্ৰ সন্থাই। এ.আই.ডি.এফেও এই প্ৰস্তাৱৰ বিৰোধিতা কৰাৰ সুখবৰ।

৩. তেজপুৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে উদযাপন কৰিলে বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান। তিনিগৰাকী শিল্পী নলিনীকান্ত বৰুৱা,  আইমণি গগৈ আৰু হেলা দাসক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। নগাঁও জিলাত কেন্দ্ৰীয়ভাৱে দিৱস উদযাপন অসম সাহিত্য সভাৰ। তিতাবৰত কেন্দ্ৰীয় ভাৱে বিষ্ণু ৰাভা দিৱস পাতিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

৪. কলাগুৰুৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি কালি গহপুৰ নগৰৰ আত্মসহায়ক গোটৰ বজাৰৰ সংলগ্ন ৰাজহুৱা বাছ আস্থানত কলাগুৰুৰ আবক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে হ'ল উন্মোচিত। গহপুৰ নগৰ সমিতিৰ উদ্যোগত ভাস্কৰ্য শিল্পী আনন্দ দাসে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিটো উন্মোচন কৰিলে বিধায়িকা মণিকা বৰাই।

৫. কাইলৈৰ পৰা আৰম্ভ হব উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ বিশাল আধ্যাত্মিক গণ সমাবেশ অম্বুবাচী মেলাৰ। ২৬তাৰিখলৈ চলিব লগা মেলাখনৰ তীৰ্থযাত্ৰী সকলৰ বাবে অসম পৰ্যটন বিভাগ আৰু জিলা প্ৰশাসনে বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰিছে।

৬. সদৌ অসম জুৰি কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ছাত্ৰ সন্থাই অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ত ৰসৰাজ, ৰূপকোঁৱৰ, কলাগুৰু, নটসূৰ্যকে ধৰি অসমৰ প্ৰখ্যাত মনিষীসকলৰ কৰ্মৰাজিৰ ওপৰত পৰিকল্পিত গৱেষণাৰ বাবে একোখনকৈ আসন স্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। লগতে সুধাকণ্ঠৰ নামতো এখন আসন স্থাপন কৰিবলৈ দাবী জনোৱা ছাত্ৰ সন্থাই অসম চৰকাৰে এই কাম কৰিবলৈ অপাৰগ হ'লে বিকল্প পথৰ সন্ধান কৰিব বুলিও ঘোষণা কৰিছে।

৭. কামৰূপীয়া ঢুলীয়াৰ জীৱন-যন্ত্ৰণাক পটভূমি ৰূপে লৈ প্ৰনৱ কুমাৰ বৰ্মনৰ ৰচনা "বাঘ-বাহাদুৰ" নামক নাটকখনি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ সহযোগত নলবাৰীৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান জোনাকী কাৰেঙে এইবাৰ অহা ২৩জুনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰিব। এজাক উদীয়মান শিল্পীৰ অভিনয়েৰে এই নাটখনে ইতিমধ্যে বিভিন্ন স্থানত দৰ্শৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

৮. কংগ্ৰেছ শাসিত তিনিখনকৈ ৰাজ্যত মুখ্যমন্ত্ৰী সলনি হব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক দিল্লীলৈ তলৱ কৰাৰ খবৰ। অহা সোমবাৰে প্ৰদেশ কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ছাত্ৰ কংগ্ৰেছ, কংগ্ৰেছ সেৱাদলৰ মুৰব্বী সকলৰ উপস্থিতিত এক বৈঠকত ৰাহুল গান্ধীৰ উপস্থিতিত অসমত দলটোৰ বিপৰ্যয়ৰ কাৰণ পৰ্যালোচনা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ নেতৃত্ব সলনি কৰাক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ প্ৰকাশ পাইছে।

৯. বৰাক  উপত্যাকাৰ তিনিখন জিলাৰ ৪২৮১ গৰাকী টেট উত্তীৰ্ণৰ ভিতৰত কালি ৩৩৮২ গৰাকীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰিলে অসমৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অহা মাহৰ পৰাই ৰাজ্যৰ ৫০হাজাৰ ঠিকা ভিত্তিক শিক্ষকে নিয়মীয়াকৈ দৰমহা পাব বুলি সুখবৰ কৰিলে ঘোষণা।

১০. ডিব্ৰুগড়ত অনুষ্ঠিত এখনি সৌন্দৰ্য প্ৰতিযোগিতাত "মিছ আপাৰ আছাম" খিতাপ জয় কৰিছে স্মিতা ছেত্ৰীয়ে। প্ৰথম ৰানাৰ-আপৰ পুৰস্কাৰ কমল ঢালিৱাল আৰু দ্বিতীয়া ৰানাৰ-আপ যশপ্ৰীত কৌৰ ছাগোয়ে লাভ কৰিছে বুলিও জানিব পৰা গৈছে।

১১. বিগত ২০০৫চনৰ পৰা মাজুলী সুৰক্ষাৰ নামত ব্ৰহ্মপুত্ৰ বৰ্ডে কৰা কোটি কোটি টকাৰ লুণ্ঠনৰ বিষয়ত ন্যায়ালয়ে গঠন কৰি দিয়া নিৰীক্ষণ কমিটিক বৰ্ডে সহযোগ নকৰাৰ অভিযোগ উঠিছে। এই বিষয়ত মাজুলী পৰিদৰ্শনৰ বাবে নিৰীক্ষণ কমিটীক মাজুলী পৰিদৰ্শনৰো সুবিধা কৰি নিদিয়াৰ বাবে এইবাৰ বৰ্ডৰ অধ্যক্ষক আদালতত হাজিৰ হবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

১২. সুদীৰ্ঘ ৩২বছৰৰ পিছত ন্যায়, ১৯৮২চনৰ আন্দোলনকাৰী কৰিমগঞ্জৰ দুই ছাত্ৰৰ হ্ত্যাকাৰী দোষী আৰক্ষীক যাবজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

No comments:

Post a Comment